“সিহঁতে কয় যে এই ঠাইটুকুৰা কদৰ্য্যময় হৈ পৰিছে, বৰ বেয়া গোন্ধায়,” ৰাস্তাৰ দুয়োকাষে পৰি থকা মাছৰ বাকচ আৰু থিয় হৈ থকা শাৰী শাৰী বিক্ৰেতালৈ আঙুলিয়াই সামান্য উত্তেজিত হৈ থকা এন. গীতাই কয়। “এই আৱৰ্জনাই আমাৰ সম্বল। এই গন্ধই আমাৰ জীৱিকা। এইবোৰ এৰি আমি ক’লৈ যাম?” ৪২ বৰ্ষীয় মহিলাগৰাকীয়ে কয়।

আমি লুপ ৰ’ডৰ নচিক্কুপ্পমৰ অস্থায়ী মাছৰ বজাৰখনত থিয় হৈ আছো। সেই ৰাস্তাটো মেৰিনা সাগৰতীৰৰ ২.৫ কিলোমিটাৰ পৰ্য্যন্ত বিয়পি আছে। সিহঁত মানে ইয়াত চহৰখনৰ সৌন্দৰ্য্যৰ খাতিৰত মাছ বেপাৰীসকলক তাৰ পৰা খেদি পঠিয়াব বিচৰা আইন প্ৰণেতা আৰু নাগৰিক সমাজৰ কৰ্তৃপক্ষৰ কথা কোৱা হৈছে। গীতাহঁতৰ দৰে মাছমৰীয়াসকলৰ বাবে নচিক্কুপ্পম তেওঁলোকৰ ওৰু (গাওঁ)। সেইখন হাজাৰ চুনামি আৰু ধুমুহা বতাহৰ মাজতো তেওঁলোকৰ।

বজাৰখন ব্যস্ত হৈ পৰাৰ আগেয়ে গীতাই তেওঁৰ দোকানখন পুৱাতেই সাজু কৰিছে। প্লাষ্টিকৰ বাকচ আৰু প্লাষ্টিক ব’ৰ্ডেৰে তেওঁ বনোৱা অস্থায়ী টেবুলখনত পানী ছটিয়াব লৈছে। তেওঁ তাত দুপৰীয়া ২ বজালৈকে থাকিব। দুটা দশক আগতে হোৱা তেওঁৰ বিয়াৰ দিনৰে পৰা তেওঁ ইয়াত মাছ বিক্ৰী কৰি আহিছে।

এটা বছৰ আগতে, ২০২৩ৰ ১১ এপ্ৰিলত লুপ ৰ’ডৰ তেওঁৰ লগতে প্ৰায় তিনিশ আন মাছ বেপাৰীয়ে গ্ৰেটাৰ চেন্নাই কোপাৰেচন (জিচিচি)ৰ পৰা উচ্ছেদৰ জাননী পায়। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ী জিচিচিয়ে এসপ্তাহৰ ভিতৰত সেই ৰাস্তা খালি কৰি দিবলৈ সেই নটিচ জাৰী কৰিছিল।

“গ্ৰেটাৰ চেন্নাই কোপাৰেচনে আইনৰ নিৰ্দেশ অনুযায়ী লুপ ৰ’ডৰ কাষৰ বেদখলকৃত এলেকা (মাছৰ দোকান-পোহাৰ, ৰখাই থোৱা গাড়ীবোৰ) আদি আঁতৰাব। অঞ্চলটোৰ ট্ৰেফিক যাতে সুচল হয় আৰু পদপথবোৰো মুকলি হয়, তাৰবাবে এই উচ্ছেদ অভিযানত আৰক্ষীয়েও সহযোগ কৰিব,” আদালতৰ নিৰ্দেশত এনেকৈ লিখা আছে।

PHOTO • Abhishek Gerald
PHOTO • Manini Bansal

বাওঁফালে: নচিক্কুপ্পম বজাৰত বিক্ৰীৰ বাবে তিলাপিয়া, মেকৰেল আৰু থ্ৰেডফিনচ লৈ গীতা। সোঁফালে: নচিক্কুপ্পম বজাৰত মাছমৰীয়াই নিজে ধৰা মাছবোৰ ভাগ ভাগ কৰিছে

PHOTO • Abhishek Gerald
PHOTO • Manini Bansal

বাওঁফালে: বজাৰখনৰ নতুন এটা অংশ, সোঁমাজত কাৰ পাৰ্কিং এলেকা। সোঁফালে: নচিক্কুপ্পম এলেকাত পাৰ্ক কৰি থোৱা ২০০ মান নাৱৰ কেইখনমান

