কুন’ৰ চিতাবাঘৰ তথ্য এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জৰিত। সেই সুৰক্ষাৰ নীতি উলংঘন কৰিলে ভাৰতৰ বৈদেশিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

সেয়া নহ’লেও এইটোৱেই কাৰণ, যিটো চিতাবাঘৰ ব্যৱস্থাপনাৰ ওপৰত ২০২৪ৰ জুলাইত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত চিতাবাঘকেইটা ব্যৱস্থাপনা সন্দৰ্ভত কৰা আবেদন নাকচ কৰাৰ বাবে মধ্য প্ৰদেশ চৰকাৰে দিয়া এটা কাৰণ। আৰ.টি.আই. আবেদন কৰা ভূপালৰ কৰ্মী অজয় ডুবেয়ে এই সন্দৰ্ভত কয়, “বাঘৰ বিষয়ে সকলো তথ্যত স্বচ্ছতা ৰখা হৈছে, কিন্তু চিতাৰ ক্ষেত্ৰত কিয় এনেকুৱা কৰা হৈছে? বন্যপ্ৰাণী ব্যৱস্থাপনাৰ তথ্যৰ স্বচ্ছতা ৰখাটো নিয়ম।”

ৰামগোপালৰ ঘৰ কুন’ উদ্যানৰ গাতে লাগি থকা আগাৰা গাঁৱত যদিও ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কূটনৈতিক সম্পৰ্কত তেওঁৰ জীৱিকাই কি বিৰূপ প্ৰভাৱ পেলাব পাৰে, ভাগ্যে তেওঁ নাজানে। আন হাজাৰজন আদিবাসীৰ দৰে তেওঁৰো আন চিন্তা আছে, সেই চিন্তাইহে তেওঁক খাই মাৰিছে।

তেওঁ অলপতে বলদ গৰু এৰি ট্ৰেক্টৰ এখন কিনিছে। এনেকুৱা নহয় যে হঠাৎ তেওঁ ট্ৰেক্টৰৰ খৰছ বহন কৰিব পৰা হৈ উঠিছে। একেবাৰেই নোৱাৰে।

“মোডীজীয়ে আমাক নিৰ্দেশ দিছে। আমাৰ গৰুবোৰ এৰি নিদিয়াই ভাল বুলি তেওঁ কৈছে। চৰণীয়া পথাৰ বুলিবলৈ হাবিখনেই (কুন’) আছে। কিন্তু তাত আমি সোমালে বন বিষয়াই আমাক ধৰি জেলত ভৰাই থ’ব। সেয়ে ট্ৰেক্টৰ এখনেই ভাৰাত লোৱাৰ কথা চিন্তা কৰিলো।”

এই খৰছ বহন কৰাৰ সক্ষমতা ৰাম গোপালৰ নাই বুলিব পাৰি। তেওঁলোকৰ ঘৰখনৰ আয় দৰিদ্ৰ সীমাৰেখাৰ তলত। কুন’ ৰাষ্ট্ৰীয় উদ্যানখন চিতাবাঘৰ ঘৰ হৈ পৰাত তেওঁলোকৰ দৰে আদিবাসী লোকসকলৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল জীৱিকা ক্ষতিগ্ৰস্ত হৈছে।

PHOTO • Priti David
PHOTO • Priti David

কুন’ নৈৰ পানী অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে পানীৰ এক গুৰুত্বপূৰ্ণ উৎস আছিল। এতিয়া অৰণ্যখনৰ দৰে সেই নদীখনো তেওঁলোকৰ বাবে নিষিদ্ধ। ছাহাৰিয়া আদিবাসীয়ে উদ্যানৰ বাফাৰ জ’নত খৰি আদি সংগ্ৰহ কৰিবলৈ সোমাইছে

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: বিজয়পুৰ টেহচিলৰ আগাৰা গাঁৱৰ বাসিন্দা চন্তু আৰু ৰাম গোপাল দুয়োজনেই জীৱিকাৰ বাবে অৰণ্যখনৰ ওপৰত নিৰ্ভৰশীল – তেওঁলোকে চিৰগণ্ড গছৰ পৰা উৎপাদিত সামগ্ৰী সংগ্ৰহ কৰিছিল, কিন্তু এতিয়া সেয়া প্ৰশাসনে নিষিদ্ধ কৰি থৈছে। সোঁফালে: তেওঁৰ সন্তান হংসৰাজে স্কুল আধাতে এৰি দিন হাজিৰাৰ কামৰ বাবে ঘৰ এৰাৰ চিন্তা

