“২০২০ৰ লকডাউনৰ সময়ত কিছুমান মানুহে আহি আমাৰ ১.২০ একৰ মাটিত সীমাৰ বেৰ দিবলৈ আহিছিল,” ফাগুৱা ওৰাওঁৱে মুকলি ভূমি এটুকুৰাৰ কাষে কাষে থকা ইটাৰ বেৰখনৰ ফালে আঙুলিয়াই দি কয়। আমি আছো খুঁতি জিলাৰ ডুমাৰি গাঁৱত, গাওঁখনত ঘাইকৈ আদিবাসী লোকৰ বসতি আছে। “তেওঁলোকে এইবুলি কৈ মাটিখিনি জুখিবলৈ লয় যে সেই মাটিখিনি আন কাৰোবাৰ, আমাৰ নহয় হেনো।” আমি পোনচাটে তাৰ বিৰোধিতা কৰিলো।

“ঘটনাটোৰ প্ৰায় ১৫ দিন পাছত আমি গাঁৱৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ খুঁতিত থকা মহকুমা দণ্ডাধীশক সাক্ষাৎ কৰিলো। প্ৰতিবাৰ যাওতে আমাৰ ২০০ টকাৰো অধিক খৰছ হৈছিল। আমি উকীলৰ পৰা সহায় ল’বলগীয়া হ’ল। এতিয়ালৈ মানুহজনে আমাৰ পৰা ২,৫০০ টকা লৈছে। কিন্তু কামটো একো আগবঢ়া নাই।”

“ইয়াৰ আগতে আমি আমাৰ ব্লকৰ মাণ্ডলিক কাৰ্য্যালয়লৈ গৈছিলো। আমি বিষয়টোৰ অভিযোগ দিবলৈ থানালৈকো গৈছো। মাটিখিনিৰ ওপৰত আমাৰ অধিকাৰ এৰি দিবলৈ আমাক সিহঁতে দাবী-হুমকি দি আছিল। জিলা পৰ্য্যায়ৰ এজন বিষয়া তথা চৰম সোপন্থী সংস্থাৰ সদস্য এগৰাকীয়ে আমাক ধমক দিছিল। কিন্তু আদালতত শুনানি এতিয়ালৈ হোৱা নাই। এতিয়া এই দেৱালখন আমাৰ মাটিত। ঔৰ হম দৌ ছাল সে ইচি তৰহ দৌৰ-ধুপ কৰ ৰহে হ্যে (আৰু আমি এনেকৈ দুটা বছৰ ধৰি লৰা-ঢপৰা কৰি আছো)।”

“মোৰ ককা লুচা ওৰাওঁৱে ১৯৩০ত জমিদাৰ বালচন্দ চাহুৰ পৰা মাটি কিনিছিল। আমি সেই মাটিতে খেতি কৰি আছো। আমাৰ হাতত মাটিখিনিৰ ১৯৩০ৰ পৰা ২০১৫লৈকে ৰছিদ আছে। তাৰপিছত (২০১৬) অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গ’ল আৰু অনলাইন ৰেকৰ্ডত আমাৰ মাটিটুকুৰাত (প্ৰাক্তন) জমিদাৰৰ বংশধৰৰ নাম আহিল, কেনেকৈ হ’ল আমি নাজানো।”

ফাগুৱা ওৰাওঁৱে কেন্দ্ৰ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া ভূমিলেখ আধুনিকীকৰণ কাৰ্য্যসূচী (ডিআইএলআৰএমপি)ৰ কাৰণে নিজৰ মাটিখিনি হেৰুৱালে, যিটো কাৰ্য্যসূচী সকলো ভূমিৰ নথিৰ ডিজিটেল লেখ বনোৱাৰ কাৰণে মুকলি কৰা হৈছে আৰু যাৰ জৰিয়তে কেন্দ্ৰই এক কেন্দ্ৰীয়ভাৱে পৰিচালিত ভূমিৰ ডেটাবেচ গঢ়ি তোলাৰ উদ্দেশ্য হাতত লৈছে। এই কাৰ্য্যসূচীৰ অধীনত এনে সকলো অভিলেখ আধুনিক কৰি তোলাৰ বাবে ২০১৬ৰ জানুৱাৰীত ভূমিৰ লেখ প’ৰ্টেল ৰাজ্য চৰকাৰে মুকলি কৰিছিল, য’ত জিলাভিত্তিক ভূমিৰ তথ্য আছিল। তাৰ উদ্দেশ্য আছিল “ভূমি/সম্পত্তিৰ বিবাদ নিষ্পত্তি আৰু ভূমিৰ লেখ ব্যৱস্থাপনা পদ্ধতিক স্বচ্ছ কৰি তোলা।”

