''ভাল কইনা বিচাৰি দিবলৈ মোৰ শহুৰৰ পৰিয়ালে তাক বহুত টকা দিছিল। ইয়াত এয়া একপ্ৰকাৰ গতানুগতিক কথা।’’ ২০ বছৰীয়া ৰুমা খিছাড়ে এইদৰে কৈ গৈছিল। ''দূৰ-দূৰণিৰ পৰা ইয়ালৈ (ৰাজস্থান) আহি থিতাপি লোৱাতো সকলোৰে পক্ষে সম্ভৱ নহয়। মোৰ ডাঙৰ জাগৰাকীও [স্বামীৰ বৌয়েক]...’’
''৫০ হাজাৰ খৰছ কৰি তাইক আনিছিলো! সাত বছৰীয়া ছোৱালী এগৰাকীও আছে তাইৰ, নিজৰ ছোৱালীজনীকো এৰি থৈ তাই পলাই গ’ল।’’ বোৱাৰীয়েকক কথাখিনি শেষ কৰিবলৈ নিদি ৬৭ বৰ্ষীয় যশোদা খিছাড়ে (নাম সলনি কৰা হৈছে) এইদৰে কৈ উঠিছিল।
''সেইগৰাকী তিৰোতা! তাই তিনিবছৰ থাকিল।’’ পলাই যোৱা পঞ্জাৱৰ ডাঙৰ বোৱাৰীয়েকগৰাকীৰ কথাখিনি কওতে যশোদাৰ দুচকুত খং স্পষ্ট হৈ পৰিছিল। ''তাইৰ ভাষাক লৈ সদায়ে পয়মাল হৈছিল। এদিনো আমাৰ ভাষাটো শিকিব নিবিচাৰিলে। এবাৰ ৰক্ষা বন্ধনৰ সময়ত ভায়েকক লগ কৰাৰ কথা কৈ ঘৰলৈ যাব বিচাৰিলে। বিয়াৰ পিছত এবাৰো ঘৰলৈ যোৱা নাছিল বাবে আমিও যাবলৈ দিলো। তাৰপিছত তাই আৰু ঘূৰি নাহিল। তাই যোৱা ৬ বছৰেই হ’ল,’’ যশোদাই কৈ গৈছিল।
যশোদাৰ দ্বিতীয়গৰাকী বোৱাৰীয়ো আন এজন মধ্যভোগীৰ জৰিয়তে ঝুনঝুনুনলৈ (ঝুনঝুনু বুলিও জনা যায়) আহিছিল।
কিমান বয়সত বিয়া হৈছিল সেই কথাও তাইৰ এতিয়া মনত নাই। ''মই বিদ্যালয়লৈ যোৱা নাছিলো, সেয়ে কোনচনত জন্ম পাইছিলো সেয়াও ক’ব নোৱাৰিম,’’ মটীয়া ৰঙৰ আলমাৰী এটাত নিজৰ আধাৰ কাৰ্ডখন বিচাৰি থকাৰ মাজতে মোলৈ চাই তাই এইদৰে কৈছিল।
তাইৰ ৫ বছৰীয়া ছোৱালীজনীক কোঠাটোত থকা খাট এখনত খেলি থকা দেখিছিলো।
''মোৰ আধাৰ কাৰ্ডখন গিৰিহঁতৰ মানীবেগত আছে কিজানি। মোৰ চাগে এতিয়া ২২ বছৰমান বয়স হৈছে,’’ ৰুমাই কৈছিল।