মাছমৰীয়া সম্প্ৰদায়টোৰ মতে তেওঁলোক পুৰ্বাকুড়ি, ভূমিপুত্ৰ। চহৰখনেহে ক্ৰমান্বয়ে ঐতিহাসিকভাৱে তেওঁলোকৰ সেই ভূমি দখল কৰি আহি আছে।

চেন্নাই চহৰখন নিৰ্মাণৰ বহু আগেয়ে (আনকি মাদ্ৰাছ নামটো হোৱাৰ আগতে) এই উপকূলৰেখা সৰু সৰু কট্টমৰমেৰে (মাৰ নাও - কাষাকাষিকৈ বান্ধি লোৱা দুখন নাও) ভৰি আছিল। মাছমৰীয়াসকলে বতাহৰ সুগন্ধ লৈ ৱন্দ তান্নিৰ বাবে লহৰবোৰ চাই ৰৈছিল। ৱন্দ তান্নি মানে চেন্নাইৰ উপকূল অঞ্চললৈ বৈ অহা পলসেৰে ভৰা কাবেৰী আৰু কল্লিডাম নদীৰ পানী। এই পানীয়ে লগত লৈ আহিছিল উভৈনদী হৈ পৰা মাছ।

“আজিও মাছমৰীয়াসকলে ৱন্দ-তান্নিৰ বাবে অপেক্ষা কৰে। কিন্তু এসময়ৰ মাছমৰীয়া কুপ্পম (চুবুৰী, য’ৰ বাসিন্দাৰ জীৱিকা একেই)ৰ স্মৃতি চেন্নাইৰ কংক্ৰীট আৰু বালিয়ে নিঃশেষ কৰি পেলাইছে,” উৰুৰ আলকোট কুপ্পম নাম নচিক্কুপ্পম বজাৰৰ সমীপৰ গাওঁখনৰ মাছমৰীয়া এছ পালায়ামে কয়। “মানুহৰ মনত আছেনে বাৰু?”

উপকূলৰেখাৰ কাষৰ বজাৰখন মাছমৰীয়াসকলৰ বাবে প্ৰাণস্বৰূপ। মাছৰ বজাৰখন জিচিচিয়ে কৰা পৰিকল্পনা অনুযায়ী স্থানান্তৰ কৰা মানে চহৰৰ বাসিন্দাসকলৰ বাবে এটা সাধাৰণ কথা হ’ব পাৰে, কিন্তু নচিক্কুপ্পকম বজাৰৰ মাছমৰীয়াসকলৰ বাবে জীৱিকা আৰু পৰিচয়ৰ প্ৰশ্ন।

*****

মেৰিনা বীচ্চখনক লৈ যুঁজখন বহুদিনীয়া।

ব্ৰিটিছৰ দিন ধৰি প্ৰতিখন চৰকাৰে মেৰিনা উপকূলভূমিক ধুনীয়া কৰি তোলাৰ বাবে পৰিকল্পনা ভঙা-পতাৰ কাহিনী পুৰণি। দীঘল প্ৰমেনেড (সাগৰতীৰৰ ধুনীয়াকৈ সজাই তোলা মুকলি খোজকঢ়া ঠাই), কাষে কাষে যত্নপালিত ঘাঁহনি, সুন্দৰকৈ আপডাল কৰা গছ, চাফা পথ, স্মাৰ্ট কিয়’স্ক, ৰেম্প আৰু যে কত কি।

PHOTO • Manini Bansal
PHOTO • Manini Bansal

বাওঁফালে: নচিক্কুপ্পম লুপ ৰ’ডৰ কাষত টহলদাৰী পুলিচ। সোঁফালে: নচিক্কুপ্পম বজাৰত উলিওৱা সতেজ মিছামাছ

PHOTO • Manini Bansal
PHOTO • Sriganesh Raman

বাওঁফালে: মাছমৰীয়াসকলে জালবোৰ থোৱাৰ কাৰণে আৰু সামান্য জিৰণিৰ বাবে নচিক্কুপ্পমত সজা সৰু সৰু তম্বুঘৰ আৰু চালিঘৰবোৰ। সোঁফালে: মাছমৰীয়াসকলে মেৰিনা বীচ্চত ধৰা মাছবোৰ এৰুৱাইছে