আটাইবোৰ প্ৰজাতিৰ বাঘ থকা একমাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ ভাৱমূৰ্তি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ ২০২২ত যেতিয়া আফ্ৰিকীয় চিতাবাঘ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হয়, তেতিয়াৰে পৰা এই সুৰক্ষিত ঠাইখনে দেশজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

আচৰিত কথা এইটোহে যে আমাৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কাৰ্য্য পৰিকল্পনাত সংৰক্ষণৰ লক্ষ্য হিচাপে চিতাবাঘৰ পুনৰ পৰিচয়ৰ কথা ক’তো লিখা নাই। লিখা আছে আমাৰ স্থানীয় আৰু অতিশয় বিপন্ন প্ৰজাতি যেনে গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড, গাংগেয় ডলফিন, তিব্বতীয় এণ্টেল’প আৰু আন আন জীৱ-জন্তুৰ সংৰক্ষণৰ কথা। চিতাবাঘ অনাৰ বিষয়টো উচ্চতম ন্যায়ালয়ে ২০১৩ত অৰ্থহীন কথা বুলি কৈ থৈছে আৰু এই সন্দৰ্ভত ‘বিশদ বিজ্ঞানসন্মত অধ্যয়ন’ কৰিবলৈকো কৈছে।

এই সকলো সত্ত্বেও শ শ কোটি টকা চিতাবাঘ অনা, পুনৰ্বাসন কৰোৱা আৰু প্ৰচাৰৰ নামত ইতিমধ্যে খৰছ কৰা হৈছে।

কুন’খনক চিতা চাফাৰিলৈ পৰিৱৰ্তন কৰাৰ ফলত নন-টিম্বাৰ ফৰেষ্ট প্ৰডিউচ চমুকৈ এনটিএফপি যেনে ফল-মূল, বনৌষধি, ধূনা আৰু খৰি আদিৰ ওপৰত নিৰ্ভৰশীল ছাহাৰিয়া আদিবাসী যেনে ৰাম গোপালৰ দৰে লোকৰ জীৱন আৰু জীৱিকা বিধ্বস্ত হৈ পৰিছে। আকাৰত কুন’ ৰাষ্ট্ৰীয় উদ্যানখন যথেষ্ট ডাঙৰ আৰু ১,২৩৫ বৰ্গকিলোমিটাৰ জোৰা বৃহত্তৰ কুন’ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত।

“২৪ ঘণ্টা, সুৰ্য্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈকে মই মোৰ ৫০ ডাল গছৰ কাম কৰিছিলোঁ আৰু চাৰিদিন পিছত ধূনা সংগ্ৰহ কৰিবলৈ গৈছিলো। চিৰ গছকেইডালৰ পৰাই মোৰ মাহত ১০ হাজাৰ টকা উপাৰ্জন হৈছিল,” ৰাম গোপালে কয়। এতিয়া সেই ১২০০ চিৰগণ্ড গছ স্থানীয় লোকৰ বাবে নিষিদ্ধ। উদ্যানখন চিতা প্ৰকল্প কৰি গঢ়ি তোলাৰ পিছত সেই গছবোৰ নতুন বাফাৰ জ’নত সোমাই পৰিল।

