'পট্টা থকা মাটিৰ মালিকতকৈ আমাক কিয় কমকৈ ক্ষতিপুৰণ দিয়া হৈছে?’ ৫৫ বৰ্ষীয় দলিত খেতিয়ক তুৰাকা বাবুৰাওৱে সোধে। এক একৰৰো কম মাটি থকা বাবুৰাওৰ ঘৰ গুণ্টুৰ জিলাৰ ৪৮০০ জনসংখ্যাৰ ৰায়াপুৰি গাঁৱত৷ নতুন ‘বিশ্বমান’ৰ ৰাজধানী অমৰাৱতীৰ নিৰ্মাণৰ হেতু ভূমি অধিগ্ৰহণৰ কাৰণে কৃষকক অন্ধ্ৰপ্ৰদেশ চৰকাৰে দিয়া ক্ষতিপুৰণৰ কথা তেঁও কৈছে৷ ‘আচলতে কি জানে, আমাৰ খেতিপথাৰ কৃষ্ণা নদীৰ পাৰতে হোৱা কাৰণে পট্টা দিয়া পথাৰবোৰতকৈ অধিক উৰ্বৰা,’ তেঁও কয়৷
হস্তান্তৰিত ভূমি কৃষক কল্যাণ এছচিয়েছন, ৰায়াপুৰিৰ সদস্য বাবুৰাও অনুসূচীত জাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ অইন ৮০০ কৃষকৰ মাজৰ এজন৷ ৰাজ্য চৰকাৰে অন্ধ্ৰপ্ৰদেশ ভূমি সংস্কাৰ (কৃষিভূমি ধাৰণৰ ওপৰত চিলিং) আইন, ১৯৭৩ৰ অধীনত ভূমি বিতৰণ কৰাৰ সময়ত এই খেতিয়কসকলক কৃষ্ণা নদী পাৰৰ ৰায়াপুৰিত আৰু নদীদ্বীপবোৰত প্ৰায় ২০০০ একৰ ভূমি ‘হস্তান্তৰিত’ কৰা হৈছিল৷ এই মাটি লাভ কৰা প্ৰায়ভাগ পৰিয়ালেই দলিত আৰু ওবিচি সম্প্ৰদায়ৰ৷
‘দেশ স্বাধীন হোৱাৰ আগৰেপৰা আমি তিনিটা প্ৰজন্মই এই মাটিত খেতি কৰিছো। ইন্দিৰা গান্ধীয়ে আমাক হস্তান্তৰিত পট্টা দি এই ভূমিৰ ওপৰত আমাক অধিকাৰ প্ৰদান কৰিছিল,’ বাবুৰাওৱে কয়৷ অন্ধ্ৰপ্ৰদেশ হস্তান্তৰিত ভূমি (স্থানান্তৰণৰ ওপৰত নিষেধাজ্ঞা) আইন, ১৯৭৭ অনুসৰি এই হস্তান্তৰিত ভূমি ব্যক্তিয়ে ক্ৰয় বা বিক্ৰয় কৰিব নোৱাৰে, কেৱল পৰিয়ালৰ এজন সদস্যৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰে৷
চৰকাৰে সেউজ ৰাজধানীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাৰণে ৩৩ হাজাৰ একৰ মাটি আহৰণ কৰিছে৷ স্থানীয় সমাজকৰ্মীয়ে ধাৰ্য কৰা অনুযায়ী ইয়াৰে ১০ হাজাৰ একৰ মাটি হৈছে হস্তান্তৰিত মাটি আৰু অৱশিষ্টখিনি উচ্চ জাত যেনে কাম্মা, কাপু আৰু ৰেড্ডী আদি লোকে খেতি কৰা পট্টা থকা ভূমি৷









