“বছৰত মই এনে এটা দিনেই পাও।”
স্বপ্নালী দত্তত্ৰেয় যাদৱে ২০২২ৰ ৩১ ডিচেম্বৰৰ দিনটোৰ কথা কৈছে। বেদ বোলা মাৰাঠী চলচ্চিত্ৰখনে মুক্তি পাইছে মাত্ৰ। এই ৰোমাণ্টিক চলচ্চিত্ৰখনত কিছুমান চিনাকি মুখ আছে যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ত ছবিখনে ভাল কৰিব নোৱাৰিলে। কিন্তু ঘৰুৱা কৰ্মী স্বপ্নালীৰ কাৰণে সেইখনেই তেওঁৰ বছৰটোৰ দুটা বন্ধৰ দিনৰ এটা উপভোগৰ বাবে পচন্দৰ ছবি।
“সেয়া আছিল নৱবৰ্ষ, সেই কাৰণতে। আমি গৰেগাঁৱত বাহিৰত আহাৰ খাইছিলো,” ২৩ বছৰীয়া স্বপ্নালীয়ে আনন্দৰে ছুটীৰ সেই দিনটো মনত পেলায়।
বছৰৰ বাকীকেইটা দিনত স্বপ্নালীৰ তৰণি নোহোৱা হয়। তেওঁ মুম্বাইৰ ছখন ঘৰত আচ-বাব চাফাই কৰা, বাচন ধোৱা আৰু আন ঘৰুৱা কাম আদি কৰে। কিন্তু ইখনৰ পৰা সিখন ঘৰলৈ দৌৰাদৌৰি কৰাৰ সময়ত তেওঁ মাজৰ যি ১০-১৫ মিনিট পায়, সেইখিনি সময়ত তেওঁ ফোনত মাৰাঠী গান শুনে। “গান শুনি মই কিছু সময় কটাও,” সেইখিনি সময়ে দিয়া সুখৰ কথা মনত পেলাই তেওঁ মিচিকিয়াই হাঁহি কয়।























