নিজৰ ঘৰৰে মানুহৰ দৰে কল্পনাৰে মাজলগাঁৱৰ এগৰাকী মাতৃ আৰু জীয়াৰীয়ে ভীমৰাও আম্বেদকাৰ আৰু ৰমাবাইক লৈ মৰম-চেনেহৰ এটি গীত ৰচিছে


Beed, Maharashtra
|SAT, MAY 14, 2022
ভীমৰাও আৰু ৰমাবাই আম্বেদকাৰৰ স্মৃতিত
Author
Translator
কপালত ৰমাবাইয়ে কুমকুম লগায়
ভীমে এৰোপ্লেনৰ পৰা কয়, অ’ ৰমা, মোৰ সৈতে আহা
এই গীত-ধৰ্মী কবিতাত পাৰ্বতী ভাদাৰ্গেয়ে আমাক যুৱ ভীমৰাও আম্বেদকাৰৰ আৰু ৰমাবাইৰ জীৱনৰ এটা সৰু আভাস দিছে। এই গীতটোৰ অৰ্থ দুই ধৰণৰ : প্ৰথমটো স্পষ্টকৈ এহাল ডেকা দম্পতীৰ মাজত স্থায়ী প্ৰেম দৰ্শোৱা হৈছে। আনটোত আকৌ দুয়োজনে বহু বছৰলৈ দূৰে দূৰে থকাৰ বাবে বাধ্য হৈ পৰাৰ ইংগিত দিছে, যেতিয়া ভীমৰাওৱে বিদেশত পঢ়িবলৈ গুছি যায় আৰু ৰমাবাইয়ে ঘৰতে থাকি পৰিয়ালৰ চোৱাচিতা কৰে। এনেকৈ দুয়োৱে বিচ্ছেদৰ দুখ সহিবলগীয়া হয়।
কিছুমান যুগ্মকত গায়িকাই ভীমৰাৱৰ পিতৃ ৰামজী আম্বেদকাৰৰ সমৃদ্ধতাৰ চিত্ৰায়ণ কৰিছে। তেওঁৰ যে কিমানটা ঘোঁৰা আছে, সেয়া গণিছে আৰু পশুধনৰ কাৰণে ৰখা মিঠা পানীৰ টেংকিটোৰ কথাও উল্লেখ কৰিছে। বাবাচাহেব আম্বেদকাৰ আৰু ৰমাবাইৰ প্ৰতি তেওঁলোকৰ গৌৰৱবোধ আৰু মমতা ফুটি উঠিছে, সেই কল্পনাই আকৌ কেতিয়াবা বাস্তৱ জগতৰ প্ৰাংসগিকতাৰ পৰা উৰ্দ্ধলৈ উৰি গৈছে। ভীমৰাও আৰু ৰমাবাইৰ বিয়াখন কেনেকৈ হ’ল? সেয়া বাস্তৱিকতে কেনেকুৱা আছিল?
১৯০৬ চনত যেতিয়া তেওঁলোকৰ বিয়া হয়, তেতিয়া তেওঁলোক বয়সত বহুত সৰু আছিল। সেই সময়ত পৰম্পৰাও তেনেকুৱাই আছিল। বিয়াৰ সময়ত ভীমৰাৱৰ বয়স আছিল ১৪ বছৰ আৰু তেতিয়ালৈ তেওঁ মেট্ৰিক পৰীক্ষা দি উঠিছিল। ইফালে তেওঁৰ পত্নী ৰামী বলংগকৰ কেৱল ৯ বছৰীয়া আছিল। আম্বেদকাৰৰ পিতৃ ৰামজী সকপালে নিজৰ পুতেকৰ কাৰণে কইনা চাই দিছিল। ৰামী, কংকান অঞ্চলৰ বনন্দগাঁৱৰ এটা দুখীয়া পৰিয়ালৰ কন্যা আছিল। তেওঁৰ দেউতাকে কুলীৰ কাম কৰিছিল। কম সময়তে তেওঁৰ মাক-দেউতাকৰ মৃত্যু হয়। ৰামী আৰু তেওঁৰ সৰু ভাই-ভনীকেইটা নিজৰ খুৰাকৰ সৈতে মুম্বাইৰ ভাইখলা সব্জি বজাৰত থকা চ্ছ’লত থাকিবলৈ লয়। ভীমৰাও আৰু ৰামীৰ বিয়াখন তাতেই হৈছিল, যেতিয়া ৰাতিৰ ভাগত গোটেই বজাৰখন ক্ৰেতা-বিক্ৰেতাৰ অবিহনে খালি হৈ পৰি আছিল।
