“সোণালী পাৰি আৰু কোঁচ দি মই এইটো চিলাম। হাতখনত কটা কিছুমান নক্সাও দিব পাৰি, কিন্তু তাৰবাবে আৰু ৩০ টকা লাগিব।”

গ্ৰাহকৰ সৈতে সদায় এনেধৰণৰ কথা-বতৰা শাৰদা মাকৱানাৰ (৩৬) হৈয়ে থাকে। হাতখন কিমান দীঘল হ’ব, খোলা-পিঠিৰ ব্লাউজ এটা বান্ধিবলৈ কিধৰণৰ ফিটা লাগে আৰু জৰীত বন্ধা মণি-মুকুতাৰ ওজন কিমান হ’ব লাগিব, আদি বিভিন্ন সুক্ষ্ম সুক্ষ্ম কামৰ কথা কিছুমান গ্ৰাহকে নিৰ্দিষ্ট কৰি দিয়ে। “মই কাপোৰৰ পৰা ফুল বনাই সেয়া কাপোৰত শোভাবৰ্ধনৰ বাবে লগাব পাৰো,” তেওঁ গৌৰৱেৰে আমাক তেওঁ জনা কামবোৰৰ বিষয়ে কয় আৰু দেখুৱাইও দিয়ে।

কুশলগড়ত মহিলাৰ বাবে শাৰদা আৰু তেওঁৰ দৰে দৰ্জীসকল হৈছে তেওঁলোকৰ প্ৰিয় ফেশ্বন পৰামৰ্শদাতা। নহ’বইনো কিয়, গাভৰু ছোৱালীৰ পৰা সকলো বয়সৰ মহিলা যিয়ে শাড়ী পিন্ধে, তেওঁলোকে শাৰদাহঁতৰ হতুৱাইয়ে সেই ৮০ চেণ্টিমিটাৰ কাপোৰ চিলায়।

এনে এখন ৰাজ্য় য’ত পিতৃপ্ৰধান সমাজখন খুবেই কঠোৰ আৰু ৰাজহুৱা মেল-মিটিঙলৈকে মহিলাৰ কণ্ঠই ঢুকি নাপায়, য’ত প্ৰতি ১,০০০ গৰাকী পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৮৭৯ (ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, এনএফএইছএছ-৫ ), তেনে এক পৰিৱেশত নিজৰ পোচাক-পাতিৰ ওপৰত নাৰীৰ দখল থকাটো আনন্দৰ বিষয়।

ৰাজস্থানৰ বাঁচৱাৰা জিলাৰ সৰু চহৰখন দৰ্জীৰ দোকানেৰে ভৰি আছে। পুৰুষৰ দৰ্জীৰ দোকানবোৰৰ ভাগ দুটা - চোলা আৰু পেণ্ট; আনটো বিয়াৰ বাবে কুৰ্তা, ঠাণ্ডাৰ দিনত হোৱা বিয়াৰ বাবে কোট আদি চিলাই কৰা দৰ্জীৰ দোকান। দুয়োবিধ কাপোৰক লৈ কোনো বিশেষ আলোচনা নাই। তেওঁলোকৰ পচন্দৰ ৰঙো পাতল গুলপীয়া বা ৰঙাৰ পৰা আগ নাবাঢ়ে।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : বাঁচৱাৰাৰ কুশলগড় চহৰৰ দোকানৰ গলি সোঁফালে : শাৰদা মাকৱানা , নিজৰ দোকানখনৰ সন্মুখত

কিন্তু শাড়ী-ব্লাউজৰ দোকানবোৰত ৰঙৰ পয়োভৰ ঘটিছে। পাক খোৱা সুতাৰ লটকন, চকচকীয়া গোটা (সোণালী-ৰূপালী পাৰি), নানাৰঙৰ পেলনীয়া কাপোৰেৰে দোকানবোৰ ভৰি আছে। “কেইসপ্তাহমান পিছত আহিব লাগিছিল, বিয়াৰ চিজন যেতিয়া আৰম্ভ হয়,” ৩৬ বৰ্ষীয় শাৰদাই কয়, কওঁতে তেওঁৰ মুখখন উজ্জ্বল হৈ উঠে। “তেতিয়া মোৰ ব্যস্ততাৰ সীমা নাথাকিব।” বাৰিষাৰ দিনৰ কথা ভাবি তেওঁৰ অলপ চিন্তাও হয়, মানুহে ঘৰৰ পৰা নোলালে তেওঁৰ বেপাৰ মন্দা হৈ যাব।

