খাপচৰা ফেছন, দ্ৰুত গতিত আহিছে আৰু গৈছে ফেছন। ভাঁহিছে ভৰপুৰ যৌনতা।
বিলাসী ভ্ৰমণ, বাজেট-ট্ৰেভেল, অন্তহীন ভ্ৰমণ!
মীমচ্, ভাইৰেল নৃত্যভংগীমা, হাস্যৰস, নানানটা কাল্পনিক ফিল্টাৰ।
এনেধৰণৰ বস্তুৱেই অনলাইনত আটাইতকৈ বেছি চলে, মানুহে চায়। কিন্তু পাৰিত আমি এনে একোৱেই আপোনালোকলৈ আগবঢ়োৱা নাই। কিন্তু বিভ্ৰান্তিৰে ভৰা ছ’চিয়েল মিডিয়াৰ যুগত কেনেকৈ আমি আমাৰ এক বুজনসংখ্যক ভিৱাৰ্ছ পাইছো আৰু তেওঁলোকক ৰাখিব পাৰিছো? কেনেকৈ এয়া সম্ভৱ হৈ উঠিছে? তেনেই এটা স্বাভাৱিক অথচ খুব কমেই ব্যৱহৃত এক কৌশলেৰে। সেয়া হৈছে তথ্যভিত্তিক জবৰদস্ত কাহিনীকথন।
বছৰটোৰ শেষত আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো কেনেকৈ আমাৰ বৈচিত্ৰময় কাহিনী-সম্ভাৰলৈ বিভিন্ন ক্ষেত্ৰৰ লোকে কেনেকৈ সঁহাৰি দিছে (লগতে ছুটি ক্লিপটোও চাব)।
বয়সত ডাঙৰ পুৰুষ আৰু জ্যেষ্ঠজনৰ আগত কেতিয়াও চকীত বা ওখ ঠাইত নবহা ৰাজস্থানৰ মহিলা এগৰাকীক লৈ নীলাঞ্জনা নান্দিয়ে কৰা বংশৱাৰাৰ চকীত নবহা মহিলাগৰাকী শীৰ্ষক ষ্ট’ৰিটো লাখৰ ঘাইত ফল’ৱাৰে প্ৰশংসা কৰিছিল। ইনষ্টাগ্ৰামত কৰা ৰীলটো প্ৰায় সাত লাখ মানুহে চাইছিল। একেই অভিজ্ঞতাৰ সন্মুখীন হোৱা শ শ ইনষ্টা-ইউজাৰে কমেণ্ট কৰিছিল। কাৰোবাৰ বাবে তেনেই সাধাৰণ এটা কথা যে কাৰোবাৰ বাবে সপোন, সেই কথাও বহুতে উপলব্ধি কৰি কমেণ্ট কৰিছিল। পাঠক মলিকা কুমাৰে কমেণ্ট কৰিছিল, “সুক্ষ্ম আৰু সংবেদনশীল দৃষ্টিৰেহে এনে কাম সম্ভৱ,” - সৰ্বসাধাৰণৰ প্ৰাত্যহিক জীৱনকেন্দ্ৰীক ৰিপ’ৰ্টিঙৰ ক্ষেত্ৰত এনে শলাগতকৈ ভাল আন কি হ’ব পাৰে?








