তেজেৰে লুতুৰি-পুতুৰি ষ্ট্ৰেচ্চাৰখন দেখি শ্ৰীকৃষ্ণ বাজপেয়ীৰ বুকু কঁপি উঠিছিল। “আমাক সাৱধান কৰি দিছিল যে প্ৰসৱ ইমান সহজ নহ’ব।” ৭০ বছৰীয়া কৃষকজনে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ নিজৰ ঘৰৰ সন্মুখত ফেব্ৰুৱাৰী মাহৰ এটা দুপৰীয়া ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুই একুৰা ধৰি লৈ জুই সেকি সেকি মনত পেলাইছিল। “গাঁৱৰ আশা কৰ্মীসকলে মোৰ বোৱাৰীৰ গৰ্ভাৱস্থাক ‘হাই-ৰিস্ক’ থকা বুলি চিহ্নিত কৰিছিল।”
যদিও এয়া ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰে ঘটনা, শ্ৰীকৃষ্ণই ইয়াক এনেদৰে মনত পেলায় যেন এয়া কালিৰহে ঘটনা। “[বানপানী] পানী কমিছিলহে মাত্ৰ, কিন্তু ই বাট-পথবোৰ ভাঙি পেলাইছিল, সেয়ে ঘৰৰ দুৱাৰমুখলৈ এম্বুলেন্স আহিব নোৱাৰিলে,” তেওঁ কয়। শ্ৰীকৃষ্ণৰ সৰু গাওঁ টান্দা খুৰ্দ লহৰপুৰ ব্লকত পৰে, শাৰদা আৰু ঘাঘৰা নদীৰ কাষতে তেওঁৰ গাওঁখন। ইয়াৰ গাওঁবোৰ সঘন বানপানীপ্ৰৱণ। জৰুৰী অৱস্থাত পৰিবহনৰ ব্যৱস্থা কৰাটো কঠিন হৈ পৰে।
টান্দা খুৰ্দৰ পৰা সীতাপুৰৰ জিলা চিকিৎসালয়লৈ ৪২ কি.মি. বাট, যিটো যিকোনো সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা মহিলাৰ বাবে যথেষ্ট দূৰ - এই দূৰত্ব আৰু বেছি যদি তেওঁ তেনে পিছল ৰাস্তাত তাৰে প্ৰথম পাঁচ কি.মি. দুচকীয়া বা তেনে বাহনেৰে পাৰ কৰিবলগীয়া হয়। “আমি এম্বুলেন্সৰ ওচৰ পাবলৈ তেনে কৰিবলগীয়া হয়,” শ্ৰীকৃষ্ণই কয়। কিন্তু আমি জিলা চিকিৎসালয় গৈ পাওঁ মানে জটিলতা (আৰম্ভ) হৈ যায়।”
মমতাই এক কন্যা সন্তান জন্ম দিয়াৰ পিছত ৰক্তক্ষৰণ বন্ধ হোৱা নাছিল। শ্ৰীকৃষ্ণই কয় তেওঁ পৰিস্থিতি ভাল হোৱাৰ আশা কৰি আছিল। “ই অনাকাংক্ষিত নাছিল। আমি জানিছিলো সমস্যা হ’ব পাৰে। কিন্তু আমি ভাবিছিলো চিকিৎসকে তেওঁক বচাব পাৰিব।”
কিন্তু তেওঁক যেতিয়া ৱাৰ্ডলৈ ষ্ট্ৰেচ্চাৰত লৈ যোৱা হৈছিল, শ্ৰীকৃষ্ণই বগা বিচনা চাদৰখন দেখাই পোৱা নাছিল। “তাত ইমান তেজ আছিল। মোৰ পেটত যেন কিহবাই খামুচি ধৰিছিল,” তেওঁ কয়। চিকিৎসকে আমাক তেজৰ যোগাৰ কৰিবলৈ কৈছিল। আমি খুব সোনকালেই যোগাৰো কৰিছিলো, কিন্তু আমি ব্লাড বেংকৰ পৰা চিকিৎসালয়লৈ ঘূৰি আহি পাওঁহি মানে মমতাৰ মৃত্যু হৈছিল।”
তেওঁৰ বয়স আছিল ২৫ বছৰ।









