অনন্তপুৰৰ মণ্ডলৰ কুৰুংগুণ্টা গাঁৱৰ ৩৫ বৰ্ষীয় কৃষক আলিবেলম্মাই কয়, “এই ফটোখনেই মোৰ ৰক্ষাকবচ, মোৰ সাহস।” এটিএম কাৰ্ডখনৰ লগত আলিবেলম্মাই গিৰীয়েকৰ ফটোখন দেখুৱাই আমাক কয়।

আলিবেলাম্মাৰ স্বামী চি ভেকংটৰামুৰুৱে আধিয়া খেতি কৰিছিল। ২০১৩ত বাদাম সংৰক্ষণৰ বাবে ব্যৱহৃত ৰাসায়নিক সেৱন কৰি তেওঁ আত্মহত্যা কৰে। “তেওঁ আমাক কৈছিল যে খেতিত বহুত ধাৰ লাগিছে, ইফালে মুনাফা শূন্য। তেওঁ মোক কৈছিল ‘যাৰ যাৰ পৰা ধাৰ লৈছিলো, সিহঁতে ঘনাই পইচা বিচাৰিবলৈ লৈছে। উশাহ বন্ধ হৈ যাব যেন লাগে। কি কৰিম একো ভাবি নাপাও। বাদামৰ বীজ সিচিবলৈ পইচা ক’ৰ পৰা পাম, ভাবি পোৱা নাই।’” আলিবেলাম্মাই প্ৰায়ে তেওঁক বাদাম খেতি নকৰিবলৈ কৈছিল, কিন্তু তেওঁ বাদামৰ খেতিয়েই কৰিবলৈ বিচাৰিছিল। তেওঁ যুক্তি আছিল, “য’ত লোকচান খাইছো, তাৰ পৰাই উলিওৱা উচিত।”

C. Alivelamma
PHOTO • Rahul M.

“তেওঁ খৰছ কৰি থাকে আৰু লোকচানো হৈ থাকে,” আলিবেলাম্মাই তেওঁৰ স্বামীৰ কথা কওঁতে বৰ্তমান কালৰ বাক্য কৈছে, বোধকৰো তেওঁ স্বামী হেৰাই যোৱা বুলি মানি ল’ব খোজা নাই। গিৰীয়েকে সদায় লগত কঢ়িওৱা বহী এখন তেওঁ এতিয়া লগত নৰখা হৈছে। তেওঁ তাত সুদখোৰক দিবলগীয়া টকাৰ হিচাপ ৰাখিছিল।

আলিবেলাম্মাই এতিয়াও অনন্তপুৰৰ বেচৰকাৰী সংস্থা এটাৰ আঠ একৰ লীজৰ মাটিত আধিয়া খেতি কৰে। তেওঁ নিজৰ ল’ৰাটোক মানুহ কৰিবলৈ অনন্তপুৰৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত পঢ়ুৱাই আছে। আলিবেলাম্মাই কাম কৰা ফাৰ্মখন বিধবা বা স্বামীয়ে এৰি যোৱা মহিলাৰে গঠিত ১০ জনীয়া কৃষকৰ এটা সমবায়।

মই আলিবেলাম্মাক লগ পাইছিলো ২০১৮ৰ ২৯ নবেম্বৰত, ৰামলীলা মৈদানত। তেওঁ কৈছিল, “মই ইয়ালৈ ন্যায় বিচাৰি আহিছো, যাতে আন কোনো কৃষকে আত্মহত্যা কৰিবলগীয়া নহয়।”

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Rahul M.

2017 ರ 'ಪರಿ' ಫೆಲೋ ಆಗಿರುವ ರಾಹುಲ್ ಎಮ್. ಅನಂತಪುರ, ಆಂಧ್ರಪ್ರದೇಶ ಮೂಲದ ಪತ್ರಕರ್ತರಾಗಿದ್ದಾರೆ.

Other stories by Rahul M.
Text Editor : Sharmila Joshi

ಶರ್ಮಿಳಾ ಜೋಶಿಯವರು ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದ ಮಾಜಿ ಕಾರ್ಯನಿರ್ವಾಹಕ ಸಂಪಾದಕಿ ಮತ್ತು ಬರಹಗಾರ್ತಿ ಮತ್ತು ಸಾಂದರ್ಭಿಕ ಶಿಕ್ಷಕಿ.

Other stories by Sharmila Joshi
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder