প্ৰায়প্ৰতিদিনে ড. আম্বেদকাৰৰ অনন্তপুৰত থকা প্ৰতিমূর্তিত একোডাল নতুন ফুলৰ মালা দিয়া হৈছিল| পুৱা ৮.৩০ মান বজাত এ শোভান নামৰ ফুলৰ দোকানীজনে ৰঙা গোলাপ অথবা ভেঁট ফুলেৰে তেওঁৰ পৰিয়ালে গাঁঠি দিয়া এডাল মালা হাতত লৈ সোণোৱালী ৰঙেৰে বনোৱা প্ৰতিমূর্তিটোৰ চিৰিত উঠে| শোভান নাথাকিলে তেওঁৰ ১৭ বছৰীযা ভাগিন বাবলুৱে আম্বেদকাৰৰ প্ৰতিমূর্তিত মালা দিয়াৰ কামটো যেনেকৈ নহওক কৰিছিল|
পথৰ একেবাৰে কাষতে থকা আম্বেদকাৰৰ পুৰণি প্ৰতিমূর্তিটো ভাঙি নতুনকৈ নির্মাণ কৰাৰ পিছত ২০১০ চনৰ পৰা দৈনিক নতুন মালাৰে সুসজ্জিত কৰাৰ প্ৰক্ৰিয়া চলি আহিছে| শোভানৰ ফুলৰ দোকানৰ পৰা কেইখোজমান নিলগতে অন্ধ্রপ্ৰদেশৰ অনন্তপুৰ চহৰৰ মধ্যস্থলৰ ক্লক টাৱাৰৰ পৰা এক কিলোমিটাৰ দক্ষিণফালে প্ৰতিমূর্তিটো স্থাপন কৰা হৈছিল|
কাষতে থকা আন প্ৰতিমূর্তি কেইটা ইমান সৌভাগ্যশালী নহয়| একেটা পথতে ক্লক টাৱাৰ পাৰ হৈ প্ৰথমতে ইন্দিৰা গান্ধীৰ প্ৰতিমূর্তিটো দেখা যায়| ২০০৪ ৰ পৰা ২০১৪ লৈ অন্ধ্রপ্ৰদেশত কংগ্রেছ দল শাসনত থকাৰ সমযত ভাল দিন চলিছিল যদিও এতিয়া মৰাপাটৰ থৈলাৰে মেৰিয়াই থোৱা আছে| ২০১৩ চনত অন্ধ্রপ্ৰদেশৰ পৰা তেলেংগনাক পৃথক কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীযে ইন্দিৰা গান্ধীৰ পূর্বৰ প্ৰতিমূর্তি ভাঙি চুৰমাৰ কৰি অগ্নিসংযোগ কৰিছিল| পিচত নতুন প্ৰতিমূর্তি নির্মাণ কৰা হয়, কিন্তু ইয়াক সদায ঢাকি ৰখা হয়| ৰাজীৱ গান্ধীৰপ্ৰতিমূর্তিটোও ঢাকি ৰখা হয়| এয়া কংগ্রেছৰ পৰাহত ভাগ্যৰ পৰিণতি সম্ভৱ|
সেই পথটোৰ দাঁতিত আন বহুতো প্ৰতিমূর্তি আছে, পট্টি শ্রী ৰামুলু (অন্ধ্রপ্ৰদেশতে এখন পৃথক তেলুগু ৰাজ্যৰ দাবীত আমৰণ অনশন কৰি ১৯৫২ত তেওঁৰ মৃত্যু হৈছিল), আব্দুল কালাম আজাদ, ওৱাই এছ ৰাজশেখৰ ৰেড্ডী, বাল গংগাধৰ তিলক, বাবু জগজীৱন ৰাম, কাঁশী ৰাম আৰু মাদাৰ টেৰেচা আদি| বিশেষ উপলক্ষতহে এইবোৰ প্ৰতিমূর্তিত মাল্যর্পন কৰা হয়| তেওঁলোকৰ ফুলৰ মালা মৰহি যায় আৰু স্মৃতিতর্পনৰ পিচতে সেই নেতাসকল আকৌ পাহৰণিৰ গর্ভত লীন হৈ যায়|
