বাকিংহাম কেনেলৰ ফালে যাওতে প্ৰথম তেওঁক দেখিছিলো ২০১৯ত। মাছৰোকা চৰাইৰ দৰে তেওঁ পানীত নামি, সাতুৰি মাছ ধৰাটোৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ বৰ ক্ষীপ্ৰতাৰে নদীখনৰ বালিত হাত সুমুৱাই দি আনবোৰতকৈ আগতেই মিছামাছ ধৰিব পাৰিছিল।
গোবিন্দাম্মা ইৰুলাৰ সম্প্ৰদায়ৰ। তামিলনাডুত এই সম্প্ৰদায়টো অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ। তেওঁ চেন্নাইৰ কাষৰ এই কোসাথালাইয়াৰ নদীখনত সৰুকালিৰে পৰা মিছামাছ ধৰি আহিছে। এতিয়া ৭০ উৰ্দ্ধ বয়সত তেওঁৰ পৰিয়ালটোৰ আৰ্থিকভাৱে শোচনীয় অৱস্থাই তেওঁক এই কাম অব্যাহত ৰাখিবলৈ বাধ্য কৰাইছে। তেওঁৰ হাতখন ক্ষত-বিক্ষত, চকুৰেও ভালকৈ নেদেখে, কিন্তু এই কাম কৰি যাবই লাগিব।
মই চেন্নাইৰ উত্তৰাংশত থকা কোসাইথালাইয়াৰ নদীখনৰ কাষৰ বাকিংহাম কেনেলত তেওঁৰ মাছধৰা কামটোৰ ভিডিঅ’ কৰিছিলো। পানীৰ নামি মাছ ধৰাৰ মাজে মাজে তেওঁ নিজৰ জীৱনটোৰ কথা পাতিছে, তেওঁ কৈছে যে তেওঁ কেৱল এই কামটোৱে এতিয়া জানে।
গোবিন্দাম্মাৰ বিষয়ে ইয়াতে আৰু অলপ জানিব পাৰিব।
অনুবাদ : পংকজ দাস