এম ইন্দ্ৰ কুমাৰৰ ঘৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া মংগলা গাঁৱত। তেওঁলোকৰ পৰিয়ালৰ বহু বছৰ আগতে খেতিৰ মাটি আছিল, কিন্তু এতিয়া নাই। ৩৮ বৰ্ষীয় ইন্দ্ৰই তেওঁৰ পত্নি আৰু এহাল সন্তানৰ সৈতে থাকে। সন্তানহালে বাছেৰে ১৯ কিলোমিটাৰ দুৰৈৰ স্কুললৈ যায়।
ইন্দ্ৰ হৈছে তেওঁৰ গাঁওখনৰ বন্যপ্ৰাণী স্মাৰক বিপণিখনৰ পৰিচালক যিয়ে মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ কাম-কাজত সমৰ্থন আগবঢ়ায়। বন্যপ্ৰাণীয়ে পোহনীয়া জীৱ-জন্তুৰ ওপৰত চলোৱা আক্ৰমণো তেওঁ নথিবদ্ধ কৰে। ট্ৰাষ্টটোৱে সংৰক্ষণস্থলীৰ আশে-পাশে থকা গাওঁবাসীৰ আৰ্থিক ক্ষতিপুৰণ দিয়াৰ কাম কৰে যেতিয়া বন্যপ্ৰাণী যেনে বাঘ, নাহৰফুটুকী আৰু বনৰীয়া কুকুৰে তেওঁলোকৰ গৰু-মহ মাৰে।

তেওঁৰ এই ফটো ৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানেৰে জীৱন নিৰ্বাহ কৰাৰ ওপৰত চলা এক ফটোগ্ৰাফী সহযোগী প্ৰকল্পৰ এটা অংশ, আৰু পৰি (PARI)ৰ ছটা খণ্ডৰ ধাৰাবাহিকৰ পঞ্চমটো।

গৰখীয়াজনঃ "গৰুৰ জাকটোক পানী খুৱাবৰ কাৰণে গৰখীয়াজনে গৰুবোৰক হাবিখনৰ কাষৰ জলাশয়টোলৈ নিছে। গৰু চৰোৱাৰ আগত আৰু পিছত তেওঁলোকে এয়া কৰে। হাবিত পানী নাই, সেয়ে সিহতে ইয়ালৈ আহে। বহুতেই হাবিলৈ গৰু চৰাব নিয়ে। তেতিয়াই বাঘ আৰু নাহৰফুটুকীয়ে আক্ৰমণ কৰে।"

শস্য চপোৱাঃ "এই মানুহজনে তেওঁৰ পথাৰত কাম কৰি আছিল। পিছফালে আপুনি দেখিছে পাহাৰৰ দাঁতিৰ খেতি নকৰা মাটিখিনি- ইয়াতেই তেওঁৰ গৰুটো কিছুদিন আগতে বাঘে মাৰিছিল। তেওঁ মোক মাতিছিল আৰু কৈছিল যে তেওঁৰ গৰুটো মাৰিলে। তেতিয়া দুপৰীয়া ১২ বাজিছিল। এইটো আছিল এনেধৰণ এটা ঘটনা, কিন্তু আক্ৰমণৰ ঘটনা বহুকেইবাৰ হৈছে। গৰখীয়াৰ চকুৰ সমুখতে এয়া হ'ব পাৰে। মই এই ফটোখন লৈছিলো, তাৰ পিছতেই তেওঁৰ গৰুটো মৰিছিল।"

নাহৰফুটুকীৰ আক্ৰমণঃ "এইটো আছিল এটা সংকৰ প্ৰজাতিৰ গৰু যিটো নাহৰফুটুকীয়ে আক্ৰমণ কৰিছিল। পাহাৰৰ দাঁতিত তেওঁ গৰুজাক চৰিবলৈ দি কাষৰে তেওঁৰ পথাৰখনত কাম কৰি আছিল (আগৰ ফটোখনত)। তেওঁ গৰুবোৰ ভয়তে পলোৱা দেখিছিল। সেই ঠাই পাই মনে ইতিমধ্যে তেওঁৰ গৰুটো নাহৰফুটুকীয়ে মাৰিছিল।”

মৰিয়াম্মা মন্দিৰঃ "ইয়াৰে ১৫ খন গাঁৱৰ এইটো মুল মন্দিৰ। সেয়া হৈছে মৰিয়াম্মা, আমাৰ গাওঁবোৰৰ দেৱী। প্ৰত্যেক পাঁচবছৰৰ মুৰে মুৰে আমি এই মন্দিৰত দেৱীৰ নামত এখন ডাঙৰ মেলা পাতো। মেলাখন এইবছৰ হৈছিল। দেৱীৰ বাহন কেতিয়াবা যদি বাঘ হয়, কেতিয়াবা আকৌ নাহৰফুটুকী।”