ত্ৰিশৰ ডেওনা পাৰ কৰা ৰাম গোপাল আৰু তেওঁৰ পত্নী শান্তুৱে কে.এন.পি.ৰ দাঁতিত থকা তেওঁলোকৰ কেইবিঘামান বৰ্ষানিৰ্ভৰ মাটিত খেতি কৰি চলি আছে। সেই খেতি ঘাইকৈ তেওঁলোকে নিজে খাবলৈ কৰে। “আমি বাঁজৰা (মিলেট)ৰ খেতি কৰোঁ। সেয়া খাবৰ বাবে কৰোঁ। অলপ তিলৰ আৰু সৰিয়হৰ খেতি কৰোঁ, সেয়া বিক্ৰী কৰো,” ৰাম গোপালে কয়। এই খেতিপথাৰতে বীজ সিঁচা সময়ত তেওঁ ট্ৰেক্টৰ ভাৰা কৰিবলগীয়া হয়।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: চিৰ গছত কেনেকৈ ঘাট কাটি ধূনা সংগ্ৰহ কৰা হয়, ৰাম গোপালে দেখুৱাইছে। সোঁফালে: দম্পতিহালে কুন’ অৰণ্যৰ সৈতে ঠাইখন সংযোগ কৰা জলাশয় এটাৰ কাষত জীৰাইছে, যি ঠাইত এতিয়া তেওঁলোকৰ প্ৰৱেশ নিষেধ

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: ৰাম গোপাল আৰু তেওঁৰ পত্নী শান্তুৱে কে.এন.পি.ৰ দাঁতিৰ কেইবিঘামান বৰ্ষানিৰ্ভৰ মাটিত ঘাইকৈ খাবৰ জোখাৰে খেতি কৰে। সোঁফালে: আগাৰাৰ দোকান-পোহাৰ থকা লোকেও এতিয়া বন্য উপজ সামগ্ৰী হেৰুওৱাৰ কথা অনুভৱ কৰিবলৈ লৈছে

“অৰণ্যখনত বাদে আমাৰ একো নাই। আমাৰ পথাৰত পৰ্যাপ্ত পানীও নাই। এতিয়া অৰণ্যখনত যদি আমাক সোমাব নিদিয়ে, আমি প্ৰব্ৰজিত হোৱাৰ বাবে (কামৰ বাবে) আন একো উপায় নাথাকিব,” তেওঁ কয়। ৰাম গোপালৰ উপাৰ্জন টুটি অহাৰ আৰু এটা কাৰণ আছে। বন বিভাগে আগতে যিদৰে তেন্দু পাত আদিবাসীসকলৰ পৰা নিয়মিত ৰূপত ক্ৰয় কৰিছিল, যিটো আছিল ৰাম গোপালৰ দৰে আদিবাসীৰ এক সুনিশ্চিত আয়, আজিকালি তেনেকৈ ক্ৰয় নকৰা হ’ল।

সমগ্ৰ মধ্যপ্ৰদেশত অৰণ্য আৰু অৰণ্যৰ আশে-পাশে বাস কৰা লোকসকলৰ বাবে এন.টি.এফ.পি. এক জীৱনৰ সম্বল। তেওঁলোকে সংগ্ৰহ কৰা এনে বনজ সামগ্ৰীৰ ভিতৰত ঘাই সামগ্ৰীবিধ হৈছে চিৰগণ্ড। গ্ৰীষ্মৰ চ’ত, বহাগ, জেঠ আৰু আহাৰ – এইকেইটা মাহৰ বাদে বাকী দিনবোৰত তেওঁলোকে চিৰ গণ্ড সংগ্ৰহ কৰে। কে.এন.পি.ৰ আশে-পাশে থকা প্ৰায়ভাগ লোকেই ছাহাৰিয়া আদিবাসী সম্প্ৰদায়ৰ। ২০২২ৰ এক প্ৰতিবেদনৰ তথ্য অনুযায়ী বিশেষভাৱে বিপন্ন এই জনগোষ্ঠীটোৰ ৯৮ শতাংশ লোকেই জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল।

আগাৰা গাওঁখন বেপাৰৰ এক গুৰুত্বপূৰ্ণ ঘাটি। ৰাজু তিৱাৰিহঁতৰ দৰে স্থানীয় বেপাৰীয়ে তাত বনজ সামগ্ৰী বিক্ৰী কৰিবলৈ গোট খায়। অৰণ্যখন আমাৰ প্ৰৱেশ বন্ধ কৰি দিয়াৰ আগতে শ শ কিলোগ্ৰাম ধূনা, ফল-মূল আৰু বনৌষধিৰে বজাৰ উপচি পৰিছিল, তিৱাৰিয়ে কয়।

“আদিবাসীসকল অৰণ্যৰ সৈতে সম্পৰ্কিত আৰু আমি আদিবাসীসকলৰ লগত,” তেওঁ কয়। “অৰণ্যৰ লগত তেওঁলোকৰ সম্পৰ্ক ছিন্ন কৰিছে, তাৰ ফল আমিও ভূগিছো।”

ভিডিঅ টো চাওক : কুন ৰ পৰা আদিবাসীৰ অপসাৰণ : কিন্তু কাৰ অৰণ্য সেইখন ?

