সময় পুৱাৰ ৯ বজা৷ মুম্বাইৰ আজাদ ময়দান খেলপথাৰ এচাম তৰুণ ক্ৰিকেটাৰৰ উচাহ আৰু হৈ-হাল্লাত সৰৱ হৈ পৰিছে৷ খেলৰ গতি বঢ়াৰ লগে লগে দৰ্শক-খেলুৱৈৰ উচাহো তীব্ৰ হৈ আহিছে৷

প্ৰায় ৫০ মিটাৰ মান দূৰৈত ৫০০০ অংশগ্ৰহণকাৰীৰ সৈতে সেই খেলপথাৰত আন এক ‘খেলো’ চলি আছে৷ এই খেল দীঘলীয়া সময় ধৰি চলি আছে৷ সহস্ৰাধিক স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী (আশা)ই যোৱা মাহৰ পৰা অৰ্থাৎ ৯ ফেব্ৰুৱাৰীৰ পৰা মুম্বাইৰ আজাদ ময়দান খেলপথাৰত অবিৰাম প্ৰতিবাদত অংশগ্ৰহণ কৰিছে৷ প্ৰতিবাদৰ প্ৰথম সপ্তাহতে পঞ্চাশোধিক মহিলা অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে৷

ব্যস্ত পথটোৰ সন্মুখতে এগৰাকী প্ৰায় ৩০ বৰ্ষীয়া আশা কৰ্মী মাটিত বহি আছে৷ চৌপাশে টহল দি থকা লোকসকলৰ আশ্চৰ্য দৃষ্টিৰ পৰা যেন তেওঁ হাত সাৰিব বিচাৰিছে৷ মহিলাৰ এটা গোটে তেওঁক দোপাত্তা আৰু চাদৰেৰে ঢাকি কাপোৰ সলোৱাত সহায় কৰিছে৷

কেইঘণ্টামান পিছত দুপৰীয়া আহাৰৰ সময়ত প্ৰখৰ ৰ’দৰ তাপত আশাকৰ্মীসকলে আন এগৰাকী সহকৰ্মী ৰীতা চাৱৰেক আগুৰি ধৰিছে৷ প্ৰত্যেকৰে হাতত একোটা খালী টিফিন বা প্লেট৷ ৪৭ বৰ্ষীয়া মহিলাগৰাকীয়ে ঘৰতে প্ৰস্তুত খাদ্য পৰিৱেশন কৰাৰ সময়লৈ সকলোৱে ধৈৰ্য ধৰি অপেক্ষা কৰিছে৷ ‘‘মই ইয়াত প্ৰতিবাদ কৰিবলৈ অহা ৮০-১০০ গৰাকী আশাকৰ্মীক খাদ্য পৰিৱেশন কৰিছো’’, থানে জিলাৰ টিছগাঁৱৰ পৰা আন ১৭ গৰাকী আশাকৰ্মীৰ সৈতে আজাদ ময়দানলৈ প্ৰতিবাদ কৰিবলৈ অহা ৰীতাই এইদৰে কয়৷

‘‘কোনো আশাকৰ্মী যাতে ভোকত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছো৷ কিন্তু এতিয়া আমি অসুস্থ হৈ পৰিছো৷ আৰু লগতে ভাগৰুৱাও’’, পাৰিৰ সৈতে কথা পাতি তেওঁ এইদৰে কয়৷

PHOTO • Swadesha Sharma
PHOTO • Swadesha Sharma

হাজাৰ হাজাৰ স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (চমুকৈ আশা)সকলে যোৱামাহত মুম্বাইৰ আজাদ ময়দানত প্ৰতিবাদ প্ৰদৰ্শন কৰিছিল। কল্যাণ সম্প্ৰদায়ৰ ৰীতা চাৱৰে আৰু ১৭ গৰাকী আন আশাকৰ্মীয়ে ২১ দিন মুম্বাইৰ আজাদ ময়দানলৈ আহি যিমান পাৰে, সিমান প্ৰতিবাদকাৰীক খাদ্য খুৱাইছিল। ২০০৬ত ৰীতাই (সোঁফালে) আশাকৰ্মী হিচাপে যোগদান কৰে আৰু মহাৰাষ্ট্ৰৰ টিছগাঁৱৰ ১,৫০০ গৰাকী লোকৰ দায়িত্বত আছে

PHOTO • Swadesha Sharma
PHOTO • Ujwala Padalwar

ৰাজ্যখনৰ ৩৬খন জিলাৰ আশাকৰ্মীসকলে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একত্ৰিত হৈছে আৰু ইয়াত তেওঁলোকে একেৰাহে ২১ টা দিন আৰু ৰাতি পাৰ কৰিছে, বহুতে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তিও হ’বলগীয়া হৈছে

