ভাতমুঠিৰ জ্বালাই এটা সময়ত জালাল আলীক বাঁহৰ মাছধৰা সঁজুলি সজা কামটো শিকিবলৈ বাধ্য কৰিছিল।
দিনহাজিৰা কৰি চলি থকা তেতিয়াৰ ডেকাল’ৰাজনে বাৰিষাৰ দিনত কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল: “বাৰিষাৰ দিন পৰিল মানে কেইদিনমান কঠিয়া তোলা, ভূঁই ৰোৱা কাম পায়, তাৰপিছত একো কাম নাথাকে,” তেওঁ কয়।
কিন্তু বাৰিষাৰ দিন আহিলে মাছৰো উজান উঠিছিল। দৰং জিলাৰ মৌসিটা-বালাবাৰী অঞ্চলটোৰ খাল-বিল আদি মাছেৰে উপচি পৰিছিল। সেয়ে মাছ ধৰা সঁজুলিৰো বৰ চাহিদা আছিল। “পৰিয়ালটো পুহিবলৈ বুলি ময়ো মাছধৰা বাঁহৰ সঁজুলি সজা কামটো শিকিবলৈ ল’লো। ভোকত থাকিলে আপুনি যি কামেই সন্মুখত দেখে, সেই কাম কৰিয়ে পেট পুৰোৱাৰ কথা চিন্তা কৰিবলৈ বাধ্য হয়,” পুৰণি দিনবোৰৰ কথা মনত পেলাই হাঁহি মাৰি ষাঠি বছৰীয়া জালালে কয়।
এতিয়া জালাল চেপা, বচনা আৰু বাইৰ - এই তিনিবিধ বিভিন্ন ধৰণৰ মাছধৰা থলুৱা সঁজুলি সাজি উলিওৱা কামত পাকৈত। অসমৰ মৌসিটা-বালাবাৰী বিলৰ কাষতে পূব-পদোখাত গাঁৱৰ নিজ ঘৰতে তেওঁ এই সঁজুলিবোৰ বনায়।
“দুটা দশক আগৰ কথা, আমাৰ গাঁৱৰ লগতে কাষৰ গাওঁবোৰৰ প্ৰতিঘৰ মানুহে মাছ ধৰিবলৈ সঁজুলি (বাঁহৰ) ব্যৱহাৰ কৰিছিল। তেতিয়া মাছ ধৰিবলৈ আছিল বাঁহৰ সঁজুলি নাইবা হাতে বোৱা চিৱ জাল।” তেওঁ স্থানীয় ভাষাত টঙি জাল বা ঝেতকা জাল বুলি কোৱা দীঘল বাঁহৰ ডাং এডালৰ মূৰত লগাই লোৱা চাৰিটা টঙিৰে টানি স্ফীত কৰা এবিধ মাছ ধৰা চাৰিচুকীয়া জালৰ কথা কৈছে।
থলুৱা মাছধৰা সঁজুলিবোৰৰ নাম তাৰ আকাৰ অনুযায়ী ৰখা হয়: “চেপা হৈছে ঢোলৰ দৰে দুই মূৰ চেপেটা দীঘলীয়া পেট ডাঙৰ মাছধৰা সঁজুলি। আকৌ বাইৰ দেখাত একে যদিও আকাৰত ডাঙৰ আৰু বহল। ডাৰকি হৈছে বৰ্গাকাৰ বাকচ এটাৰ দৰে সঁজুলি,” জালালে বুজাই কয়। দুয়েৰ, দিয়াৰ আৰু বচনা - এই তিনিবিধ সঁজুলি বোৱতী পানীত পতা হয়, ঘাইকৈ পানী আবদ্ধ হৈ থকা ধান আৰু মৰাপাটৰ খেতিপথাৰ, সৰু খাল, বিললৈ বৈ যোৱা পানী, জলাশয় বা নদীৰ মোহনা আদিত।