এইবাৰ আদালতে লুপ ৰ’ডত হোৱা ট্ৰেফিক জামৰ প্ৰতি লক্ষ্য ৰাখি মাছমৰীয়া সম্প্ৰদায়ৰ বিৰুদ্ধে নিজাববীয়াকৈ এই নিৰ্দেশ জাৰী কৰিছে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে নিজেই সেই পথটোৰে নিতৌ অহা-যোৱা কৰে। ৰাস্তাৰ কাষত থকা মাছৰ দোকানবোৰৰ কাৰণে ৰাস্তাত অত্যধিক ট্ৰেফিক জাম লাগে বাবে সেইবোৰ আঁতৰোৱাৰ বাবে উচ্ছেদৰ নটিচ জাৰী কৰা হয়।

লুপ ৰ’ডৰ পশ্চিমফালে জিচিচি আৰু আৰক্ষীয়ে উচ্ছেদ অভিযান চলোৱাৰ সময়ত অঞ্চলটোৰ মাছমৰীয়া সম্প্ৰদায়ে লগ লাগি আগৰদৰে পুনৰ্বাৰ তীব্ৰ প্ৰতিবাদ জনায়। আধুনিক মাছৰ বজাৰ এখন গঢ়ি নোতোলালৈকে লুপ ৰ’ডত থকা মাছৰ বজাৰখন আৰক্ষীৰ পৰ্য্যবেক্ষণত চলি থাকিব, এইবুলি জিচিচিয়ে আশ্বাস দিয়াৰ পিছত প্ৰতিবাদ স্থগিত ৰখা হয়। এতিয়া অঞ্চলটোত পুলিচৰ টহলদাৰী চলি থাকে।

“ন্যায়াধীশেই হওঁক বা চেন্নাই নিগম, সকলো চৰকাৰৰ অংশ, নহয়নে? গতিকে চৰকাৰে কিয় এয়া কৰি আছে? এফালে তেওঁলোকে আমাক উপকূলৰ প্ৰতীক বুলি কয়, আনফালে তেওঁলোকে আমাক জীৱিকাৰ পৰা বঞ্চিত কৰিব বিচাৰে,” উপকূলৰ ৫২ বৰ্ষীয় মাছ বিক্ৰেতা এছ সৰোজাই কয়।

তেওঁ নচিক্কুপ্পমৰ চৰকাৰী আবাসগৃহ চৌহদৰ (২০০৯-২০১৫ত আবণ্টিত) যিটো ফাল উপকূলৰ ফালে মুখ কৰি আছে, সেই ফালটোৰ বেৰবোৰত দেৱাল-চিত্ৰ অঁকাৰ কথা কৈছে। ২০২৩ৰ মাৰ্চত তামিলনাডু নগৰী গৃহ নিৰ্মাণ ব’ৰ্ড, St+Art নামে এটা বেচৰকাৰী সংস্থা আৰু এছিয়ান পেইণ্টচে লগ লাগি সম্প্ৰদায়টোৰ ‘সৌন্দৰ্য্যবৰ্ধন’ৰ বাবে পদক্ষেপ লয়। তেওঁলোকে নেপাল, ওড়িশা, কেৰালা, ৰাছিয়া আৰু মেক্সিকোৰ পৰা দেৱাল-চিত্ৰ অঁকা শিল্পী মাতি আনি নচিক্কুপ্পমৰ ২৪ টা বস্তিঘৰত দেৱাল-চিত্ৰ অংকন কৰে।

“তেওঁলোকে আমাৰ জীৱিকাৰ ছবি দেৱালত আঁকিলে আৰু আমাকেই সেই ঠাইৰ পৰা আঁতৰাই পেলালে,” বিল্ডিংবোৰলৈ চাই গীতাই কয়। এই বিল্ডিংবোৰত ‘বিনামুলীয়া ঘৰ’ দিয়াটো নামতহে আছিল। “এটা এপাৰ্টমেণ্টৰ বাবে এজেণ্ট এজনে মোৰপৰা ৫ লাখ টকা বিচাৰিছিল,” নচিক্কুপ্পমৰ অভিজ্ঞ মাছমৰীয়া পি. কান্নাড়াচানে কয়। “আমি পইচা নিদিলে এপাৰ্টমেণ্ট আনৰ নামত লিখি দিলেহেঁতেন,” ৪৭ বৰ্ষীয় বন্ধু আৰাচুৱে কয়।

চেন্নাইখন ক্ৰমে নগৰীয়া অঞ্চল হৈ পৰাত আৰু লুপ ৰ’ডটো নিৰ্মাণৰ বাবে মাছমৰীয়াৰ ঘৰবোৰ ভাঙি পেলোৱা আৰু উপকূলভূমিলৈ বহলোৱাৰ ফলত প্ৰায়ে মাছমৰীয়াসকল নগৰ নিগমৰ সৈতে দুইমেৰুত থিয় দিছে।

