‘‘ছুটী, জিৰণি, কামৰ কোনো ধৰণৰ নিৰ্দিষ্ট সময়ৰ কথা ইয়াত আহিয়েই নপৰে।’’
শ্বেইখ চালাউদ্দিন হায়দৰাবাদৰ কেব কোম্পানী এটাৰ গাড়ীচালক। ৩৭ বছৰীয়া চালাউদ্দিন স্নাতক ডিগ্ৰীধাৰী যদিও নাম ক’ব নোখোজা কোম্পানীটোৰ চুক্তিপত্ৰখন তেওঁ কোনোদিন পঢ়া নাই। “সেইখন ঢেৰ আইনী পৰিভাষাৰে ভৰি আছে।” চুক্তিপত্ৰখন কেৱল তেওঁ ডাউনলোড কৰা এপটোত আছে, তেওঁৰ হাতত ফিজিকেল কপি নাই।
“কোনো চুক্তিপত্ৰ স্বাক্ষৰ কৰা হোৱা নাছিল,” ডেলিভাৰী এজেণ্ট ৰমেশ দাসে (নাম সলনি কৰা হৈছে) কয়। কলকাতাৰ এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক ৰমেশে কোনো আইনী গেৰাণ্টি বিচাৰি থকা নাছিল, তেওঁ বিচাৰিছিল যে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ নিজ গাওঁ বাহা ৰুনাৰ পৰা আহি কিমান সোনকালে তেওঁ কাম এটা পাব পাৰে। “কোনো ধৰণৰ পেপাৰৱৰ্ক নাই। আমাৰ আই.ডি. (পৰিচয়) এপটোত আছে – সেয়াই একমাত্ৰ চিনাক্তকৰণ। আমাক বিক্ৰেতাৰ যোগেদি (তৃতীয় পক্ষৰ যোগেদি আউটচ’ৰ্ছ কৰা হৈছে) নিযুক্তি দিয়া হৈছে,” তেওঁ বুজাই কয়।
ৰমেশে প্ৰতিটো পাৰ্চেলত ১২ৰ পৰা ১৪ টকা পায় আৰু ৪০ৰ পৰা ৪৫ টা পাৰ্চেল দিব পাৰিলে তেওঁ দিনে প্ৰায় ৬০০ টকা কমিচন পায়। তাত “তেলৰ খৰছ, বীমা, চিকিৎসা সুৰক্ষা, আন কোনো ভাত্তা নাই,” তেওঁ কয়।