২১ দিনৰ পিছত অৰ্থাৎ ১ মাৰ্চৰ দিনা অৱশেষত আশাকৰ্মীসকলে ঘৰলৈ উভতি যায়৷ ‘‘ আশা চি নিৰাশা চৰকাৰ কৰনাৰনাহি৷ [চৰকাৰে আশা কৰ্মীসকলক নিৰাশ নকৰে]’’, মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে সেইদিনা মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত এইদৰে ঘোষণা কৰে৷

তৃণমূল পৰ্য্যায়ত ৭০ টাতকৈও অধিক স্বাস্থ্যসেৱা আগবঢ়োৱা আশাকৰ্মীসকলৰ স্বাস্থ্যসেৱাৰ এক বিশাল কৰ্মশক্তি৷ কিন্তু তেওঁলোকক সংহত শিশু বিকাশ সেৱা কাৰ্যসূচী (আইচিডিএছ) আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান (এনআৰএইচএম)ৰ অধীনত ‘স্বেচ্ছাসেৱী’ হিচাপে অভিহিত কৰা হৈছে৷ অৰ্থাৎ তেওঁলোকৰ সেৱাৰ বিপৰীতে প্ৰাপ্য চৰকাৰী দৰমহাৰ পৰিৱৰ্তে তেওঁলোকক ‘মাননি’হে দিয়া হয়।

মাননিৰ উপৰিও তেওঁলোকে পিবিপি-ৰ (দক্ষতাভিত্তিক মাননি অথবা ইনচেনটিভ) বাবেও যোগ্য৷ এনআৰএইচএম-য়ে কয় যে আশাকৰ্মীসকলে সামূহিক টীকাকৰণ, প্ৰজনন আৰু শিশু স্বাস্থ্যৰ সেৱা (আৰচিএইচ) আৰু অন্যান্য কাৰ্যসূচীৰ বাবে দক্ষতাভিত্তিক ইনচেনটিভ লাভ কৰে৷

নিশ্চিতভাৱে এই ধন পৰ্যাপ্ত নহয়৷ আশাকৰ্মী ৰামা মানতকাৰে এইদৰে কয়, ‘‘ বিন পাগাৰি , ফুল অধিকাৰী [কোনো মাননি নাই, কেৱল দায়িত্বহে]! তেওঁলোকে আমাৰ পৰা বিষয়াৰ দৰে কাম বিচাৰে, কিন্তু দৰমহা দিবলৈ ইচ্ছা নকৰে৷’’

এই প্ৰতিবেদন প্ৰস্তুত হোৱাৰ সময়লৈ মুখ্যমন্ত্ৰীৰ শেহতীয়া প্ৰতিশ্ৰুতি বিগত মাহৰ আনবোৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ (জিআৰ) দৰে ফলাফলবিহীন শূন্য হৈ আছে৷ আশাকৰ্মীসকলে কেৱল আশ্বাসৰ পিছত আশ্বাসহে লাভ কৰি গৈ আছে৷

হাজাৰ হাজাৰ আশাকৰ্মীয়ো অক্টোবৰ ২০২৩ত চৰকাৰে দৰমহা বৃদ্ধিৰ বাবে জাৰী কৰা জিআৰ-ক লৈ প্ৰতিবাদত অটল হৈ আছে৷

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালেঃ নাগপুৰৰ বনশ্ৰী ফুলবন্ধে ১৪ বছৰ ধৰি আশাকৰ্মী হিচাপে নিয়োজিত হৈ আছে৷ সোঁফালেঃ য়াভাতমাল জিলাৰ আশাকৰ্মী প্ৰীতি কৰ্মনকাৰ (একেবাৰে বাঁওফালে) আৰু অন্তকালা ম’ৰে (একেবাৰে সোঁফালে) কয় যে তেওঁলোকে ডিচেম্বৰ ২০২৩ৰ পৰা মাননি লাভ কৰা নাই

‘‘মানুহে আশাকৰ্মীসকলক পৰিয়ালৰ লোকতকৈও অধিত বিশ্বাস কৰে! স্বাস্থ্য বিভাগ আমাৰ ওপৰত নিৰ্ভৰশীল’’, সমাজৰ বঞ্চিত লোকসকলক স্বাস্থ্য সেৱা আগবঢ়োৱা ভূমিকাৰ বিষয়ে আলোকপাত কৰি বনশ্ৰী ফুলবন্ধেয়ে এইদৰে কয়৷ ‘‘যেতিয়াই কোনো নতুন চিকিৎসক আহে, তেওঁলোকে আশাকৰ্মী ক’ত আছে, তেওঁৰ ফোন নম্বৰ পামনে, এইবুলি সোধে৷

