২০১৮ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষ্যে ৮ মাৰ্চ তাৰিখে আমি আপোনালোকলৈ চাৰিটা ওৱি (Ovi) আগবঢ়াইছো৷ ওৱি চাৰিটা নন্দগাঁৱৰ শ্বাহু কাম্বলেৰ ’জাঁতশালৰ গীত’ (Grindmill Songs) প্ৰকল্পৰ অধীনত বিৰচিত ৷ এই গীতবোৰ হ’ল পুৰুষৰ নিষ্পেষণৰ বিৰুদ্ধে মহিলাৰ মনৰ ক্ৰোধ আৰু ঘৃণাৰ বহিঃপ্ৰকাশ


Pune, Maharashtra
|SAT, SEP 30, 2023
নিৰ্যাতনকাৰী পুৰুষলৈ বুলি ক্ৰোধৰ অগনিবৰষা চাৰিটি গীত
Author
Photographer
Editor
Translator
মোৰ আইজনীকো এৰি নিদিয়া অত্যাচাৰী নৰাধম তই
তোক দেখিলেই মোৰ চকুত শেলে বিন্ধি যায়
সমগ্ৰ পৃথিৱীতে ধৰ্ষণ, যৌন নিৰ্যাতন আৰু নাৰী শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠাৰ বহু পূৰ্বেই, প্ৰায় দুই দশকৰ আগতে শ্বাহুবাই কাম্বলেই এই অত্যাচাৰৰ বিৰুদ্ধে গৰজি উঠিছিল৷ যোৱাটো বছৰত সকলোৱে প্ৰত্যক্ষ কৰিলে সংবাদমাধ্যম, মনোৰঞ্জন আৰু শিক্ষা জগতত কি হাৰত মহিলাসকল নিৰ্যাতিত হৈ আছে৷ #Metoo নামৰ এক শেহতীয়া বিপ্লৱে চলচিত্ৰ জগতখনৰ অতদিনে আন্ধাৰত এলান্ধু লাগি পৰি থকা এই ক’লা অধ্যায়বোৰ সকলোৰে আগত উন্মোচিত কৰিলে৷ সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে সকলোৱে দেখিলে বহুতো অখ্যাত অভিনেত্ৰী সহ-পুৰুষ অভিনেতা বা চিনেমাৰ লগত জড়িত অন্যান্য কলা-কুশলীৰ দ্বাৰা নিষ্পেষিত হ’ব লগা হৈছে৷
নন্দগাঁৱৰ এটা সৰু মিলত শ্বাহু কাম্বলেই জাঁতশালত ঘেঁহু গুড়ি কৰে আৰু তাৰ পৰাই তেওঁ সংগ্ৰামৰ এক নতুন যাত্ৰা আৰম্ভ কৰে৷ জীৱনকালত বহু পাষণ্ডৰ হাতত নিৰ্যাতনৰ বলি হোৱা শ্বাহুবাইয়ে সিহঁতৰ বিৰুদ্ধে মনৰ মাজত উকমুকাই থকা ক্ষোভবোৰ ওৱিৰ জৰিয়তে প্ৰকাশ কৰে৷ সংগীতৰ শৈলীৰ এই ওৱিবোৰে এনে নিৰ্যাতনকাৰী পুৰুষসকলে মহিলাক কৰা অপব্যৱহাৰ আৰু গঞ্জনাৰে প্ৰতিফলন ঘটায়৷ জাঁতশালৰ এই মিলটোৱে গাঁৱৰ দুখীয়া মহিলাসকলক নিজৰ বেথা প্ৰকাশ কৰিবলৈ এখন সুকীয়া মঞ্চ প্ৰদান কৰিছে৷ এই গীতসমূহৰ আৰম্ভণি ঘেঁহু গুড়ি কৰা মিলটোৰ পৰাই হোৱা কাৰণে এইবোৰক (জাত্যা ৱাৰাচ্যা ওব্যা) ’জাঁতশালৰ গীত’ বুলি কোৱা হয়৷ এই গীতবোৰৰ ৰচনা শ্বাহুবাইয়ে তেওঁৰ নন্দগাঁৱৰ ঘৰখনৰ পৰা আমৃত্যু কৰি আছিল৷ মহাৰাষ্ট্ৰৰ পুনেত জন্মগ্ৰহণ কৰা শ্বাহুবাইয়ে ২০১৬ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল৷ পিছে এইগৰাকী সাধাৰণ নাৰীৰ এনে অসাধাৰণ কৰ্মৰাজিৰ বিষয়ে নন্দগাঁৱৰ বাহিৰত প্ৰচাৰ হোৱাৰ সুযোগেই নাপালে৷
