''ভাল কইনা বিচাৰি দিবলৈ মোৰ শহুৰৰ পৰিয়ালে তাক বহুত টকা দিছিল। ইয়াত এয়া একপ্ৰকাৰ গতানুগতিক কথা।’’ ২০ বছৰীয়া ৰুমা খিছাড়ে এইদৰে কৈ গৈছিল। ''দূৰ-দূৰণিৰ পৰা ইয়ালৈ (ৰাজস্থান) আহি থিতাপি লোৱাতো সকলোৰে পক্ষে সম্ভৱ নহয়। মোৰ ডাঙৰ জাগৰাকীও [স্বামীৰ বৌয়েক]...’’

''৫০ হাজাৰ খৰছ কৰি তাইক আনিছিলো! সাত বছৰীয়া ছোৱালী এগৰাকীও আছে তাইৰ, নিজৰ ছোৱালীজনীকো এৰি থৈ তাই পলাই গ’ল।’’ বোৱাৰীয়েকক কথাখিনি শেষ কৰিবলৈ নিদি ৬৭ বৰ্ষীয় যশোদা খিছাড়ে (নাম সলনি কৰা হৈছে) এইদৰে কৈ উঠিছিল।

''সেইগৰাকী তিৰোতা! তাই তিনিবছৰ থাকিল।’’ পলাই যোৱা পঞ্জাৱৰ ডাঙৰ বোৱাৰীয়েকগৰাকীৰ কথাখিনি কওতে যশোদাৰ দুচকুত খং স্পষ্ট হৈ পৰিছিল। ''তাইৰ ভাষাক লৈ সদায়ে পয়মাল হৈছিল। এদিনো আমাৰ ভাষাটো শিকিব নিবিচাৰিলে। এবাৰ ৰক্ষা বন্ধনৰ সময়ত ভায়েকক লগ কৰাৰ কথা কৈ ঘৰলৈ যাব বিচাৰিলে। বিয়াৰ পিছত এবাৰো ঘৰলৈ যোৱা নাছিল বাবে আমিও যাবলৈ দিলো। তাৰপিছত তাই আৰু ঘূৰি নাহিল। তাই যোৱা ৬ বছৰেই হ’ল,’’ যশোদাই কৈ গৈছিল।

যশোদাৰ দ্বিতীয়গৰাকী বোৱাৰীয়ো আন এজন মধ্যভোগীৰ জৰিয়তে ঝুনঝুনুনলৈ (ঝুনঝুনু বুলিও জনা যায়) আহিছিল।

কিমান বয়সত বিয়া হৈছিল সেই কথাও তাইৰ এতিয়া মনত নাই। ''মই বিদ্যালয়লৈ যোৱা নাছিলো, সেয়ে কোনচনত জন্ম পাইছিলো সেয়াও ক’ব নোৱাৰিম,’’ মটীয়া ৰঙৰ আলমাৰী এটাত নিজৰ আধাৰ কাৰ্ডখন বিচাৰি থকাৰ মাজতে মোলৈ চাই তাই এইদৰে কৈছিল।

তাইৰ ৫ বছৰীয়া ছোৱালীজনীক কোঠাটোত থকা খাট এখনত খেলি থকা দেখিছিলো।

''মোৰ আধাৰ কাৰ্ডখন গিৰিহঁতৰ মানীবেগত আছে কিজানি। মোৰ চাগে এতিয়া ২২ বছৰমান বয়স হৈছে,’’ ৰুমাই কৈছিল।

Left: Yashoda says that Ruma learnt to speak in Rajasthani within six months of her marriage, unlike her elder daughter-in-law.
PHOTO • Jigyasa Mishra
Right: Ruma is looking for her Aadhaar card copy to confirm her age
PHOTO • Jigyasa Mishra

বাঁওফালেঃ ডাঙৰ বোৱাৰীয়েকে নিশিকিলে যদিও বিয়াৰ মাত্ৰ ৬ মাহতে ৰুমাই ৰাজস্থানী ক বলৈ শিকিছে বুলি কয় যশোদাই সোঁফালেঃ বয়স কিমান হৈছে সেয়া নিশ্চিত কৰিবলৈ আধাৰ কাৰ্ড বিচাৰিছে ৰুমাই