১৪ বছৰ ধৰি আশাকৰ্মী হিচাপে কাম কৰি অহা বনশ্ৰীয়ে এইদৰে কয়, ‘‘মই ১৫০ টকা মাননিৰে কাম আৰম্ভ কৰিছিলো, এয়া বনবাসৰ দৰে নহয়নে? যেতিয়া ভগৱান শ্ৰীৰাম ১৪ বছৰৰ পিছত অযোধ্যালৈ ঘূৰি আহিছিল, তেওঁক স্বাগতম জনোৱা নহৈছিল নে? আমাক স্বাগতম জনাব নালাগে, কিন্তু পৰ্যাপ্ত মানধন [সন্মানীয় মাননি]খিনিতো দিয়া, যাতে আমি সন্মানসহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰো৷’’

তেওঁলোকৰ আন এটা দাবীও আছেঃ তেওঁলোকে প্ৰত্যেকবাৰে তিনি মাহৰ বিলম্ব নোহোৱাকৈ আন লোকৰ দৰে প্ৰত্যেক মাহে সময়মতে দৰমহাখিনি লাভ কৰিব পাৰেনে? প্ৰতিবাৰেই তেওঁলোকৰ দৰমহা তিনিমাহ পিছুৱাই থাকে।

‘‘যদি আমি সময়মতে মাননিয়েই নাপাও, আমি কেনেকৈ চলিম?’’ য়াভাতমালৰ জিলা উপাধ্যক্ষ আশাকৰ্মী প্ৰীতি কৰ্মকনকাৰে এইদৰে কয়৷ ‘‘আশাকৰ্মী এগৰাকীয়ে সেৱা আগবঢ়ায়, কিন্তু তেওঁৰো এটা পেট আছে৷ যদি তেওঁ মাননি নাপায়, কেনেদৰে চলিব?’’

স্বাস্থ্য বিভাগে আয়োজন কৰা বাধ্যতামূলক কৰ্মশালা আৰু জিলা বৈঠকসমূহলৈ অহা-যোৱা খৰচো আশাকৰ্মীসকলে তিনিৰ পৰা পাঁচমাহৰ মূৰতহে লাভ কৰে৷ ‘‘২০২২ চনত স্বাস্থ্য বিভাগে আয়োজন কৰা কাৰ্যসূচীৰ ধন আমি এতিয়ালৈ লাভ কৰা নাই৷ য়াভাতমালৰ কলম্বৰ অন্তকালা মোৰেয়ে এইদৰে কয়৷ তেওঁ লগতে কয়, ‘‘ডিচেম্বৰ ২০২৩ত আমি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলো৷ এটা কুষ্ঠৰোগৰ সমীক্ষাৰ বাবে তেওঁলোকে এই প্ৰতিবাদ সমাপ্ত কৰিবলৈ কৈছিল৷ কিন্তু তেওঁলোকে এতিয়াও তাৰে মাননি দিয়া নাই৷ প্ৰীতিয়ে কয়, ‘‘আমি যোৱা বছৰৰ পলিঅ’, হাতী ৰোগ [ Lymphatic filariasis ] আৰু জন্ট - নাশক [deworming]  কাৰ্যসূচীৰ মাননিও পোৱা নাই৷’’

*****

ৰীতাই ৫০০ টকা মাননিৰ বিনিময়ত ২০০৬ চনত আশাকৰ্মী হিচাপে যোগদান কৰিছিল৷ ‘‘আজি মই মাহে ৬,২০০ টকা পাও, ইয়াৰে ৩,০০০ টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু বাকীখিনি পৌৰনিগমৰ পৰা লাভ কৰো৷’’

২০২৩ বৰ্ষৰ ২ নৱেম্বৰ তাৰিখে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তাঞ্জিৰাও সাৱন্তে ঘোষণা কৰিছিল যে মহাৰাষ্ট্ৰৰ ৮০,০০০ আশাকৰ্মী আৰু ৩,৬৬৪ প্ৰৱৰ্তকে (গোট প্ৰচাৰক) ক্ৰমে ৭,০০০ টকা আৰু ৬,২০০ টকাকৈ দৰমহা পাব আৰু লগতে প্ৰত্যেকেই ২,০০০ টকাৰ দেৱালীৰ বোনাছো লাভ কৰিব৷

PHOTO • Courtesy: Rita Chawre
PHOTO • Swadesha Sharma

মহামাৰীৰ সময়ত, আশাকৰ্মীসকলে সন্মুখৰ শাৰীৰ আপাতকালীন স্বাস্থ্যকৰ্মী হিচাপে কাম কৰিছিল৷ আনকি তেওঁলোকক ‘ক’ৰোনা যোদ্ধা’ হিচাপেও অভিহিত কৰা হৈছিল, বদলাপুৰৰ আশাকৰ্মী মমতাই (সোঁফালে বহি আছে) কয় যে তেওঁলোকে অতিশয় ন্যূনতম সুৰক্ষাত্মক গীয়েৰহে লাভ কৰিছিল

