“প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি আমি দুটা কামেই কৰি আহিছো - নাও চলোৱা আৰু মাছ মৰা। এতিয়া নিবনুৱাৰ যি পৰিস্থিতি, মোৰ ল’ৰাহঁতেও এই কামকেই কৰিব লাগিব,” বিক্ৰমাদিত্য নিষাদে কয়। তেওঁ যোৱা ২০ বছৰ ধৰি বাৰাণসীত গংগা নদীৰ এটা ঘাটৰ পৰা আনটোলৈ তীৰ্থযাত্ৰী আৰু পৰ্য্যটকক অনা-নিয়া কৰি আহিছে।

উত্তৰ প্ৰদেশ, যাৰ মাজেৰে গংগা নদীখন হাজাৰ কিলোমিটাৰমান পাৰ হৈ গৈছে, তাত নিবনুৱাৰ হাৰ যোৱা পাঁচ বছৰ ধৰি ৫০ শতাংশৰ আশে-পাশে, এয়া ২০২৪ৰ ভাৰতৰ নিয়োগ প্ৰতিবেদনৰ তথ্য।

“মোডীজীয়ে ‘ভ’কেল ফৰ ল’কেল’ আৰু বিৰাসত হি বিকাশ (ঐতিহ্যই উন্নয়ন) বুলি কৈ ফুৰে। কওকচোন, সেই বিৰাসত কাৰ বাবে? কাশী (বাৰাণসী)ৰ মানুহখিনিৰ বাবে নে বাহিৰৰ মানুহৰ বাবে?” তেওঁ যোগ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ পৰা তৃতীয়বাৰৰ বাবে জয়ী হৈছে আৰু তেওঁৰ অভিযানে আমাক তিতা অভিজ্ঞতা দিছে, ঘাটুৱৈগৰাকীয়ে কয়, “আমাক উন্নয়ন লাগে।”

চাওক: বাৰাণসীৰ ঘাটোৱাল

‘বিৰাসত (ঐতিহ্য) কাৰ বাবে কওকচোন? এয়া আমাৰ কাশী (বাৰাণসী)ৰ মানুহখিনিৰ বাবে নে বাহিৰৰ মানুহৰ বাবে?’ ঘাটোৱাল বিক্ৰমাদিত্য নিষাদে প্ৰশ্ন কৰে

নিষাদে কয় যে ২০২৩ৰ জানুৱাৰীত মোডীয়ে মুকলি কৰা নৌকা বিহাৰে তেওঁলোকৰ দৰে নাৱৰীয়াসকলৰ জীৱিকা কাঢ়ি নিছে। “উন্নয়নৰ নামত তেওঁ (মোডীয়ে) থলুৱাৰ পৰা ঐতিহ্য আৰু উন্নয়ন কাঢ়ি নি বাহিৰা মানুহৰ হাতত দিছে,” বাহিৰা মানুহে আহি ডাঙৰ ডাঙৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰাক লৈ তেওঁ কয়। ৰাজ্যখনৰ সাধাৰণ শ্ৰমিক এজনে মাহে প্ৰায় ১০,০০০ টকাৰ আশে-পাশে উপাৰ্জন কৰে, যিটো দেশৰ নিম্ন আয়ৰ ৰাজ্যসমূহৰ ভিতৰৰ এখন।

নদীখনৰ প্ৰদূষণ, যাক হিন্দুসকলে পৱিত্ৰ বুলি বিবেচনা কৰে, সেই লৈও দুকুৰি বয়সৰ এইগৰাকী নাৱৰীয়া অসন্তুষ্ট। “তেওঁলোকে কয় যে গংগা নদীখন এতিয়া প্ৰদূষণমুক্ত। মূদ্ৰা এটা পৰিলে সেয়া পানীৰ স্বচ্ছতাৰ কাৰণে বিচাৰি উলিয়াব পাৰি। কিন্তু আচল কথাটো হ’ল, কোনোবা মানুহ পৰি ডুবি মৰিলেও বিচাৰি উলিয়াওতে কেবাদিনো লাগি যায়,” তেওঁ আঙুলিয়াই দি কয়।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৌকাবিহাৰৰ বাবে মুকলি কৰা অলকানন্দা জাহাজখন চপাই থোৱা আছে

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

হিন্দুসকলে নদীখনক পৱিত্ৰ বুলি বিবেচনা কৰে যদিও বছৰৰ পিছত বছৰ ধৰি নদীখনত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে। নদীখনত গৈ মিলি যোৱা নলাৰ পানী (সোঁফালে)

গংগা নদীখনৰ প্ৰদূষণ মাত্ৰা কমোৱাৰ লগতে সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰ চৰকাৰে ২০১৪ত ২০ হাজাৰ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি নমামি গংগে কাৰ্য্যসূচী হাতত লৈছিল। কিন্তু ২০১৭ৰ এখন গৱেষণাপত্ৰত কোৱা হৈছে যে ঋষিকেশৰ কাষত আৰু বাৰাণসীৰ উজনীৰ ভাগত পানীৰ গুণগত মান অতিকৈ শোচনীয়। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে প্ৰকাশ কৰা মতে পানীৰ গুণগত মান ‘উদ্বেগজনক’।

“সেই নৌকাবিহাৰ কেনেকৈ ‘বাৰাণসীৰ ঐতিহ্য’ হ’ব পাৰে? আমাৰ নাওবোৰ বাৰাণসীৰ ঐতিহ্য, বাৰাণসীৰ পৰিচয়,” নিজৰ নাৱত বহি পৰ্য্যটকৰ বাবে অপেক্ষা কৰি থকা নাৱৰীয়াগৰাকীয়ে কয়। “তেওঁ ইমানবোৰ প্ৰাচীন মঠ-মন্দিৰ ভাঙি বিশ্বনাথ মন্দিৰ ক’ৰিডৰ নিৰ্মাণ কৰিছে। আগতে বাৰাণসীলৈ অহা তীৰ্থভ্ৰমণকাৰীয়ে কৈছিল যে তেওঁলোকে ‘বাবা বিশ্বনাথ’ দৰ্শন কৰিবলৈ যাব, এতিয়া তেওঁলোকে কয় যে তেওঁলোকে ‘ক’ৰিডৰ’ সাক্ষাৎ কৰিবলৈ যাব,” অঞ্চলটোৰ আন বহু বাসিন্দাৰ দৰে সাংস্কৃতিক পৰিৱৰ্তনত অসন্তুষ্ট নিষাদে কয়।

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das