সমগ্ৰ মধ্যপ্ৰদেশত অৰণ্য আৰু অৰণ্যৰ আশে-পাশে বাস কৰা লোকসকলৰ বাবে নন-টিম্বাৰ ফৰেষ্ট প্ৰডিউচ চমুকৈ এন.টি.এফ.পি. জীৱিকাৰ সম্বল

*****

জানুৱাৰীৰ শীতৰ পুৱা এটিত ৰাম গোপালে হাতত কাচি আৰু কান্ধত ৰছীৰ দ’ম এটা লৈ ঘৰৰ পৰা ওলাইছে। আগাৰাত তেওঁৰ ঘৰৰ পৰা কুন’ ৰাষ্ট্ৰীয় উদ্যানৰ শিলেৰে গঁথা সীমাৰ বেৰখন তিনি কিলোমিটাৰ দূৰত, তালৈকে তেওঁ প্ৰায়ে যায়। আজি খৰি লুৰুকিবলৈ তেওঁ পত্নীৰ লগত ওলাইছে। সেই ৰছীডালেৰে তেওঁলোকে খৰিবোৰ বান্ধিব।

তেওঁৰ পত্নী শান্তু চিন্তিত। খৰি পাব বুলি তেওঁ একেবাৰেই নিশ্চিত নহয়। তেওঁ কয়, “সিহঁতে (বন বিষয়াসকলে) আপোনাক কেতিয়াবা ভিতৰলৈ যাব নিদিয়ে। আমি ঘূৰি ঘৰলৈ গুছি আহিবলগীয়া হয়।” পৰিয়ালটোৱে কয় যে তেওঁলোকে ৰন্ধন গেছৰ সংযোগ এটাও ল’ব পৰাকৈ সম্বল নাই।

“পুৰণি গাওঁখনত (উদ্যানৰ ভিতৰত) কুন’ নদীখন পাইছিলো, সেয়ে বাৰমাহে পানী পাইছিলো। তেন্দু, বেয়াৰ, মহুৱা, জৰি-বুটি (ফল-মূল), খৰি...আদি বিচাৰিব পাৰিছিলো,” দীঘল দীঘল খোজ দি আগবঢ়া শান্তুৱে কয়।

শান্তুৰ জন্ম কুন’ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে, তাতেই তেওঁ মাক-দেউতাকৰ লগত ডাঙৰ-দীঘল হৈছে। তাতে তেওঁলোকৰ দৰে ১৬,৫০০ লোকক ১৯৯৯ত এছিয়ায় সিংহৰ দ্বিতীয়খন বসতিস্থল হিচাপে গঢ়ি তোলাৰ বাবে বিস্থাপিত কৰা হৈছিল। এতিয়া সেই সিংহবোৰ গুজৰাটৰ গিৰ হাবিত আছে। পঢ়ক: সিহঁতৰ ভিকাচন ভাগিল, বছৰো বাগৰিল, কিন্তু বনৰজা নাহিল

“পাছলৈ আৰু পৰিৱৰ্তন আহিল। জংগল ম্যে জানা হি নহী (হাবিলৈ যোৱাই বন্ধ কৰি দিলে),” ৰাম গোপালে কয়।

PHOTO • Priti David
PHOTO • Priti David

‘পুৰণি গাওঁখনত (উদ্যানৰ ভিতৰত) কুন’ নদীখন পাইছিলো, সেয়ে বাৰমাহে পানী পাইছিলো। তেন্দু, বেয়াৰ, মহুৱা, জৰি-বুটি (ফল-মূল), খৰি...আদি বিচাৰিব পাৰিছিলো,” শান্তুৱে কয়। দম্পতিহালে কুন’ ৰ হাবিৰ পৰা খৰি সংগ্ৰহ কৰিবলৈ ঘৰৰ পৰা ওলাইছে

