“পংখেৱালা (বায়ুকল), ব্লেডৱালা (সৌৰপাম)য়ে আমাৰ অ’ৰনখন দখল কৰি পেলাইছে,” চানৱাটা গাঁৱৰ সুমেৰ সিং ভাতিয়ে কয়। এগৰাকী খেতিয়ক তথা পশুপালক সুমেৰৰ ঘৰ জয়ছেলমেৰ জিলাৰ দেগ্ৰাই অ’ৰনৰ গাতে লাগি আছে।
অ’ৰনবোৰ হৈছে পৱিত্ৰ বন। এয়া সকলোৰে বাবে ৰাজহুৱা সম্পত্তি বুলি বিবেচনা কৰা হয়, যাৰ ওপৰত সকলোৰে অধিকাৰ আছে। প্ৰতিখন অ’ৰনৰে নিজা আৰাধ্য দেৱতা আছে যাক সেইখন অ’ৰন থকা গাঁৱৰ বাসিন্দাই পূজা কৰে। সেই অ’ৰনৰ গছ কোনোৱে নাকাটে, কেৱল সৰি পৰা ডাল আদি সংগ্ৰহ কৰিব পাৰে, ঘৰ বনাব নোৱাৰে। জলাশয়বোৰো পৱিত্ৰ বুলি বিবেচনা কৰা হয়।
কিন্তু সুমেৰ সিঙে কয়, “সিহঁতে শতবছৰ পুৰণি গছ কাটি পেলাইছে আৰু হাবি-বন উভালি সমূলি নষ্ট কৰিছে। এনেকুৱা লাগে যেন সিহঁতক ৰখাবলৈ কোনো নাই।”
নৱীকৰণযোগ্য শক্তিৰ কোম্পানীবোৰে অ’ৰনবোৰ এনেকৈ দখল কৰি পেলোৱাক লৈ কেৱল সুমেৰেই নহয়, জয়ছেলমেৰৰ শ শ গাঁৱৰ লোক ক্ষুণ্ণ হৈ পৰিছে, সুমেৰৰ কথাত সেয়া স্পষ্ট। তেওঁলোকে কয় যে যোৱা ১৫ বছৰত এই অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি বায়ুকল আৰু ফেঞ্চ দিয়া সৌৰপামলৈ গতাই দিয়া হৈছে। উচ্চ বৈদ্যুতক শক্তিসম্পন্ন তাঁৰ আৰু মাইক্ৰ’ গ্ৰিডেৰে শক্তি জিলাখনৰ পৰা আন ঠাইলৈ পৰিবহণ কৰা হৈছে। এই সকলোবোৰ মিলি অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰত আঘাত হানিছে আৰু অৰণ্যনিৰ্ভৰ লোকৰ জীৱিকাত প্ৰভাৱ পেলাইছে।
“চৰণীয়া পথাৰ নাইকিয়া হৈ পৰিছে। ঘাঁহবোৰ ইতিমধ্যে শুকাই গৈছে (মাৰ্চত) আৰু এতিয়া আমাৰ পশুধনক খুৱাবলৈ কেৱল কেৰ আৰু কেজৰি গছৰ পাতহে আছে। খাবলৈ ভালকৈ নোপোৱা কাৰণে গাখীৰো কমকৈ ওলায়। আগতে দিনে ৫ লিটাৰমান গাখীৰ পাইছিলো, এতিয়া ২ লিটাৰ মানহে ওলায়,” জোৰা ৰামে কয়।
অৰ্ধ-শুষ্ক তৃণভূমি অঞ্চল অ’ৰন হৈছে সম্প্ৰদায়টোৰ জীয়াই থকাৰ সম্বল। ই পশুধনৰ ঘাঁহ, দানা-পানী আৰু অ’ৰনৰ আশে-পাশে থকা লোকৰ বাবে খৰি আদিৰ উৎস।





























