যোৱাবছৰ অক্টোবৰৰ শেষৰফালে সাঞ্জা গাঁৱৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ দুটা কোঠালীত দুটা চেপেটা এলইডি টিভি ছেট লগোৱা হৈছিল। গাঁও পঞ্চায়তে শিকন-শিক্ষনৰ সহায়ক আহিলা হিচাপে সেয়া পঠিয়াইছিল।
কিন্তু টিভি চেট অলসভাবে দেৱালত ওলমি আছে, টিভিৰ পৰ্দাত কোনো ৰং জিলিকি উঠা নাই। ২০১৭ৰ মাৰ্চ মাহৰ পৰা এই বিদ্যালয়খনত বিজুলী সংযোগ নাই।
মহাৰাষ্ট্ৰৰ ওছমানাবাদ জিলাৰ এই বিদ্যালয়ৰ অধ্যক্ষ শীলা কুলকাৰ্ণীয়ে হাঁহিবই নে কান্দিব সেয়া ভাবি পোৱা নাই। 'চৰকাৰৰ পৰা পোৱা পুঁজি পৰ্যাপ্ত নহয়। আমাৰ নামভৰ্তিৰ সংখ্যা (দুটা শ্ৰেণীৰ মিলি মুঠ ৪০ জন), বিদ্যালয়ৰ চোৱাচিতাৰ কাৰণে আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিতাপ-পত্ৰ কিনাৰ বাবে আমি বছৰি মাত্ৰ ১০ হাজাৰ টকা পাও। বিজুলী সংযোগ পুনৰাই পাবলৈ হ’লে আমি প্ৰায় ১৮ হাজাৰ টকা ভৰিব লাগিব।’
বিদ্যালয়খনত ২০১২ৰ পৰা বিজুলী সংযোগ নাই। মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিদ্যুত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে সেই সময়ত মহাৰাষ্ট্ৰৰ এখন চৰকাৰী সংকল্পনামাত কোৱা হৈছিল যে জিলা পৰিষদৰ বিদ্যালয়ে ঘৰুৱা দৰ(৩.৩৬ টকা প্ৰতি কিলোৱাট)ৰ পৰিৱৰ্তে ব্যৱসায়ীক দৰ(৫.৮৬ টকা প্ৰতি কিলোৱাট)ত বিজুলীৰ বিল পৰিশোধ কৰিব লাগিব।
বিদ্যালয়ৰ বিজুলীৰ বিল ভালেখিনি বৃদ্ধি হৈছে। ২০১৫ৰ শেষলৈকে ওছমানাবাদ জিলাৰ ১০৯৪ খন জিলা পৰিষদৰ বিদ্যালয়ৰ ৮২২ খনৰে বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল। ওছমানাবাদ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় কোলটে কয়। কোলটেৰ মতে ২০১৮ৰ অক্টোবৰলৈ বকেয়া ৰাশি ১ কোটিৰো অধিক হৈছিল আৰু জিলাখনৰ ৭০শতাংশ বিদ্যালয় বিজুলী অবিহনেই চলি আছিল।
ওছমানাবাদৰ ৩০ খন জিলা পৰিষদৰ বিদ্যালয়ৰ পৰ্যবেক্ষক ৰাজভাউ গিৰীয়ে কয় যে এইখন জিলাৰ ১০৯২ বিদ্যালয়ৰ প্ৰায় ২০ শতাংশ অৰ্থাৎ ৩২০ খন বিদ্যালয়ে সৌৰ শক্তিৰ ব্যৱহাৰ কৰি চলিছে। প্ৰতিখন বিদ্যালয়ত এই সৌৰফলক লগাওতে প্ৰায় ১ লাখ টকা খৰছ হৈছিল, কিছু টকা জিলা পৰিষদৰ পুঁজিলৈ আহিছিল, বাকীখিনি ৰাজহুৱা বৰঙণিৰ পৰা যোগ হৈছিল।
মহাৰাষ্ট্ৰৰ অইন অঞ্চলৰ বিদ্যালয়েও অদেয় বিলৰ জঞ্জালৰ সৈতে যুঁজিবলগীয়া হৈছে। ঔৰংগাবাদ জিলাৰ ২,১৯০ জিলা পৰিষদৰ বিদ্যালয়ৰ ১,৬১৭ খন বিদ্য্যালয়ত বিজুলী সংযোগ নাই (ফেব্ৰুৱাৰী মাহত ক্ষেত্ৰ প্ৰতিবেদনৰ সময়ত), যাৰ ফলত জিলা পৰিষদে সৌৰ শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হৈ পৰে।
