যোৱা সপ্তাহত আবেলিৰ বেলিটোৰ সৈতে গণপতি বাল যাদৱৰ জীৱনৰ চকাও মাৰ গ’ল। স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱীৰ বাৰ্তা কঢ়িয়াই নিয়া সেই গোপন বাৰ্তাবাহকজনে শতায়ু গৰকিছিল আৰু ১০১ বছৰ বয়স চুইছিল, দিনে ৫ৰ পৰা ২০ কিলোমিটাৰ পৰ্যন্ত তেওঁৰ পুৰণি চাইকেলখন চলাই ফুৰা মানুহজন কেইদিনমানৰ অসুস্থতাৰ কাৰণে চাইকেল চলোৱা বাটৰে কেঁকুৰি এটাত চিৰদিনৰ বাবে নেদেখা হৈ থাকিল।
২০১৮ত আমি তেওঁক লগ পাওতে তেওঁৰ বয়স আছিল ৯৭ বছৰ। তেওঁ তেতিয়া আমাক বিচাৰি ৩০ কিলোমিটাৰ চাইকেল চলাই আহিছিল। আমি মানে আমাৰ পাৰি (PARI) দলটোৰ পলম হৈছিল, কিন্তু আমি তেওঁৰ জীৱনৰ ৰোমাঞ্চকৰ কাহিনী শুনিবলৈ অতিশয় উৎসুক হৈ আছিলো। সেয়া আছিল মে’ মাহৰ মাজভাগৰ এটা দিন। তেওঁ তেনে এটা দিনত কেবাঘণ্টা ধৰি ৰাস্তাতে আছিল আৰু সংগ্ৰাহলয়ত ৰাখিবলগীয়া যেন লগা তেওঁৰ চাইকেলখনে তেওঁক আমনি দিয়া নাছিল যেন অনুমান কৰিছিলো। এতিয়া সেই মানুহজন নাই, কিন্তু তেওঁৰ কাহিনীয়ে সময়বালিত খোজৰ চিন ৰাখি গৈছেঃ গণপতি যাদৱৰ মনোমুগ্ধকৰ জীৱনৰ চাইকেল।
১৯২০ত জন্ম লাভ কৰা গণপতি বাল যাদৱ তুফান সেনানীৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৪৩ত বৃটিছ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰি সশস্ত্ৰে মুৰ দাঙি উঠা সাতাৰা অঞ্চলৰ প্ৰতি চৰকাৰ - এখন আত্মগোপনকাৰী আৰু অস্থায়ী চৰকাৰৰ সশস্ত্ৰ বাহিনী আছিল এই তুফান সেনানী। বৃটিছৰ বিৰুদ্ধে হোৱা কাৰ্যসূচীবোৰত তেওঁ অংশগ্ৰহণ কৰিছিল। জি ডি বাপু লাড় আৰু কেপ্টেইন ভাউৰ নেতৃত্বত ১৯৪৩ৰ জুন মাহত সাতাৰা জিলাৰ চিন’লিত হোৱা বিখ্যাত ৰেল ডকাইতিৰ বিপ্লৱী দলটোৰ মাজৰ এজন আছিল এই ‘গণপা দাদা’।
তেওঁ আমাক কয়ঃ বহুবছৰলৈ “মই আমাৰ সেনাৰ গোটবোৰৰ (হাবিত লুকাই থকা)ৰ বাবে খাদ্য সৰবৰাহ কৰিছিলো। ৰাতিৰ ভাগত তেওঁলোকৰ ওচৰলৈ গৈছিলো। সেনাৰ গোটৰ নায়কৰ সৈতে ১০-২০ জন মান সেনা থাকে।” তেওঁৰ পম খেদিলে বৃটিছে তেওঁৰ লগতে সেই ২০ জনৰ আটাইকেইজনকে মাৰি পেলালেহেঁতেন। সেই সময়ত যাদৱে চাইকেলেৰে তেওঁলোকৰ বাবে খাদ্য সৰবৰাহকাৰীৰ কাম কৰিছিল। বিপ্লৱী গোটসমূহৰ মাজত গুৰুত্বপূৰ্ণ বাৰ্তাও তেওঁ সৰবৰাহ কৰিছিল।






