“সিদিনা মোৰ সন্তানটো বাচিব নে নাই মই নিশ্চিত হ’ব পৰা নাছিলো। মোৰ জল ভাঙিছিল। কোনো হস্পিতেল নাছিল, কোনো স্বাস্থ্যকৰ্মীও নাছিল। চিমলাৰ এখন হস্পিতেললৈ যোৱাৰ বাটতে চলন্ত বলেৰ’ এখনতে মোৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল। মই আৰু ৰ’ব নোৱাৰিলো। তাতেই, বলেৰ’খনৰ ভিতৰতে সন্তান প্ৰসৱ কৰিলো।” সেই ঘটনাৰ ছটা মাহৰ পিছত যেতিয়া এইজন প্ৰতিবেদকে তেওঁক ২০২২ৰ এপ্ৰিলত লগ পাওঁ, অনুৰাধা মাহাতো (নাম সলনি কৰা হৈছে)য়ে তেওঁৰ কোলাত সন্তানটো লৈ বহি আছে। সেই দিনটো তেওঁৰ ভালকৈয়ে মনত আছে।

“সেইদিনা আবেলি তিনি বাজিছল। মোৰ জল ভঙাৰ লগে লগে স্বামীয়ে আশা বাইদেউক খবৰ দিয়ে। বাইদেউ ১৫/২০ মিনিটত উপস্থিত হয়। ততালিকে তেওঁ এখন এম্বুলেন্সৰ কাৰণে কল কৰা মোৰ মনত আছে। সেইদিনা বৰষুণ দি আছিল। এম্বুলেন্সখনে ১০ মিনিটতে যাত্ৰা কৰিব বুলি কৈছিল যদিও আমাৰ ইয়ালৈ এম্বুলেন্স আহি পাওঁতে অতিকমেও এঘণ্টা লাগে,” বৰষুণ দিলে ৰাস্তা আৰু বেছি ভয়ংকৰ হৈ পৰে, একুৰিৰ বেছি বয়সৰ অনুৰাধাই কয়।

তেওঁ তেওঁৰ তিনি সন্তান আৰু প্ৰব্ৰজনকাৰী শ্ৰমিক স্বামীৰ সৈতে হিমাচল প্ৰদেশৰ কৌটি গাঁৱৰ পাহাৰীয়া এলেকাৰ এটা অস্থায়ী জুপুৰীত থাকে। পৰিয়ালটোৰ আচল ঘৰ আছিল বিহাৰৰ ভগলপুৰ জিলাৰ গোপালপুৰত।

অনুৰাধাই ২০২০ত চিমলাৰ মশুৰবা উন্নয়ন খণ্ডৰ কৌটি গাঁৱত তেওঁৰ স্বামীৰ সৈতে থাকিবলৈ আহে। “পইচাৰ নাটনিৰ বাবেই আমি গাওঁ (বিহাৰৰ) এৰি ইয়ালৈ গুছি আহিবলগীয়া হ’ল,” তেওঁ কয়। তেওঁৰ গিৰীয়েক ৰাম মাহাতো (নাম সলনি কৰা হৈছে)য়ে নিৰ্মাণ চাইট এটাত মেচনৰ কাম কৰে আৰু য’তেই কাম থাকে, তালৈ যাব লাগে। বৰ্তমান তেওঁ তেওঁলোকৰ জুপুৰীটোৰ সন্মুখতে থকা চাইট এটাত কাম কৰি আছে।

সাধাৰণ দিন এটাতো এম্বুলেন্স এখন তেওঁলোকৰ থকা ঠাইলৈ অহাটো বৰ কঠিন। তেওঁলোকে যদি আকৌ চিমলাৰ জিলা সদৰত থকা কমলা নেহৰু হস্পিতেললৈ আহিব লাগে, কৌটিৰ পৰা ৩০ কিলোমিটাৰ দূৰত থকা সেই হস্পিতেলখন পাবলৈ ডেৰ-দুই ঘণ্টা লাগিব। তাতে যদি বৰষুণ দি থাকে আৰু তুষাৰপাত হয়, তেন্তে দুগুণ সময় লাগে।

