গুণা কৰা কামত জামিল পাকৈত। ঘণ্টাৰ পিছত ঘণ্টা মাটিত ভৰি কোঁচাই বহি ২৭ বৰ্ষীয় জামিলে দামী দামী কাপোৰত গুণা খটুৱাই পোচাকৰ জেউতি চৰায়। কিন্তু বিশ বছৰ বয়সতে যক্ষ্মাই তেওঁৰ হাতৰ পৰা বেজী-সূতা কাঢ়ি নিলে। হাড়ৰ যক্ষ্মা হোৱা জামিলৰ হাড়বোৰ ইমানেই ঠুনুকা হৈ পৰিল যে দীঘলীয়া সময়ৰ বাবে বহি থকাটো তেওঁৰ বাবে কোনো কাৰণতে সম্ভৱপৰ হৈ নাথাকিল।
“এই বয়সত কাম মইহে কৰিব লাগে, মা-দেউতাহঁতে জিৰণি ল’ব লাগে। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য আপুনি দেখিব। মোৰ চিকিৎসাৰ খৰছ উলিয়াবলৈ তেওঁলোকে কাম কৰিবলগীয়া হৈছে,” চিকিৎসাৰ বাবে কলকাতালৈ যাতায়াত কৰা হাওৰা জিলাৰ চেংগাইল এলেকাৰ ডেকাল’ৰাজনে কয়।
একেখন জিলাৰে অভিক আৰু তেওঁৰ পৰিয়াল হাওৰাৰ পিলখানা বস্তিত থাকে। কিশোৰ অভিকো হাড়ৰ যক্ষ্মাৰোগত আক্ৰান্ত। ২০২২ৰ মাজভাগত তেওঁ স্কুলৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল। তেওঁ আৰোগ্যৰ দিশে আগবাঢ়িছে যদিও স্কুললৈ যাব পৰা হোৱা নাই।
২০২২ত যেতিয়া এই প্ৰতিবেদন যুগুতাবলৈ আৰম্ভ কৰিছিলো, তেতিয়া প্ৰথমবাৰৰ বাবে মই জামিল, অভিক আৰু আন বহুতকে লগ পাইছিলো। পিলখানাৰ বস্তিৰ সিহঁতৰ ঘৰলৈ মই প্ৰায়ে গৈ থাকিছিলো, তেওঁলোকক দেখা কৰি প্ৰাত্যহিক জীৱনক জনাৰ আৰু ফটোৰে ধৰি ৰখাৰ চেষ্টা কৰিছিলো।
প্ৰাইভেট ক্লিনিকত দেখুৱাবলৈ সম্বল নথকা জামিল আৰু অভিকে হাওৰা আৰু দক্ষিণ ২৪ পৰগনা জিলাৰ গ্ৰামাঞ্চলৰ ৰোগীৰ সেৱাৰ্থে বেচৰকাৰী সংস্থা এটাই চলোৱা ভ্ৰাম্যমাণ টিবি ক্লিনিক এটালৈ স্বাস্থ্য-পৰীক্ষা কৰোৱাৰ বাবে আৰম্ভণিতে আহিছিল। কেৱল তেওঁলোকেই নহয়, আন বহুতেই আহিছিল।






















