''সাধাৰণ জনতাৰ বাবে কোনো চৰকাৰেই ভাল নহয়,’’ এই মন্তব্য ৭০ বছৰীয়া গুৰমিত কৌৰৰ। লুধিয়ানাৰ বাছিয়ান গাঁৱৰ পৰা তেওঁ জাগৰাঁৱত অনুষ্ঠিত হোৱা কিষাণ-মজদুৰ মহাপঞ্চায়তত ভাগ ল’বলৈ আহি তেওঁ আন কেইগৰাকীমান মহিলাৰ সৈতে ছাঁত বহি ৰৈছে।
''[প্ৰধানমন্ত্ৰী] মোদীয়ে চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। গতিকে তেওঁলোকৰ ইয়ালৈ ভোট বিচাৰি অহাৰ কোনো অধিকাৰ নাই,’’ গুৰমিতে কয়। ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ একতা) ডাকাউন্দাৰ সৈতে জড়িত গুৰমিত কৌৰে 'পাৰি’ৰ আগত কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আন বহুজনৰ দৰে তেওঁৱো মোদীৰ সপক্ষে ভোটদান কৰিছিল।
জাগৰাঁৱৰ নতুন বজাৰখনত যোৱা ২১ মে’ত অনুষ্ঠিত হোৱা মহাপঞ্চায়ত ৰাজ্যখনৰ কৃষক সংগঠন, ট্ৰেড ইউনিয়ন, অংগনৱাড়ী কৰ্মী আৰু চিকিৎসা কৰ্মীৰ সংগঠনৰ অতি কমেও ৫০ হাজাৰ লোক সমবেত হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। মঞ্চৰ বেনাৰত লিখা আছিল, 'বিজেপিক পৰাভূত কৰক, কৰ্প’ৰেটক খেদক আৰু দেশখন ৰক্ষা কৰক’।
মহাপঞ্চায়তত উপস্থিত থকা বিকেইউ লাখোৱাল খণ্ডৰ সভাপতি হৰিন্দৰ সিং লাখোৱালে কয়, ''আমি পঞ্জাৱত মোদীক ক’লা পতাকা প্ৰদৰ্শন কৰিম।’’
পঞ্জাৱত অহা ১ জুনত ভোটগ্ৰহণ সম্পন্ন হ’ব আৰু কৃষকসকলৰ প্ৰতিবাদত উত্তাল হৈ থকা ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নৰেন্দ্ৰ মোদীয়েও চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই। ৰাজ্যখনৰ কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুসৰি ন্যুনতম সমৰ্থন মূল্য (এমএছপি), ঋণ ৰেহাই, লখিমপুৰ খেৰিৰ কৃষক হত্যাৰ ন্যায়, কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ আঁচনি আৰু ২০২০-২০২১ চনৰ কৃষক আন্দোলনত শ্বহীদ হোৱা কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই আহিছে। পঢ়কঃ 'পাৰি’ৰ কৃষকৰ প্ৰতিবাদৰ বিশদ প্ৰতিবেদন