PHOTO • Manini Bansal
PHOTO • Manini Bansal

বাওঁফালে: নচিক্কুপমত কান্নাড়াচান। সোঁফালে: আৰাচু (বগা দাড়ী) আৰু তেওঁৰ পুত্ৰ নিতিশ (মুগা চোলা)য়ে নিতিশৰ আইতাকৰ সৈতে ছাতি এটাৰ ছাঁত বজাৰত ফটোৰ বাবে প’জ দিছে

PHOTO • Sriganesh Raman
PHOTO • Sriganesh Raman

বাওঁফালে: ৰঞ্জিতে নচিক্কুপ্পমত মাছ বিক্ৰী কৰিছে। সোঁফালে: মাছমৰীয়া সম্প্ৰদায়ৰ বাবে চৰকাৰে অনুমতি দিয়া দেৱাল-চিত্ৰবোৰ

মাছমৰীয়াসকলে নিজকে এটা কুপ্পম মানে চুবুৰীৰ বুলি ভাবে। “কুপ্পমৰ অৰ্থ কি থাকিল যদি পুৰুষে সাগৰত আৰু সাগৰতীৰত কাম কৰিবলগীয়া হ’ব আৰু মহিলাই ঘৰৰ পৰা বহুদূৰত থাকি কাম কৰিব?” ৬০ বৰ্ষীয় পালায়ামে কয়। “আমাৰ ইজনৰ সিজনৰ সৈতে আৰু সাগৰৰ সৈতে সম্পৰ্ক ছিন্ন হ’ব।” বহু পৰিয়ালে নাৱৰ পৰা মাছবোৰ মহিলাৰ দোকানত নমাই দিয়াৰ সময়তে যি কথা পাতিবলৈ দিনটোত এবাৰ সময় পায়। কিয়নো পুৰুষে ৰাতি সাগৰত মাছ মাৰে আৰু দিনটো শোৱে, যিটো সময়ত মহিলাই সেই মাছ বজাৰত বিক্ৰী কৰে।

খোজ কাঢ়িবলৈ আৰু দৌৰিবলৈ অহা বহুতেই এই ঠাইখন মাছমৰীয়াসকলৰ বুলিয়েই জানে। “বহু মানুহ পুৱাই ইয়ালৈ আহে,” মেৰিনাত নিতৌ খোজ কাঢ়িবলৈ অহা চিত্তিবাবুৱে (৫২) কয়। “তেওঁলোক ইয়ালৈ মাছ কিনিবলৈ আহে… এয়া তেওঁলোকৰ আজোককাহঁতৰ দিনৰ পৰা চলি অহা ব্যৱসায় আৰু তেওঁলোক বহুযুগ আগৰ পৰা ইয়াত থাকি আহিছে। তেওঁলোকক আন ঠাইলৈ পঠিওৱাটো সঠিক নহয়,” তেওঁ কয়।

নচিক্কুপ্পমৰ উনত্ৰিশ বৰ্ষীয় ৰঞ্জিত কুমাৰেও সন্মতি দিয়ে। “বিভিন্ন শ্ৰেণীৰ মানুহে একেখিনি ঠাই ব্যৱহাৰ কৰিব পাৰে। এই ধৰক খোজ কঢ়া মানুহখিনিয়ে ৰাতিপুৱা ৬ৰ পৰা ৮ বজালৈ। সেইখিনি সময়ত আমি সাগৰত থাকো। যেতিয়ালৈ আমি ঘুৰি আহো, তেতিয়া তিৰোতাবোৰে দোকান আৰম্ভ কৰে, খোজ কঢ়া মানুহখিনিও গুছি যায়। আমাৰ আৰু খোজ কাঢ়িবলৈ অহা মানুহৰ মাজত কোনো সমস্যা নহয়। কেৱল চৰকাৰী পক্ষইহে সমস্যাৰ সৃষ্টি কৰে,” তেওঁ কয়।

*****

বিভিন্ন ধৰণৰ মাছ বিক্ৰীৰ বাবে ৰখা আছে। কিছুমান অগভীৰ পানীৰ মাছ যেনে ক্ৰিছেণ্ট গ্ৰাণ্টাৰ (terapon jarbua) আৰু পাগন’জ পনিফিছ (deveximentum insidiator), নচিক্কুপ্পমৰ বজাৰত তাৰ দাম ২০০ৰ পৰা ৩০০ টকা। এইবোৰ মাছ গাঁৱৰ পৰা ২০ কিলোমিটাৰ ব্যাসাৰ্ধত ধৰি নি বজাৰৰ এটা ফালে বেচা হয়। ডাঙৰ মাছবোৰ বজাৰৰ আন এটা ফালে বিক্ৰী কৰা হয়, যেনে ছীৰ মাছ (scomberomorus commerson)। এইবিধ মাছৰ দাম কিলোত ৯০০ৰ পৰা ১০০০ টকা আৰু ডাঙৰ ট্ৰেভাল্লি (pseudocaranx dentex)ৰ দাম ৫০০ৰ পৰা ৭০০ টকা হয়। মাছমৰীয়াসকলে বিক্ৰী কৰা এই মাছৰ বাবে স্থানীয় নাম ব্যৱহাৰ কৰে, যেনে - কীচান, কাৰাপড়ি, বঞ্জৰম, পাৰাই।