বিড়ম্বনাৰ কথা এয়ে যে ফাগুৱা আৰু তেওঁৰ দৰে বহুতৰ ক্ষেত্রত এই আঁচনি হিতে বিপৰীতে হ’ল।

আমি অনলাইনত আমাৰ মাটিখিনিৰ স্থিতিৰ বিষয়ে জানিবলৈ প্ৰজ্ঞা কেন্দ্ৰ (চৰকাৰৰ দ্বাৰা ডিজিটেল ইণ্ডিয়া যোজনাৰ অধীনত নিৰ্মিত ঝাৰখণ্ডৰ সাধাৰণ সেৱা কেন্দ্ৰৰ ৱান-ষ্টপ শ্বপ, যিখন দোকানে গাওঁ পঞ্চায়ত পৰ্য্যায়ত মাচুল আদায়ৰ বিনিময়ত সাৰ্বজনিক সেৱা প্ৰদান কৰে। তাত থকা অনলাইন ৰেকৰ্ড অনুসৰি নাগেন্দ্ৰ সিং মাটিখিনিৰ বৰ্তমানৰ মালিক। তেওঁৰ আগতে সঞ্জয় সিং মালিক আছিল। তেওঁ মাটিখিনি বিন্দু দেৱীক বিক্ৰী কৰিছিল, যাৰ পিছত সেই মাটি নাগেন্দ্ৰ সিংহলৈ বিক্ৰী কৰা হয়।

“এনে লাগিছে যে জমিদাৰৰ উত্তৰাধিকাৰীসকলে আমাক আন্ধাৰত ৰাখি মাটিখিনি দুই-তিনিবাৰ ক্ৰয়-বিক্ৰয় কৰিছে। কিন্তু এয়া কেনেকৈ সম্ভৱ? কিয়নো আমাৰ হাতত ১৯৩০ৰ পৰা ২০১৫লৈ মাটিৰ অফলাইন ৰছিদ আছে। আমি এতিয়ালৈ ২০,০০০ৰো অধিক টকা খৰছ কৰিছো আৰু এতিয়াও দৌৰিয়েই আছো। আমি পইচা যোগাৰ কৰিবলৈ ভঁৰালৰ ধান পৰ্য্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। এতিয়া মাটিখিনিত থকা ইটাৰ বেৰখন দেখিলে এনে লাগে যেন আমি সকলো হেৰুৱালো। নাজানো এই সংগ্ৰামত আমাক কোনে সহায় কৰিব পাৰে।”

PHOTO • Om Prakash Sanvasi
PHOTO • Jacinta Kerketta

ফাগুন ওৰাওঁ (বাওঁফালে) ঝাৰখণ্ডৰ খুঁতিৰ এনে বহু আদিবাসীৰ মাজৰ এজন যিয়ে নিজৰ পূৰ্বপুৰুষে ক্ৰয় কৰা মাটি বিগত কেইটামান বছৰত ভূমিৰ লেখ ডিজিটাইজেছন কৰাৰ ফলত হেৰুৱাইছে। তেওঁ নিজৰ টকা-পইচা আৰু শক্তিৰে মাটিখিনি ঘূৰাই পাবলৈ যুঁজিছে, য’তনেকি তেওঁৰ হাতত ১.২০ একৰ মাটিৰ ২০১৫লৈ ৰছিদ (বাওঁফালে) আছে

*****

ঝাৰখণ্ডৰ ভূমি অধিকাৰৰ ইতিহাস দীঘলীয়া আৰু জটিলতাৰে ভৰা। আদিবাসী জনগোষ্ঠীৰে অধ্যূষিত আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ অঞ্চলবোৰত নীতি আৰু ৰাজনৈতিক দলে এই অধিকাৰসমূহ ভয়ংকৰভাবে উলংঘা কৰি আহিছে। ভাৰতৰ মুঠ খনিজ ভাণ্ডাৰৰ ৪০ শতাংশ এই ৰাজ্যখনতে আছে।

২০১১ৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত ২৯.৭৬ শতাংশ অৰণ্যৰ আচ্ছাদন আছে, যি ২৩,৭২১ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিয়পি আছে, ৩২ টা খিলঞ্জীয়া জনগোষ্ঠীক অনুসূচিত জনজাতি (এছটি) হিচাপে তালিকাভুক্ত কৰা হৈছে, যিটো মুঠ জনসংখ্যাৰ এক চতুৰ্থাংশ, ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশ। ৰাজ্যখনৰ ১৩ খন জিলা সম্পূৰ্ণৰূপে আৰু তিনিখন আংশিকভাবে পঞ্চম অনুসূচীৰ অধীনত পৰে।

ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়টোৱে স্বাধীনতাৰ আগতে নিজৰ সম্পদৰ ওপৰত অধিকাৰ বৰ্তাই ৰাখিবলৈ সংঘৰ্ষ কৰিছে, যিবোৰ সম্পদ তেওঁলোকৰ পাৰম্পৰিক সমাজ-সাংস্কৃতিক জীৱন যাপনৰ সৈতে ওত-প্ৰোতভাবে জৰিত। অৰ্ধশতিকাৰ এই সামুহিক সংগ্ৰামৰ ফলস্বৰূপে তেওঁলোকে অধিকাৰৰ প্ৰথমখন আইনী দলিল পাইছিল, ১৮৩৩ৰ হুকুক-নামা। স্বতন্ত্ৰ ভাৰতত এটা শতিকাৰ আগতে আদিবাসীসকলে সামূহিক কৃষি অধিকাৰ আৰু স্থানীয় সম্পদৰ অধিকাৰৰ মান্যতাৰ সেয়া আছিল চৰকাৰী স্বীকৃতি।

পঞ্চম অনুসূচীৰ অধীনস্থ অঞ্চলত সাংবিধানিক অধিকাৰ বাহাল ৰখাৰ বহু আগেয়ে সেই বিশেষ অঞ্চলত চোটা নাগপুৰ ৰায়তী আইন (চিএনটিএ), ১৯০৮ আৰু চাওতাল পৰগনা ৰায়তী আইন (এছপিটিএ), ১৮৭৬ৰ অধীনত আদিবাসী (এছটি) আৰু মূলবাসী (এছচি, বিচি আৰু অন্যান্যসকল)ৰ ভূমিৰ অধিকাৰক মান্যতা দিয়া হৈছিল।

*****

ফাগুৱা ওৰাওঁ আৰু তেওঁৰ পৰিয়ালে জীৱিকাৰ বাবে নিজৰ পূৰ্বপুৰুষে ক্ৰয় কৰা মাটিৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ বাহিৰে তেওঁলোকৰ হাতত ১.৫০ একৰ ভূইঁহৰি মাটি আছে যিখিনি তেওঁলোকৰ ওৰাওঁ পূৰ্বপুৰুষৰ পৰা পোৱা।

যাৰ পূৰ্বপুৰুষে হাবি ভাঙি তাত ধানখেতি কৰিছিল আৰু গাওঁ পাতিছিল, সামূহিকভাৱে তেওঁলোক এনে মাটিৰ অধিকাৰী যিটোক ওৰাওঁ অধ্যূষিত অঞ্চলত ভূইঁহৰি আৰু মুণ্ডা আদিবাসীসকলৰ ক্ষেত্রত মুণ্ডাৰি খুঁটকটি বুলি জনা যায়।

“আমি তিনি ভাই,” ফাগুৱাই কয়। “আটাইকেইজনৰে পৰিয়াল আছে। ডাঙৰজন আৰু মাজুজনৰ প্ৰত্যেকৰে তিনিটাকৈ সন্তান আছে আৰু মোৰ দুটা। পৰিয়ালটোৱে লগে-ভাগে পথাৰ আৰু পাহাৰীয়া মাটিত খেতি কৰে। আমি ধান, কণীধান আৰু পাচলিৰ খেতি কৰোঁ। আধাখিনি খাও আৰু আধাখিনি প্ৰয়োজন অনুসাৰে বিক্ৰী কৰোঁ। তেনেকৈয়ে আমি চলি থাকো,” তেওঁ কয়।

এই ঠাইত বছৰত এবাৰেই খেতি হয়। বাকীখিনি সময়ত তেওঁলোকে বাচি থাকিবলৈ কৰ্ৰা ব্লকৰ নিজ গাওঁখনত দিনহাজিৰাৰ কাম বিচাৰে, কেতিয়াবা বাহিৰলৈও যায়।

ডিজিটেলকৰণ আৰু তাৰ সমস্যাবোৰে পৰিয়ালৰ নিজা ভূমিৰ সমস্যাৰ বাদেও আন বহু কথাৰ প্ৰসংগ টানি আনে।