''মোৰ জন্ম অসমৰ গোলাঘাটত, তাতেই ডাঙৰ-দীঘল হৈছিলো, মা-দেউতাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল,’’ তাই কৈ গৈছিল। ''মই তেতিয়া মাত্ৰ ৫ বছৰীয়া আছিলো আৰু তেতিয়াৰে পৰা ককাইদেউ, নবৌ, মামা ককা আৰু আইতাই মোৰ বাবে পৰিয়াল হৈ পৰিছিল,’’ ৰুমাই কৈছিল।

২০১৬ চনৰ দেওবাৰে আবেলিৰ ভাগত গোলাঘাটৰ ঘৰত ককায়েকে ৰাজস্থানী সাজ-পোচাক পৰিহিত দুজন অচিনাকি লোকক ককাক-আইতাকক লগ কৰাবলৈ অনা দেখিছিল ৰুমাই। ইয়াৰে এজন আছিল গাভৰু ছোৱালীক কইনা হিচাপে দেখুওৱা মধ্যভোগী।

''আমাৰ অঞ্চলটোলৈ আন ৰাজ্যৰ মানুহ তেনেকৈ নাহেই,’’ ৰুমাই কয়। অচিনাকি মানুহকেইজনে ৰুমাৰ পৰিয়ালক যৌতুক অবিহনে ভাল দৰা পোৱাৰ ব্যৱস্থা কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে আনকি পইছাও আগবঢ়াইছিল আৰু বিয়াত এটকাও নিজাকৈ খৰছ কৰিব নালাগে বুলি কৈছিল।

বাহিৰৰ পৃথিৱীখনৰ আও-ভাও একোকে নজনা ছোৱালী ৰুমাক পৰিয়ালৰ লোকসকলে অচিনাকি মানুহ দুজনৰ এজনৰ লগত আহিবলৈ দিয়ে। এসপ্তাহৰ ভিতৰতে মানুহ দুজনে তাইক অসমৰ পৰা ২৫০০ কিলোমিটাৰ দূৰৈৰ ঝুনঝুনুন জিলাৰ কিষাণপুৰা গাঁৱলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে।

আন ৰাজ্যৰ ল’ৰা সৈতে বিয়াৰ বাবে সৈমান হোৱাৰ বিনিময়ত দিম বুলি কোৱা পইছা ৰুমাৰ পৰিয়ালে নাপালে। অৱশ্যে ৰুমাৰ শহুৰৰ পৰিয়ালৰ আনলোকসকলে ছোৱালীৰ পৰিয়ালক দিবলৈ দালালৰ হাতত পইছা দিয়া বুলিয়েই দাবী কৰি আহিছে।

''ইয়াত বেছিভাগৰেই ঘৰত বেলেগ ৰাজ্যৰ বোৱাৰীবোৰেই লগ পাব,’’ ৰুমাই কয়। স্থানীয় লোকসকলৰ লগতে অঞ্চলটোত কাম কৰি থকা সামাজিক কৰ্মকৰ্তাসকলে কোৱা অনুসৰি ৰাজস্থানলৈ এনেকৈ বিয়াৰ বাবে লৈ অহা ছোৱালীবোৰৰ অধিকাংশই হৈছে মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, ওড়িশা আৰু উত্তৰ প্ৰদেশৰ।

Left: Ruma right outside her in-law's house.
PHOTO • Jigyasa Mishra
Right: Ruma with her husband Anil and her daughter
PHOTO • Jigyasa Mishra

বাঁওফালেঃ স্বামীৰ ঘৰৰ বাহিৰত ৰুমা সোঁফালেঃ স্বামী অনিল আৰু কন্যাৰ সৈতে ৰুমা

ৰাজস্থানত কইনা বিচাৰি পোৱাতো তেনেই দুৰূহ হৈ পৰিছে, কিয়নো ৰাজ্যখন ০-৬ বছৰ বয়সৰ সীমাৰ CSR অৰ্থাৎ শিশুৰ লিংগ অনুপাতৰ (child sex ratio) ক্ষেত্ৰত আটাইতকৈ শোচনীয় স্থিতিত থকা ৰাজ্যসমূহৰ মাজত অন্যতম। ৰাজ্যখনৰ ৩৩ খন জিলাৰ ভিতৰত এইক্ষেত্ৰত ঝুনঝুনুন আৰু শিকৰৰ অৱস্থা অতিশয় উদ্বেগজনক। ঝুনঝুনুনৰ গ্ৰামাঞ্চলৰ এই অনুপাত প্ৰতি ১০০০ ল’ৰাৰ বিপৰীতে ৮৩২ গৰাকী ছোৱালী, যি নেকি ২০১১ লোকপিয়লৰ সৰ্বভাৰতীয় হাৰ ১০০০ ল’ৰাৰ বিপৰীতে ৯২৩ গৰাকী ছোৱালীতকৈয়ো কম।