২০১৮ৰ জুলাই মাহত ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত চিণ্ডেয়ে মহাৰাষ্ট্ৰৰ বিধানসভাত কয় যে ৰাজ্যৰ ১৩,৮৪৪ খন বিদ্যালয়ত বিজুলী সংযোগ নাই। শিক্ষা ক্ষেত্ৰত কাম কৰা সমাজকৰ্মীৰ মতে এয়া এক ৰক্ষণশীল অনুমান।
এই দাবীৰ প্ৰত্যুত্তৰত শিক্ষা মন্ত্ৰী বিনোদ তাৱড়েয়ে বিধানসভাত ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে বিদ্যালয়ত কম দৰত বিজুলী যোগানৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে। কিন্তু এই পৰিকল্পনাৰ পৰা বাস্তৱতঃ একো পৰিৱৰ্তন হোৱা চকুত পৰা নাই।
মহাৰাষ্ট্ৰৰ জিলা পৰিষদ বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ কৃষক, জনজাতীয় আৰু অন্য নিম্ন আয় বৰ্গৰ পৰিয়ালৰ পৰা আহিছে। মহাৰাষ্ট্ৰৰ জিলা পৰিষদে ১৯৬১-৬২ত প্ৰাথমিক শিক্ষাৰ দায়িত্ব লৈছিল। কিন্তু ৰাজ্য চৰকাৰে বিদ্যালয়বোৰ বাৰম্বাৰ উপেক্ষা কৰি আহিছে, আৰু গুণগত শিক্ষা দৰিদ্ৰজনৰ পৰা দুৰতে ৰাখিছে।
পৰিসংখ্যাৰ ক্ষেত্ৰত এই আওকণীয়া মনোভাৱ তেনেই স্পষ্টঃ ২০০৮-০৯ত বিদ্যালয়ৰ শিক্ষাৰ কাৰণে আৱণ্টিত ৰাশি ৰাজ্য চৰকাৰৰ মুঠ ব্যয়ৰ প্ৰায় ১৮ শতাংশ আছিল। ২০১৮-১৯ত এই পৰিমাণ নিম্নগামী হৈ ১২.৬৮ শতাংশ হয়গৈ।
ৰাজ্য চৰকাৰৰ পূৰ্বৰ ছটা বৰ্ষৰ বাজেটৰ ওপৰত মুম্বাইৰ এটা বেচৰকাৰী সংগঠন, সমৰ্থনঃ চেণ্টাৰ ফৰ বাজেট ষ্টাডিজৰ দ্বাৰা কৰা এটা বিশ্লেষণত কোৱা হৈছেঃ '২০০০ত ৰাজ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যৰ জিএছডিপিৰ ৭ শতাংশ শিক্ষাত ব্যয় কৰা হ’ব, আৰু ইয়াৰে ৭৫ শতাংশ প্ৰাথমিক শিক্ষাৰ কাৰণে ব্যয় কৰা হ’ব।’ কিন্তু কাগজে পত্ৰই প্ৰাথমিক শিক্ষাৰ কাৰণে আৱণ্টন কেৱল ৫২.৪৬ শতাংশ হৈছে। আৰু ২০০৭-০৮ৰ পিছৰে পৰা শিক্ষা খণ্ডত ব্যয় ডিএছডিপিৰ ২ শতাংশতকৈ কম হৈ আহিছে।
অৱহেলা আৰু পুঁজিৰ নাটনিৰ বাস্তৱ পৰিণাম পোহৰলৈ আহিল। ২০০৯-১০ত ৰাজ্যৰ জিলা পৰিষদৰ বিদ্যালয়ত ১ম শ্ৰেণীত ১১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী আছিল। আঠ বছৰ পিছত ২০১৭-১৮ত ৪ৰ্থ শ্ৰেণীত কেৱল ১২৩,৭৩৯ জন ছাত্ৰ-ছাত্ৰী আছিল, অৰ্থাৎ এই সময়চোৱাত প্ৰায় ৮৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশালি এৰিছে। (এয়া তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মই ২০১৮ত দাখিল কৰা এটা প্ৰশ্নৰ উত্তৰত পোৱা গৈছে)(চাব পাৰেঃ কেতিয়াবা বিদ্যালয় বোলা ঠায়েই নাইকিয়া হয় )