PHOTO • Jacinta Kerketta

খুঁতি জিলাৰ কোচাম্বি গাঁৱত সংযুক্ত পড়হা সমিতিৰ মিটিঙৰ বাবে মানুহ গট খাইছে। সমিতিয়ে আদিবাসীসকলৰ মাজত তেওঁলোকৰ ভূমিৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ চেষ্টা কৰি আছে। তেওঁলোকক খতিয়ান দেখুৱাইছে - যিখন ১৯৩২ৰ সমীক্ষাৰ ওপৰত আধাৰিত সামূহিক আৰু নিজা মাটিৰ মালিকীস্বত্বৰ অধিকাৰৰ লেখ

প্ৰায় পাঁচ কিলোমিটাৰ দূৰৰ আন এখন গাওঁ কোচাম্বিত বন্ধু হ’ৰ’ই নিজৰ সামূহিক ভূমিৰ কাহিনী কয়। তেওঁ কয়, “২০২২ৰ জুনত কেইজনমান মানুহ আহিল আৰু আমাৰ মাটিখিনি ঘেৰি পেলোৱাৰ যত্ন কৰিবলৈ ধৰিলে। তেওঁলোকে জেচিবি লৈ আহিছিল, তেতিয়াই আমাৰ গাঁৱৰ সকলো মানুহ ৰাস্তালৈ ওলাই আহি তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিলে।”

সেইখন গাঁৱৰে ৭৬ বৰ্ষীয় ফ্ল’ৰা হ’ৰ’য়েও কয়, “গাঁৱত প্ৰায় ২০-২৫ ঘৰ আদিবাসী লোক আহি খেতিপথাৰত বহি ৰ’ল। মানুহে আনকি খেতিৰ মাটি চহাবলৈ ধৰিলে। মাটি ক্ৰয় কৰিবলৈ অহা পক্ষটোৱে আৰক্ষী মাতিলে। কিন্তু মানুহখিনি তাত আবেলিলৈকে বহি থাকিল। পিছত খেতিপথাৰখনত সুৰগুজা (গুইজোটিয়া এবিচিনিকা) ছটিওৱা হ’ল,” তেওঁ কয়।

গাওঁবুঢ়া বিকাশ হ’ৰ’য়ে (৩৬) বহলাই কথাখিনি কয়, “কোচাম্বি গাওঁখনত ৮৩ একৰ মাটি আছে যিখিনিক মঝিহচ বুলি জনা যায়। এইখিনি গাঁৱৰ ‘বিশেষাধিকাৰ প্ৰাপ্ত’ ভূমি, যিখিনি আদিবাসীসকলে জমিদাৰৰ মাটি হিচাপে আচুতীয়া কৰি ৰাখিছে। সেই মাটিত গাওঁবাসীয়ে সমূহীয়াকৈ খেতি কৰে আৰু তাৰে এটা অংশ চালামি হিচাপে জমিদাৰৰ পৰিয়ালক দিয়ে।” ৰাজ্যখনৰ পৰা জমিদাৰী প্ৰথা উচ্ছেদ কৰাৰ পিছতো গোলামী শেষ হোৱা নাছিল। “আনকি আজিও গাঁৱৰ বহু আদিবাসীয়ে নিজৰ অধিকাৰৰ বিষয়ে নাজানে।”

কৃষক চেতেং হ’ৰ’ (৩৫) যাৰ পৰিয়াল তেওঁৰ তিনি ভায়েকৰ দৰে নিজৰ জীৱন নিৰ্বাহৰ বাবে দহ একৰ জুটীয়াভাবে মালিকী স্বত্ব থকা ভূমিৰ খেতিৰ ওপৰত নিৰ্ভৰশীল, তেওঁৰ ক’বলগীয়া বৰ জৰুৰী কথা এটা আছে। “আমি আৰম্ভণিতে গম পোৱা নাছিলো যে জমিদাৰী প্ৰথা উঠি যোৱাৰ পিছত মঝিহচ মাটিখিনি তাত সামূহিকভাৱে খেতি কৰি থকা মানুহখিনিৰ হাতলৈ গুছি যায়। আৰু আমি নাজানো হেতুকে খেতি কৰাৰ পিছত আগৰ জমিদাৰজনৰ পৰিয়ালক অলপ শস্য দিও। যেতিয়া তেওঁলোকে এই ভূমি বেআইনী পদ্ধতিৰে বিক্ৰী কৰিবলৈ ধৰে, তেতিয়াই আমি সংগঠিত হৈ আমাৰ ভূমি বচাবলৈ আগবাঢ়ি আহিলো,” তেওঁ কয়।