বিয়াৰ পিছত ৰামীৰ নাম ৰমাবাই কৰা হ’ল। ভীমৰাৱে তেওঁক মৰমতে ‘ৰামু’ বুলি কৈছিল। ‘ৰামু’ৰ কাৰণে ভীমৰাও সদায় ‘চাহেবে’ আছিল। তেনেদৰেই তেওঁ নিজৰ স্বামীক চেনেহ, সন্মান আৰু শ্ৰদ্ধা জাহিৰ কৰিছিল। যেতিয়া ভীমৰাৱে পঢ়াৰ কাৰণে বিদেশলৈ গুছি যায় আৰু সেইকেইটা দিনত যেতিয়া ৰমাবাইয়ে কঠিন দিন কটাবলগীয়া হয়, সেইটোৱে ৰমাক পুনৰাই সংগ্ৰামৰ মাজেৰে ডাঙৰ হোৱা ছোৱালীলৈ ৰূপান্তৰ কৰে। তেওঁৰ পাঁচোটা সন্তান আছিল। তাৰে চাৰিটাৰ সৰুতে মৃত্যু হৈছিল। ভীমৰাৱৰ অনুপস্থিতিত ৰমাবাইয়ে অকলেই নিজৰ সন্তানৰ লগতে বহু প্ৰিয়জনৰ মৃত্যুৰ শোক নিজে পাতলাবলগীয়া হৈছিল।
বীড় জিলাৰ মাজলগাওঁ তালুকৰ ভীমনগৰ বস্তিৰ পাৰ্বতী ভাদৰ্গেয়ে নিজৰ জীয়াৰী ৰংগু পৌটভৰেৰ সৈতে গোৱা এই ২২ টা অৱি এই সুন্দৰ ধাৰণাৰে আৰম্ভ হৈছে: “কুলুকুলুকৈ বৈ যোৱা গংগাৰ পানীৰ দৰে…তোমাৰে-মোৰে সুৰ এটা হৈ যাওক”। গায়িকাই নিজৰ চুবুৰীয়াক কৈছে যে ভীমৰাও আৰু ৰমাবাই আম্বেদকাৰ তেওঁলোকৰ ঘৰলৈ আহিব আৰু তেওঁলোকৰ কাৰণে তেওঁ পিঠাপনা বনাই আছে।

Courtesy: Wikipedia

Courtesy: Wikipedia
অতিশয় গৌৰৱেৰে মহিলাগৰাকীয়ে ৰামজী সকপালৰ ঘোঁৰাকেইটাৰ বিষয়ে গাইছে, লগতে ভীমে চলোৱা বিশেষ মাইকী ঘোঁৰাটোৰ কথাও কৈছে। সেইটোৰ দাম হাজাৰ টকা, তাৰে ওপৰত আকৌ তিনিশটকীয়া গাদী পাৰি থোৱা আছে। লক্ষ্মী দেৱীয়ে ৰাস্তাত ভালেকেইবাৰ ৰোৱাৰ পিছতহে ভীমৰাৱৰ ঘৰত সোমাব পাৰিছিল। এনেদৰেই কথকে ঘৰখনৰ বিভূতি-বৈভৱৰ কথা কৈছে। কিন্তু বাস্তৱত তেনেকুৱা নাছিল। পৰিয়ালটো তেনে আঢ্যৱন্ত নাছিল। ৰামজী সকপাল এগৰাকী অৱসৰপ্ৰাপ্ত সেনা সুবেদাৰ আছিল আৰু পৰিয়ালটোৱে মুম্বাইৰ লৱাৰ পাৰেলৰ ডাবাক চ্ছ’লত থাকিছিল। গীতিকাৰৰ চকুত ভীম আছিল ফুলি থকা এজোপা গোলাপ ফুল। ৰামজীৰ ঘৰত ভীমৰাও আৰু ৰমাবাইয়ে বিয়াৰ সময়ত মূৰত পিন্ধা পাৰম্পৰিক আভূষণ বাসিংগা পিন্ধি থকাৰ কল্পনা কৰিছে।
আন এটা দ্বিপদত গায়িকাই কৈছে যে তেওঁৰ যৌৱনকালৰ ১২ টা বছৰ গ্ৰাইণ্ডমিলতে পাৰ হৈছে। সেই কামত তেওঁৰ মূৰৰ ঘাম মাটিত পৰিছিল। সেয়া ৰমাবাইয়ে আছিল নে ৰমাই, তেওঁ কয়, তেঁৱেই আছিল মাক যিয়ে তেওঁক জাইফল আৰু আফিং মিহলাই শৈশৱত তেওঁক খুৱাই হাতদুখন শক্তিশালী কৰাৰ লগতে মনোবল বঢ়াইছিল।
