"মই জানো এই কৃষকসকল কি উদ্দেশ্যত ইয়াতে সমবেত হৈছে," নাচিকৰ সুজ্যোতি কম্পেক্সৰ কৰ্প’ৰেট ফাৰ্ম এখনৰ ৩৭ বৰ্ষীয় কাৰ্যালয় সহায়কৰ কাম কৰা চন্দ্ৰকান্ত পাটেকাৰে ক’লে। এই অট্টালিকাটোৰ কাষেৰেই হাজাৰ হাজাৰ কৃষকে মুম্বাইৰ নাকাত সমবেত হ’বলৈ ২০ ফেব্ৰুৱাৰীৰ আবেলি ৬ মান বজাত পদযাত্ৰা কৰিছে। সেইখিনি সময়ত পাটেকাৰে কামৰ পৰা আজৰি হৈছে মাত্ৰ।

"গাঁৱত প্ৰতিটোপাল পানীৰে হিচাপ হয়। এচোল পানীৰ কাৰণে মানুহে কেবা কিলোমিটাৰ বাট বুলিব লাগে। চহৰত আমি ২৫-৩০ লিটাৰ পানী গা ধুওতেই অপচয় কৰো," পাটেকাৰে কয়। খেতিয়কৰ সংকটৰ কথা তেঁও জানে বুলি কয়, কিয়নো তেঁও কাম কৰা বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা কৃষকে লোৱা ঋণ পৰিশোধ কৰোতে কিমান কষ্ট কৰিবলগীয়া হয় তেঁও নিজ চকুৰে দেখিছে। "আমাৰ ভালেমান গ্ৰাহকেই কৃষক। তেঁওলোকে আমাক কয় যে কৃষিৰ কাৰণে পানী একেবাৰেই নাই, সেয়ে তেঁওলোকে ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰে।"

কৃষকৰ মিচিলটো সেইফালেদি আগবাঢ়ি গৈ থকা সময়তে পাটেকাৰে (নীলা চোলা পিন্ধি আঙুলিয়াই দি সমুখৰফালে থিয় দি থকাজন) আৰু অইন এটা বিত্তীয় প্ৰতিষ্ঠানত কাম কৰা বন্ধু এজনে কাৰ্যালয়ৰ বিল্ডিংটোৰ  মুকলি ঠাইখনৰ পৰা ফটো আৰু চেলফি লৈছিল। বৰ্তমানৰ চৰকাৰখনে কৃষকক উদ্ধাৰ কৰাৰ মন নাই বুলি তেঁও ভাবে। "যোৱা চাৰিবছৰে চৰকাৰে কৃষকক সমৰ্থন দিয়া নাই। তেনেস্থলত চাৰিমাহত কেনেদৰে সেয়া কৰিব?" অৱশ্যে চৰকাৰে কৃষকৰ দাবীসমূহ পুৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়াক লৈ তেঁও সুখী।

অনুবাদঃ পংকজ দাস

Rahul M.

2017 ರ 'ಪರಿ' ಫೆಲೋ ಆಗಿರುವ ರಾಹುಲ್ ಎಮ್. ಅನಂತಪುರ, ಆಂಧ್ರಪ್ರದೇಶ ಮೂಲದ ಪತ್ರಕರ್ತರಾಗಿದ್ದಾರೆ.

Other stories by Rahul M.
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das