সুৰ্য্যৰ প্ৰখৰ ৰ’দ পৰি মাছবোৰ বেয়া হোৱাৰ আগেয়ে সেয়া বিক্ৰী কৰি অটোৱাৰ বাবে দৌৰাদৌৰি লাগে। আনফালে গ্ৰাহকেও বেয়া হ’বলৈ ধৰা আৰু সতেজ মাছৰ মাজত পাৰ্থক্য বিচাৰ কৰি থাকে।

PHOTO • Manini Bansal
PHOTO • Sriganesh Raman

বাওঁফালে: নচিক্কুপ্পমত সাগৰৰ পৰা ধৰি অনা চাৰ্দাইন মাছবোৰ বিক্ৰেতা এজনে ভাগ ভাগ কৰিছে। সোঁফালে: বজাৰৰ ৰাস্তাৰ কাষত মাছমৰীয়াই মাছ চাফা কৰিছে

PHOTO • Abhishek Gerald
PHOTO • Manini Bansal

বাওঁফালে: নচিক্কুপ্পমত মেকৰেল মাছ শুকুৱা হৈছে। সোঁফালে: ফ্লাউণ্ডাৰ, গোটফিছ আৰু চিলভাৰ বিড্ডিকে ধৰি সাগৰীয়া মাছবোৰ ভাগে ভাগে থোৱা হৈছে

“মই যদি পৰ্য্যাপ্ত মাছ বিক্ৰী কৰিব নোৱাৰো, তেতিয়া মোৰ ল’ৰা-ছোৱালীকেইটাৰ স্কুলৰ মাচুল কেনেকৈ দিম?” গীতাই প্ৰশ্ন কৰে। তেওঁৰ দুটি সন্তান আছে। এজন স্কুলত আৰু আনজন কলেজত পঢ়ি আছে। “সদায় মোৰ মানুহজন মাছ ধৰিবলৈ যোৱাৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিব নোৱাৰো। মই পুৱা ২ বজাতে উঠিব লাগে আৰু কাচিমেডুলৈ (নচিক্কুপ্পমৰ পৰা ১০ কিলোমিটাৰ দূৰত) মাছ কিনিবলৈ যাব লাগে, মাছ কিনি আকৌ সময়ত ইয়ালৈ আহি দোকানখন বহুৱাব লাগে। এনেকৈ কষ্ট নকৰিলে, স্কুলৰ ফীজটো বাদেই, খাবলৈকো একো নোহোৱা হ’ব,” তেওঁ কয়।

তামিলনাডুৰ ৬০৮ খন গাঁৱৰ সাগৰত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় ১০ . ৪৮ লাখ মাছমৰীয়া জনসংখ্যাৰ অৰ্ধেকসংখ্যকেই মহিলা। চুবুৰীৰ মাছমৰীয়া মহিলাই অস্থায়ী দোকানবোৰ চলায়। তেওঁলোকৰ উপাৰ্জন কিমান সেয়া সঠিককৈ উলিওৱাটো কঠিন কাম, কিন্তু কাচিমেডুত চৰকাৰী অনুমতিপ্ৰাপ্ত বন্দৰ নাইবা আন ইনড’ৰ মাৰ্কেটতকৈ নচিক্কুপ্পমৰ মাছমৰীয়া আৰু বিক্ৰেতাৰ দোকান ভাল চলে, জীৱিকা তুলনামূলকভাৱে তেওঁলোকতকৈ যথেষ্ট উন্নত।

“সপ্তাহান্তবোৰ আমাৰ বাবে আটাইতকৈ ব্যস্ততাপূৰ্ণ সময়,” গীতাই কয়। “প্ৰতিবাৰ মই প্ৰায় ৩০০ৰ পৰা ৫০০ টকা পাওঁ। পুৱা দোকান খোলাৰ পৰা আৰম্ভ কৰি (৮.৩০-৯.০০) দুপৰীয়া ১ বজালৈ মাছ বিক্ৰী কৰো। কিন্তু পইচা কিমান পাও, সেয়া সঠিককৈ কোৱা টান। ভালেখিনি সময় মাছ কিনাৰ নামতো যায়। আৰু মই কিমানখিনি কিনাৰ নামত খৰছ কৰো, সেয়া কি মাছ কিনো আৰু বিক্ৰী কৰি কিমান দাম পাও, তাৰ ওপৰত নিৰ্ভৰ কৰে।”