এইখিনি সময়তে সাঞ্জা জিলা পৰিষদৰ বিদ্যালয়ত ছাত্ৰই নিৰ্জীৱ টিভি স্ক্ৰীণলৈ পিঠি দি শিক্ষয়েত্ৰী পাৰ্ৱতী ঘুগেৰ ফাল মুখ দি বহে। তেঁওলোকৰ হাতত এটা গেজেট আছে, যিটো স্থানীয় বজাৰৰ পৰা প্ৰায় ১০০০ টকাত ক্ৰয় কৰা হৈছে, যিটোৱে ম’বাইল ফোনৰ পৰ্দাখন দেখাত ডাঙৰ কৰে। ওপৰৰ চিলিং ফেনখনৰো সাৰসুৰ নাই, সকলো ঘামি-জামি আছে, কিন্তু ছাত্ৰ-ছাত্ৰীয়ে মাৰাঠী ভাষাৰ কবিতা এটাৰ ভিডিঅ’ত মনযোগ দিবলৈ চেষ্টা কৰিছে। কবিতাটো ম’বাইলটোত শুনোৱা হৈছে। 'এয়া কিনিবলৈ আমি নিজেই ধন খৰছ কৰিবলগীয়া হৈছে,’ ম’বাইলৰ পৰ্দা বিৱৰ্ধকৰ বিষয়ে ঘুগেয়ে কয়।
কম পুঁজিৰে মোকাবিলা কৰিবলৈ চেষ্টা কৰা অন্য শিক্ষকেও নিজৰ জেপৰ টকা খৰছ কৰিবলগীয়া হৈছে। ওছমানাবাদ চহৰত ছোৱালীৰ জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষকে ছাত্ৰীক চাইবাৰ কেফেলৈ লৈ যাবলগীয়া হয়, য’ত নেকি এই বিদ্যালয়বোৰত 'ই-লাৰ্নিং’ৰ কাৰণে নিৰ্মিত কোঠাবোৰ ধূলি-মাকতিৰে ভৰি পৰিছে।
'ৰাজ্যৰ সকলো ছাত্ৰবৃত্তি (দৰ্খাস্ত)এতিয়া অনলাইন হৈছে,’ ধূলি-মাকতিৰে লেতেৰা হৈ থকা ১০ টা কম্পিউটাৰ আৰু প্ৰিণ্টাৰ থকা ই-শিকনৰ কোঠাত বহি শিক্ষয়েত্ৰী তবচ্চুম চুলতানাই কয়। '২০১৭ৰ আগস্তত আমাৰ বিজুলী সংযোগ কাটি দিয়া হয়। বিজুলী সংযোগ নথকাৰ কাৰণে আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন সংকটত পেলাব নোৱাৰো। কিছু সময়ৰ কাৰণে বিদ্যালয়ৰ নিকটৱৰ্তী নিৰ্মান স্থলৰ পৰা বিজুলী সংযোগ লোৱাৰ চেষ্টা কৰিছিলো। কিন্তু সেয়াও বেছিদিন নচলিল।’
আন এজন শিক্ষক বশীৰ তম্বোলীয়ে কয় যে ওছমানাবাদ চহৰৰ জিলা পৰিষদৰ বিদ্যালয়ৰ অদেয় বিজুলীৰ বিল ১.৫ লাখৰো অধিক। 'ইণ্টাৰেক্টিভ লাৰ্নিঙৰ কাৰণে আমি প্ৰজেক্টৰ এটাও কিনিছিলো,’ কোঠালী এটাৰ পাংখাৰ কাষত ওলমি থকা প্ৰজেক্টৰ এটাৰ পিনে দেখুৱাই দি তেঁও কয়।
ওছমানাবাদৰ ৩০ খন জিলা পৰিষদ বিদ্যালয়ৰ পৰ্যেবেক্ষক ৰাজাভাউ গিৰীয়ে কয় যে পুঁজি ইমানেই কমিছে যে বিদ্যালয়ত সুৰক্ষা কৰ্মী, ক্লাৰ্ক নাইবা চাফাইকৰ্মীও নোহোৱা হৈছে। কোঠাবোৰত চাফাইৰ কাম শিক্ষক-ছাত্ৰ লাগি-ভাগি কৰিবলগীয়া হৈছে। 'মাক-দেউতাকে এয়া পচন্দ নকৰে,’ তেঁও কয়। 'আনকি বহু বিদ্যালয়ত শৌচালয়ো ইমান চাফা নহয় যিমান হ’ব লাগে, আৰু সংখ্যাও কম। বহু বিদ্যালয় পানী অবিহনেই চলিছে। এয়া ছোৱালীৰ কাৰণে বৰ অসুবিধাজনক, বিশেষকৈ ছোৱালী ডাঙৰ হোৱাৰ পিছত তেঁওলোকৰ যেতিয়া মাহেকীয়া আৰম্ভ হয়, তেতিয়া অসুবিধা বাঢ়ে।’
