৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত আপুনি ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰৰ পৰা বাস্তাৰৰ জিলা সদৰলৈ যাব পাৰে। এই বাটচোৱাতে পৰে কাংকেৰ জিলাৰ এখন সৰু চহৰ চাৰ্মা। চাৰ্মা নাপাওতে তাতে এটা সৰু ঘাট আছে। এই ঘাটতে তহল দি থাকোতে হাবিৰ পৰা খৰি লুৰুকি মুৰত বোজাই কৰি নিয়া পুৰুষ-মহিলাৰ ১০-১৫ জনীয়া দল এটা দেখিবলৈ পাইছিলো, তাৰে প্ৰায়ভাগেই মহিলা আছিল।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা কাংকেৰ জিলাৰ কোঁচৱাহী গাঁও আৰু বালোড় জিলাৰ মছন্দুৰ গাঁৱৰ আছিল সেইসকল আদিবাসী লোক। তেঁওলোকৰ প্ৰায়ভাগেই আছিল গোণ্ড জনজাতিৰ উপান্ত কৃষক অথবা কৃষিশ্ৰমিক আছিল।
![](/media/images/02-DSC09578-PT-Headloads_on_the_highway.width-1440.jpg)
![](/media/images/03-PT-PT-Headloads-on-the-highway.width-1440.png)
গোটটোত থকা পুৰুষসকলে খৰিৰ বোজাবোৰ চাইকেলতে বান্ধি লৈছিল যদিও এগৰাকী মহিলাৰ বাদে বাকী সকলোৱে খৰিৰ বোজা মুৰতে লৈ কঢ়িওৱা দেখা গৈছিল। মই তেঁওলোকৰ সৈতে কথা পাতিলো। তেঁওলোকে সাধাৰণতে দেওবাৰ আৰু মঙলবাৰে খৰি লুৰুকিবলৈ কাহিলিপুৱাতে শোৱাপাটি এৰে আৰু পুৱা ৯ বজাৰ আশে-পাশে ঘৰলৈ উভতে৷
![](/media/images/04-PT-PT-Headloads-on-the-highway.width-1440.png)
অৱশ্যে সকলোৱে ঘৰত ব্যৱহাৰ কৰিবলৈ খৰি গোটোৱা নাছিল৷ তাৰে এহালে গোটোৱা খৰিখিনি বজাৰলৈ নিয়াৰ কথা পাতি আছিল যেন বোধ হ’ল৷ সেই অঞ্চলটো উপান্ত লোকেৰে ভৰা৷ খৰি বেছি সামান্য টকা ঘটে৷ দুৰ্বিপাকেৰ ভৰা অঞ্চলটোত এনেদৰে ঠুনুকা জীৱিকাৰ আশ্ৰয় লোৱাৰ এয়া এক উদাৰহণহে৷
![](/media/images/05-DSC09341Crop-PT-Headloads_on_the_highway.width-1440.jpg)
অনুবাদঃ পংকজ দাস