ইনড’ৰ মাৰ্কেটলৈ যোৱাৰ ফলত আয় কমি যাব বুলি তেওঁলোক শংকিত হৈছে। “আমাৰ ইয়াত হোৱা আয়েৰে আমি ঘৰ চলাব পাৰিছো, ল’ৰা-ছোৱালীৰ যত্ন ল’ব পাৰিছো,” নাম প্ৰকাশত অনিচ্ছুক মাছমৰীয়া এজনে কয়। “মোৰ ল’ৰাটো কলেজলৈও যায়! মাছ কিনিবলৈ কোনোৱে নোযোৱা বজাৰ এখনলৈ যদি আমি উঠি যাব লাগে, তেন্তে কেনেকৈ সিহঁতক পঢ়ুৱাম? চৰকাৰে সেই কথালৈ মন কৰিবনে বাৰু?” তেওঁক নিৰাশ হোৱা দেখা গৈছে। চৰকাৰৰ বিপক্ষে কিবা এটা কৈ ৰোষত পৰিব বুলিও শংকিত।

আৰ উমা (৪৫)ও বেচান্ত নগৰ বাছ আস্থানৰ কাষৰ ইনড’ৰ মাৰ্কেটলৈ যাবলৈ বাধ্য হোৱা মহিলাসকৰ মাজত এগৰাকী। “স্পটেড স্কেট মাছ [scatophagus argus] এটা নচিক্কুপ্পমত ৩০০ টকাত বিক্ৰী হয়, সেইটো বেচান্ত নগৰ বজাৰত ১৫০ টকাৰ ওপৰত বিক্ৰী নহয়। বজাৰত আমি দাম বঢ়ালে কোনেও কিনিবলৈ নাহিব। চাওকচোন, বজাৰখন অন্ধকাৰাচ্ছন্ন, মাছবোৰ ঢেলা পৰি গৈছে। কোনে বাৰু ইয়ালৈ মাছ কিনিবলৈ আহিব? আমি সাগৰতীৰত মাছ বিক্ৰী কৰিবলৈ ভাল পাইছিলো, কিন্তু কৰ্তৃপক্ষই নামানে। তেওঁলোকে আমাক এই ইনড’ৰ বজাৰলৈ পঠিয়ালে। সেয়ে আমি দাম কমাবলগীয়া হ’ল। ঢেলা পৰা মাছ বিক্ৰী কৰিবলগীয়া হ’ল আৰু উপাৰ্জনো তেনেই নগণ্য হৈ পৰিল। আমি বুজো কিয় নচিক্কুপমৰ মহিলাসকলে সাগৰতীৰতে মাছ বিক্ৰী কৰি থকাৰ বাবে চৰকাৰৰ বিৰুদ্ধে যুঁজিছে, আমিও তেনেকুৱাই কৰিব লাগিছিল।”

PHOTO • Manini Bansal
PHOTO • Manini Bansal

বাওঁফালে: চিত্তিবাবুৱে মেৰিনা লাইটহাউছ এলেকালৈ খোজ কাঢ়িবলৈ অহাৰ সময়ত নিয়মিত বজাৰত সোমায়। সোঁফালে: বয়োজ্যেষ্ঠ মাছমৰীয়া কৃষ্ণৰাজে নচিক্কুপ্পমে বজাৰখন বেলেগত পতা বিষয়ত তেওঁৰ চিন্তা ব্যক্ত কৰিছে

সাগৰতীৰত মাছ কিনিবলৈ অহা চিত্তিবাবুৱে কয়, “নচিক্কুপ্পম বজাৰত মাছ কিনিবলৈ আহিবলৈ মই প্ৰিমিয়াম এটা দিব লাগে ঠিকেই, কিন্তু তাৰ বিনিময়ত যে মই সতেজ মাছ পাওঁ।” নচিক্কুপ্পমৰ লেতেৰা পৰিৱেশ দেখি তেওঁ কয়, “কয়াম্বেডু বজাৰখন (পাচলি আৰু ফলমূলৰ দোকা) সদায় চাফা থাকে জানো? সকলো বজাৰেই লেতেৰা, অন্ততঃ তেনে বজাৰত মুকলিত উশাহ ল’ব পাৰি।”