ওছমানাবাদ চহৰৰ পৰা ১৮ কিলোমিটাৰ দুৰত ওছমানাবাদৰ য়েদেশী গাঁৱত তিনিখন জিলা পৰিষদৰ বিদ্যালয় আছে, তিনিওখনৰ কাৰণে মিলি এখন সামূহিক খেলপথাৰ আছে। মুঠ ২৯০ জন ছাত্ৰ-ছাত্ৰীৰ কাৰণে মাত্ৰ তিনিটা শৌচালয় আছে, ২৯০ জনৰ ১১০ৰো অধিক ছাত্ৰী। 'আনকি তাতে পানীও নাহে,’ ৩৫ বৰ্ষীয় শ্ৰমিক বিত্থল চিণ্ডেয়ে কয়। তেঁওৰ সাত বছৰীয়া ছোৱালী সন্ধ্যা এনে এখন বিদ্যালয়তে পঢ়ে। 'তাই সৰু হৈ আছে, সেয়ে যেনেতেনে কাম চলিছে। তাই ডাঙৰ হ’লে কি কৰা যাব?’
ওছমানাবাদ জিলাখন খৰাংপীড়িত আৰু স্বাভাৱিকতে পানীৰ কাৰণে সংঘৰ্ষ কৰিবলগীয়া হয়। বৰ্তমানৰ প্ৰৱল খৰাঙৰ কাৰণে কুঁৱাবোৰ শুকাই গৈছে আৰু বিদ্যালয়ৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা প্ৰতিদিনে উপলব্ধ কৰোৱা ৫০০ লিটাৰ পানীৰেই কাম চলাব লাগে। দেউতাকৰ কাষতে থিয় দি থকা সন্ধ্যাই কয় যে বিদ্যালয়ৰ শৌচালয়ৰ বাহিৰত সদায় দীঘলীয়া শাৰী পাতি থাকিবলগীয়া হয়। 'সকলোৱে অৱকাশৰ সময়ত শাৰী পাতে,’ তেঁও কয়। সেই সময়তে ল’ৰাবোৰে খেলপথাৰত ক্ৰিকেট খেলি থাকে, সেইখিনি সময়ত দুজনী ছোৱালীয়ে টেংকাৰৰ পৰা পানী ভৰাই আৰু শৌচালয়ত সোমায়। 'কেতিয়াবা শাৰী বহু দীঘলীয়া হয়। সেয়ে আমি অলপ পানী বটলতে ভৰাই লও আৰু বজাৰৰ পিছফালে মুকলি পথাৰলৈ যাও।’
তেঁওৰ দেউতাকে কয় যে ল’ৰা-ছোৱালীয়ে জানে যে শৌচালয় যিমান পাৰি সঘনে ব্যৱহাৰ কৰিব লাগে। 'কিন্তু বিদ্যালয় পুৱা ১০ বজাত খোলে আৰু আবেলি ৪ বজাতহে বন্ধ হয়। এয়া এক দীঘলীয়া সময় আৰু এয়া স্বাস্থ্যকৰ নহয়।’
ছাত্ৰই নিজে খোৱাপানী লৈ আহে, খৰাং পৰিলে এয়া সমস্যা হৈ পৰে। (চাব পাৰেঃ ভোকাতুৰ ছাত্ৰ-ছাত্ৰীৰ খাদ্য কম, সমস্যা বেছি )'এদিন বিদ্যালয়ত পানী শেষ হৈ গ’ল,’ সন্ধ্যাই ক’লে। 'সেয়ে আমি পানী খাবলৈ এখন হোটেললৈ গ’লো। ইমানবোৰ ল’ৰা-ছোৱালী দেখি হোটেলৰ মালিকে পানী নিদিয়া হ’ল।’
আহমদনগৰ জিলাৰ অকোলা তালুকৰ বীৰগাঁৱৰ জিলা পৰিষদৰ বিদ্যালয়ৰ কৰ্মী আৰু শিক্ষক ভাউ ছাচকৰে কয় যে যেতিয়া শিক্ষকে পুঁজি কম হোৱা বিষয়ক লৈ অভিযোগ দিয়া হয়, তেতিয়া 'আমাক ৰাইজৰ পৰা দান ল’বলৈ কোৱা হয়।’ কিন্তু ২০১৮ৰ জুন মাহত শিক্ষকৰ ৰাজ্যজুৰি হোৱা হোৱা বদলীকৰণৰ ফলত ৰাইজৰ পৰা বৰঙণি তোলাতো অসুবিধাৰ সৃষ্টি হ’ল। আহমদ নগৰৰ শিক্ষা বিষয়া ৰমাকান্ত কটমোৰে কয় যে জিলাখনৰ ৫৪ শতাংশ শিক্ষকে বদলীকৰণৰ আদেশ পাইছে। ফলত অকোলা চহৰৰ শিক্ষক অনিল মোহিতেক ৩৫ কিলোমিটাৰ দুৰৰ ছেলবিহিৰে গাঁৱলৈ বদলী কৰা হৈছে। 'মই ছেলবিহিৰেৰ কাকোৱে চিনি নাপাও, মোকো কোনেও চিনি নাপায়,’ তেঁও কয়। 'মই তেঁওলোকক কেনেকৈ বিদ্যালয়ৰ কাৰণে দান দিবলৈ সৈমান কৰাম?’