PHOTO • Courtesy: Ujwala Padalwar
PHOTO • Swadesha Sharma

বাঁওফালেঃ প্ৰতিবাদৰ এগৰাকী আয়োজনকাৰী উজ্বলা পাদালৱাৰে ( নীলা কাপোৰত ) কয় যে যদিও প্ৰথম সপ্তাহতে ৫০ত কৈও অধিক মহিলাই চিকিৎসালয়ত ভৰ্তি হ বলগীয়া হৈছে , তাৰে অধিকাংশই প্ৰতিবাদত চামিল হ বলৈ সুস্থ হোৱাৰ পিছত পুনৰ ঘূৰি আহিছে৷ সোঁফালেঃ মুখ্যমন্ত্ৰীৰ আশ্বাসবাণী পোৱাৰ পিছত দিনে - নিশাই প্ৰতিবাদ সাব্যস্ত কৰা আশাকৰ্মীসকলে ১ মাৰ্চ ২০২৪ তাৰিখে নিজৰ ঘৰলৈ উভতি গৈছিল

অত্যন্ত ক্ষোভেৰে মমতাই কয়, দিৱালী হৌনাতা হোলী আলি [দেৱালী হৈ গ’ল, এতিয়া ফাকুৱাৰ সময়] কিন্তু আমাৰ হাত শূন্য হৈয়ে ৰ’ল৷’’ তেওঁ লগতে কয়, ‘‘আমি ৭,০০০ বা ১০,০০০ বিচৰা নাছিলো৷ আমি অক্টোবৰত অতিৰিক্ত অনলাইন কামৰ বাবেহে প্ৰতিবাদ কৰিছিলো৷ আমাক কোৱা হৈছিল যে দৈনিক ১০০ গাঁওবাসীক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই)ত পঞ্জীকৃত কৰিব লাগিব৷’’

চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি এই আঁচনিটোৱে ‘‘গৰ্ভাৱস্থাৰ সময়ত দৰমহা নোপোৱাসকলক আংশিকভাৱে নগদ ধনৰ সাহায্য প্ৰদান কৰে৷’’ গৰ্ভৱতী মাতৃ আৰু শিশুসকলৰ প্ৰতিষেধকৰ ৰেকৰ্ড নতুনকৈ মুকলি কৰা ইউ-উইন এপ্পত সঞ্চিত কৰাৰ কামো তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল৷

২০২৪ চনৰ ফেব্ৰুৱাৰীৰ আগভাগত প্ৰায় ১০,০০০ আশাকৰ্মীয়ে শ্বাহপুৰৰ পৰা থানে জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ৫২ কিলোমিটাৰৰ দূৰত্বৰ সমদলত অংশগ্ৰহণ কৰে৷ ‘‘ চালুন এলয় , টাংদ্যাটুটল্যা [আমি ইমান দূৰ খোজ কঢ়াৰ পিছত ভৰিবোৰ নচলা হৈ পৰিছিল]৷ আমি গোটেই নিশা থানেৰ পথত কটাইছিলো’’, মমতাই সেই ঘটনা মনত পেলায়৷

প্ৰতিবাদৰ সময়ছোৱাই তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাইছিল। “আৰম্ভণিতে আজাদ ময়দানত ৫,০০০ তকৈও অধিক আশাকৰ্মী আছিল। তেওঁলোকৰ বহুতেই গৰ্ভৱতী আছিল আৰু কিছুমানে তেওঁলোকৰ নৱজাতকৰ সৈতেও আহিছিল। ইয়াত মুকলিকৈ থকাটো কঠিন হৈ পৰিছিল আৰু সেয়েহে আমি তেওঁলোকক ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছিলো,” উজ্বলা পাদালৱাৰে এইদৰে কয়। তেওঁ ভাৰতীয় ট্ৰেড ইউনিয়ন কেন্দ্ৰৰ (চিআইটিইউ) ৰাজ্যিক সচিব আৰু প্ৰতিবাদৰ অন্যতম আয়োজক। বহুতো মহিলাই বুকু আৰু পেটৰ বিষৰ অভিযোগ কৰিছিল, আন কিছুমানে মূৰৰ বিষ আৰু ডিহাইড্ৰেচনত ভুগিছিল আৰু চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল, তেওঁ লগতে কয়।

চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পিছত আশাকৰ্মীসকল পুনৰ খেলপথাৰলৈ ঘূৰি আহিছিল আৰু সমস্বৰে চিঞৰি উঠিছিল, ‘‘ আতা আমচেকাচানাৰা , জিআৰ কাঢ়া ! [আমাৰ মাত্ৰ এটাই দাবী! জিআৰ-খন মুকলি কৰক!]৷’’

*****

PHOTO • Swadesha Sharma

২০২৩ চনৰ অক্টোবৰত মহাৰাষ্ট্ৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আশাকৰ্মীসকলে ২,০০০ টকাকৈ দেৱালীৰ বোনাছ লাভ কৰিব৷ মমতাই কয়, 'দেৱালীও গ’ল আৰু এতিয়া ফাকুৱাও আহিল, কিন্তু আমাৰ হাতলৈ একো নাহিল’

