বৰাটি গাঁৱৰ বয়সস্থ মহিলা সোণাবাঈ ভোসলেক পূৰ্ণাংগ বাঘ এটাই ২০১৬ৰ মাজভাগত নিজ খেতিপথাৰতে মাৰি পেলাইছিল, সেই পথাৰখন গাঁৱৰ পৰা ৫০০ মিটাৰমান দুৰত থকা হাবিৰ দাঁতিত লাগি থকা পথাৰ আছিল। বৰাটি গাঁৱৰ খৰি-খেৰ, বনজ সৰু-সুৰা বস্তু আৰু পশু আদি চৰোৱা আদি কামকে ধৰি প্ৰায় সকলো ক্ষেত্ৰতে গাঁৱৰ মানুহ বনৰ ওপৰতে নিৰ্ভৰশীল।
'আমি তেতিয়াৰে পৰা ভয় আৰু সংশয়ত দিন নিয়াইছো, বনৰীয়া জীৱ-জন্তুৱে আমাৰ শস্যপথাৰ উচন কৰে-ইফালে নতুনকৈ বাঘৰ ভয়,' স্থানীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী ৰমেশ খন্নীয়ে কয়। তেঁও গাঁৱৰ এক প্ৰতিনিধিবৰ্গ লৈ বন বিষয়া, জিলা উপায়ুক্ত আৰু স্থানীয় নেতাৰ কাষ চাপিছিল।
৫০ টা গৰু আৰু এটা বাঘ
বছৰ বছৰ ধৰি অত্ৰামৰ দিনযাপনৰ ধৰণ-কৰণ সলনি হোৱা নাই। তেঁও নিজৰ গৰুকেইটাক গা ধুৱাই দিনটোৰ আৰম্ভণি কৰে আৰু তাৰপিছত সিহতক চৰাবলৈ গাঁৱৰ কাষৰে হাবিত লৈ যায়।
সন্ধ্যা লাগিলে তেঁও উভতি আহে আৰু পিছদিনা একেখিনি কামকে পুনৰাই কৰে। আগতে তেঁও এজনী গাইৰ প্ৰতিমাহে ১০০ টকাকৈ লৈছিল। 'বিপদসংকূলতালৈ চাই আমি দাবী কৰিলো যে মজুৰী বঢ়াই দিব লাগে,' সুলৌচনাই কয়। গাঁৱৰ মানুহে আজিকালি প্ৰতিমাহে ১৫০ টকা দিয়ে-ক্ষতিশংকালৈ চাই তেঁওলোকক ৫০ টকাকৈ বঢ়াই দিয়া হৈছে,' তেঁও কয়। 'মোৰ তাত ৫০ জনীমান গাইৰ চোৱাচিতাৰ দায়িত্ব আছে,' এদিন গধুলি হাবিৰ পৰা আহি তেঁও ক'লে। 'মই এই কাম এৰিলে কৰিমনো কি?'
গাঁৱৰ মানুহে স্পষ্টকৈ কৈছে, 'যদি আপুনি বিপদত পৰিছে, তেন্তে আমাৰ গৰুৰ কথা চিন্তা কৰিব নালাগে।' এই কথাই মনত শান্তি দিয়ে, মানুহে মোৰ কথা কিমান চিন্তা কৰে সেয়াই তেঁওলোকৰ কথাত ফুটি উঠে। 'বাঘে যোৱা দুটা বছৰত জাকৰ পৰা ভালেকেইটা গৰু মাৰি পেলাইছে,' তেঁও কয়। গৰু মৰিলে মোৰ বৰ দুখ লাগে আকৌ মই যে জীৱিত অৱস্থাত আছো তাকে লৈ আনন্দিতও হও।'
অত্ৰামে কেতিয়াও স্কুললৈ যোৱা নাই, তেঁওৰ পত্নিও যোৱা নাই। কিন্তু তেঁওৰ তিনিওটি সন্তানে পঢ়ি আছে। তেঁও বিচাৰে যে তেঁওৰ ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰক, তাৰবাবে লাগিলে তেঁওৰ জীৱনেই সংকটত নপৰক কিয়। দিশাই এতিয়া ওচৰৰে কলেজ এখনত স্নাতক প্ৰথম বৰ্ষৰ পঢ়া সম্পূৰ্ণ কৰিছে। বৈষ্ণৱীয়ে এইবাৰ ১০ম মানৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। একেবাৰে সৰু অনৌজে আবাসিক বিদ্যালয় এখনত ৯ম মানত পঢ়ি আছে।
সুলৌচনাই গাঁৱৰ অংগনৱাড়ী সহায়ক হিচাপে কাম কৰে আৰু মাহে ৩ হাজাৰ টকা পায়। 'প্ৰতিদিনে পুৱা মই তেঁও সুৰক্ষিত অৱস্থাত ঘৰলৈ উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰো,' তেঁও কয়। 'প্ৰতিদিনে আবেলি মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’
অনুবাদঃ পংকজ দাস