জ্যেষ্ঠ অধিবক্তা ৰশ্মি কাত্যায়ানে কয়, “বিহাৰ ভূমি সংস্কাৰ আইনখন ১৯৫০-৫৫ৰ মাজভাগত কাৰ্য্যকৰী কৰা হৈছিল। জমিদাৰৰ ভূমিৰ ওপৰত সকলো অধিকাৰ - যেনে খেতি নকৰা মাটি লীজত দিয়াৰ অধিকাৰ, মাটিৰ ভাৰা বা কৰ-কাটল সংগ্ৰহ, নতুন ৰায়তক সংস্থাপিত কৰাৰ অধিকাৰ, গাঁৱৰ বজাৰ আৰু গাঁৱৰ মেলা আদিৰ পৰা কৰ সংগ্ৰহ আদি চৰকাৰৰ ওপৰত ন্যস্ত কৰা হয়, কেৱল সেই ভূমিৰ বাদে যিবোৰত পূৰ্বৰ জমিদাৰসকলে খেতি কৰি আছে।”

“আগৰ জমিদাৰসকলে এনে ভূমিৰ লগতে নিজৰ ‘বিশেষাধিকাৰ প্ৰাপ্ত’ মাটি যাক মঝিহচ বুলি কোৱা হয়, তাৰ বাবে ৰিটাৰ্ন দাখিল কৰিব লাগিছিল। কিন্তু তেওঁলোকে সেই মাটিকে নিজৰ বুলি ধৰি ল’লে আৰু তাৰবাবে ৰিটাৰ্ন দাখিল নকৰিলে। কেৱল এয়াই নহয়, জমিদাৰী প্ৰথা সমাপ্ত হোৱাৰ বহুদিনলৈকে তেওঁলোকে গাওঁবাসীৰ পৰা আধিয়াৰ লৈছিল। যোৱা পাঁচটা বছৰত ডিজিটেলকৰণৰ লগে লগে সংঘৰ্ষও বাঢ়িছে,” ৭২ বৰ্ষীয় কাত্যায়নে কয়।

খুঁতি জিলাত পূৰ্বৰ জমিদাৰৰ উত্তৰপুৰুষ আৰু আদিবাসীসকলৰ মাজত বৰ্দ্ধিত বিবাদ প্ৰসংগত ৪৫ বৰ্ষীয় অধিবক্তা অনুপ মিঞ্জে কয়, “জমিদাৰৰ উত্তৰাধিকাৰীৰ হাতত ৰছিদ নাই, মাটিৰ ওপৰত দখলো নাই। কিন্তু তেওঁলোকে এনে মাটি অনলাইন চিনাক্ত কৰিছে আৰু আন কাৰোবাক বিক্ৰী কৰিবলৈ লৈছে। চোটানাগপুৰ ৰায়তী স্বত্ব আইন, ১৯০৮ৰ দখলীস্বত্ব অনুসৰি কোনো ভূমিত ১২ বছৰ ধৰি একেৰাহে খেতি থকাজনে সেই মাটিৰ মঝিহচ ভূমিৰ অধিকাৰ পায়। গতিকে তেনে মাটিত খেতি কৰি অহা আদিবাসীজনৰেই সেই মাটিত অধিকাৰ আছে।”

PHOTO • Jacinta Kerketta

কোচাম্বি গাঁৱৰ লোকসকলে নিজৰ ভূমি দেখুৱাই কয় যে তেওঁলোকে তাত সমূহীয়াভাৱে খেতি কৰে। তেওঁলোকে দীঘলীয়া আৰু সামূহিক সংঘৰ্ষৰ যোগেদি পূৰ্বৰ জমিদাৰৰ বংশধৰৰ পৰা সেই ভূমি উদ্ধাৰ কৰিছে

সংযুক্ত পড়হা সমিতি যোৱা কেইটামান বৰ্ষত সক্ৰিয় হৈ পৰিছে, তেওঁলোকে আদিবাসী স্বায়ত্ব শাসনৰ পৰম্পৰাগত লোকতান্ত্ৰিক পড়হা ব্যৱস্থা অনুসৰি তেনে মাটিত খেতি কৰা খেতিয়কসকলক সংগঠিত কৰিছে। পড়হা ব্যৱস্থাত ১২ৰ পৰা ২২ খন গাওঁ অন্তৰ্ভুক্ত থাকে।