মানৱাধিকাৰ কৰ্মী বিকাশ কুমাৰ ৰাহাৰে জনোৱা মতে জিলাখনত ল’ৰা সন্তানক প্ৰাধান্য দিয়া বাবেই ছোৱালী পাবলৈকে টান হৈ পৰিছে। ''পুত্ৰ সন্তানৰ বিয়াৰ বাবে কইনা পাবলৈ নাই বাবেই মাক-দেউতাকে দালালৰ কাষ চাপে। দালালে তেনে লোকসকলক আন ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালী যোগাৰ কৰি দিয়ে,’’ তেওঁ কয়।

ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য সমীক্ষা ( NFHS-5 )ৰ ২০১৯-২০২০ বৰ্ষৰ শেহতীয়া তথ্য অনুসৰি যোৱা ৫ বছৰত ৰাজস্থানৰ নগাৰঞ্চলত জন্মগ্ৰহণ কৰা শিশুসকলৰ লিংগৰ অনুপাত হৈছে ১০০০ ল’ৰাৰ বিপৰীতে ৯৪০ গৰাকী কন্যা শিশু। গ্ৰামাঞ্চলত আৰু হ্ৰাস পাই সেয়া হৈছেগৈ ১০০০ ল’ৰাৰ বিপৰীতে ৮৭৯ গৰাকী কন্যা শিশু। ঝুনঝুনুন জিলাখনৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশই বাস কৰে গ্ৰামাঞ্চলত।

ৰাহাৰ স্থানীয় স্বেচ্ছাসেৱী সংস্থা শিক্ষিত ৰোজগাৰ কেন্দ্ৰ প্ৰবন্ধক সমিতি (SRKPS)ৰ  এজন সমন্বয়ক। তেওঁ আৰু কয়, ''ইয়াৰ লোকসকলে দালালৰ খৰছ ধৰি কইনাৰ বাবে ২০,০০০ টকাৰ পৰা ২.৫ লাখ টকালৈকে দি আহিছে।’’

কিন্তু কিয়?

''আমি দালাল নহ’লে কইনা পামেই বা কেনেকৈ?’’ যশোদাৰ প্ৰশ্ন। ''ইয়াত চৰকাৰী চাকৰি নথকা ল’ৰালৈ কোনেও নিজৰ ছোৱালী বিয়া দিব নোখোজে।’’

From left: Ruma’s father-in-law, Ruma near the wall, and her mother-in-law Yashoda with her grand-daughter on her lap. The family has adopted a dog who follows Yashoda's c ommands
PHOTO • Jigyasa Mishra

বাঁওফালৰ পৰাঃ ৰুমাৰ শহুৰেক, বেৰৰ কাষত ৰুমা, আৰু কোলাত নাতিয়েকক লৈ ৰুমাৰ শাহুৱেক যশোদা। তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে যশোদাৰ কথামতেহে চলে

যশোদাৰ দুয়োজন পুত্ৰই দেউতাকক পথাৰত খেতিৰ কামত সহায় কৰে আৰু ৬ টাকৈ গৰু চোৱা-চিতা কৰে। পৰিয়ালটোৱে তেওঁলোকৰ ১৮ বিঘা মাটিত বাজৰা, ঘেঁহু, কপাহ আৰু সৰিয়হৰ খেতি কৰে। (ৰাজস্থানৰ এই অঞ্চলত এবিঘা ০.৬২৫ একৰৰ সমান )

''মোৰ ল’ৰাই ইয়াৰ ছোৱালী নাপায়, সেয়ে আমাৰ বাবে বাহিৰৰ ছোৱালী অনাৰ বাদে উপায় নাই। আমি ল’ৰা দুটাক কিমান দিন দাংবৰলা হৈ থাকিবলৈ দিমনো?’’ যশোদাৰ প্ৰশ্ন।