PHOTO • Priti David
PHOTO • Priti David

হাবিত খৰি সংগ্ৰহ কৰিছে ৰাম গোপাল আৰু তেওঁৰ পত্নী শান্তুৱে। ৰন্ধন গেছ কিনাৰ সম্বল নাই বুলি তেওঁলোকে কয়

স্থানীয় লোকৰ সন্মতি অবিহনে অধিকাৰ কাঢ়ি ল’বলৈ ৰাজ্য চৰকাৰক বন অধিকাৰ আইনে অনুমতি নিদিয়ে যদিও চিতাবাঘবোৰ আহি পোৱাৰ পিছতে দাঙি ধৰা হ’ল বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ । “...ৰাস্তা, দলং, অট্টালিকা, ফেন্স বা বেৰিয়াৰ গেট আদি... (b) আদি নিৰ্মাণ কৰিব পাৰে যাতে অভয়াৰণ্যখনত বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত হয় আৰু অভয়াৰণ্যখন আৰু বন্য প্ৰাণীৰ সংৰক্ষণ হয়।”

ৰাম গোপালে প্ৰথমবাৰ যেতিয়া বাউণ্ডেৰি ৱালৰ কথা শুনে, তেতিয়া কথাটো আছিল এনেধৰণৰ, “মোক কোৱা হৈছিল যে গছপুলি ৰোপণৰ বাবে বেৰ দিয়া হৈছে, সেয়ে ঠিকে আছে বুলি ভাবিলো,” তেওঁ মনত পেলায়। “কিন্তু তিনিবছৰ পিছত সিহঁতে কয় যে ‘তোমালোক এতিয়া ভিতৰত সোমাব নোৱাৰা। সেইটো সীমা পাৰ হৈ নাযাবা। ঘৰচীয়া জীৱ-জন্তু সেই সীমা পাৰ হৈ গ’লে জৰিমনা ভৰিব লাগিব, নাইবা জেললৈ যাব লাগিব,’” তেওঁ কয়। “ভিতৰত সোমালে আমাক ২০ বছৰ কাৰাদণ্ড বিহা হ’ব (আমাক কোৱা হৈছিল)। আমাৰ আকৌ জামিন ল’বলৈ পইচা নাই নহয়,” কৈ তেওঁ হাঁহে।

চাৰণভূমি কমি যোৱাৰ ফলত গৰু-ম’হৰ সংখ্যাও কমিছে। স্থানীয় লোকে কয় যে গৰুৰ বজাৰ এতিয়া অতীতৰ স্মৃতি হৈ পৰিছে। ১৯৯৯ত বিস্থাপিত হোৱাৰ পিছত বহুতেই উদ্যানৰ পৰা দূৰত নতুন ঠাইত ক’ত গৰু-ম’হ চৰাব তাৰ একো উৱাদিহ নাপাই উদ্যানতে নিজৰ গৰু-ম’হ এৰি গৈছিল। চৰণীয় পথাৰৰ অভাৱত উদ্যানৰ বাফাৰ জ’নতে মালিকে এৰি যোৱা গৰু-ম’হ এতিয়াও মুকলিতে চৰি ফুৰা দেখিবলৈ পোৱা যায়। গৰু-ম’হক হাবিত বন বিভাগৰ কুকুৰে আক্ৰমণ কৰাৰো ভয় আদিবাসীসকলৰ মনত সোমাইছে, বন বিভাগে কৈছেই, “উদ্যানৰ ভিতৰত গ’লে সিহঁতে তোমালোকক বা তোমালোকৰ গৰু-ম’হক বিচাৰি উলিয়াব আৰু মাৰি পেলাব।”

কিন্তু আদিবাসীসকলো উপায়ন্তৰ হৈ কেতিয়াবা “লুকাই-চুৰকৈ” খৰি বিচাৰিবলৈ যায়। আগাৰাৰ বাসিন্দা ছাগুৱে সৰু সৰু গছৰ ঠাল-ঠেঙুলিৰ বোজা এটা মূৰত লৈ ঘৰলৈ উভতিছে। ষাঠি বছৰীয়া ছাগুৱে সিমানখিনি খৰিয়ে এই বয়সত কঢ়িয়াব পাৰে।