সমিতিৰ ৪৫ বৰ্ষীয় সমাজকৰ্মী আলফ্ৰেড হ’ৰ’য়ে কয়, “খুঁতি জিলাৰ বহু এলেকাত এই সংঘৰ্ষ চলি আছে। জমিদাৰৰ বংশধৰৰ লোকে ত’ৰপা ব্লকৰ ৩০০ একৰ ভূমি পুনৰাই দখল কৰাৰ চেষ্টা কৰি আছে। জিলাখনৰ কৰ্ৰা ব্লকৰ টুয়ুগুটু (তিয়ু বুলিও জনা যায়) গাঁৱত ২৩ একৰ, পড়গাওঁ গাঁৱত ৪০ একৰ, কোচাম্বি গাঁৱত ৮৩ একৰ, মধুগামা গাঁৱত ৪৫ একৰ, মেহান (মেহা বুলিও জনা যায) গাঁৱত ২৩ একৰ, ছাতা গাঁৱত ৯০ একৰ ভূমি দখলৰ চেষ্টা চলাই আছে। এতিয়ালৈ কমিটিয়ে প্ৰায় ৭০০ একৰ আদিবাসী লোকৰ ভূমি ৰক্ষা কৰিব পাৰিছে।”

সমিতিখনে আদিবাসীসকলৰ মাজত তেওঁলোকৰ ভূমিৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ কাম কৰি আছে। তেওঁলোকক খতিয়ান দেখুৱাই আছে - যিখন ১৯৩২ৰ ভূমি সৰ্বেক্ষণৰ আধাৰত প্ৰস্তুত কৰা সামূহিক আৰু নিজা ভূমিৰ মালিকীস্বত্বৰ লেখ। কোন ভূমিত কাৰ অধিকাৰ আছে আৰু তাত ভূমিৰ শ্ৰেণী সম্পৰ্কে বিস্তৃত বিৱৰণ দিয়া হৈছে। গ্ৰামীণ খতিয়ান দেখাৰ পিছত তেওঁলোকে জানিব পাৰিলে যে তেওঁলোকে সামূহিকভাৱে খেতি কৰি থকা ভূমিৰ মালিক আছিল তেওঁলোকৰ পূৰ্বপুৰুষ। সেই মাটি পূৰ্বৰ জমিদাৰৰ বংশধৰৰ নহয় আৰু জমিদাৰী প্ৰথাও এতিয়া নাই।

খুঁতিৰ মেৰলে গাঁৱৰ ইপীল হ’ৰ’য়ে কয়, “ডিজিটেল ইণ্ডিয়াৰ যোগেদি মানুহে ভূমিৰ বিষয়ে সকলো তথ্য অনলাইন চাব পাৰে আৰু এই কাৰণতে সংঘৰ্ষ বাঢ়িছে। ২০২৪ৰ শ্ৰমিক দিৱস ১ মে’ৰ দিনা কিছুমান মানুহ সীমাৰ পকী বেৰ দিবলৈ আহিছিল। তেওঁলোকে দাবী কৰিলে যে তেওঁলোকে গাঁৱৰ কাষৰ মঝিহচ মাটি কিনিছে। গাঁৱৰ ৬০ জন পুৰুষ-মহিলা আহি ওলাল আৰু তেওঁলোকৰ কাম বন্ধ কৰিলে।”

“পূৰ্বৰ জমিদাৰৰ বংশধৰে মঝিহচ ভূমি অনলাইন চাব পাৰে। তেওঁলোকে এতিয়াও তেনে ভূমিত নিজৰ ‘বিশেষাধিকাৰ’ সূত্ৰে দখল থকা বুলি ধৰি অবৈধ উপায়ে সেই মাটি বিক্ৰী কৰি আহিছে। আমি সামূহিক প্ৰচেষ্টাৰে তেনেকৈ মাটি কাঢ়ি নিয়াত বাধা দি আহিছো,” তেওঁ কয়। এই মুণ্ডা গাঁৱত মুঠ ৩৬ একৰ ভূমি মঝিহচ ভূমি য’ত গাঁৱৰ মানুহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সামূহিকভাৱে খেতি কৰি আহিছে।

ত্ৰিশ বৰ্ষীয় ভৰোচি হ’ৰ’ই কয়, “গাঁৱৰ মানুহবোৰ ইমান বেছি পঢ়া-শুনা কৰা নহয়। আমি নাজানো যে এইখন দেশত কি নিয়ম আহে, কি নিয়ম সলনি হয়। পঢ়া-শুনা থকা মানুহে বহু কথাই জানে। কিন্তু বেছি জানি তেওঁলোকে কম জনা মানুহক লুটি খায়। সেই কাৰণতে আদিবাসীসকলে প্ৰতিৰোধ গঢ়ি তোলাৰ যত্ন কৰিছে।”