ইউনাইটেড নেশ্যনছ অফিচ অফ ড্ৰাগছ এণ্ড ক্ৰাইম (UNODC)-এ মানৱ সৰবৰাহ বন্ধ, হ্ৰাস আৰু ইয়াৰ সৈতে জড়িতসকলৰ শাস্তিৰ বাবে নিৰ্ধাৰণ কৰা প্ৰট’কলত উল্লেখ কৰা অনুযায়ী ''নিজৰ সুবিধাৰ বাবে শোষণৰ উদ্দেশ্যে বলপূৰ্বকভাৱে, প্ৰতাৰণা বা প্ৰবঞ্চনা কৰি কামত নিয়োগ কৰা, সৰবৰাহ কৰা, স্থানান্তৰ কৰা, আৱদ্ধ কৰি ৰখা অথবা গ্ৰহণ কৰা’’ কাৰ্যক মানৱ সৰবৰাহ হিচাপে আখ্যা দিছে। ভাৰততো ভাৰতীয় দণ্ড বিধিৰ ৩৭০ নং ধাৰাৰ অধীনত এনে কাৰ্যক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰি অহা হৈছে। ইয়াৰ সৈতে জড়িত অপৰাধীক ৭-১০ বছৰৰ কাৰাবাসৰো বিধান আছে।

''ৰাজস্থানৰ প্ৰতিখন জিলাতে মানৱ সৰবৰাহ প্ৰতিৰোধ গোট (AHTU) আছে,’’ পাৰিৰ সৈতে হোৱা কথোপকথনত এনে অপৰাধমূলক কাৰ্য ৰোধ কৰিবলৈ চেষ্টা চলাই অহাৰ কথা উল্লেখ কৰি এইদৰে কয় ঝুনঝুনুন জিলাৰ আৰক্ষী অধীক্ষক মৃদুল কাচৱাই। ''কেইমাহমান আগতে অসম আৰক্ষীয়ে এগৰাকী যুৱতীৰ অপহৰণ সন্দৰ্ভত আমাৰ সৈতে যোগাযোগ কৰিছিল। আমি অনুসন্ধান কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰি ঘৰলৈ পঠিয়াই দিছিলো। কিন্তু কিছুমান ক্ষেত্ৰত এনেকৈ সৰবৰাহ হৈ অহা মহিলাই ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰে। তেওঁলোকে নিজৰ মৰ্জিত ইয়ালৈ অহা বুলি কয়। তেতিয়া বিষয়টো জটিল হৈ পৰে।’’

ৰুমাৰো কেতিয়াবা ঘৰৰ মানুহক লগ কৰিবলৈ মন যায় যদিও তাই স্বামীগৃহতে বাকী জীৱন কটাব বিচাৰে। ''মই ইয়াত ঠিকেই আছো,’’ তাই কয়। ''মোৰ তেনেকৈ একো সমস্যা হোৱা নাই। দূৰ বহুত বাবে মই ঘৰলৈ সঘনাই যাবও নোৱাৰো। কিন্তু সোনকালেই মই ককাইদেউহঁতক চাবলৈ এবাৰ ঘৰলৈ যাম বুলি ভাবি থৈছো।’’ স্বামীগৃহত কাৰোৰে পৰা এতিয়ালৈকে কোনোধৰণৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন নাই পোৱা বুলিও কয় ৰুমাই।

Ruma visited her family in Assam twice since her marriage about seven years ago. She speaks to them occassionally over the phone
PHOTO • Jigyasa Mishra

সাত বছৰ পূৰ্বে বিয়া হোৱাৰ পিছত ৰুমাই পৰিয়ালৰ লোকসকলক চাবলৈ অসমলৈ দুবাৰহে আহিছে। ফোনত মাজে মাজে পৰিয়ালৰ লোকৰ সৈতে কথা হৈ থাকে ৰুমাই

ৰুমাই কোনো সমস্যাৰ সন্মুখীন হোৱা নাই বুলি জনোৱাৰ বিপৰীতে ২০১৯ চনত পশ্চিমবংগৰ পৰা মানৱ সৰবৰাহকাৰীৰ কবলত পৰি ৰাজস্থানৰ উক্ত গাঁওখনত ভৰি দিবলগীয়া হোৱা ২০ বছৰীয়া সীতাৰ (নাম সলনি কৰা হৈছে) কথাই আন এখন ভয়লগা ছবিও উন্মোচিত কৰিছে। ''মই আপোনালোকে মোৰ জিলা আৰু ঘৰৰ ঠিকনা তথা পৰিয়ালৰ কাৰোৰে নাম লিখাটো নিবিচাৰো,’’ সীতাই কয়।