“জংগল ম্যে না জানে দে ৰহে (আমাক হাবিত সোমাব নিদিয়ে),” আমাৰ প্ৰশ্নৰ বাবে সাজু হোৱাৰ দৰে বহি লৈ তেওঁ কয়। “আমাৰ বাকীকেইটা মহো এতিয়া বিক্ৰীয়ে কৰিব লাগিব।”

PHOTO • Priti David
PHOTO • Priti David

অৰণ্যৰ সীমাৰ বেৰৰ কাষত ৰাম গোপাল। কুন খন এটা সময়ত ৩৫০ বৰ্গ কিলোমিটাৰজোৰা সৰু অভয়াৰণ্য আছিল, আফ্ৰিকীয় চিতাবাঘক আদৰাৰ বাবে অভয়াৰণ্যখনৰ আকাৰ দুগুণ কৰা হয়

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : আগাৰাৰ ষাঠি বছৰীয়া বৃদ্ধা ছাগুৱে এতিয়াও ৰন্ধা-বঢ়াৰ বাবে খৰি বিচাৰি হাবিলৈ যায়। সোঁফালে : কাশী ৰামেও আগতে বনজ সামগ্ৰী বিচাৰি হাবিলৈ গৈছিল যদিও এতিয়া হাবিত সোমোৱাৰ অনুমতি নাই

ছাগুৱে কয় যে আগতে তেওঁলোকে ঠেলাভৰ্তি খৰি আনিছিল আৰু বাৰিষাৰ দিনৰ বাবে মজুত কৰি থৈছিল। তেওঁৰ মনত আছে যেতিয়া তেওঁলোকৰ গোটেই ঘৰটো এইখন হাবিৰে কাঠ আৰু পাতেৰে বনোৱা আছিল। “আমাৰ গৰু-ম’হ নিৰ্বিঘ্নে এইখন হাবিত চৰিছিল, আমি খৰি, গৰু-ম’হৰ খাদ্য গোটাইছিলো আৰু বিক্ৰীৰ বাবে তেন্দু পাত সংগ্ৰহ কৰিছিলো।”

এতিয়া শ শ বৰ্গকিলোমিটাৰ হাবি কেৱল চিতাবাঘ আৰু সেই চিতাবাঘ চাবলৈ অহা পৰ্য্যটকৰ বাবেহে থাকিল। তেওঁলোক বাদ পৰিল।

আগাৰা গাঁৱৰ কাশী ৰামে আন বহুতৰ দৰে সম্বল হেৰুৱাইছে আৰু তেওঁৰ কথাৰ পৰাই আদিবাসী মানুহখিনিৰ ক্ষতিৰ অনুমান কৰিব পাৰি, “চিতাবাঘ অহাৰ পিছত ভাল একোৱেই (আমাৰ ক্ষেত্ৰত) হোৱা নাই। হৈছে কেৱল লোকচান।”

*****

চেন্তিখেড়া, পাদ্ৰি, পেইৰা-বি, খাজুৰিখুৰ্দ আৰু চাকপাৰন - এইবোৰ গাঁৱত আকৌ ডাঙৰ এটা সমস্যাৰ উদ্ভৱ হৈছে। তেওঁলোকে কৈছে যে নতুন এক সমীক্ষা কৰা হৈছে আৰু কুৱাৰি নদীত এটা বান্ধ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই বান্ধে তেওঁলোকৰ ঘৰ আৰু খেতিপথাৰ বুৰাই পেলাব।

“যোৱা ২০ বছৰ ধৰি আমি বান্ধটোৰ কথা শুনি আছো। বিষয়াবৰ্গই কয়, ‘বান্ধৰ কাৰণে আপোনালোক এই ঠাইৰ পৰা বেলেগত নিয়া হ’ব, সেয়ে আপোনালোকে এনৰেগাৰ কাম নাপাব,’” জছৰাম আদিবাসীয়ে কয়। চেন্তিখেড়াৰ প্ৰাক্তন সৰপঞ্চগৰাকীয়ে এই কথা আঙুলিয়াই দিয়ে যে তেওঁলোকৰ বহুতেই এনৰেগাৰ সুবিধা পোৱা নাই।