কাগজে-কলমে আশাকৰ্মীসকলৰ ভূমিকা হ’ল জনসাধাৰণক ৰাজহুৱা স্বাস্থ্য সেৱা প্ৰদান কৰা৷ কিন্তু গোটেই বছৰটো সমাজক সেৱা আগবঢ়োৱাৰ পিছত তেওঁলোকৰ ভূমিকা ঊৰ্ধলৈ উঠে। আশাকৰ্মী মমতাৰ কথায়েই ধৰক, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বদলাপুৰৰ সোনিৱালী গাঁৱৰ এগৰাকী গৰ্ভৱতী আদিবাসী মহিলাক ঘৰতে প্ৰসৱ কৰাৰ পৰিৱৰ্তে চিকিৎসালয়লৈ আহিবলৈ সন্মত কৰাইছিল৷

তেওঁ সেই ঘটনা মনত পেলাই এইদৰে কয়, ‘‘মহিলাগৰাকীৰ গিৰিয়েকে তেওঁক সংগ দিবলৈ পোনচাটে অস্বীকাৰ কৰিছিল, ‘যদি মোৰ পত্নীৰ কিবা হয়, তেন্তে দায়ী হ’ব আপুনি’৷’’ যেতিয়া মাতৃগৰাকী প্ৰসৱ বেদনাত ছটফটাই আছিল, ‘‘মই তেওঁক মোৰ খৰচত বদলাপুৰৰ পৰা উলহাছনগৰলৈ লৈ গৈছিলো,’’ মমতাই এইদৰে কয়৷ প্ৰসৱৰ পিছত মাতৃগৰাকী জীয়াই নাথাকিল৷ সন্তানটো ইতিমধ্যে গৰ্ভতেই ঢুকাইছিল৷

মমতাই কয়, ‘‘মই এগৰাকী বিধৱা, মোৰ ল’ৰা সেইসময়ত দশম শ্ৰেণীত পঢ়ি আছিল৷ মই পুৱা ৬ বজাত ঘৰৰ পৰা ওলাইছিলো আৰু মহিলাগৰাকীৰ নিশা ৮ বজাত মৃত্যু হৈছিল৷ মোক নিশা ডেৰ বজালৈ চিকিৎসালয়ৰ বাৰান্দাত অপেক্ষা কৰিবলৈ কোৱা হৈছিল৷ পঞ্চনামা হোৱাৰ পিছত তেওঁলোকে কৈছিল, ‘আশা বাইদেউ , এতিয়া আপুনি যাব পাৰে’৷ দীদ ৱাজতা মী একতীজাও ? [মই নিশা ডেৰ বজাত অকলে ঘৰলৈ যাম]?’’

পিছদিনা যেতিয়া তেওঁ এই বিষয়ে জনাবলৈ গাঁৱলৈ গ’ল, মহিলাগৰাকীৰ গিৰিয়েককে ধৰি কেইজনমান লোকে তেওঁক অপমান কৰিলে৷ এমাহ পিছত মমতা জিলা সমিতিয়ে সোধ-পোচৰ বাবে তলব কৰিলে৷ ‘‘তেওঁলোকে মোক সুধিছিল, ‘কিদৰে এগৰাকী মাতৃৰ মৃত্যু হ’ব পাৰে আৰু আশা তায়ে কি ভুল কৰিছিল?’ মূৰকত গৈ সকলো দোষ আমাৰ মূৰত জাপি দিয়া হয়, তেন্তে আমাৰ মাননি কিয় বঢ়াব নোৱাৰে?’’ তেওঁ প্ৰশ্ন কৰে৷

মহামাৰীৰ সময়ছোৱাত চৰকাৰে আশাকৰ্মীসকলক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম আৰু সেৱাৰ বাবে ‘‘ক’ৰোনা যোদ্ধা’’ বুলি অভিহিত কৰিছিল৷ কিন্তু ভাইৰাছৰ পৰা সুৰক্ষাৰ বাবে তেওঁলোকে ন্যূনতম সুৰক্ষাত্মক সঁজুলিহে লাভ কৰিছিল৷

PHOTO • Swadesha Sharma
PHOTO • Swadesha Sharma

কাগজে-কলমে আশাকৰ্মীসকলৰ ভূমিকা হ’ল জনসাধাৰণক ৰাজহুৱা স্বাস্থ্য সেৱা প্ৰদান কৰা৷ কিন্তু গোটেই বছৰটো সমাজক সেৱা আগবঢ়োৱাৰ পিছত তেওঁলোকৰ ভূমিকা ঊৰ্ধলৈ উঠে। মান্দা খাতন (বাঁওফালে) আৰু শ্ৰদ্ধা ঘোগালেয়ে (সোঁফালে) ২০১০ চনত আশাকৰ্মী হিচাপে নিয়োজিত হৈছিল আৰু আজি তেওঁলোকে মহাৰাষ্ট্ৰৰ কল্যাণৰ প্ৰায় ১,৫০০ লোকক সেৱা প্ৰদান কৰে