“সাগৰতীৰৰ বজাৰবোৰ গোন্ধাব পাৰে,” সৰোজাই কয়। “কিন্তু ৰ’দে সকলো শুকুৱাই পেলায় আৰু তেতিয়া আটাইবোৰ সাৰি পেলাব পাৰি। সুৰ্য্যই সকলো চাফা কৰি পেলায়।”

“জাৱৰ পেলোৱা গাড়ী আহে আৰু বিল্ডিংবোৰৰ পৰা ঘৰুৱা আৱৰ্জনা কঢ়িয়াই নিয়ে, কিন্তু বজাৰৰখিনি নিনিয়ে,” নচিক্কুপ্পমৰ ৭৫ বৰ্ষীয় মাছমৰীয়া কৃষ্ণনৰাজ আৰে কয়। “এইখন ঠাইও (লুপ ৰ’ডৰ বজাৰখন) তেওঁলোকে (চৰকাৰে) পৰিস্কাৰ কৰি ৰাখিব লাগে।”

“চৰকাৰে নাগৰিকক বিভিন্ন নাগৰিক অধিকাৰ দিয়ে। তেনেস্থলত এই অঞ্চলৰ (লুপ ৰ’ডৰ) ৰাস্তাবোৰ চৰকাৰে চাফা কৰাই দিব নোৱাৰে নেকি? সিহঁতে (চৰকাৰে) এয়া আমি চাফা কৰিব লাগে বুলি যদি ভাবে, তেন্তে আমাৰ ব্যৱহাৰৰ বাবে কিয় এৰিব নোৱাৰে?” পালায়ামে প্ৰশ্ন কৰে।

কান্নাড়াচানে কয়, “চৰকাৰে কেৱল সমৃদ্ধিশালী শ্ৰেণীৰ পক্ষত থাকে, তেওঁলোকৰ বাবে পদপথ বনাইছে, ৰ’পৱে বনাইছে আৰু আন আন বিভিন্ন কাম কৰিছে। তেওঁলোকেই চৰকাৰক এনেবোৰ প্ৰকল্পৰ বাট দেখুৱায় আৰু চৰকাৰে মধ্যভোগীক এই কাম কৰাৰ বাবে টকা দিয়ে।”

PHOTO • Manini Bansal
PHOTO • Manini Bansal

বাওঁফালে: নচিক্কুপ্পম সাগৰতীৰত জিলনেটৰ পৰা মাছমৰীয়া এজনে চাৰ্দাইন মাছ এৰুৱাইছে। সোঁফালে: কান্নাড়াচানে জিলনেটেৰে ধৰা এংকভিবোৰ এৰুৱাইছে

“মাছমৰীয়াজন সাগৰৰ উপকূলত থাকিলেহে জীয়াই থাকিব পাৰিব। তেওঁক যদি সাগৰতীৰৰ পৰা ভিতৰৰ ভূভাগলৈ জোৰ-জবৰদস্তি কৰি ঠেলি পঠিওৱা হয়, তেওঁ কেনেকৈ বাচি থাকিব পাৰিব? কিন্তু মাছমৰীয়া কোনোবাই প্ৰতিবাদ জনালে তেওঁক জেলত ভৰাই থয়। মধ্যবৰ্গই যদি প্ৰতিবাদ কৰে, চৰকাৰে কেতিয়াবা শুনেই। কিন্তু আমাক যদি জেলত ভৰাই থোৱা হয়, কোনে আমাৰ পৰিয়ালৰ যত্ন ল’ব?” কান্নাড়াচানে প্ৰশ্ন কৰে। “কিন্তু এয়াটো মাছমৰীয়াৰ সমস্যা, তেওঁলোকক নাগৰিকৰ শাৰীত কোনে ধৰে,” ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়।

“সিহঁতে যদি এই ঠাইৰ পৰা গোন্ধ পায়, সিহঁত নাহিলে হ’ল,” গীতাই কয়। “আমি কাৰো সহায় বা অনুগ্ৰহ বিচৰা নাই। আমাক কোনোৱে অসুবিধা বা হাৰাশাস্তি দি নাথাকিলে হ’ল। আমাক পইচা নালাগে, মাছ ৰখা বাকচ কিম্বা ঋণো নালাগে। আমাক আমাৰ ঠাইত শান্তিৰে থাকিবলৈ দিলে হ’ল, সিমানেই,” তেওঁ কয়।