কাৰেণ্টৰ লুকা-ভাকু চলা আৰু ইণ্টাৰনেটৰ একেবাৰে দুৰ্বল সুবিধা থকা এলেকাৰ আদিবাসী বাসিন্দাই এই ‘ডিজিটেল বিপ্লৱ’ উদযাপন কৰিব পৰা নাই। ঝাৰখণ্ডৰ কেৱল ৩২ শতাংশ গ্ৰামাঞ্চলতহে ইণ্টাৰনেটৰ সুবিধা আছে। ইতিমধ্যে থকা জাত-পাত, লিংগভেদ, জনগোষ্ঠীৰ প্ৰতি বৈষম্যৰ ভাৱ আদিৰ লগত এই ডিজিটেল ডিভাইডো যোগ দিয়ক।

ৰাষ্ট্ৰীয় নমুনা সৰ্বেক্ষণ (৭৫তম এনএছএছ - জুলাই ২০১৭-জুন ২০১৮)ত কোৱা হৈছে যে ঝাৰখণ্ডৰ আদিবাসী এলেকাত কেৱল ১১.৩ শতাংশ পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে আৰু তাৰে গ্ৰামাঞ্চলত কেৱল ১২ শতাংশ পুৰুষ আৰু ২ শতাংশ মহিলাই ইণ্টাৰনেট চলাব জানে। গ্ৰামাঞ্চলত সেৱা প্ৰদানৰ বাবে প্ৰজ্ঞা কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যিটো বিষয়ত আগতেই দহখন জিলাৰ সৰ্বেক্ষণত আলোচনা কৰা হৈছে।

PHOTO • Jacinta Kerketta

গাঁৱত আদিবাসীসকলে যেতিয়া দেখে যে পূৰ্বৰ জমিদাৰৰ বংশধৰে জেচিবি আদি লৈ তেওঁলোকৰ ভূমি দখল কৰিবলৈ আহিছে, তেওঁলোকে নিজৰ ভূমি বচাবলৈ সংঘবদ্ধ ৰূপত যুঁজত অৱতীৰ্ণ হৈছে। তেওঁলোকে তাত গৈ বহিছে, হাল বাইছে আৰু দুপৰ নিশালৈকে পহৰা দিছে আৰু শেষত সুৰগুজাৰ বীজ ছটিয়াইছে

খুঁটি জিলাৰ কৰ্ৰা উন্নয়ন খণ্ডৰ চক্ৰ বিষয়া বন্দনা ভাৰতীয়ে কথা কওতে সামান্য সংকোচ কৰা যেন লাগিল, জুখি-মাখি কোৱা যেন লাগিল। “পূৰ্বৰ জমিদাৰৰ বংশধৰসকলৰ হাতত কাগজ-পাতি আছে। কিন্তু এইটো চাব লাগে যে মাটি কাৰ দখলত আছে। মাটিত আদিবাসী লোকৰ দখল আছে আৰু সেই মাটিত তেওঁলোকে খেতি কৰি আছে। এতিয়া এয়া এক জটিল বিষয় হৈ পৰিছে। আমি সাধাৰণতে এনে বিষয় আদালতলৈ পঠিয়াও। কেতিয়াবা পূৰ্বৰ জমিদাৰৰ বংশধৰে আৰু আদিবাসী লোকে নিজৰ মাজতে বিষয়টো মীমাংসা কৰি লয়।”

ইকনমিক এণ্ড পলিটিকেল ৱিকলিত ২০২৩ত প্ৰকাশিত এক গৱেষণাপত্ৰত কোৱা হৈছে, “…ৰাষ্ট্ৰীয় ভূমি লেখৰ আধুনিকীকৰণৰ কাৰ্য্যসূচী (এনএলআৰএমপি), ২০০৮ আৰু ডিজিটেল ইণ্ডিয়া লেণ্ডৰ অধীনত ডিজিটেল ভূমি লেখ (স্বত্বৰ লেখ্য)ৰ স্থিতি অনলাইন ভূমি লেখ প্ৰণালীত আপলোড কৰা হৈছে। অভিলেখ আধুনিকীকৰণ কাৰ্য্যসূচী, ২০১৪ৰ পৰা এই কথা গম পোৱা যায় যে প্ৰত্যেক ডিজিটেল ভূমি লেখত ৰাজহ ভূমিক ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰ কৰা হৈছে য’ত সামূহিক ভূমিৰ অধিকাৰৰ কালছোৱা আগৰ যি পাৰম্পৰকি/খতিয়ানি ব্যৱস্থাৰ অধীনত লিপিবদ্ধ কৰা হৈছিল, যিটো চিএনটিএৰ অধীনত প্ৰদত্ত, সেয়া উপেক্ষা কৰিছে।”