বীৰভদ্ৰ কুণিতাঃ "এয়া হৈছে বীৰভদ্ৰ কুণিতা (এক জনপ্ৰিয় লোকশিল্প আৰু নৃত্য)। বিয়া-সবাহ অথবা অইন আনন্দৰ উত্সৱ যেনে গৃহপ্ৰৱেশ আদি উপলক্ষে তেওঁলোকে কালাচা বিধিও প্ৰদৰ্শন কৰে। তেওঁলোকক প্ৰদৰ্শন কৰাৰ বাবে মতাটো একপ্ৰকাৰ আনন্দৰ বিষয় বুলি বিবেচনা কৰা হয়। কোৱা হয় যে তেওঁলোকে প্ৰেতাত্মাক খেদি পঠাব পাৰে। আমাৰ মৰিয়া্ম্মা উত্সৱৰ মেলাতো তেওঁলোকক প্ৰদৰ্শন কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।"

ক'লা ভালুকৰ পোচাকত ডম্বৰুবাদকঃ "এওঁলোক কুৰুবা গৌড় সম্প্ৰদায়ৰ লোক। মেলাত এওঁলোককো প্ৰদৰ্শনৰ বাবে মতা হয়। তেওঁলোকে মুৰৰ ওপৰত ক'লা ভালুকৰ মুখা পিন্ধে।”

ৰাস্তাৰ চাকিবোৰঃ "এয়া আমাৰ গাঁৱৰ মূল ৰাস্তাটো, মেলাৰ সময়ত ষ্ট্ৰিট লাইটৰ পোহৰত।”

আকাশঃ “মই এনেয়ে এপাক খোজকাঢ়িবলৈ ওলাই যোৱাৰ সময়ত এইখন ফটো তুলিছিলো। এই গছডাল আৰু আকাশখন মোৰ ভাল লাগিল। সেয়ে ফটোখন ল'লো। যোৱা সপ্তাহত এটা নাহৰফুটুকী গছজোপাৰ কাষত দেখা গৈছিল।”

গোহালীৰ গৰুঃ “এটা নাহৰফুটুকীয়ে এই গৰুটোক আক্ৰমণ কৰিছিল। ই গলত আঘাত পাইছে। গৰখীয়া এজনে দেখি ততালিকে আহি নাহৰফুটুকীটোক খেদি পঠালে। তাৰ পিছত গৰুটোক ঘৰলৈ নি গোহালিতে বান্ধি থোৱা আছে। এতিয়া গৰুটোৰ অৱস্থা ভাললৈ আহিছে। সাধাৰণতে নাহৰফুটুকীয়ে মৰা আৰু বাঘে মৰা চিকাৰ বেলেগ বেলেগ হয়। বাঘে মৰাতকৈ নাহৰফুটুকীয়ে মাৰিলে খুব বেয়াকৈ মাৰে।”

বাঘৰ আক্ৰমণঃ “এই স্থানীয় গৰুটো বাঘে খাইছে। যেতিয়া বাঘে মাৰে, তেতিয়া সি চিকাৰটোক দুৰলৈ নি খায়। ই চিকাৰটোৰ পিছফালৰপৰা খাবলৈ আৰম্ভ কৰে। ই প্ৰথমতে ওহাৰটো খায় আৰু পিছৰ ঠেং দুখন খায়। ই বৰ চাফ-চিকুণকৈ খায়। নেজডাল এৰে। কিয় এৰে মই নাজানো। বাঘে মৰা প্ৰত্যেকটো চিকাৰৰে এই বৈশিষ্ট দেখা যায়। কেৱল বাঘেহে এনেদৰে ডাঙৰ গৰু মাৰে আৰু তাক খাবলৈ চোঁচৰাই লৈ যাব পাৰে। আমি চিকাৰীৰ হাতোৰাৰ চিন চায়ে ক'ব পাৰো যে সেয়া বাঘ নে নাহৰফুটুকী। এই মানুহজন য়েলাচাট্টিৰ। তেওঁৰ ১০-১২ টামান গৰু আছে। বন বিভাগে ক্ষতিপুৰণ হিচাপে ১০ হাজাৰ টকা দিব লাগে যদিও কোনেও ৩ হাজাৰতকৈ বেছি টকা পোৱা নাই। বন বিভাগৰ পাৰ তেওঁ এতিয়াও ক্ষতিপুৰণ পোৱা নাই যদিও আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা ৫ হাজাৰ টকা পাইছে।”
এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI) ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।
অনুবাদকঃ রশ্মি রেখা দাস