অৱশ্যে প্ৰতিদিনে বাবাছাহেব আম্বেদকাৰৰ প্ৰতিমূর্তি স্মৰণীয় হৈ থাকে| ক্লকটাৱাৰৰ কাষতে থকা অন্ধ্র বেংকৰ শাখা কাৰ্যালয়ৰ কেছিয়াৰ এ মালেলে প্ৰতিমাহৰ আৰম্ভণিতে শোভানক মালাৰ দাম আদায় দিয়ে| তেওঁ মোক ১০০০ টকা দিয়ে, আমি ইয়াৰ পৰা লাভ নলও, এই বাবেই এই কাম কৰি আহিছো, কাৰণ আমি আম্বেদকাৰক শ্রদ্ধা কৰো|৩৬ বছৰীয়া মুছলমান ফুলৰ দোকানী শোভানে এইদৰে কয়| তেওঁৰ দোকানৰ একোডাল ফুলৰ মালাৰ দাম, ফুল বিশেষে ৬০ টকাৰ পৰা ১৩০ টকা পৰ্যন্ত হয়|
বর্ণ বৈষম্যৰ নিজৰ মাজত নিহিত থকা অভিজ্ঞতাই মালেশক ড. আম্বেদকাৰক শ্রদ্ধা জনাবলৈ শিকাইছে| তেওঁ কয়, মোৰ গাঁৱত খাবলৈ আহাৰ নাই, পানী নাই, মূৰত দিবলৈ অকনমান তেল নাপাও, পঢ়িবলৈ কিতাপ নাই বা লিখিবলৈ মাটিৰ ফলি এখনো নাছিল| এতিয়া ভগৱানৰ কৃপাত সকলো পোৱা হৈছে- ভগৱান মানে আম্বেদকাৰ| অনন্তপুৰ জিলাৰ আত্মাকুৰ গাৱঁৰমালেশ এজন মাদিগা দলিত সম্প্রদায়ৰ লোক| আমাৰ গাৱঁৰ পানী খাবলৈ মাত্র এটা কুৱাঁ আছিল| খেতি পথাৰৰ মালিকবোৰ যেতিযা পানী উঠাবলৈ আহে, তেতিয়া আমাক পানীলোৱাৰ অনুমতি দিছিল| মাদিগাসকলক কুঁৱা চুবলৈ দিয়া নাছিল, সেয়ে আমাৰ বাবে পানী নাছিল| অতীতৰ নিদাৰুণস্মৃতি সুৱঁৰিলে মালেশে|
অনন্তপুৰ চহৰৰ এখন বিদ্যালয়ৰ শ্রেণীকোঠাত মালেশ আৰু দলিত তথা জনজাতীয আন শিশুসকল একেবাৰে এটাচুকত বহিব লগা হৈছিল, অথচ উচ্চ বর্ণৰ আন ছাত্রসকলে সন্মুখত চহৰ সুযোগ পাইছিল| আমি বাহিৰৰ পৰা বোকা আনিব লগা হৈছিল আৰু লেখিবলৈ বোকাবোৰ মজিয়াত চটিয়াই লব লগা হৈছিল| আমাৰ মাটিৰ ফলি নাছিল| মালেশে কয়| যদি কোনোবাই কয়, অই মাদিগা, বোকাবোৰ বাহিৰত পেলাই দে, আমি তেতিয়া পেলাই দিও| দলিতসকলৰ বর্ণৰ কথাকৈ আনকি কেতিয়াবা শিক্ষকেও অপমান কৰিছিল আৰু সৌকাৰ লাঠিৰে কোবাইছিল|
মালেশৰ বয়স এতিযা ৫৯ বছৰ, কৃষি শ্রমিক পিতৃৰ মৃত্যুৰ পিচত মাতৃক সহায় কৰিবলৈ মালেশে ৭ম শ্রেণীৰ পৰা বিদ্যালয়লৈ যাবলৈ এৰিলে| অনন্তপুৰৰ এখন চৰকাৰী হোটেলত তেওঁ সহায়কাৰী হিচাপে কাম কৰিবলৈ ধৰিলে আৰু চৰকাৰী চাকৰিৰ বাবে আবেদন জনালে| ১৯৮২ চনত অন্ধ্র বেংকত মাহে ৫০০ টকা দর্মহাৰ পিয়নৰ চাকৰি লাভ কৰে| ১৯৮৫ চনত বেংকৰ এক সা্ক্ষাতকাৰৰ পিচত ভাল দর্মহাৰ ক্লাৰিকেল এচিষ্টেণ্টৰ পদ লাভ কৰে|
'মই সমুখীন হোৱা কষ্টৰ পৰা অনুমান কৰিব পাৰিছো তেওঁ নিজে কি পৰ্যায়ৰ দুখ-যাতনা সহ্য কৰিবলগীয়া হৈছিল। তেওঁ আমাৰ বাবে কি কৰি গৈছে সেয়া চায়েই আমি শিকিব পাৰো। তেওঁ সংবিধান লিখাসকলৰ মাজৰ এজন নহয়নে?'