গৱেষকে খাতা বা প্লট নম্বৰ, ভূমিৰ পৰিমাণ, ভূমিৰ স্বত্বাধিকাৰিজনৰ জনজাতি/জাতিৰ নাম সলনি কৰা আৰু ভুল প্ৰৱিষ্টিৰ লগতে থগবাজি কৰি মাটি বিক্ৰী কৰাৰ ফলত গাঁৱৰ মানুহে অনলাইন লেখ শুধৰণি আৰু উন্নীত কৰিবলৈ ইটো-সিটো নানানটা অফিছলৈ তাঁতবাতি কৰি হাবাথুৰি খাবলগীয়া হৈছে - কিন্তু সকলো প্ৰচেষ্টা নিষ্ফল হৈছে। এতিয়া ভূমি আছে আনৰ নামত, তেওঁলোকে প্ৰয়োজনীয় ৰাজহ আদি দিব পৰা নাই।

“কোন এই অভিযানৰ আচল লাভাৰ্থী?” ভূমি অধিকাৰৰ বাবে জনজাগৰণ সৃষ্টিৰ প্ৰচেষ্টা চলোৱা একতা পৰিষদৰ ৰাষ্ট্ৰীয় সমন্বয়ক ৰমেশ শৰ্মাই প্ৰশ্ন কৰে। তেওঁ কয়, “ভূমিৰ লেখ ডিজিটেলকৰণ এক গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি ভাবে নেকি? নিঃসন্দেহে ৰাজ্য আৰু কেতবোৰ শক্তিশালী লোক ইয়াৰ আটাইতকৈ বেছি মুনাফা আদায় কৰা লাভাৰ্থী। আগতে এবাৰ জমিদাৰ, ভূ-মাফিয়া আৰু মধ্যভোগীয়ে লাভ উঠোৱাৰ দৰে এই অভিযানৰ তেওঁলোকে দ্বিতীয়বাৰ ফায়দা উঠাইছে।” তেওঁ ভাবে যে স্থানীয় প্ৰশাসনে পাৰম্পৰিক ভূমি সীমাংকনৰ বিষয়টো বুজা আৰু স্বীকৃতি দিয়াৰ ক্ষেত্রত ইচ্ছাকৃতভাৱে অনীহা দেখুৱাইছে।

বসন্তী দেৱী (৩৫)য়ে আদিবাসীসকলৰ মনৰ মাজত শিপাই যোৱা যি ভয়ক আপোনাৰ আগত তুলি ধৰিছে, সেয়া আপুনি কল্পনা কৰাতকৈ অধিক ভয়াৱহ হ’ব পাৰে। “এইখন গাওঁ চাৰিওফালৰ পৰা মঝিহচ ভূমিৰে আগুৰা। ৪৫ টা পৰিয়ালেৰে এইখন গাওঁ। ইয়াত মানুহে শান্তিৰে জীৱন যাপন কৰিছে। এতিয়া যদি কোনোবাই চাৰিওফালে মাটিবোৰ অবৈধ উপায়ে বিক্ৰী কৰি দিয়ে, বাউণ্ডেৰি থিয় কৰায়, তেতিয়া আমাৰ গৰু-ম’হ, ছাগলী আদি ক’ত চৰিবলৈ যাব? গাওঁখন সকলো ফালৰ পৰা বন্ধ হৈ পৰিব। আমি এই ঠাই এৰি আন ঠাইলৈ পলায়ন কৰিবলৈ বাধ্য হৈ পৰিম।”

প্ৰতিবেদকে জ্যেষ্ঠ অধিবক্তা ৰশ্মি কাত্যায়নৰ সৈতে হোৱা অন্তৰ্ভেদী আলোচনা আৰু সহায়ৰ বাবে ধন্যবাদ জনাইছে, যাৰবাবে এই প্ৰতিবেদনখন তথ্যসমৃদ্ধ হৈছে।

অনুবাদ: পংকজ দাস

Jacinta Kerketta

उरांव आदिवासी समुदाय से ताल्लुक़ रखने वाली जसिंता केरकेट्टा, झारखंड के ग्रामीण इलाक़े की स्वतंत्र लेखक व रिपोर्टर हैं. वह आदिवासी समुदायों के संघर्षों को बयान करने वाली कवि भी हैं और आदिवासियों के ख़िलाफ़ होने वाले अन्यायों के विरोध में आवाज़ उठाती हैं.

की अन्य स्टोरी Jacinta Kerketta
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das