শ্বাহুবাইৰ ওৱি বা গীতসমূহ আৰু যোৱা বছৰ সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহা নাৰী নিগ্ৰহৰ ঘটনাবোৰৰ মাজত যথেষ্ট সাদৃশ্য আছে৷ এইবোৰে আমাৰ সমাজখনৰ তথাকথিত উচ্চস্তৰীয়, গণ্য-মান্য মুখা পিন্ধা ভদ্ৰলোকসকলৰ প্ৰকৃত পৰিচয় উদঙাই দিছে৷ সমাজত নিজৰ উচ্চ স্থান আৰু পদৰ গয়না লৈ এইসকল গঞ্জনাকাৰী পাষণ্ডই নাৰীৰ দুৰ্বলতাৰ সুযোগ লৈ সদায় শোষণেই কৰি আহিছে৷ কেৱল নাৰীয়েই নহয়, সৰু ল’ৰা-ছোৱালী বা কিছুমান দুৰ্বল পুৰুষো এই শোষণকাৰীসকলৰ উৎপীড়নৰ চিকাৰ হৈছে৷ এইসকল নৰাধম পুৰুষে মহিলাৰ ওপৰত নিজৰ বাহুবল প্ৰদৰ্শন কৰাৰ উপৰিও অশ্ৰাব্য গালি-গালাজো কৰে৷
ৰাষ্ট্ৰসংঘৰ মহিলা সংস্থাৰ পৰা প্ৰকাশিত শেহতীয়া প্ৰতিবেদনখনে দাঙি ধৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি ৫ জনী ছোৱালীৰ ভিতৰৰ এজনীয়ে আৰু ৫০ বছৰৰ তলৰ প্ৰতিগৰাকী নাৰীয়ে নিজৰ প্ৰেমিক বা সংগীৰ শাৰীৰিক অত্যাচাৰৰ বা যৌন আতিশায্যৰ বলি হ’ব লগা হয়৷ আশ্চাৰ্য্যজনকভাবে তেনে এটা মধূৰ সম্পৰ্ক এটা গঢ়ি উঠাৰ প্ৰায় এবছৰৰ ভিতৰতে এনে হ’বলৈ পায়৷ এই হাৰ মধ্য এছিয়া আৰু দক্ষিণ এছিয়াতে প্ৰায় ২৩.১ শতাংশ পৰ্যন্ত য’ত ভাৰতবৰ্ষও অৰ্ন্তভূক্ত হৈ আছে৷
নাৰী নিৰ্যাতন আৰু শোষণৰ পৰা দেশৰ নগৰ আৰু গাঁও কোনোটো অঞ্চলেই সাৰি যাব পৰা নাই৷ শ্বাহুবাইয়ে নিজৰ গাঁওখনত এই ঘটনাবোৰ প্ৰত্যক্ষ কৰিছে কাৰণেই তেওঁৰ গীতসমূহত ভৎসৰ্না আৰু অৱজ্ঞাৰ ভাৱ এটা বিৰাজ কৰিছে।
২০১৫-১৬ বৰ্ষৰ UN Women সংস্থাটোৰ এই প্ৰতিবেদনখনে আঙুলীয়াই দিয়ে যে ভাৰতবৰ্ষত লিংগ অসমতাৰ হাৰ বৃদ্ধি হোৱাত দৰিদ্ৰতা আৰু বাসস্থান দুয়োটাৰে এক যৌগিক প্ৰভাৱ আছে৷ সেই তথ্য অনুসৰি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী ২০-২৪ বছৰ বয়সৰ ভাৰতীয় যুৱতীয়ে-
● চহৰৰ এঘৰ ধনী মানুহৰ ছোৱালীতকৈ ১৮ বছৰ হোৱাৰ পূৰ্বে বিয়াত বহাৰ সম্ভাৱনা ৫.১ গুণ বেছি৷
● স্কুলীয়া শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ নোপোৱাৰ সম্ভাৱনা ২১.৮ গুণ বেছি৷
● কিশোৰী কালতে মাতৃত্বৰ বোজা লোৱাৰ সম্ভাৱনা ৫.৮ গুণ বেছি৷
● হাতখৰচৰ নামত নিজে বিচৰা মতে টকা-পইচা নোপোৱাৰ সম্ভাৱনা ১.৩ গুণ বেছি৷
● নিজৰ মতে টকা- পইচা খৰচ কৰিবলৈতো নোৱাৰেই আৰু কৰিলেও সেই বিষয়ে পৰিয়ালক খাতিয়ান দিয়াৰ সম্ভাৱনা ২.৩ গুণেই বেছি৷
