মই যিদিনা গান্ধীনগৰ আৰু আলাগাপুৰি গাঁৱত উপস্থিত হৈছিলো, গাওঁদুখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছিল। মানুহৰ ভীৰ লাগি আছিল। দলিত লোকেৰে অধ্যুষিত গাওঁদুখনক ভাগ কৰিছিল এটা ৰাস্তাই। ৰাস্তাত পুলিচৰ গাড়ী, ইফালে-সিফালে পুলিচেৰে ভৰি আছিল। শিৱকাশী চহৰৰ কনিষ্কা ফায়াৰৱৰ্কছ্ কোম্পানীত জুই লাগি ১৪ জন শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে গাঁৱৰ মানুহখিনিক জোকাৰি গৈছিল। কেৱল গান্ধীনগৰ গাঁৱতে ছজন মানুহ ঢুকাইছিল। আটাইকেইজনে আছিল দলিত।
প্ৰিয়জনক হেৰুৱাই মানুহে ৰাস্তাত হিয়াঢাকুৰি কান্দি আছিল। কিছুমানে বিৰুধুনগৰ জিলাৰ গাঁৱে-চহৰে থকা আত্মীয়-কুটুমক খবৰ দিয়াত ব্যস্ত আছিল।
কিছুসময়ৰ পিছতে ভীৰটো সমাধি শ্মশানশালিৰ দিশে আগবাঢ়িল। ময়ো তাতে যোগ দিলো। গোটেই গাওঁখনেই ২০২৩ৰ ১৭ অক্টোবৰত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা গাওঁখনৰ ছজন শ্ৰমিকক বিদায় দিবলৈ শ্মশানশালি অভিমুখে গতি কৰিছিল। অগ্নিদগ্ধ হোৱা শৱকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বিচাৰি উলিয়াই নিওতে কিমান অসুবিধা হৈছিল, সেয়া বুজাই আছিল অগ্নিনিৰ্বাপক বাহিনীৰ দায়িত্বত থকা এজন লোকে।
ৰাতি ৮ বাজি ৩০ মিনিটমানত ছখন এম্বুলেন্স সমাধিস্থলত উপস্থিত হ’ল। গোটেই ভীৰটোৱে এম্বুলেন্স আগুৰি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। এক মুহূৰ্তৰ বাবে মই মোৰ কাম কি আছিল পাহৰি গ’লো। কেমেৰাটো উলিয়াব পৰা নাছিলো। ৰাতিৰ আন্ধাৰে মৰিশালিখন ঢাকি আছিল। উৰি থকা উঁইপৰুৱাই এটা লাইটক কেন্দ্ৰ কৰি এনেকৈ থূপ খাইছিল যেন সেয়া উঁইপৰুৱা নহয়, গাঁৱৰ মানুহখিনিহে।
শৱকেইটা উলিওৱাৰ লগে লগে মানুহবোৰে আঁতৰি দিলে। পোৰা যোৱা মাংসৰ গোন্ধ কোনেও সহ্য কৰিবপৰা নাছিল। দুই-এজনে আকৌ বমি কৰিছিল। ভীৰটো ততালিকে নাইকিয়া হৈছিল, শ্মশানখন অকলশৰীয়া হৈ ৰৈছিল।






























