তেওঁৰ নাচোন-বাগোন দেখি আপোনাৰ নালাগিব যে মানুহগৰাকীৰ বয়শ সত্তুৰৰ ওচৰা-উচৰি। ২০১৯ চনৰ ডিচেম্বৰ মাহত ছত্তীশগড় ৰাজ্যৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি নৃত্য মহোৎসৱত তেলাংগনাৰ বঞ্জাৰা (বা লাম্বাডী) আদিবাসী পিকাউলি বল্লী অন্যতম প্ৰবীণ প্ৰদৰ্শনকাৰী আছিল।

বঞ্জাৰাসকলে সাধাৰণতেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁলোকৰ ব্যতিক্ৰমী ৰঙীণ পোছাক পিন্ধে, যিবোৰ দেখি বলীউডে তাকেই চিনেমাত ‘আদিবাসী’ বুলি পুতৌলগা উপস্থাপন কৰে। ইয়াৰ উপৰিও আকৰ্ষণীয় গহনা আৰু বগা ৰঙৰ খাৰুৱে  (এসময়ত জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা হৈছিল, কিন্তু তাৰ পিছৰ পৰা প্লাষ্টিকে হাড়ৰ ঠাই লৈছে)।

আৰু লগতে এইটোও সত্য যে তেওঁলোকৰ পৰিৱেশন অতিকৈ প্ৰশংশনীয়।

ৰায়পুৰত অনুষ্ঠান পৰিৱেশন কৰা দলটোৰ আটাইতকৈ বয়স্ক সদস্যগৰাকী আছিল পিকাউলি বল্লী। ভূজ্জী, বল্লী আৰু সাৰদাই তেওঁলোকৰ নিজস্ব গ’ৰ বৌলি ভাষাত আমাৰ বাবে এটি গীত গাইছিল। গোটটোৰ সদস্যসকলৰ অধিকাংশই তেলাংগনাৰ নালগোণ্ডা জিলাৰ দেৱৰকোণ্ডা মণ্ডলৰ নেগুড়ু আদিবাসী গাঁওৰ।

পিকাউলি বল্লীয়ে নালগোণ্ডাত থকা দুবিঘা মাটিত খেতি কৰে; তেওঁৰ দুজন পুত্ৰ আৰু পাঁচগৰাকী কন্যা আৰু ভালেকেইটা নাতি-নাতিনী আছে।

লাম্বাডী মহিলাসকলে সাধাৰণতে সমাজৰ পুৰুষসকলে বজোৱা ঢোলৰ তালত নাচে। গানৰ দ্বাৰা তেওঁলোকে নিজৰ দেৱ-দেৱীক ভাল ফচলৰ বাবে কৃতজ্ঞতা অৰ্পণ কৰে।

ভিডিঅ’ চাওক: পিকাউলি বল্লী আৰু অন্যান্য লাম্বাদী মহিলাসকলে গ’ৰ-বৌলি ভাষাত গান গাইছে

অনুবাদ: ল’নলী গগৈ

Purusottam Thakur

ಪತ್ರಕರ್ತ ಹಾಗೂ ಸಾಕ್ಷ್ಯಚಿತ್ರ ನಿರ್ಮಾಪಕರಾದ ಪುರುಶೋತ್ತಮ ಠಾಕುರ್, 2015ರ 'ಪರಿ'ಯ (PARI) ಫೆಲೋ. ಪ್ರಸ್ತುತ ಇವರು ಅಜೀಂ ಪ್ರೇಂಜಿ ವಿಶ್ವವಿದ್ಯಾನಿಲಯದ ಉದ್ಯೋಗದಲ್ಲಿದ್ದು, ಸಾಮಾಜಿಕ ಬದಲಾವಣೆಗಾಗಿ ಕಥೆಗಳನ್ನು ಬರೆಯುತ್ತಿದ್ದಾರೆ.

Other stories by Purusottam Thakur
Text Editor : Sharmila Joshi

ಶರ್ಮಿಳಾ ಜೋಶಿಯವರು ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದ ಮಾಜಿ ಕಾರ್ಯನಿರ್ವಾಹಕ ಸಂಪಾದಕಿ ಮತ್ತು ಬರಹಗಾರ್ತಿ ಮತ್ತು ಸಾಂದರ್ಭಿಕ ಶಿಕ್ಷಕಿ.

Other stories by Sharmila Joshi
Translator : Lonli Gogoi

Lonli Gogoi is a freelance translator and content writer. She did her Post Graduation in Information Management from University of Wales. She can be reached at [email protected]

Other stories by Lonli Gogoi