হাতীৰ খোজ বিচাৰি আমি পাহাৰৰ টিলা আৰু পথাৰত ঘূৰ্মুটিয়াই ফুৰিছো।
এনেকুৱা খোজ আমি বহুতো পাইছো আৰু তাৰে কিছুমান ভাতখোৱা কাঁহীতকৈ ডাঙৰ, কোমল মাটিৰ ওপৰত খোজৰ গভীৰ চাপ পৰিছে। পুৰণি খোজবিলাক লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে। আন মানুহে হাতীয়ে কি কৰে আমাক ক’লে: ইফালে-সিফালে টহল দিয়ে, সুন্দৰ আহাৰ খাই উঠি দ’ম দ’ম গোবৰ এৰি যায়। সকলো বাধা হেলাৰঙে পাৰ হৈ আহে: গ্ৰেনাইটৰ খুঁটা, তাঁৰৰ বেৰা, গছ, জেওৰা-জপনা সকলো…
হাতীৰ সকলোবোৰ বস্তুৰ আলোকচিত্ৰ গ্ৰহণ আমি বন্ধ কৰিলো। হাতীৰ পদচিহ্নৰ এখন ছবি মই সম্পাদকলৈ প্ৰেৰণ কৰিলো। “এই খোজৰ লগত তাত হাতীও আছে নেকি?” তেওঁ আশাৰে উত্তৰ দিলে। তেওঁৰ আশাবোৰ ধূলিস্যাৎ হোৱাৰ মই প্ৰাৰ্থনা কৰিলো।
কাৰণ, কৃষ্ণগিৰি জিলাৰ গংগানাহাল্লি গাঁৱৰ মানুহৰ পৰা মই শুনা মতে হাতীয়ে মূৰত ধৰি আশীৰ্বাদ দিয়ে আৰু কল বিচাৰে। মন্দিৰৰ হাতীৰ এইয়া দৈনন্দিন অভ্যাস। এইবিলাক তেওঁলোকৰ বন্য আত্মীয়। সাধাৰণতে সিহঁত ভোকাতুৰ হৈ থাকে।
২০২১ৰ ডিচেম্বৰত তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ ৰাগি খেতিয়কসকলক সাক্ষাৎ কৰিবলৈ যাওঁতে অনাকাংক্ষিতভাৱে মই হাতীৰ পিছ ল’লো। মই ভাবিছিলো কৃষিৰ অৰ্থনৈতিক বিষয়টোৰ ওপৰত আমাৰ মাজত আলোচনা হ’ব। নিশ্চিতভাৱেই অলপ হৈছিল। কিন্তু বিশেষভাৱে মই ইখনৰ পিছত সিখন পথাৰলৈ গৈ শুনিলো যে তেওঁলোকে নিজৰ ঘৰৰ বাবে যিমানখিনি প্ৰয়োজন, সিমানখিনি ৰাগি (কণীধান) খেতি কৰাৰ কাৰণ হ’ল হাতী। অতি কম মূল্য (৩৫-৩৭ টকা দাম হ’লে খেতিয়কৰ লাভ হ’লহেঁতেন যদিও প্ৰতি কিলোত ২৫-২৭ টকাত বিক্ৰী কৰিব লগা হয়), জলবায়ুৰ পৰিৱৰ্তন আৰু লক্ষণীয় হাৰৰ ধাৰাসাৰ বৰষুণৰ মাজত কৃষকসকল দিশহাৰা হৈছে। হাতীৰ দীঘল শুঁৰ আৰু বৃহৎ দাঁতে নিচেই ওচৰৰ পৰা কণীধান খাই শেষ কৰি কৃষকৰ ৰাজহাড় ভাঙিছে।
“হাতীবিলাক অতি চতুৰ। তাঁৰৰ বেৰাবিলাক কেনেকৈ তললৈ হেঁচি ধৰি বেৰা পাৰ হ’ব লাগে সিহঁতে শিকিছে। বৈদ্যুতিক বেৰাত গছেৰে চৰ্ট চাৰ্কিট কৰাই পাৰ হ’ব সিহঁতে জানে,” আনন্দৰামু ৰেড্ডীয়ে কয়। “সিহঁতে সদায় চৰিবলৈ আহে।” আনন্দ হৈছে ডেনকানীকোট্টাই তালুকৰ ভদ্ৰ পালায়মৰ এগৰাকী কৃষক। তেওঁ আমাৰ মেলাগিৰি সংৰক্ষিত বনাঞ্চলৰ কাষলৈ খোজকাঢ়ি লৈ যায়। সেয়া হৈছে উত্তৰ কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অংশ।


