Anuradha sits with six-month-old Sanju, outside her room.
PHOTO • Jigyasa Mishra
Her second son has been pestering her but noodles for three days now
PHOTO • Jigyasa Mishra

বাওঁফালে : অনুৰাধাই তেওঁৰ কোঠাত ছমহীয়া সন্তানটোৰ সৈতে বহিছে সোঁফালে : ডাঙৰ ৰাৰ সৈতে অনুৰাধা

অনুৰাধাৰ ঘৰৰ পৰা সাত কিলোমিটাৰ মান দূৰত সামূহিক স্বাস্থ্যকেন্দ্ৰ (চি.এইচ.চি.) এটা আছে, সেইটোৱে ওচৰে-পাজৰে থকা গাওঁ আৰু চুবুৰীৰ প্ৰায় ৫,০০০ মানুহলৈ সেৱা আগবঢ়ায়, অধিস্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী (আশা) ৰীণা দেৱীয়ে কয়। কিন্তু তাত একো সুবিধা নথকা বাবে কাচিৎহে তালৈ মানুহ যায়, আনকি বাধ্যতামূলক ২৪ ঘণ্টাই উপলব্ধ থাকিবলগীয়া এম্বুলেন্স সেৱাও নাই। “১০৮ ডায়েল কৰিলে এবাৰত কেতিয়াও বাহনখন নাহে। ইয়াত এম্বুলেন্স পোৱাটো কঠিন কাম। আমাক নিজাকৈ গাড়ীৰ ব্যৱস্থা কৰাবলৈ তেওঁলোকে জোৰ কৰে,” তেওঁ যোগ দিয়ে।

সাধাৰণতে চি.এইচ.চি. এটাত দক্ষতাসম্পন্ন প্ৰসৱকৰ্মীৰ দল এটা আৰু ১০ গৰাকী নাৰ্চে অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন প্ৰসূতি সেৱা যেনে চিজাৰিয়ান আৰু আন চিকিৎসা সেৱা আগবঢ়াব পাৰিব লাগে। চৌবিচ ঘণ্টাই সকলো জৰুৰীকালীন সেৱা উপলব্ধ থাকিব লাগে। কৌটি গাঁৱত কিন্তু সন্ধিয়া ছয় বজাতে চি.এইচ.চি.খন বন্ধ হয়। খোলা থাকিলেও তাত কোনো স্ত্ৰীৰোগ বিশেষজ্ঞ নাথাকে।

“প্ৰসৱ কোঠাতো কামত ব্যৱহাৰ নহয় কাৰণে সেইটোক পাকঘৰলৈ ৰূপান্তৰ কৰা হৈছে,” গাঁৱৰ এজন দোকানী হৰিশ যোশীয়ে কয়। “আনকি মোৰ বাইদেউজনীৰো একেই অৱস্থা হৈছিল, তেওঁ ঘৰতে ধাই এজনীৰ তত্ত্বাৱধানত প্ৰসৱ কৰিছিল। সেয়া তিনি বছৰ আগৰ কথা, কিন্তু পৰিস্থিতি একেই আছে। চি.এইচ.চি. খোলা থাকক বা নাথাকক, এনে পৰিস্থিতিত একো পাৰ্থক্য নাহে,” তেওঁ কয়।

অনুৰাধাৰ গাঁৱত থকা ধাইগৰাকী তেওঁৰ কামত নাহিল, ৰীণাই কয়। “তেওঁ আন জাতিৰ লোকৰ ঘৰলৈ নাহে,” আশাকৰ্মীগৰাকীয়ে কয়। “সেয়ে আমি আৰম্ভণিতে হস্পিতেললৈ যোৱাটোকে থিৰাং কৰিছিলো,” ৰাস্তাতে সন্তান প্ৰসৱ কৰাৰ দিনা অনুৰাধাক সংগ দিয়া ৰীণাই কয়।