মালেশে দলিতসকলৰ বহুতো সংস্থা-সংগঠনতো কাম কৰিছিল আৰু এতিয়ালৈকে নিজৰ বেংকৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কর্মচাৰী কল্যাণ সংস্থাৰ মাণ্ডলিক সভাপতি হৈ আছে| বর্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁ বহুতো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি আহিছে।১৯৯৫ চনত, বর্ণ বৈষম্যৰ এক ঘটনাৰ প্ৰতিবাদ জনাবলৈ বাওঁপন্থী দল এটাৰ আন কর্মীৰসৈতে তেওঁ অনন্তপুৰৰ পৰা এলামূৰলৈ ১০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ কথাও আমাক জনালে| ১৯৯০ চনত গঠিত দাণ্ডোৰা নামৰ দলিত সকলৰ এটা সংগঠনৰো মালেশ সভাপতি আছিল যদিও ৰাজনৈতিক মতভেদৰ বাবে ২০০০ চনত এই সংগঠনটোৰ পৰা তেওঁ ওলাই আহে|
১৯৯৬চনত মালেশে পঢ়া-শুনা আৰম্ভ কৰি দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হয়| ঘটনাক্ৰমে এই পৰীক্ষাতউত্তীর্ণ হোৱাটোৱে তেওঁক ক্লাৰিকেল এছিষ্টেন্টৰ পৰা কেছিযাৰলৈ ২০১৩ চনত পদোন্নতি হোৱাত সহায় কৰিলে। এতিয়া তেওঁ চাকৰিত প্ৰথমতে পোৱা ৫০০ টকাৰ পৰিবর্তে যথেষ্ট বেচি বেতন লাভ কৰে|
২০১০চনত ক্লাৰিকেল এছিষ্টেন্ট হৈ থাকোতে মালেশে ঠিৰাং কৰিলে ঠিক এনেদৰে যিমান দিনলৈ সম্ভৱ ড. আম্বেদকাৰৰ প্ৰতিমূর্তিত মালা পিন্ধাই যাব| বেংক কর্মচাৰীসকলৰ এখন সৰু অনানুষ্ঠানিক সভাত আন লোকসকলো উপস্থিত আছিল।সেই সভাতে ড. আম্বেদকাৰৰ প্ৰতিমূর্তিত মালা দিয়াৰ বাবে স্বেচ্ছাৰে বৰঙণি দিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল| কিন্তু বৰঙণিৰ ধন বিচাৰি প্ৰতি মাহতে মালেশে মানুহৰ পিচত দৌৰি থাকিবলৈ বেয়া পালে, সেয়ে তেওঁ নিজে আৰু এম গোপালে (অন্ধ্র বেংকৰ আন এটা শাখাৰ পিয়ন) মালাৰ পইচা দিবলৈ ঠিক কৰিলে| যোৱা বছৰৰ পৰা গোপালে টকা দিয়া বন্ধ কৰিলে, এতিয়া কেৱল মালেশে মালাৰ বাবদ ফুলৰ দোকানীক পইচা দি থাকে|
মালেশে আম্বেদকাৰৰ বিষয়ে নপঢ়ে আৰু তেওঁৰ সম্পর্কে ভাষণ নিদিয়ে| এজন দলিত হিচাপে জীৱন নির্বাহ কৰি আম্বেদকাৰৰ বিষয়ে জানিব পাৰিছে বুলি কয় মালেশে| "মই নিজৰ নিদাৰুণ অভিজ্ঞতাৰেই বুজিব পাৰিছো তেওঁ কেনেকুৱা নির্মম জীৱনৰ মুখামুখী হৈছিল| আমাৰ বাবে তেওঁ কি কৰিছিল, তেওঁক দেখিয়েই আমি শিকিছো| তেৱেঁজানো সেইজন ব্যক্তি নহয, যিজনে আমাৰ সংবিধান প্ৰণয়ণ কৰিছিল"।
সাপ্তাহিক ছুটীৰ দিনত বা উত্সৱ-পাবর্নৰ সময়ত মালেশে নিজে প্ৰতিমূর্তিত মালা পিন্ধায়| ৰদ-বৰষুণ আৰু বতাহৰ পৰা ৰক্ষা কৰিবলৈ ড. আম্বেদকাৰৰ প্ৰতিমূর্তিৰ ওপৰত এখন চালি দিবলৈ জিলা প্ৰশাসনৰ ওচৰত আবেদন জনোৱাৰ কথা ভাবিছে মালেশে| প্ৰথমতে আমি আম্বেদকাৰৰ ববে ভাবিছো। ইয়াৰ পিছত জগজীৱন ৰাম আৰু কাশী ৰামৰ প্ৰতিমূর্তিটোত চালি দিবলৈ আবেদন জনাম|
অনন্তপুৰৰ বহুতেই হযতো ড. আম্বেদকাৰৰ প্ৰতিমূর্তিত দৈনিক মালা পিন্ধোৱাৰ কথাটো লক্ষ্য নকৰেযদিও পূৱা ৰাস্তাত ঝাৰু দিবলৈ অহা চাফাই কর্মীজনে অন্ততঃ এই বিষযে জানে| "কোনোবা এজনে, হয়তো ডাঙৰ মানুহ, সেইজনে সদায়ে ইয়াত মালা দিয়ে| মই নাজানো তেওঁ কোন|"চহৰৰ বাট-পথ পৰিস্কাৰ কৰিবলৈ পৌৰ নিগমে নিয়োগ কৰা দলিত মাহিলা কর্মচাৰী জি ৰামলক্ষ্মীয়ে এইদৰে কয়| এয়া কোৱাৰ সময়ত ৰামলক্ষ্মীয়েও সশ্রদ্ধভাৱ ব্যক্ত কৰে| প্ৰতিমূর্তিত মালা দেখি মই প্ৰথমতে ভাবিছিলো ভগৱানে (আম্বেদকাৰ) ভাল কাম কৰিছিল| আমি কাম কৰিবলৈ আহোতে সদায় তেওঁক প্ৰার্থনা কৰো-তেওঁ কয়।