অৱশেষত নিজে সংক্ৰমিত হোৱাৰ দিনলৈকে শ্বাহবাই ঘাৰাটে প্ৰায় এটা বছৰ ক’ৰনা ভাইৰাছৰ পিছত লাগি আছিল। স্বীকৃতিপ্ৰাপ্ত সামূহিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী) শ্বাহবাইয়ে মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নিজৰ গাওঁ চুলতানপুৰত ক’ভিড-১৯ বিচাৰি প্ৰতিঘৰ মানুহলৈ তালৈ গৈছিল। মে’ মাহৰ শেষ সপ্তাহত তেওঁৰ দুস্বপ্ন সত্য প্ৰমাণিত হয় আৰু পৰীক্ষা কৰোতে ক’ভিড সংক্ৰমিত হোৱা বুলি জানিব পাৰে।
মহামাৰীৰ সময়ত কৰি থকা এই কামৰ পৰা বিপদৰ আশংকা সম্পৰ্কে ৩৮ বছৰীয়া আশাকৰ্মী শ্বাহবাই সতৰ্ক আছিল যদিও ইয়াৰ দ্ৰুত প্ৰাদুৰ্ভাৱ সম্পৰ্কে তেওঁ ভাবিব পৰা নাছিল। তেওঁৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পিছত তেওঁৰ ৬৫ বছৰীয়া মাতৃও সংক্ৰমিত হয়। তাৰপিছত তেওঁৰ চাৰিজন ভতিজাৰ গাতো ক’ভিড ধৰা পৰে। মহামাৰীৰ বাবে গোটেই পৰিয়ালটোৰ জীৱন যন্ত্ৰণাময় হৈ পৰে।
আৰোগ্য হ’বলৈ শ্বাহবাইক কেবাসপ্তাহো লাগিছিল। তেওঁ কয়, “মোৰ ভতিজাকেইটাও আৰোগ্য লাভ কৰে, কিন্তু মোৰ মাক চিকিৎসালয়ত ভৰ্তি কৰিবলগা হয়। মোৰ মাৰ চিকিৎসাৰ নামত আঢ়ৈ লাখ টকা হয়। আমাৰ আঢ়ৈ একৰ খেতিমাটি বিক্ৰী কৰাৰ লগতে চিকিৎসালয়ত টকা দিবলৈ আ-অলংকাৰ পৰ্যন্ত বিক্ৰী কৰিবলগা হ’ল।”
আশাকৰ্মী হিচাপে তেওঁৰ কাম ইমান সহজ নাছিল, মহামাৰীয়ে তাক আৰু কঠিন কৰি পেলালে। শ্বাহবাই কয়, “মই বহুতো ভাবুকি আৰু তিৰস্কাৰ সহ্য কৰিবলগা হৈছিল। প্ৰথমাৱস্থাত বহুতেই ক’ভিডৰ লক্ষণসমূহৰ বিষয়ে নকয়। মোৰ গাঁৱত কাম কৰিবলৈ গৈ মই বিভিন্ন ধৰণৰ কটুকথা শুনিছো।”
মহাৰাষ্ট্ৰত ৭০ হাজাৰৰো অধিক আশাকৰ্মী আছে। ২০২০ৰ মাৰ্চত যেতিয়া প্ৰথমতে ক’ভিডৰ প্ৰাদুৰ্ভাৱ বাঢ়িবলৈ ধৰে, তেতিয়া তেওঁলোক হৈ পৰিছিল প্ৰথম শাৰীৰ প্ৰতিৰোধকাৰী। মানুহৰ ঘৰে ঘৰে যোৱাৰ উপৰি বিভিন্ন গাঁৱলৈ গৈ ভেকচিন ল’বলৈ দ্বিধাগ্ৰস্ত হোৱা লোকসকলক তেওঁলোকে বুজাবলগা হৈছিল।