শিকন-শিক্ষণত নিশকতীয়া আন্তঃগাথনিৰ প্ৰভাৱ দীৰ্ঘদিনীয়া হয়। শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক স্থিতিৰ পৰা জনা গৈছে যে মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ ৫ম মানৰ ৭৪.৩ শতাংশ ল’ৰা-ছোৱালী ২০০৮ত কেৱল ২য় মানৰ পাঠহে পঢ়িবপৰা হৈছিল। দহ বছৰ পিছত এই হাৰ কমি ৬৬ শতাংশ হ’ল। ডেটা বিশ্লেষক প’ৰ্টেল ডেটাস্পেণ্ড-এ কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ প্ৰায় ৫৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক পৰ্যায়ত 'পঢ়াৰ কাৰণে ভাল পৰিৱেশ’ নথকাৰ অজুহাত দেখুৱাই চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক অগ্ৰাধিকাৰ দিয়ে।
যাহওক, চৰকাৰৰ অৱহেলা স্বত্বেও ভালেমান বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, ইয়াৰ কাৰণ হৈছে কৰ্মোদ্যমী শিক্ষক আৰু গঞাৰ সহায়। (চাব পাৰেঃ মোৰ নিজকে শিক্ষক যেন নালাগে ) কোন কাহানিতে বিজুলী সংযোগ কাটি দিয়া ওছমানাবাদৰ চাকেনবাড়ী জিলা পৰিষদ বিদ্যালয়ৰ বাহিৰত বিজুলী খুঁটা এটা আছে। বিদ্যালয়খনে খুঁটাটোৰ পৰা বিদ্যুত সংযোগ লৈছে, একেবাৰে চুৰ কৰা বুলিও ক’ব নোৱাৰি, গাঁৱৰ মানুহৰ সন্মতি আছে।
ইয়াতে টিভি ছেটেৰে কাম চলাই থকা হৈছে আৰু ৬-৭ বছৰীয়া ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে তেঁওলোকৰ টিভিত দেখা কবিতা আৰু কাহিনী শিকে। মই শ্ৰেণীকোঠাত প্ৰৱেশ কৰোঁতে তেঁওলোকে 'গুড আফটাৰনুন’ বুলি ক’লে আৰু তেঁওলোকৰ শিক্ষয়েত্ৰী সমীপতা দাচফালকৰে টিভিটো অন কৰিলে, পেন ড্ৰাইভ লগাই সুধিলে যে সিঁহতলৈ চাই সুধিলে যে সিহতে কি চাব বিচাৰে। সকলোৰে নিজা নিজা মত, কিন্তু বেছিভাগেই পানী আৰু বাৰিষাকালৰ ওপৰত লিখা এটা কবিতালৈ সহমত দিলে। ছাত্ৰ-ছাত্ৰীয়ে টিভিৰ পৰ্দালৈ চাই গাবলৈ আৰু নাচিবলৈ ধৰিলে। খৰাংপীড়িত ওছমানাবাদত শিশুৱে জোৰা গীতৰ অনুৰণন তাৎপৰ্যপূৰ্ণ।
অনুবাদঃ পংকজ দাস