“নচিক্কুপ্পমৰ বিক্ৰী হোৱা প্ৰায়ভাগ মাছেই স্থানীয় আৰু কিছুমান আমি কাচিমেডুৰ পৰা আনো,” গীতাই কয়। “মাছ ক’ৰপৰা অনা হৈছে, কথা সিটো নহয়,” আৰাচুৱে কয়, “আমি সকলো মাছ ইয়াত বিক্ৰী কৰো। সদায়ে একেলগে থাকো। এনেকুৱা নহয় বুলি নকওঁ যে আমাৰ মাজত কাজিয়া-পেচাল নালাগে, কিন্তু সেইবোৰ সৰু কথা। সমস্যা যেতিয়া সকলোৰে হয়, আমি একেলগে থিয় দি তাৰ প্ৰতিকাৰ বিচাৰো, প্ৰতিবাদ কৰো। আন মাছমৰীয়া সম্প্ৰদায়ৰ লোকেও যেতিয়া সমস্যাৰ সন্মুখীন হয়, তেতিয়া আমি আমাৰ কাম কাতি কৰি থৈ প্ৰতিবাদ কৰোঁ।”

লুপ ৰ’ডত থকা আন দুটা কুপ্পমৰ মাছমৰীয়া লোকো নতুন বজাৰখনত নতুন দোকানক লৈ অনিশ্চয়তাত ভুগিছে। “নতুন বজাৰখনত ৩৫২ খন দোকান বহিব,” নচিক্কুপ্পমৰ মাছমৰীয়া সমাজৰ মুখীয়াল ৰঞ্জিতে পৰিস্থিতি সম্পৰ্কে জনায়। “নচিক্কুপ্পমৰ বিক্ৰেতাকে যদি সেইখিনি দিয়ে, তেতিয়া সেয়া পৰ্য্যাপ্ত হ’ব। কিন্তু সকলো বিক্ৰেতাক তাত ঠাই দিয়া নহয় বুলি জানিব পাইছো। লুপ ৰ’ডৰ নচিক্কুপ্পমৰ পৰা আৰম্ভ কৰি পট্টিনপক্কমলৈ বিস্তৃতি হৈ থকা তিনিটা মাছমৰীয়া চুবুৰীৰ লোকক তাত সংস্থাপিত কৰাৰ কথা আছে। গতিকে অতিকমেও ৫০০ জন বিক্ৰেতা আছে। ৩৫২ জনক দোকানৰ ব্যৱস্থা কৰি দিয়াৰ পিছত বাকীখিনিৰ কি হ’ব? সেই লৈ চৰকাৰৰ কোনো স্পষ্ট ভাষ্য নাই,” তেওঁ কয়।

“মই ফ’ৰ্ট চেইণ্ট জৰ্জ (বিধানসভা থকা ঠাইত)ত মাছ বিক্ৰী কৰিবলৈ যাম। গোটেই চুবুৰীটো তালৈকে যাব, তাত আমি প্ৰতিবাদ কৰিম,” আৰাচুৱে কয়।

অনুৰোধমৰ্মে প্ৰতিবেদনত থকা মহিলাৰ নামবোৰৰ সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Divya Karnad

दिव्या कर्नाड एक अंतर्राष्ट्रीय पुरस्कार-प्राप्त मरीन भूगोल शास्त्री और संरक्षणवादी हैं. वे ‘इनसीज़न फिश’ की सह-संस्थापक भी हैं. उन्हें लिखना और रिपोर्टिंग करना प्रिय है.

की अन्य स्टोरी Divya Karnad
Photographs : Manini Bansal

मानिनी बंसल एक बेंगलुरु निवासी विज़ुअल कम्युनिकेशन डिज़ाइनर और फ़ोटोग्राफ़र हैं, जो पर्यावरण संरक्षण के क्षेत्र में सक्रिय हैं. वे डाक्यूमेंट्री फ़ोटोग्राफ़ी भी करती हैं.

की अन्य स्टोरी Manini Bansal
Photographs : Abhishek Gerald

अभिषेक गेराल्ड, चेन्नई में रहने वाले एक मरीन जीववैज्ञानिक हैं. वे ‘फाउंडेशन फॉर इकोलॉजी रिसर्च एडवोकेसी एंड लर्निंग’ और ‘इनसीज़न फिश’ के साथ संरक्षण और सस्टेनेबल सीफूड पर काम करते हैं.

की अन्य स्टोरी Abhishek Gerald
Photographs : Sriganesh Raman

श्रीगणेश रमण एक मार्केटिंग प्रोफेशनल हैं और फ़ोटोग्राफ़ी में रुचि लेते हैं. वे टेनिस खेलते हैं और अलग-अलग विषयों पर ब्लॉग भी लिखते हैं. ‘इनसीज़न फिश’ में उनका काम पर्यावरण के बारे में सीखने से संबंधित है.

की अन्य स्टोरी Sriganesh Raman
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das