উপৰোক্ত তথ্য সমূহৰ পৰা এটা কথা নিশ্চিতকৈ বুজা যায় যে ভাৰতীয় মহিলাসকলৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি মুঠেও সবল নহয়৷ বিশেষকৈ অৰ্থনৈতিকভাবে তেওঁলোক সদায় পৰিয়ালৰ মুৰব্বী পুৰুষসকলৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ এইবোৰ সাধাৰণতে গ্ৰাম্যাঞ্চলবোৰত বেছিকৈ হোৱা দেখা যায়৷ পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰিয়ে আমাৰ দেশৰ সৰহসংখ্যক পুৰুষে মহিলাক শোষণ কৰি আছে৷ এই দুষ্কৃতিকাৰীসকলৰ পৰা ভাৰতীয় মহিলাসকল নিজৰ ঘৰত, বাহিৰত, কৰ্মক্ষেত্ৰত, ৰাস্তাই-ঘাটে ক’তোৱেই সুৰক্ষিত নহয়।
’জাঁতশালৰ গীতৰ প্ৰকল্প’ৰ অধীনৰ প্ৰায় এশৰো অধিক ওৱি মহিলাসকলৰ সামাজিক স্থিতি আৰু লিংগ বৈষম্যৰ সমস্যাক লৈয়ে বিৰচিত৷ ২০১৭ চনৰ মাৰ্চ মাহত পাৰিয়ে এই গীতবোৰৰ প্ৰথমটো খণ্ড প্ৰকাশ কৰে৷ তাৰ পৰাই সকলোৱে ইয়াৰ সৃষ্টিৰ আঁৰৰ কাহিনী আৰু মানুহবোৰৰ বিষয়ে গম পালে৷ এনেকুৱা প্ৰায় ৫০০ টাতকৈও অধিক ওৱি নাৰী শোষণ, নিষ্পেষণ আৰু নাৰী নিগ্ৰহৰ দৰে ঘটনাৰ ওপৰতে ৰচিত ৷ সমাজৰ প্ৰতিপত্তিশীল আৰু ক্ষমতাশালী ব্যক্তিসকলৰ অন্যায়ৰ বলি কেৱল সামগ্ৰিকভাবে দুৰ্বল মহিলাসকলে নহয়, সমাজৰ দুৰ্বল জাতি বা শ্ৰেণীৰ মানুহবোৰো হ’বলগীয়া হয়৷
এই সংখ্যাৰ জিএছপি-ত আমি শ্বাহু কাম্বলেৰ এটা অডিঅ’ ক্লিপ আপোনালোকলৈ আগবঢ়ালো৷ আমি তেওঁৰ স্বামী, দুই পুত্ৰ, সিহঁতৰ দুই পত্নী আৰু সিহঁতৰ সন্তান সহিতে পৰিয়ালৰ আটাইবোৰ সদস্যকে ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত লগ পাইছিলো নন্দগাঁৱত৷ তাৰ বিপৰীতে কিন্তু মৃত শ্বাহুবাইৰ ঘৰৰ দেৱালত আঁৰি থোৱা ফটো এখনহে পালো৷

Samyukta Shastri
’জাঁতশালৰ গীতৰ প্ৰকল্প’ৰ লগত আদিৰ পৰা জড়িত দলটোৱে ১৯৯৯ চনৰ অক্টোবৰ মাহত নাৰী নিৰ্যাতনৰ বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি চাৰিটা শক্তিশালী গীতৰ ৰচনা কৰিছিল৷ এই গীতবোৰে এনেকুৱা মানৱৰূপী পিশাচবোৰৰ প্ৰতি এগৰাকী মহিলাৰ মনত সৃষ্টি হোৱা ক্ৰোধ আৰু ঘৃণাক প্ৰতিফলিত কৰে৷
পুৰুষে যেতিয়া নাৰীক দুৰ্ব্যৱহাৰ কৰে বা অপমানিত কৰে, তেতিয়া তেওঁলোকৰ মনত প্ৰচণ্ড খং আৰু বিদ্বেষৰ সৃষ্টি হয়৷
শ্বাহুবাইয়ে নিজৰ গীতৰ জৰিয়তে সকলোকে সতৰ্ক কৰি দিছে যে প্ৰয়োজনত তেওঁ এজনী হিংস্ৰ বাঘিনীৰ দৰে ৰুদ্ৰমূৰ্তিও ধাৰণ কৰিব পাৰে৷ যুঁজিবলৈ তেওঁ এই শক্তি লাভ কৰিছে নিজৰ দুঃসাহসী পিতৃৰ পৰা৷ যেতিয়া সমাজৰ এচাম বদমাচ-মূৰ্খ পুৰুষে নাৰীক উদ্দেশ্য কৰি কিছুমান বিদ্ৰূপাত্মক মন্তব্য কৰে, তেতিয়া তেওঁ খঙত ক’ব নোৱাৰা হৈ পৰে৷