ভীমৰাও যেতিয়া বাহিৰত আছিল, সেইখিনি সময়তে ত্যাগ আৰু আত্মসন্মানবোধেৰে ৰমাবাইয়ে ৰমাই বা ‘আয় ৰমাবাই’ নাম আৰ্জিছিল। পইছাৰ ফালৰ পৰা সাংঘাতিক নাটনিত পৰা স্বত্ত্বেও তেওঁ কেতিয়াও বন্ধুবৰ্গ আৰু শুভাকাংক্ষীৰ পৰা কেতিয়াও উপহাৰ বা টকা-পইচা গ্ৰহণ কৰা নাছিল। যেতিয়া ৰমাবাইয়ে শিশুৰ কাৰণে আৱাসিক স্কুল চলোৱা বন্ধু এগৰাকীৰ লগত থাকিছিল, তেওঁ দেখিছিল যে চৰকাৰী খাদ্য আহি পোৱাত পলম হোৱাৰ কাৰণে শিশুবোৰে কেইবাদিনলৈ একো খোৱা-বোৱা নকৰাকৈ স্কুললৈ গৈছে। নিজৰ সোণৰ আ-অলংকাৰ বিক্ৰী কৰি নে বন্ধকত ৰাখি তেওঁ ল’ৰা-ছোৱালীহঁতক অনাহাৰে নৰখাৰ চেষ্টা কৰিছিল। শিশুহঁতে মৰম-চেনেহতে তেওঁক ৰমা আই বা ৰমাই বুলি মাতিছিল। সেই নামটোৱে এতিয়াও আজিৰ তাৰিখলৈকে চলি আহিছে।
এটা অৱিত, কথকে পানীকেঁচুৱা ভীমক কল্পনা কৰিছে আৰু তেওঁৰ ঘৰলৈ গৈ তেওঁক দোলনাত দুলি থকা চাই কেনে সুখানুভৱ পাব, সেয়া কল্পনা কৰিছে। আন এটা দ্বিপদত ভীমৰাৱক তেওঁৰ ভায়েকৰ ৰূপত আৰু ৰমাবাইক মৰমীয়াল নবৌ হিচাপে চাইছে যাৰ উপস্থিতিত তেওঁৰ মাক-দেউতাকৰ ঘৰখন উৎফুল্লিত হৈ পৰে।
এই গীতটোৰ শেষত কথকে তেওঁৰ ঘৰখন ভীমৰাৱৰ আগমনৰ লগে লগে কেনেকৈ সুখেৰে উপচি পৰিছে, তাৰেই বৰ্ণনা দিছে, তেওঁ বাবাচাহেব আম্বেদকাৰক ‘জয় ভীম!’ বুলি সম্বোধন কৰিছে।

Vinay Potbhare

Vinay Potbhare
তোমাৰ আৰু মোৰ মাত এক হৈ যাবলৈ দিয়া
যেন গংগাৰ কুলুকুলু বোৱতী ধাৰা
মোৰ ঘৰৰ দুৱাৰত কোন সেই আলহী, চুবুৰীয়াই সুধিছে,
‘ক’ৰপৰা তেওঁলোক আহিছে?
মোৰ আম্বেদকাৰ বাবাৰ ঘোঁৰাটো ৰাস্তাতে ৰখোৱা আছে
মই লৰালৰিকৈ পিঠা সেকিছো
ভীম আৰু ৰমাবাই মোৰ ঘৰৰ আলহী
কপালত ৰমাবাইয়ে কুমকুম লগায়
ভীমে এৰোপ্লেনৰ পৰা কয়, অ’ ৰমা, মোৰ সৈতে আহা
অ সখী শুনা, ঘোঁৰাৰ পিঠিত কিমানজন লোক, কিমানজন পদব্ৰজে?
নিশাৰ ভাগত মোৰ দেউতা ৰামজীয়ে জীয়েকক চাবলৈ যায়
অ সখী শুনা, ছজন ঘোঁৰাৰ পিঠিত, হিচাপ কৰাচোন কিমানজন পদব্ৰজে
ৰামজী, মোৰ দেউতাই বোৱাৰীয়েকক চাবলৈ যায়
ঘোঁৰাৰ পিঠিত উঠি কোনে অভিবাদন জনায় ‘ৰাম! ৰাম!’ কোন সেই সন্মানীয় ব্যক্তি?
