প্ৰথমবাৰ দীয়া পলাই সাৰিছিলেই প্ৰায়।
উদ্বিগ্ন হৈ পৰা দীয়াই বাছখনত বহি খিৰিকীৰে বাহিৰলৈ চাই আছিল। ভৰ্তি হ’লেই বাছখন চলিব। চুৰাটৰ পৰা জালোড়লৈ তাই টিকট এটা কিনিছিল। তাই জানিছিল, তাৰপৰা গুজৰাট সীমান্ত পাৰ হৈ ৰাজস্থানৰ কুশলগঢ়ৰ মাকৰ ঘৰখনলৈ এঘণ্টাৰ বাট।
তাই খিৰিকীৰে বাহিৰলৈ তেনেকৈ চাই থাকোতে পিছফালৰ পৰা ৰবি আহি ওলাল। তাই কিবা এটা কৰাৰ আগতে সি তাইৰ হাতত ধৰি বাছৰ পৰা তাইক টানি চোঁচৰাই লৈ গ’ল।
আশে-পাশে মানুহবোৰ বৰ ব্যস্ত আছিল। কোনোবাই বয়-বস্তু বোজাই কৰি আছিল, কাৰোবাৰ ধ্যান ল’ৰা-ছোৱালীৰ প্ৰতি আছিল। খঙত টিঙিৰিতুলা হোৱা ডেকা ল’ৰাজনৰ প্ৰতি কিম্বা ভয়ত বিতত কিশোৰীজনীৰ প্ৰতি কাৰো চকু নগ’ল। “চিঞৰিবলৈ ভয় লাগিছিল,” দীয়াই কয়। ৰবিয়ে খঙৰ ভমকত কি কৰিব পাৰে, তাই ভালকৈয়ে জানিছিল। সেয়ে মনে মনে থকাটোৱেই শ্ৰেয় বুলি তাই থিৰাং কৰিছিল।
সিদিনা নিৰ্মাণ ছাইটত, যিটো ছমাহ ধৰি তাইৰ ঘৰ আৰু কাৰাগাৰ দুয়োটাই - ৰাতি তাই শুব পৰা নাছিল। ৰবিয়ে তাইক কোবাইছিল আৰু ঘাঁবোৰ চেকচেকাই আছিল। “সি মোক ঘূচিয়াইছিল, গোৰ মাৰিছিল,” তাই কয়। “সি মোক মাৰিবলৈ ধৰিলে কোনোৱে ৰখাব নোৱাৰিছিল,” তাই কয়। বাধা দিবলৈ যিয়ে আহিছিল, তেওঁৰ চৰিত্ৰৰ ওপৰত ৰবিয়ে আঙুলি তুলিছিল। কোনোবাই সেইবোৰ আওকাণ কৰি সহায়ৰ বাবে আহিলেও ৰবিয়ে কৈছিল, “মেৰি ঘৰৱালি হ্যে, তুম কিউ বীচ্চ মে’ আ ৰহে হৌ (তাই মোৰ ঘৈণী, মাজত কিয় সোমাব আহিছে)?”
“যিমানবাৰ মাৰ খাইছিলো, সিমানবাৰ হস্পিতাললৈ মল্লম-পট্টি (মলম-বেণ্ডেজ)ৰ বাবে যাবলগীয়া হৈছিল, ৫০০ টকা খৰছ হৈছিল। ৰবিৰ ভায়েকে কেতিয়াবা পইচা দিছিল, কেতিয়াবা হস্পিতাললৈ লৈও গৈছিল, কৈছিল, “তুম ঘৰ পে চলে যা (নিজৰ মাৰ ঘৰলৈ গুছি যোৱা),” দীয়াই কয়। কিন্তু যোৱাৰ কোনো উপায় সিহঁতে নাজানিছিল।”

