“২০ মিনিটমান অপেক্ষা কৰাৰ পিছত মই যন্ত্ৰণাত থাকিব নোৱাৰা হ’লো,” অনুৰাধাই কয়। “আশা বাইদেৱে মোৰ স্বামীৰ লগত আলোচনা কৰিলে আৰু মোক চিমলালৈ গাড়ী ভাৰা কৰি নিয়াৰ সিদ্ধান্ত ল’লে। যোৱাৰ ভাৰা আছিল ৪,০০০ টকা। কিন্তু আমি যাত্ৰা কৰাৰ ১০ মিনিট পিছতে মই বলেৰ’ৰ পিছৰ ছিটটোতে সন্তান প্ৰসৱ কৰিলো।” তথাপিও চালকজনে চিমলালৈ অনুৰাধাৰ পৰিয়ালটোৰ পৰা সম্পূৰ্ণ ভাৰা লৈছিল, য’লৈ তেওঁলোকৰ যোৱাই নহ’ল।

Reena Devi, an ASHA worker in the village still makes regular visits to check on Anuradha and her baby boy.
PHOTO • Jigyasa Mishra
The approach road to Anuradha's makeshift tin hut goes through the hilly area of Koti village
PHOTO • Jigyasa Mishra

বাওঁফালে : গাওঁখনৰ আশাকৰ্মী ৰীণা দেৱীয়ে এতিয়াও অনুৰাধ আৰু তেওঁৰ পুত্ৰ সন্তানটোৰ খবৰ ল বলৈ যায় সোঁফালে : কৌটি গাঁৱৰ পাহাৰীয়া বাটেৰে অনুৰাধাৰ জুপুৰীলৈ

“প্ৰসৱ কৰা সময়ত আমি কোনোমতে তিনি কিলোমিটাৰমান বাটহে গৈছিলো,” ৰীণাই কয়। “ভাগ্যে চাফা কাপোৰ, পানীৰ বটল আৰু ব্যৱহাৰ নকৰা ব্লেড মোৰ লগত আছিল বুলিহে। তাৰবাবে ইশ্বৰলৈ ধন্যবাদ! আগতে কেতিয়াও নাভিৰজ্জু কটা নাছিলো। কিন্তু কেনেকৈ কাটে মই দেখিছিলো। সেয়ে মই পাৰিলো,” আশাকৰ্মীগৰাকীয়ে কয়।

সেই ৰাতি যে অনুৰাধা ভাগ্যৰ বলতহে চাগে বাচিল।

প্ৰসূতি মূত্যুৰ হাৰ গোলকীয় পৰ্য্যায়ত হ্ৰাস পাইছে, তথাপিও এতিয়াও গৰ্ভধাৰণৰ জটিলতা আৰু সন্তান প্ৰসৱৰ জটিলতাৰ ফলত ৮০০ৰো অধিক মহিলাৰ মৃত্যু হয়। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাৰ। নিম্ন আৰু মধ্য আয়সম্পন্ন পৰিয়ালৰ ক্ষেত্ৰত এনে মৃত্যুৰ হাৰ সৰ্বোচ্চ। ২০১৭ত ভাৰতত প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় লেখৰ ১২ শতাংশ আছিল ভাৰতত।

ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ (এম.এম.আৰ.) মানে প্ৰতি ১০০,০০০ সন্তান জন্মৰ বিপৰীতে ২০১৭-১৯ চনত ১০৩ আছিল। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ.ডি.জি.)ৰ পৰা এয়া বহুদূৰত, এই লক্ষ্যমতে ২০৩০ত এম.এম.আৰ.ৰ হাৰ ৭০লৈ হ্ৰাস পাব লাগে। এই অনুপাতে স্বাস্থ্য আৰু আৰ্থ-সামাজিক উন্নয়নৰ মূল সূচক, অনুপাতৰ তফাতে সম্পদৰ বৈষম্য দৰ্শায়।