তেওঁ আম্বেদকাৰ, মোৰ চেনেহৰ ৰমাৰ স্বামী
গীত বাজিছে, মূৰত সোণালী বাসিংগা পিন্ধি দৰা আহিছে
জানো, বাবা ৰামৰ ঘৰত ভীমৰ বিবাহ উৎসৱ চলিছে
লক্ষ্মী ঘৰলৈ আহিছে, গোটেই বাট ৰৈ ৰৈ আহিছে
সুধি সুধি আহিছে ভীমৰ ঘৰটো ক’ত, গোটেই বাট ৰৈ ৰৈ আহিছে
অ সখী, ঘৰৰ বাৰান্দাখন কুমকুমেৰে সজোৱা
আমাৰ চেনেহৰ ৰমাবাই এতিয়া ঘৰত নাই নহয়
শিৰত সেন্দুৰ লোৱাসকলক মাতক, দূৰৰ পৰা অতিথি আহিছে
লেমবোৰ জ্বলোৱা আৰু ভীমৰ ৰাণীজনীক বিচাৰি আনা
অ সখী, বজাৰখন ভৰি পৰিছে, যেন হাজাৰটা দূৰ্গৰ মানুহ নামি আহিছে
চিনি নাপালো আম্বেদকাৰ বাবাক, সুন্দৰ বস্ত্ৰ গাত মেৰিয়াই তেওঁ আহে
চিয়াঁহীৰ দোৱাতটো আৰু কলম বিচনাৰ কাষতে থোৱা আছে
মীৰাই তাইৰ ভতিজাকক সুধিছে কিমানখন পৃথিৱী তেওঁ জয় কৰিছে?
অ সখী, মৰমৰ কণমানি ভীমৰ কাৰণে
মই শস্য খুন্দি পাত্ৰত ভৰাইছিলো, তেওঁ এতিয়া দিল্লীতে আছে
অ সখী শুনা, হাজাৰ টকাৰ ঘোঁৰা, তিনিশ টকাৰ গাদী
তাত ভীমা বহে, যেন ফুলি উঠা গোলাপ
অ সখী শুনা, হাজাৰ টকাৰ ঘোঁৰা, তিনিশ টকাৰ গাদী
তাত ভীমা বহে, যেন ফুলি উঠা গোলাপ
মই যেতিয়াই গ্ৰাইণ্ডমিল ঘুৰাও, মোৰ বাহুত শকতি আহে
মোক মায়ে আফিঙৰ লগত জাইফল খুৱায়
গ্ৰাইণ্ডমিল ঘুৰাই ঘুৰাই নাজানো কেতিয়া ভাগৰি পৰো
যৌৱনটোৰ বাৰটা বছৰ গ্ৰাইণ্ডমিল ঘুৰাওতেই গ’ল
অ সখী, মাৰ ঘৰলৈ যাম, কি যে ভাল লাগিব!
মোৰ সখা ভীম, মৰমৰ ভীম ৰাজা মোৰ সৈতে থাকিব
খুৰীদেউ, আপুনি বহক
অ সখী, মাৰ ঘৰলৈ যাম, কি যে ভাল লাগিব!
মোৰ সন্মুখত কেঁচুৱাৰ খাটত ভীম শুব, মৰমেৰে কোলাত ল’ম
অ সখী, মই মোৰ মাৰ ঘৰলৈ যাম, মোৰ মা তাত থাকে
মোৰ অতিকৈ চেনেহৰ ৰমাবাইয়ে মোক সংগ দিব
মোৰ ঘৰটো আলহীৰে ভৰি পৰিছে
আম্বেদকাৰ বাবাক মই ‘জয় ভীম!’ বুলি স্বাগতম জনাইছো
পৰিৱেশকসকল/গায়ক-গায়িকা : পাৰ্বতী ভাদাৰ্গে (মাক), ৰংগু পোটভাৰে (জীয়েক)
গাওঁ : মাজলগাওঁ
চুবুৰী : ভীম নগৰ
তালুক : মাজলগাওঁ
জিলা : বীড়
জাতি : নৱ বৌদ্ধ
জীৱিকা : পাৰ্বতী ভাদাৰ্গে এগৰাকী খেতিয়ক আছিল আৰু আগতে তেওঁ খেতিপথাৰত হাজিৰা কৰিছিল। ৰংগু পোটভাৰে কেইবছৰমান তেওঁলোকৰ পৰিয়ালৰ খেতিপথাৰত কাম কৰিছিল।
প’ষ্টাৰ : উৰ্জা
মাজলগাঁৱৰ ৰাজৰত্ন চালভে আৰু বিনয় পোটভাৰে কৰা সহায়ৰ বাবে দুয়োজনলৈ অশেষ ধন্যবাদ।
হেমা ৰাইৰকৰ আৰু গাই পইটৱাঁয়ে আৰম্ভ কৰা মূল ‘গ্ৰাইণ্ডমিল চংগচ্ প্ৰজেক্ট’ৰ বিষয়ে পঢ়িব পাৰে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/ভীমৰাও-আৰু-ৰমাবাই-আম্বেদকাৰৰ-স্মৃতিত