ঘৰৰ ছাদত থিয় হৈ থকা জছৰামে নাতিদূৰত থকা কুৱাৰি নদীখনলৈ আঙুলিয়াই দি কয়, “বান্ধে এইবোৰ ঠাই বুৰাই পেলাব। আমাৰ গাওঁখনকে ধৰি ৭-৮ খন গাওঁ ডুবিব, কিন্তু কোনেও আমাক এতিয়ালৈ জাননী দিয়া নাই।”

PHOTO • Priti David
PHOTO • Priti David

চেন্তিখেড়া গাঁৱৰ প্ৰাক্তন সৰপঞ্চ জছৰাম আদিবাসীয়ে কয় যে কুৱাৰি নদীত হ বলগীয়া বান্ধে গাওঁখন বুৰাই পেলাব। পত্নী মাছলা আদিবাসীৰ সৈতে জছৰাম আদিবাসী

PHOTO • Priti David

কুৱাৰি নদীৰ বান্ধৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই প্ৰকল্পৰ ফলত চাৰিখন গাওঁ আৰু তাত বসতি কৰি থকা পৰিয়ালবোৰ বিস্থাপিত হ

এনে কাৰ্য্যকলাপ ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত ন্যায্য ক্ষতিপুৰণ আৰু স্বচ্ছতাৰ অধিকাৰ আইন , ২০১৩ (আৰ.এফ.চি.টি.এল.এ.আৰ.আৰ.) আইনখনৰ উলংঘন। আইনখনত স্পষ্টকৈ বিস্থাপনৰ ক্ষেত্ৰত গাওঁবাসীৰ ওপৰত পৰা সামাজিক প্ৰভাৱকে ধৰি বিভিন্ন দিশ সামৰি প্ৰক্ৰিয়াটোৰ ঢাপকেইটা স্পষ্টকৈ উল্লেখ আছে। এই প্ৰক্ৰিয়াটোৰ ঘোষণা আদিৰ তাৰিখবোৰ স্থানীয় ভাষাত (অধ্যায় II A (1)) দিয়াটো বাধ্যতামূলক বুলি কোৱা হৈছে।

“আমাক ২৩টা বছৰ আগতেই বিস্থাপিত কৰা হৈছিল। বৰ কষ্টৰে আমি আমাৰ জীৱনবোৰ গঢ়িছো,” চাকপাৰা গাঁৱৰ সতনাম আদিবাসীয়ে কয়। তেওঁ প্ৰায়ে জয়পুৰ, গুজৰাট আৰু আন আন ঠাইৰ নিৰ্মাণ ছাইটবোৰত দিনহাজিৰা কৰিবলৈ যায়।

গাঁৱত হোৱাটচআপ গ্ৰুপ এটাৰ পৰা সতনামে বান্ধটোৰ বাতৰিটো পাইছিল। “কোনেও আমাৰ লগত কথা পতা নাই, কিমানকেইখন গাওঁ আৰু পৰিয়াল তাৰ কবলত পৰিব, সেইবিষয়ে নাজানো,” তেওঁ কয়। ৰাজহ বিভাগৰ মানুহ আহি কোনটো ঘৰ পকা, কোনটো ঘৰ কেঁচা, কিমান মাটি পৰিয়ালবোৰে অধিকাৰ কৰি আছে, সেইবিষয়ে টুকি লয় যায়।

আগৰবাৰৰ বিস্থাপনৰ স্মৃতি এতিয়াও তেওঁৰ পিতৃ সুজন সিঙৰ মনৰ পৰা মচা যোৱা নাই। তেওঁলোক এতিয়া পুনৰাই বিস্থাপিত হ’ব। “হমাৰে উপৰ ডাবল কষ্ট হৌ ৰহা হ্যে (আমি দুনাইবাৰ সমস্যাত পৰিছো)।”

অনুবাদ: পংকজ দাস

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Video Editor : Sinchita Maji

Sinchita Maji is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker.

Other stories by Sinchita Maji
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das