হিমাচল প্ৰদেশৰ প্ৰসূতিজনিত মৃত্যুৰ তথ্য পোৱাটো ইমান সহজ নহয়। যদিও নীতি আয়োগৰ এছ.ডি.জি. ভাৰতৰ ২০২০-২১ৰ সূচকাংকত তামিলনাডুৰ পিছতে দ্বিতীয় স্থানত হিমাচল প্ৰদেশ আছে, কিন্তু এই স্থানে দূৰণিবটীয়া গাওঁ আৰু পাহাৰীয়া এলেকাত থকা দৰিদ্ৰ গ্ৰামীণ মহিলাৰ অৱস্থা ব্যক্ত নকৰে। অনুৰাধাৰ দৰে মহিলাই পুষ্টি, প্ৰসূতিৰ সুস্বাস্থ্য, প্ৰসৱোত্তৰ কালৰ যত্ন আৰু চিকিৎসাৰ আন্তঃগাঁথনি আদি সকলো ফালৰ পৰাই সমস্যাৰ সন্মুখীন হৈছে।

অনুৰাধাৰ স্বামী ৰামে প্ৰাইভেট কোম্পানী এটাৰ নিৰ্মাণ চাইটত শ্ৰমিক হিচাপে কাম কৰে। কাম থকা মাহবোৰত তেওঁ “মাহে ১২,০০০ টকা উপাৰ্জন কৰে, তাৰে ঘৰভাৰা হিচাপে ২,০০০ টকা কটা যায়,” ঘৰৰ ভিতৰলৈ মতাৰ সময়ত অনুৰাধাই মোক কয়। “ভিতৰত থকা আটাইখিনি আমাৰেই,” তেওঁ কয়।

এখন কাঠৰ বিচনা, এলুমিনিয়ামৰ এটা বাকচ, তাৰে ওপৰত কাপোৰ আৰু বাচন আদি থোৱা আছে। সেইটোৱেই ৮ ফুট বহল, ১০ ফুট দীঘল কোঠাটোৰ প্ৰায়ভাগ অংশ আগুৰি আছে। “আমাৰ সঞ্চয় বুলিবলৈ একো নাই। বেমাৰত পৰিলে, নাইবা বিপদৰ সময়ত আমি খোৱা-বোৱা, ল’ৰা-ছোৱালীৰ দৰৱ-গাখীৰ আদিৰ খৰছ কমাও আৰু ধাৰ কৰো,” অনুৰাধাই কয়।

Anuradha inside her one-room house.
PHOTO • Jigyasa Mishra
They have to live in little rented rooms near construction sites, where her husband works
PHOTO • Jigyasa Mishra

বাওঁফালে : এটা কোঠাৰ ঘৰটোৰ ভিতৰত অনুৰাধা সোঁফালে : নিৰ্মাণ চাইটৰ সৰু ভাৰা কোঠাটোতে তেওঁলোকৰ পৰিয়ালটো থাকে , তাৰে কাষতে তেওঁৰ স্বামীয়ে কাম কৰে

২০২১ত তেওঁলোকৰ আৰ্থিক নাটনিত অনুৰাধাৰ গৰ্ভধাৰণে আৰু বেছি জটিলতাৰ সৃষ্টি কৰে। ইফালে গোটেই দেশতে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ। সেই সময়ত ৰামে কোনো কাম পোৱা নাছিল। তেওঁ মজুৰিৰ নামত ৪,০০০ টকা পাইছিল। তেতিয়াও তেওঁলোকে ঘৰটোৰ ভাৰা দি থাকিবলগীয়া হৈছিল, হাতত ৰৈছিল কেৱল ২,০০০ টকা। আশা বাইদেউগৰাকীয়ে আইৰন আৰু ফলিক এচিডৰ টেবলেট দিছিল যদিও দুৰত্ব আৰু খৰছৰ কাৰণে অনুৰাধাই নিয়মীয়া স্বাস্থ্যপৰীক্ষা কৰাব পৰা নাছিল।