কল্যাণৰ নন্দীৱালী গাঁৱৰ আশাকৰ্মী মান্দা খাতন আৰু শ্ৰদ্ধা ঘোগালেয়ে মহামাৰীৰ দিনবোৰৰ কথা সোঁৱৰণ কৰি কয়, ‘‘এবাৰ এগৰাকী মাতৃ প্ৰসৱৰ পিছত ক’ভিডত আক্ৰান্ত হৈছিল৷ যেতিয়া তেওঁ নিজে ক’ভিডত আক্ৰান্ত বুলি গম পাইছিল, তেওঁ ভয় খাই [নৱজাতকটোৰ সৈতে] চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল৷’’

‘‘তেওঁ ভাবিছিল যে তেওঁক [আৰু নৱজাতকটোক] ধৰি হত্যা কৰা হ’ব’’, শ্ৰদ্ধাই এইদৰে কয়৷ মহামাৰীৰ সময়ত এনেধৰণৰ ভয় আৰু অবিশ্বাসৰ পৰিবেশে বিৰাজ কৰিছিল তেতিয়া৷

‘‘কোনোবাই আমাক ক’লে যে তেওঁ নিজৰ ঘৰত লুকাই আছে৷ আমি ততালিকৈ তেওঁৰ ঘৰলৈ গ’লো কিন্তু তেওঁ দুৱাৰ বন্ধ কৰি দিলে’’, মান্দাই কয়৷ তেওঁ যাতে কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰে তাৰবাবে আমি নিশা ডেৰ বজালৈ ঘৰৰ বাহিৰত ৰৈ থাকিলো৷ ‘‘আমি তেওঁক সুধিছিলো, ‘তুমি তোমাৰ কেঁচুৱাক ভাল পোৱা নে নোপোৱা?’ আমি তেওঁক কৈছিলো যে যদি তেওঁ নিজৰ কাষত কেঁচুৱাটো ৰাখে, তেন্তে নৱজাতকৰ শৰীৰো আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে৷’’

তিনি ঘণ্টাজুৰি পৰামৰ্শদানৰ পিছত মাকগৰাকীয়ে দুৱাৰ খুলি দিলে৷ ‘‘এম্বুলেঞ্চ কাষতে আছিল৷ সেই সময়ত তাত কোনো অন্য স্বাস্থ্য বিষয়া অথবা গ্ৰাম সেৱক নাছিল৷’’ চকুপানীৰে চলচলীয়া হৈ মান্দাই কৈ যায়, ‘‘ঘৰ এৰাৰ পূৰ্বে মাকগৰাকীয়ে মোৰ হাতত হাত থৈ কৈছিল, ‘মই মোৰ কেঁচুৱাটো একমাত্ৰ তোমাৰ ভৰসাত এৰি থৈ গৈছো৷ কেঁচুৱাটোৰ যত্ন ল’বা৷’ পৰৱৰ্তী আঠদিন আমি নিতৌ মহিলাগৰাকীৰ ঘৰলৈ গৈছিলো আৰু নৱজাতকক বটলেৰে গাখীৰ খুৱাইছিলো৷ আমি তেওঁক ভিডিঅ’ কলেৰে কেঁচুৱাটো দেখুৱাইছিলো৷ সেইদিন ধৰি মাতৃগৰাকীয়ে আমাক ফোন কৰি কৃতজ্ঞতা জ্ঞাপন কৰি আহিছে৷

‘‘আমি এবছৰ ধৰি আমাৰ নিজৰ সন্তানৰ সৈতে দূৰত্ব বজাই চলিছিলো’’, মান্দাই কৈ যায়, ‘‘কিন্তু আমি অন্যৰ সন্তান ৰক্ষা কৰিছিলো৷’’ তেওঁৰ সন্তান সেইসময়ত অষ্টম শ্ৰেণীত পঢ়ি থকাৰ লগতে শ্ৰদ্ধাৰ শিশুটো ৫ বছৰীয়া হৈছিলহে৷

PHOTO • Cortesy: Shraddha Ghogale
PHOTO • Courtesy: Rita Chawre

বাঁওফালেঃ আশাকৰ্মী শ্ৰদ্ধাই লকডাউনৰ সময়ত ক’ভিড ৰোগীক দেখা কৰিবলগীয়া হৈছিল৷ তেওঁ নিজৰ ৫ বছৰীয়া শিশু আৰু পৰিয়ালৰ পৰা দূৰত্ব বজাই ৰাখিবলগীয়া হৈছিল৷ সোঁফালেঃ সুৰক্ষাত্মক গীয়েৰ আৰু মাস্কৰ অভাৱত ৰীতাই (একেবাৰে বাঁওফালে) দোপাট্টাৰে মুখখন ঢাকি ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলগীয়া হৈছিল

