ঘাৰাপুৰিত ঘৰৰ কাষৰে হাবিখনত খৰি লুৰুকিবলৈ যাওঁতে জয়শ্ৰী মাহাত্ৰেক কিহবাই কামুৰিলে। দুই জীয়াৰীৰ মাতৃ ৪৩ বছৰ বয়সীয়া জয়শ্ৰীয়ে প্ৰথমে ইমান কাণ দিয়া নাছিল, গছৰ শিপাত খোচ খোৱা বুলি ভাবি থৈছিল। সেয়া আছিল ২০২০ৰ জানুৱাৰী মাহৰ এটা সন্ধিয়াৰ কথা, তেওঁ খৰি লুৰুকি আহি ঘৰ সোমাল।
কিন্তু অলপ সময় পিছতে, ঘৰৰ দুৱাৰমুখত সম্পৰ্কীয় এগৰাকীৰ লগত কথা পাতি থাকোতে তেওঁ মাটিত ঢলি পৰিল। আৰম্ভণিতে মানুহে ভাবিলে যে উপবাসে থকা কাৰণে তেওঁৰ গা দুৰ্বল, সেয়ে মূৰ ঘুৰাই পৰিছে।
“মা মূৰ্ছা গৈছে বুলি মোক কোনোবাই খবৰ দিলে,” জয়শ্ৰীৰ ডাঙৰজনী ছোৱালী ২০ বছৰ বয়সীয়া ভাৱিকাই কয়। তাই আৰু তাইৰ ভনীয়েক ১৪ বছৰ বয়সীয়া গৌৰীয়ে সেইদিনা সম্পৰ্কীয়ৰ ঘৰত আছিল। চুবুৰীয়াৰ পৰা খবৰ পাইছিল যে জয়শ্ৰীয়ে অলপ সময়ৰ পিছতে সংজ্ঞা ঘূৰাই পালে যদিও তেওঁ হাত দুখন কঁপি আছে। “কি হৈছিল কোনোৱে ধৰিব পৰা নাছিল,” ভাৱিকাই কয়।
কোনোবাই ঢপলিয়াই গৈ জয়শ্ৰীৰ স্বামী ৫৩ বছৰ বয়সীয়া মধুকাৰ মাহাত্ৰেক খবৰ দিলে, তেওঁ ঘাৰাপুৰি দ্বীপৰ খোৱাবস্তুৰ তেওঁৰ দোকানখনত আছিল। আৰৱ সাগৰত অৱস্থিত দ্বীপটো এলিফেণ্টা গুহাৰ কাৰণে বিখ্যাত। মুম্বাই চহৰৰ সমীপৱত্ৰী এই স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভূক্ত, গুহাৰ শিলত কটা ভাস্কৰ্য্যবোৰ পঞ্চমৰ পৰা অষ্টম শতাব্দীৰ ভিতৰৰ, সেয়া চাবলৈ প্ৰতি বছৰি লাখ লাখ লোক ইয়ালৈ আহে। দ্বীপটোৰ বাসিন্দাসকলে পৰ্য্যটনৰ ওপৰতে নিৰ্ভৰ কৰি চলে - কিছুমানে টুপি, চানগ্লাছ, উপহাৰৰ সামগ্ৰী আৰু খাদ্যবস্তু আদি বিক্ৰী কৰে, কিছুমানে গুহাৰ স্থানীয় গাইড হিচাপে কাম কৰে।
পৰ্য্যটনৰ মানচিত্ৰত এলিফেণ্টা গুহা জিলিকি থাকিলেও জনস্বাস্থ্য কেন্দ্ৰকে আন বুনিয়াদী স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ই এটা ক’লা দাগ হৈ ৰৈছে। এখন দুবছৰ আগতে পতা হৈছিল যদিও সেইখনত মানুহ বুলিবলৈ নাই। তিনিখন ক্ষুদ্ৰ গাওঁ ৰাজাবন্দৰ, শ্বেতবন্দৰ আৰু মুৰাদবন্দৰ মিলি মুঠ জনসংখ্যা ১,১০০। তাত স্বাস্থ্যসেৱাৰ অভাৱ হেতুকে মানুহে নাৱেৰে আন ঠাইলৈ যাবলগীয়া হয়। এনেকৈ নাও লৈ যোৱাটো কেৱল মহঙা কাৰবাৰেই নহয়, চিকিৎসাতো বিলম্ব হয় আৰু কেতিয়াবা ৰোগীৰ মৃত্যুও ঘটে।














