বিশ্ব ফটোগ্ৰাফী দিৱসৰ উপলক্ষে ১৯ আগস্তত পৰি (PARI)য়ে কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ অনন্য ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে। পেছাদাৰী ফটোগ্ৰাফাৰ নাইবা কোনো পৰ্যটকৰ লেন্সৰ পৰিৱৰ্তে স্থানীয় লোকচক্ষুৰে হাবি আৰু বন্যপ্ৰাণীৰ সৈতে মানুহৰ জীৱনশৈলীৰ চাওক।
ব্যক্তিবিশেষে কেনেদৰে আনৰ বিষয়বস্তু নোহোৱাকৈ নিজেই নিজৰ কাহিনী ক'ব পাৰে তাকেই ফুটাই তোলাৰ প্ৰচেষ্টা এই ফটো ৰচনাবোৰৰ যোগেদি কৰা হৈছে। বিভিন্ন মাধ্যমত যোগে বন্যজীৱনৰ সুন্দৰ চিত্ৰাৱলীৰ অভাৱ নাই, কিন্তু বিশ্বৰ বিপন্ন অথচ বিপজ্জনক প্ৰাণীৰ সৈতে সহাৱস্থান কৰা লোকসকলৰ জীৱন কেনেদৰে পাৰ হয় সেইবিষয়ে ভাবিছেনে? এনে এক পটভূমিত জীৱন কেনে হ'ব পাৰে য'ত মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই ইটোৱে সিটোক মৰাৰ সম্ভাৱনা সমানেই প্ৰৱল? এই কাহিনীবোৰ কোনে ক'ব?
এই কথাৰপৰাই অনুপ্ৰাণিত হৈ বন্দিপুৰৰৰ হাতেলিখা বহীখন লিখা হ'ল। ২০১৫-১৬ বৰ্ষৰ ছমাহত ছগৰাকী ব্যক্তি- খেতিয়ক, শ্ৰমিক, বন্যপ্ৰাণী বিশেষজ্ঞ, আদিবাসীৰ লগতে আৰু এজনৰ দ্বাৰা তেওঁলোকৰ দৈনন্দিন জীৱন আৰু বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তীয় এলেকাত থকাৰ অভিজ্ঞতা সম্পৰ্কে ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। বন্দিপুৰ হৈছে বিশ্বৰ ভালেমান প্ৰাণী যেনে বাঘ, নাহৰফুটুকী, হাতী আদিকে ধৰি ভালেমান গুৰুত্বপুৰ্ণ জীৱ-জন্তুৰ বাসস্থান।
ইয়াতে অন্তৰ্ভুক্ত হোৱা বহুতেই কেতিয়াও কেমেৰা ব্যৱহাৰ কৰি পোৱা নাছিল। তেওঁলোকক গোট হিচাপে প্ৰায়ে লগ লাগি তেওঁলোকৰ দৈনন্দিন জীৱন কেনেদৰে বন্যজীৱনৰ সৈতে কামৰ জৰিয়তে হওক বা খেলৰ জৰিয়তে বা অপ্ৰত্যাশিত কাৰণত সাঙোৰ খাই পৰে সেইবিষয়ে আলোচনা কৰে। তেওঁলোকৰ ৰচনাৰপৰা জানিবপৰা মতে বন্দিপুৰ হৈছে এটাৰ ওপৰত আনটো তৰপ থকা সমাজৰ আওতাত পৰে। এই পৃথিৱীসমূহ পোহৰত দাঙি ধৰাৰ ইচ্ছাই প্ৰকল্পটোৰ বাবে উত্সাহ যোগাইছিল।
ইয়াৰে কিছুমান ফটোগ্ৰাফত বন্দিপুৰক বন্যপ্ৰাণীৰ সংৰক্ষণৰ নামতেই স্থানীয় সম্প্ৰদায়ৰপৰা ৰাজ্যই কাঢ়ি নিয়াৰ ঐতিহাসিক ঘটনা বুলি চিত্ৰায়িত কৰিছে। কিছুমানে আকৌ বন্দিপুৰৰ দৰে সংৰক্ষিত অঞ্চলবোৰক ভাৰতৰ বিপন্ন প্ৰাণীবোৰ সুৰক্ষিত কৰি ৰখাৰ উপায় হিচাপে দেখে। সামগ্ৰিকভাৱে তেওঁলোকৰ ফটোবোৰে আমাক ভাবিবলৈ বাধ্য কৰে যে বন্যপ্ৰাণী সংৰক্ষণৰ পৰিপ্ৰেক্ষিতত সামাজিক ন্যায় কেনে হ'ব পাৰে আৰু সংৰক্ষণৰ ভৱিষ্যতৰ পৃথিৱীখন কল্পনা কৰোতে 'বিশেষজ্ঞ' হিচাপে কাক বিবেচনা কৰা উচিত।