শ্ৰদ্ধাই তেওঁৰ গাঁৱৰ লোকসকলে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি দিয়াৰ ঘটনা সোঁৱৰণ কৰে৷ ‘‘আমাক পিপিই কিট পৰিধান কৰা দেখি আমি তেওঁলোকক ধৰিবলৈ আহিছো বুলি আমাৰ পৰা পলায়ন কৰিছিল৷’’ কেৱল এয়াই নহয়, ‘‘আমি গোটেই দিন সেই কিট পৰিধান কৰিছিলো৷ মাজে-মাজে আমি এদিনত চাৰিটাকৈ সলনি কৰিছিলো৷ ঘণ্টাজুৰি কিট পৰিধান কৰাৰ বাবে আমাৰ মুখখন ক’লা পৰি গৈছিল৷ আমি সেইবোৰ পিন্ধি ৰ’দত খোজ কাঢ়িবলগীয়া হৈছিল৷ সেয়ে ছালত খজুৱতি আৰু পোৰাৰ দৰে অনুভৱ হৈছিল৷

মান্দাই মাজতে বাধা দি কয়, ‘‘কিন্তু পিপিই আৰু মাস্ক বহু পিছতহে আহিছিল৷ মহামাৰীৰ অধিকাংশ সময়েই আমি আমাৰ পল্লু আৰু দোপাত্তাৰে মুখ ঢাকি ফুৰিবলগীয়া হৈছিল৷’’

‘‘সেই সময়ত [মহামাৰীৰ সময়ত] আমাৰ জীৱনৰ মূল্য নাছিল নেকি?’’ মমতাই সোধে, ‘‘ক’ৰোনাৰ সৈতে যুঁজিবলৈ আমাৰ ভিন্ন কবচ দিছিল নেকি? আপোনালোকে [চৰকাৰ] আমাক একো দিয়া নাছিল৷ যেতিয়া আমাৰ আশা বাইদেউসকল ক’ভিডত আক্ৰান্ত হৈছিল, তেওঁলোকে বিশেষ একো সুবিধা পোৱা নাছিল, আন ৰোগীৰ দৰেই চিকিৎসা পাইছিল৷ আনকি প্ৰতিষেধকৰ ট্ৰায়েল পৰ্যায়তো আশাকৰ্মীসকলেই প্ৰথমে স্বেচ্ছামূলকভাৱে আগবাঢ়িবলগীয়া হৈছিল৷’’

কোনোবা এটা মুহূৰ্তত বনশ্ৰী ফুলবন্ধেয়ে আশা হিচাপে কাম প্ৰায় এৰি দিবলৈয়ে সিদ্ধান্ত লৈছিল৷ ‘‘ই মোক মানসিক আৰু শাৰীৰিকভাৱে প্ৰভাৱ পেলাইছিল,’’ তেওঁ কয়৷ ৪২ বৰ্ষীয়া মহিলাগৰাকীয়ে নাগপুৰ গাঁৱৰ ৱাডোডা গাঁৱৰ প্ৰায় ১,৫০০ লোকক সেৱা আগবঢ়ায়৷ ‘‘মূত্ৰাশয়ৰ পাথৰৰ অতিমাত্ৰা বিষতো মই কঁকালত কাপোৰ বান্ধি কাম কৰিছিলো৷’’

এগৰাকী ৰোগী তেওঁৰ গিৰিয়েকৰ সৈতে বনশ্ৰীৰ ঘৰলৈ আহিছিল, ‘‘তেওঁ প্ৰথমবাৰলৈ মাক হ’বলৈ ওলাইছিল৷ তেওঁলোক উদ্বিগ্ন হৈ আছিল৷ মই তেওঁলোকক মোৰ অৱস্থাৰ কথা কৈছিলো যদিও প্ৰসৱৰ সময়ত মই যেনেকৈ নহওক উপস্থিত থকাটো তেওঁলোকে বিচাৰিছিল৷ না বুলি কোৱাটো অসম্ভৱ আছিল আৰু সেয়ে মই তেওঁলোকৰ সৈতে গুচি গৈছিলো৷ মই তেওঁৰ সৈতে প্ৰসৱ নোহোৱা পৰ্যন্ত চিকিৎসালয়ত দুদিন থাকিলো৷ কঁকালত কাপোৰেৰে মেৰিয়াই থোৱা দেখি তেওঁলোকৰ সম্বন্ধীয় লোকসকলে ধেমালিৰে মোক সুধিছিল, ‘‘কেঁচুৱাটো তোমাৰ নে এওঁৰ!’’

