খেতিপথাৰৰ মাজভাগতে পাঁচ ফুট বহল আৰু দহফুট দীঘল বেদী এটাত লিখা আছেঃ 'চেতন দাদৰাও খৌব্ৰাগড়ে। জন্মঃ ৮-৮-১৯৯৫। মৃত্যুঃ ১৩-৫-২০১৮। তেঁওৰ মাক-দেউতাকে সেই স্থানত স্মাৰক বেদীটো সাজিছে, য’ত তেঁওক বাঘে মাৰিছিল।
চেতনে (২৩) ডাঙৰজনী ভনী পায়লৰ বিয়াৰ কাৰণে ৰৈ আছিল। তাৰ পিছত তাই বিয়াত বহাৰ কথা আছিল। 'আমাৰ আশে-পাশে ক’ৰবাত বাঘ থকা বুলি জানিছিলো,’ ২৫ বৰ্ষীয় পায়লে কয়। 'কিন্তু সপোনতে ভবা নাছিলো যে সেই বাঘেই আহি আমাৰ খেতিপথাৰতে দাদাক মাৰি পেলাব।’
মে’ মাহৰ উৎকট গৰমৰ সেই সন্ধ্যাটোত ৬ বাজিছিল। চেতনে গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ আমগাঁওস্থিত নিজ খেতিপথাৰলৈ গৈছিল। সন্ধ্যা ৭ বজালৈ যেতিয়া তেঁও ঘুৰি নাহিল, তেতিয়া বিচাৰ-খোচাৰ আৰম্ভ হ’ল। তেঁওৰ সৰু ভাই চাহিল (১৭) আৰু খুড়াকৰ ল’ৰা বিজয়ে তেঁওক বিচাৰি ওলাল। চেতনৰ কাঁচিখন পথাৰতে পৰি থকা দেখিবলৈ পালে। পৰিয়ালটোৰ পাঁচ একৰ মাটিৰ পথাৰখন তেঁওলোকৰ ঘৰৰ আগৰ বাটটো পাৰ হৈ আধা কিলোমিটাৰমান গ’লেই পায়। ঠাইখন পাতলীয়া হাবিৰ কাষতেই আছে।
দুয়োয়ে ভয়ত বিতত হৈ বাঘ বাঘ বুলি চিঞৰ-বাখৰ লগালে। অলপ দুৰত কড আলুৰ খেতিত চেতনৰ ক্ষত-বিক্ষত শৱ পৰি আছিল। চেতনক বাঘে মাৰিছিল। বাঘটো যে সেই অঞ্চলটোতে বিচৰণ কৰি আছিল, সেই কথা সকলোৱে জানিছিল।
আমি বাঘটোক হাবিত সোমাই যোৱা দেখিছিলো, ঘন হাবিৰ পিনে নিৰাশাৰে চাই বিজয়ে ক’লে। সেই প্ৰাপ্তবয়স্ক বাঘটো বোধকৰো ভোকত আছিল, বিজয়ে মনত পেলালে।
সামূহিক ভূমি সংকুচিত হোৱা
সেই সৰু সম্প্ৰদায়টোৰ সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপক নেতৃত্ব দিয়া যুৱক এজনৰ মৃত্যুৰ ফলত আমগাঁও (স্থানীয় লোকে তাকে আমগাঁও হাবি বুলি কয়) এলেকা নিমাওমাও পৰিছে। বৰষুণ হ’লেও খেতি কৰিবলৈ কোনো নোলোৱা হ’ল, ভয়তে ঘৰতে সোমাই থকা হ’ল।
ৱাৰ্দ্ধা জিলাৰ চেলু তালুকৰ বৰ ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ বাফাৰ মণ্ডলত গাঁওখন অৱস্থিত। বাফাৰ মণ্ডলত বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়ম অনুযায়ী সামুহিক ভূমিৰ প্ৰয়োগ, সেই স্থানত নিৰ্মাণকাৰ্য আৰু গৰু-মহ চৰোৱা নিষেধ। এই সংৰক্ষিত বনাঞ্চলক অভ্যন্তৰ (বা অক্ষত) অঞ্চল য’ত মানুহৰ প্ৰৱেশ বন বিভাগৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু ক্ষেত্ৰীয় বনাঞ্চল যাক বাফাৰ মণ্ডল বুলি কোৱা হয়, এই দুটা ভাগত ভগোৱা হয়, তাৰেই কাষতে এই গাঁওখন আছে।
বৰ সংৰক্ষিত অঞ্চল দেশৰ নৱতম আৰু আটাইতকৈ ক্ষুদ্ৰ অভয়াৰণ্য, নাগপুৰৰ পৰা ৫০ কিলোমিটাৰ দুৰত ই অৱস্থিত। ২০১৪ৰ জুলাই মাহত ১৩৮ কিলোমিটাৰ ক্ষেত্ৰ আৱৰা এই অভয়াৰণ্যখনক ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বুলি স্বীকৃতি দিয়া হয়।