“চি.এইচ.চি.টো চলি থকা হ’লে অনুৰাধাই ইমান চিন্তা নকৰাকৈ সন্তান জন্ম দিব পাৰিলেহেঁতেন, গাড়ীভাৰাৰ নামত ৪,০০০ টকা খৰছ কৰিবলগীয়া নহ’লহেঁতেন,” ৰীণাই কয়। “চি.এইচ.চি.টোত প্ৰসৱ কোঠা আছে যদিও সেইটো অচল,” তেওঁ কয়।

“কোটাৰ চি.এইচ.চি.টোত প্ৰসৱৰ সুবিধা নথকাৰ কাৰণে তাৰে মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ কথা আমি বুজি পাওঁ, কিন্তু কৰ্মচাৰীৰ নাটনিৰ বিষয়টো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত,” চিমলা জিলাৰ মুখ্য চিকিৎসা বিষয়া সুৰেখা চোপ্ৰাই কয়। “স্ত্ৰীৰোগ বিশেষজ্ঞ নাই, নাৰ্চ নাইবা চাফাই কৰ্মীয়ে প্ৰসৱৰ কেচ চম্ভালিব লাগে। ডাক্তৰে কৌটিৰ দৰে গ্ৰামাঞ্চললৈ যাব নিবিচাৰে, গোটেই দেশতে এইটোৱে অপ্ৰিয় সত্য কথা,” তেওঁ কয়।

ৰাজ্যখনত চি.এইচ.চি.ৰ সংখ্যা ২০০৫ৰ ৬৬ৰ পৰা ২০২০ত ৮৫ লৈ আৰু বিশেষজ্ঞ ডাক্তৰৰ সংখ্যা ২০০৫ৰ ৩,৫৫০ৰ পৰা ২০২০ত ৪,৯৫৭লৈ বৃদ্ধি পাইছে যদিও হিমাচল প্ৰদেশৰ গ্ৰামাঞ্চলত দক্ষতাসম্পন্ন প্ৰসৱকৰ্মী-স্ত্ৰীৰোগ বিশেষজ্ঞৰ নাটনি ৯৪ শতাংশ। এয়া গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা ২০১৯-২০ৰ তথ্য। চমুকৈ ক’বলৈ হ’লে আৱশ্যকীয় ৮৫ গৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰিৱৰ্তে কেৱল ৫ গৰাকীহে উপলব্ধ। ইয়ে গৰ্ভৱতী মহিলাৰ ওপৰত অভাৱনীয় শাৰীৰিক, মানসিক আৰু আৰ্থিক চাপ সৃষ্টি কৰি আহিছে।

অনুৰাধাৰ ঘৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ শীলা চৌহান (৩৫)য়েও ২০২০ৰ জানুৱাৰীত তেওঁৰ কন্যাসন্তান জন্ম দিওতে চিমলাৰ ব্যক্তিগত খণ্ডৰ হস্পিতাল এখনলৈ যাবলগীয়া হৈছিল। “সন্তান জন্মৰ ছমাহৰ পিছতো মই ধাৰত আছো,” শীলাই পাৰিক কয়।

তেওঁৰ আৰু তেওঁৰ ৪০ বছৰ বয়সীয়া স্বামী, কৌটি গাঁৱত বাঢ়ৈৰ কাম কৰা গোপাল চৌহানে চুবুৰীয়াৰ পৰা ২০,০০০ টকা ধাৰে আনিছিল। দুবছৰ পাৰ হ’ল, এতিয়াও তেওঁলোকে ৫,০০০ টকা ধাৰত আছে।

PHOTO • Jigyasa Mishra
Rena Devi at CHC Koti
PHOTO • Jigyasa Mishra

বাওঁফালে : তেওঁলোকৰ ঘৰৰ কাষতে সেয়া নিৰ্মাণ চাইট , তাতে ৰামে এইবছৰ এপ্ৰিল মাহত কাম কৰিছিল সোঁফালে : কৌটিৰ চি . এইচ . চি . ৰীণা দেৱী

শীলাই চিমলাৰ যিখন প্ৰাইভেট হস্পিতেলত আছিল, তাত তেওঁ এদিনৰ বেছি থাকিব নোৱাৰিলে, কোঠাৰ ভাৰা আছিল ৫,০০০ টকা। দ্বিতীয়দিনা তেওঁ আৰু গোপালে নৱজাতক সন্তানক লৈ চিমলাৰ পৰা ২,০০০ টকাত গাড়ী এখন ভাৰা কৰিলে। গাড়ীখনে তেওঁলোকক ঘৰ পোৱা আগতেই এঠাইত এৰিলে, ৰাস্তাত তুষাৰপাতৰ কাৰণে তেওঁ যাবলৈ অমান্তি হ’ল। “সেই ৰাতিটোৰ কথা ভাবিলে মোৰ এতিয়াও গাৰ নোম শিঁয়ৰি উঠে। তুষাৰপাত হৈ আছিল। সন্তান প্ৰসৱৰ এটা দিন হৈছিল মাত্ৰ, মই একাঠু বৰফত খোজকাঢ়ি আছিলো,” শীলাই কয়।

“চি.এইচ.চি.টো ভালদৰে কাৰ্য্যক্ষম হৈ থকা হ’লে আমি চিমলালৈ দৌৰিবলগীয়া নহ’লহেঁতেন, ইমান খৰছো নহ’লহেঁতেন আৰু সন্তান জন্ম দিয়াৰ পিছদিনাখনেই মোৰ পত্নীয়ে ইমান বৰফৰ মাজেৰে খোজ কাঢ়ি ঘৰ আহিবলগীয়া নহ’লহেঁতেন,” গোপালে কয়।

স্বাস্থ্যসেৱা ব্যৱস্থা কৌটিত ভাল হোৱাহেঁতেন, শীলা আৰু অনুৰাধাৰ দৰে গ্ৰামাঞ্চলৰ মহিলাই জননী শিশু সুৰক্ষা কাৰ্য্যসূচীৰ অধীনত বিনামূলীয়াকৈ নগদবিহীন স্বাস্থ্যসেৱা লাভ কৰিব পাৰিলেহেঁতেন। চৰকাৰী আঁচনিৰ যোগেদি তেওঁলোকে চৰকাৰী হস্পিতেলত চিজাৰিয়েন চেক্সনকে ধৰি সন্তান প্ৰসৱৰ বিনামূলীয়া সুবিধা লাভ কৰিলেহেঁতেন। তেওঁলোকে দৰৱ-পাতি, পৰীক্ষা, ডায়েট আৰু তেজ আদিকে ধৰি আন সুবিধাও লাভ কৰিলেহেঁতেন। যাতায়তৰ সুবিধাও পালেহেঁতেন। নিজা একো খৰছ নহ’লহেঁতেন। কিন্তু এই আটাইবোৰ কাগজতে সীমাবদ্ধ হৈ ৰ’ল।

“জন্মৰ কেৱল দুদিন হোৱা আমাৰ জীয়ৰীজনীৰ কাৰণে বহুত চিন্তা হৈছিল,” গোপালে কয়। “সেই জাৰত তাই নাবাচিবলগীয়াও আছিল।”

সমগ্ৰ দেশৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু তৰুণ মহিলাসকলৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা এই প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত - কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc- [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক - [email protected]

অনুবাদ: পংকজ দাস

Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Illustration : Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das