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বনশ্ৰী (চশমা পৰিহিতা) আৰু পূৰ্ণিমাই ৭ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে মুম্বাইত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ নাগপুৰৰ গাঁৱৰ পৰা আহিছিল৷ বনশ্ৰীয়ে প্ৰতিবাদৰ নৱম দিনা পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিছে

লকডাউনৰ সময়ত আশাকৰ্মী হিচাপে পালন কৰা কৰ্তব্য আৰু আইচলেচনত থকা ৰোগীসকলক খাদ্য যোগান ধৰা দিনবোৰৰ কথা তেওঁ মনত পেলায়৷ ‘‘ই মোৰ স্বাস্থ্যত প্ৰভাৱ পেলাইছিল৷ মোৰ ৰক্তচাপ বাঢ়ি গৈছিল আৰু কাম এৰি দিয়াৰ কথা ভাবিছিলো৷’’ কিন্তু বনশ্ৰীৰ খুৰীয়েকে তেওঁক বুজাইছিল যে ‘‘মই কাম নহয়, আচলতে পুণ্য আৰ্জি আছো৷ তেওঁ কৈছিল, দুটা জীৱন [মাতৃ আৰু শিশু] মোৰ ওপৰত নিৰ্ভৰশীল৷ মই কেতিয়াও এই কাম এৰা উচিত নহয়৷’’

এই ঘটনাৰ বিষয়ে কৈ থকাৰ লগতে বনশ্ৰীয়ে সঘনাই নিজৰ মোবাইলটোলৈ চাই আছে৷ তেওঁ কয়, ‘‘মোৰ পৰিয়ালৰ লোকে মই কেতিয়া ঘৰলৈ উভতিম সুধি আছে৷ মই ইয়ালৈ ৫,০০০ টকা লৈ আহিছিলো৷ এতিয়া মোৰ হাতত ২০০ টকা মানহে আছে৷’’ তেওঁ যোৱা ডিচেম্বৰ ২০২৩ৰ পৰা মাহিলী মাননি লাভ কৰা নাই৷

পূৰ্ণিমা ৱাছে নাগপুৰৰ পান্ধুৰিমা গাঁৱৰ ৪৫ বৰ্ষীয়া এগৰাকী আশাকৰ্মী৷ ‘‘মই এখন এম্বুলেঞ্চত এইচআইভি আক্ৰান্ত মাতৃৰ শিশু প্ৰসৱ কৰাবলগীয়া হৈছিল৷ যেতিয়া চিকিৎসালয়ৰ লোকে তেওঁৰ এইচআইভি পজিটিভ হোৱাৰ বিষয়ে গম পাইছিল, তেওঁলোকে আজৱ আচৰণ কৰিছিল৷ মই তেওঁলোকক কৈছিলো, ‘আশাকৰ্মী হোৱাৰ পিছতো মই গ্ল’ভছ আৰু নিজৰ স্কাৰ্ফখনৰ বাহিৰে আন কোনো সঁজুলি নোহোৱাকৈ কেঁচুৱাটো প্ৰসৱ কৰাইছো, এনেস্থলত তোমালোকে এনে আচৰণ কিয় কৰিছা?’’’

২০০৯ চনৰ পৰা আশাকৰ্মী হিচাপে নিয়োজিত পূৰ্ণিমাই ৪,৫০০ অধিক লোকক সেৱা আগবঢ়ায়৷ ‘‘মই এগৰাকী স্নাতক, মই আন বহুতো চাকৰিৰ সুযোগ পাইছিলো, কিন্তু আশাকৰ্মী হিচাপে কাম কৰাটো মোৰ সিদ্ধান্ত আছিল আৰু মই গোটেই জীৱন আশাকৰ্মী হিচাপেই কাম কৰি যাম৷ তাৰবাবে মই মাননি পাওঁ বা নাপাওঁ, অগৰ মুঝে কৰনাই হে সেৱা তো মৰতে দম তক আশা কা কাম কৰুংগি [মই যিহেতু সেৱা আগবঢ়াব বিচাৰিছো, মৃত্যু পৰ্যন্ত আশাকৰ্মী হিচাপে কাম কৰি যাবলৈ বিচাৰো]৷’’

আজাদ ময়দানত ক্ৰিকেট খেল অব্যাহত আছে৷ ইফালে আশাকৰ্মীসকলেও নিজৰ যুঁজখন আগুৱাই লৈ গৈছে৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Ritu Sharma

Ritu Sharma is Content Editor, Endangered Languages at PARI. She holds an MA in Linguistics and wants to work towards preserving and revitalising the spoken languages of India.

Other stories by Ritu Sharma
Swadesha Sharma

Swadesha Sharma is a researcher and Content Editor at the People's Archive of Rural India. She also works with volunteers to curate resources for the PARI Library.

Other stories by Swadesha Sharma

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder