‘‘দিল্লীৰ পৰা ঘূৰি অহা প্ৰায় দুবছৰেই হ’ল৷ চৰকাৰে আমাৰ সকলো দাবী মানি ল’ব বুলি আশ্বাস দিছে যদিও কোনো এজন কৃষকেই আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰা নাই’’, পাঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ বাসিন্দা ৬০ বৰ্ষীয় চৰণজিৎ কৌৰে এইদৰে কয়৷ তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকে দুই একৰ ভূমিত ঘেঁহু, ধান আৰু শাক-পাচলিৰ উৎপাদন কৰে৷ ‘‘আমাৰ কৃষকসকলৰ অধিকাৰৰ হকে আমি যুঁজি আহিছো’’, তেওঁ এনেদৰে কয়৷
পাতিয়ালা জিলাৰ শম্ভু সীমান্তত আন মহিলা কৃষকসকলৰ সৈতে বান্ধৱী গুৰমিৎ কৌৰৰ কাষতে বহি আছে চৰণজিৎ কৌৰ৷ পশ্চিমৰ বেলিৰ পাতল ৰ’দ তেওঁলোকৰ গাত পৰিছে। ‘‘তেওঁলোকে (চৰকাৰে) আমাক দিল্লীত আনকি প্ৰৱেশ কৰিবও নিদিলে,’’ দিল্লীত কৃষকসকলক বাধা দিবলৈ হাৰিয়ানা-পাঞ্জাৱ আৰু দিল্লী-হাৰিয়ানা সীমান্তত স্থাপন কৰা কেইবা তৰপীয়া বেৰিকেডৰ কথা উল্লেখ কৰি গুৰমিতে এইদৰে কয়৷ পঢ়কঃ ‘মই শম্ভু সীমান্তত নিজকে কাৰাবন্দীৰ দৰে অনুভৱ কৰিছিলো’
প্ৰতিবাদস্থলীত গোট খোৱা কৃষকসকলে কয় যে চৰকাৰে বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হৈছে - স্বামীনাথন আয়োগ অনুসৰি ন্যূনতম সমৰ্থন মূল্যৰ গেৰাণ্টি (এমএছপি), কৃষক আৰু কৃষি শ্ৰমিকসকলৰ সম্পূৰ্ণ ঋণ মাফ, লখিমপুৰ-খেৰি গণহত্যাৰ বলি হোৱা কৃষকসকলৰ প্ৰতি ন্যায়দান, সেই সংঘৰ্ষৰ অপৰাধীক গ্ৰেপ্তাৰ, কৃষক আৰু শ্ৰমিকসকলৰ বাবে পেঞ্চন আৰু ২০২০-২০২১ প্ৰতিবাদৰ সময়ত শ্বহীদ হোৱা কৃষকসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ৷
কেইসপ্তাহমান পূৰ্বে অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত যেতিয়া কৃষকসকলে দেশৰ ৰাজধানীলৈ বুলি লক্ষ্য কৰি শান্তিপূৰ্ণ সমদলত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোকক হাৰিয়ানাৰ আৰক্ষীয়ে কন্দুৱা গেছ, পানীহিলৈ, ৰবৰৰ বুলেট আদিৰে আদৰণি জনাইছিল৷