শাৰদাই অনুমান কৰে যে ১০,৬৬৬ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল) সৰু চহৰখনত অতিকমেও ৪০০-৫০০ ব্লাউজ চিলোৱা দোকান আছে। কুশলগড় টেহচিল অৱশ্য়ে বাঁচৱাৰা জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ টেহচিল, জনসংখ্যা ৩ লাখ। তেওঁৰ গ্ৰাহক ২৫ কিল’মিটাৰ পৰ্য্যন্ত দূৰৰ পৰা আহে। “মোৰ দোকানলৈ গ্ৰাহক উকালা, বাউলিপাৰা, সৰ্ভা, ৰামগড় আৰু আন গাওঁবোৰৰ পৰা আহে,” তেওঁ কয়। “তেওঁলোক মোৰ ওচৰলৈ এবাৰ আহিলে, আন ক’লৈকো যাব নিবিচাৰে,” তেওঁ মিচিকিয়াই হাঁহি মাৰি কয়। তেওঁৰ গ্ৰাহকে তেওঁৰ লগত কেৱল কাপোৰৰ কথাই নাপাতে, লগতে জীৱনৰ কথা আৰু নিজৰ স্বাস্থ্য আৰু সন্তানৰ ভৱিষ্যতৰ কথা পাতে।

প্ৰথম অৱস্থাত তেওঁ ৭,০০০ টকাৰে এটা চিংগাৰ চিলাই মেচিন আনিছিল। দুটা বছৰ চলোৱাৰ পিছত তেওঁ শাড়ী পিকো কৰা, য’ত তেওঁ এখন শাড়ীত দহ টকা পায়, কামৰ বাবে চেকেণ্ড হেণ্ড উষা চিলাই মেচিন এটা আনিলে। তেওঁ পেটিকোট আৰু পাতিয়ালা চ্যুট (চেলোৱাৰ-কামীজ) আদিও চিলায় আৰু ক্ৰমে ৬০ আৰু ২৫০ টকা লয়।

শাৰদাই বিউটিচিয়ানৰ কাম কৰিও অলপ পইচা উপাৰ্জন কৰে। দোকানখনৰ পিছফালে নাপিতৰ এখন চকী, এখন ডাঙৰ আইনা আৰু মেক-আপৰ সামগ্ৰী আছে। তেওঁ তাত থ্ৰেডিং কৰে, গাৰ নোম আঁতৰায়, ব্লিচিং কৰে আৰু সৰু ল’ৰা-ছোৱালীৰ চুলি কাটে। বেছি দিগদাৰ দি থকা ল’ৰা-ছোৱালীৰ বাবে তেওঁ ৩০ৰ পৰা ৯০ টকা লয়। “ফেচিয়েল কৰাবলৈ মহিলাই ডাঙৰ পাৰ্লাৰলৈ যায়,” তেওঁ কয়।

PHOTO • Priti David
PHOTO • Priti David

শাৰদাৰ দোকানৰ সন্মুখভাগ ব্লাউজে ( সোঁফালে ) ঢাকি থাকিলেও পিছফালে আকৌ তেওঁৰ সৰুকৈ বিউটি পাৰ্লাৰ এখন আছে , তাত এখন নাপিতৰ চকী , ডাঙৰ আনা আৰু মেক - আপৰ সামগ্ৰী আছে ( বাওঁফালে )

তেওঁক বিচাৰি পাবলৈ আপুনি কুশলগড়ৰ মূল বজাৰখনলৈ যাব লাগিব। ইয়াত একাধিক বাছ আস্থান আছে য’ৰপৰা প্ৰায় ৪০ খন বাছে গুজৰাট আৰু মধ্য প্ৰদেশলৈ প্ৰতিদিনে প্ৰব্ৰজনকাৰীক লৈ যায়। বৰ্ষানিৰ্ভৰ খেতিৰ বাদে আন কোনো জীৱিকাৰ উপায় নথকাত বাঁচৱাৰা জিলাত আৰ্থিক কাৰণত অত্যধিক প্ৰব্ৰজন হয়।

পাঞ্চাল চুবুৰীৰ সৰু ঠেক গলি এটাৰে, পুৱাৰ ভাগৰ পোহা আৰু জিলাপী আদি বিক্ৰী কৰা সৰু সৰু মিঠাইৰ দোকানৰ ব্যস্ততাৰ মাজেৰে গৈ আপুনি শাৰদাৰ এটা কোঠাৰ চিলাই-কটাই তথা বিউটি পাৰ্লাৰখন পাব।

৩৬ বৰ্ষীয় শাৰদাই আঠ বছৰ আগতে গিৰীয়েকক হেৰুৱাইছে। তেওঁ টেক্সি চালক আছিল আৰু লিভাৰৰ সমস্যা আছিল। সেই ৰোগতে তেওঁ ঢুকায়। শাৰদাই তেওঁ সন্তানকেইটাৰ লগত শাহুৱেক আৰু দেৱৰৰ পৰিয়ালটোৰ সৈতে থাকে।

কম বয়সতে বিধবা হোৱা শাৰদাৰ জীৱনটো এক কাকতালীয় সাক্ষাতে সলনি কৰি পেলায়। “অংগনবাদী কেন্দ্ৰত এগৰাকী মেডামক লগ পালো, তেওঁ মোক সখী কেন্দ্ৰত গৈ কিবা এটা শিকি লোৱাৰ কথা ক’লে।” অলাভজনক এই কেন্দ্ৰটোত কম বয়সীয়া মহিলাই জীৱিকাৰ কৌশল শিকাৰ সুবিধা আছিল। সময়বোৰ সুবিধাজনক আছিল। তেওঁ নিজৰ সংসাৰৰ কাম-বন শেষ কৰি আহি এঘণ্টাৰ পৰা আধা দিন তাত কাম শিকিছিল। প্ৰতিজন প্ৰশিক্ষকৰ পৰা কেন্দ্ৰটোৱে ২৫০ টকা লৈছিল।

PHOTO • Priti David
PHOTO • Priti David

শাৰদাই সখী কেন্দ্ৰত চিলাইৰ কাম শিকিছিল, সেই মুনাফা-অনাদায়ী কেন্দ্ৰটোৱে মহিলাসকলক জীৱিকাৰ কৌশল শিকাইছিল

PHOTO • Priti David
PHOTO • Priti David

শাৰদাৰ গিৰীয়েক ঢুকাইছিল আঠ বছৰ আগতে , এৰি গৈছিল তিনি সন্তানৰ দায়িত্ব নিজা উপাৰ্জনেৰে খোৱাৰ মজাই বেলেগ ,’ শাৰদাই কয়

“চিলাইৰ কাম ভাল পাইছিলো আৰু আমাক খুঁটি-নাটি মাৰি শিকোৱা হৈছিল,” ব্লাউজৰ উপৰিও বিভিন্ন পোচাক চিলাই কৰিব জনা কৃতজ্ঞ শাৰদাই কয়। “মই তেওঁলোকক কৈছিলো, মোক যি পাৰে শিকাই দিয়ক আৰু ১৫ দিনত মই ভালকৈ শিকি উঠিছিলো!” নতুন কৌশল শিকাৰ পিছত তেওঁ চাৰি বছৰ আগতে নিজাকৈ দোকান এখন দিয়াৰ কথা চিন্তা কৰে।

“নিজৰ উপাৰ্জনেৰে খোৱাৰ মজাই বেলেগ,” শাহুৱেকৰ ঘৰখনৰ ওপৰত প্ৰাত্যহিক খৰছৰ বাবে নিৰ্ভৰ কৰি চলিব নিবিচৰা তিনি সন্তানৰ মাতৃগৰাকীয়ে কয়। “মই নিজৰ ভৰিত থিয় দিব খোজো।”

তেওঁৰ ডাঙৰজনী ছোৱালী শিৱানীয়ে বাঁচৱাৰাৰ কলেজ এখনত নাৰ্চিং পঢ়ি আছে। ১৭ বৰ্ষীয় হৰ্ষিতা আৰু ১২ বৰ্ষীয় যুৱৰাজে কুশলগড়তে স্কুলত পঢ়ে। তেওঁৰ ল’ৰা-ছোৱালীদুটাক তেওঁ চৰকাৰী স্কুলত পঢ়াব বিচাৰে। সেয়ে একাদশ শ্ৰেণী পাওঁতে তেওঁ প্ৰাইভেট স্কুলৰ পৰা উলিয়াই চৰকাৰী স্কুলত দিছে। “প্ৰাইভেট স্কুলত শিক্ষকবোৰ সঘনে সলনি হয়।”

শাৰদাৰ বিয়া হৈছিল ১৬ বছৰ বয়সতে। তেওঁৰ ডাঙৰজনী ছোৱালীৰ বয়স সিমান হওঁতে মাকে অপেক্ষা কৰিব বিচাৰিছিল, কিন্তু কোনেও বিধবা মাতৃৰ কথা নুশুনিলে। এতিয়া মাক-জীয়েকে মিলি কেৱল কাগজে-কলমে থকা বিয়াখনৰ পৰা ওলাই আহিবলৈ চেষ্টা চলাই আছে, যাতে কম বয়সীয়া ছোৱালীজনী মুক্ত হ’ব পাৰে।

শাৰদাৰ এগৰাকী বান্ধবী আছে, তেওঁৰ দৰেই অকলে সন্তানক ডাঙৰ কৰিছে। যেতিয়া শাৰদাৰ দোকানৰ কাষৰ দোকানখন খালি হৈ পৰিল, তেওঁ সেই বান্ধবীগৰাকীক দৰ্জীৰ দোকান এখন দিবলৈ ৰাজি কৰালে। “প্ৰতিমাহে আয় কম-বেচ হৈ থাকে যদিও নিজৰ ভৰিত থিয় দিব পাৰিছো।”

অনুবাদ: পংকজ দাস

Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Editor : Vishaka George

विशाखा जॉर्ज, पीपल्स आर्काइव ऑफ़ रूरल इंडिया की सीनियर एडिटर हैं. वह आजीविका और पर्यावरण से जुड़े मुद्दों पर लिखती हैं. इसके अलावा, विशाखा पारी की सोशल मीडिया हेड हैं और पारी एजुकेशन टीम के साथ मिलकर पारी की कहानियों को कक्षाओं में पढ़ाई का हिस्सा बनाने और छात्रों को तमाम मुद्दों पर लिखने में मदद करती है.

की अन्य स्टोरी विशाखा जॉर्ज
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das