সেই ব্যক্তিজনৰ এনেকুৱা নিকৃষ্ট মনোভাবৰ কাৰণে শ্বাহুবাইয়ে তেওঁৰ গীতেৰেই অতি কঠোৰ ভাষাৰে মানুহজনক তিৰস্কাৰ কৰি অভিশাপ দিছে - ’যেতিয়া তোক কালে মাতিব, অৰ্থাৎ স্বয়ং যমদেৱতা আহিব তোক নিবলৈ, এনেকুৱা শাস্তি দিব নহয় তোক, নৰকোতো স্থান নাপাবি তই৷’ গীতৰ কথাখিনিৰ পৰাই অনুমান কৰি ল’ব পাৰি যে সেই ব্যক্তিজনে কেনে অক্ষমণীয় ধৰণে শ্বাহুবাইক অশ্ৰাব্য গালি-গালাজ কৰিছে৷
শ্বাহুবাইৰ উপৰি তেওঁৰ ছোৱালীজনীও এইজন বদমাচ-লম্পটৰ দুৰ্ব্যৱহাৰৰ বলি হ’ব লগা হৈছে৷ সেই কথা তেওঁৰ গীতটোৰ পৰা গম পোৱা যায়৷ সেই কাৰণে তাৰ উপস্থিতিয়ে তেওঁৰ চকুত শেলে বিন্ধা দিয়ে বুলিও কৈছে৷ তই হ’লি বৰষুণ এৰাৰ পাছত পদূলিমুখত জমা হোৱা লেতেৰা বোকাৰ লেখীয়া৷ ইমান তিৰস্কাৰ কৰিও শান্ত নহৈ তেওঁ কৈছে: ইয়াতকৈ বেছি আৰু কিদৰে তাৰ বিৰুদ্ধে নিজৰ খং আৰু ক্ষোভ প্ৰকাশ কৰিব ?
अशी बाजी माझ्या वाघ मी वाघाची वाघीण
कसा बोलला येडा मूरख, झाली देहाची आगीन
पापी रे चांडाळा, तुझी पापाची ती रे वासना
अशी मरणाच्या ना वेळ, तुला यमाची जाचना
अशी पापी रे चांडाळा, माझ्या बाईला बोलला
कशी राळाच्या कणीवाणी, माझ्या नेतरी तो सलला
अशी पाण्या ग पावसानी, दारी चिखल रापला
अशी येड्या तु रे मुरखा, किती देऊ तुला दाखला
বাঘহেন সাহসী মোৰ পিতাই, তেওঁৰেই মই বাঘিনী আই
কি এনে মস্কৰা কৰ মুৰ্খ তই, দেহা মোৰ জ্বলি যায়
এনেকি তই নাৰকী নৰাধম, নিকৃষ্ট চিন্তাৰ গৰল লাগে তোৰ মগজত
মৃত্যু আহিব এদিন, তই যমৰ যাতনা ভুগিবি,
কৃতকৰ্মৰ ফল হাতে হাতে পাবি।
মোৰ আইজনীকো এৰি নিদিয়া অত্যাচাৰী নৰাধম তই
তোক দেখিলেই মোৰ চকুত শেলে বিন্ধি যায়
বৰষুণেও ধুই নিনিয়া পূতিগন্ধময় আৱৰ্জনা তই
আৰু কিমান দিম তোৰ নিকৃষ্টতাৰ উদাহৰণ?
*টোকাঃ পৌৰাণিক হিন্দু ধৰ্মীয় বিশ্বাসমতে যম হ’ল মৃত্যৰ অধিপতি দেৱতা

Samyukta Shastri
পৰিবেশক/গায়কঃ শ্বাহু কাম্বলে
গাঁওঃ নন্দগাঁও
তহচিলঃ মুলছি
জিলাঃ পুনে
জাতিঃ নৱ বৌদ্ধ
বয়সঃ ৭০ (২০১৬ চনৰ আগষ্ট মাহত জৰায়ুৰ কৰ্কটৰোগত তেওঁৰ মৃত্যু ঘটে)
সন্তানঃ দূজন ল’ৰা আৰু দুজনী ছোৱালী, বৃত্তিঃ কৃষি
তাৰিখঃ এই গীতবোৰ আৰু ইয়াৰ লগত জড়িত অন্যান্য তথ্যবোৰ ১৯৯৯ চনৰ ৫ অক্টোবৰ তাৰিখে নথীভূক্ত কৰা ৷ ফটোসমূহ ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত লোৱা৷
প’ষ্টাৰ: সিঞ্চিতা মাঝি
অনুবাদ: ডেইটী
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/four-songs-of-fury-for-abusive-men-as