''২০১৯ চনত ৰাজস্থানী দালালে মোৰ পৰিয়ালৰ মানুহক লগ কৰি মোক ঝুনঝুনুনলৈ বিয়া হৈ অহাৰ প্ৰস্তাৱ দিয়ে। সেই মানুহটোৱে মোক যিজন মানুহে বিয়া কৰাব সেই মানুহজনৰ কামৰ লগতে পৰিয়ালৰ বিষয়েও মিছাকৈ কৈছিল। তাৰপিছত সি মোৰ দেউতাক ১.৫ লাখ টকা দি সোনকালে ইয়ালৈ পঠিয়াই দিবলৈ জোৰ কৰিছিল।’’ দালালজনে ৰাজস্থানত সীতাৰ বিয়া ভালকৈ হ’ব আৰু বিয়াৰ ফটো ঘৰলৈ পঠিয়াই দিব বুলিও কৈছিল।

এই কথাৰ পিছতে ৪ টা সন্তানৰ সৈতে ধাৰত পোত গৈ থকা দেউতাকে সকাহ পাওক বুলি মানুহজনৰ সৈতে সেইদিনাই ঘৰ এৰিছিল।

''দুদিন পিছত মোক এটা কোঠাত তলা লগাই থৈছিল আৰু মানুহ এজন সোমাই আহিছিল। মই সেই মানুহজন মোৰ স্বামী বুলি ভাবিছিলো,’’ সীতাই কৈ গৈছিল। ''মানুহটোৱে মোৰ কাপোৰ খুলিছিল। মই মানুহটোক বিয়াৰ কথা সুধিছিলো আৰু তেতিয়া সি মোক চৰ মাৰিছিল। মোক ধৰ্ষণ কৰিছিল। সেই ঘৰটোত খোৱাৰ নামত তেনেই সামান্য কিবাকিবি খাই দুদিন পাৰ কৰাৰ পিছত মোক স্বামীৰ ঘৰলৈ লৈ আনিছিল। তেতিয়াহে মই জানিব পাৰিছিলো যে মোৰ স্বামী আন এজনহে আৰু তেওঁ মোতকৈ ৮ বছৰে ডাঙৰ আছিল।’’

''যিকোনো বয়সৰ আৰু আৰ্থিক অৱস্থাৰ কইনাৰেই ব্যৱস্থা কৰি দিব পাৰে একাংশ দালালে,’’ এইদৰে কয় ঝুনঝুনুনৰ এছআৰকেপিএছৰ প্ৰতিষ্ঠাপক ৰাজন চৌধুৰীয়ে। ''এজন দালালক মই ৬০ বছৰ বয়সীয়া লোক বুলি কৈ মোৰ বাবে ছোৱালী এজনী চাবলৈ কৈছিলো। মোক আচৰিত কৰি দালালজনে খৰছ অলপ বেছি হ’ব বুলি কৈ নিশ্চিতভাৱেই পাই যাম বুলি কৈছিল। দালালজনে মোক এজন ডেকা ল’ৰাৰ ব্যৱস্থা কৰি দিবলৈ কৈছিল যাক সিঁহতে দৰা বুলি দেখুৱাব পাৰিব।’’ পৰিয়ালে ছোৱালীজনীক সেই ল’ৰাজনলৈ দিয়াৰ লগে লগেই ৰাজস্থানলৈ আনি বিয়াৰ ব্যৱস্থা কৰি দিয়াৰো আশ্বাস দিছিল ৰাজনক।

Varsha Dangi was trafficked from her village in Sagar district of Madhya Pradesh and brought to Jhunjhunun
PHOTO • Jigyasa Mishra

সৰবৰাহকাৰীৰ কবলত পৰি মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ পৰা ঝুনঝুনুন গাঁৱলৈ অহা বৰ্ষা দাংগি

ৰাজনৰ মতে ঝুনঝুনুনৰ এই মানৱ সৰবৰাহৰ মূল কাৰণটোৱেই হৈছে জিলাখনৰ লিংগানুপাত। ''জিলাখনৰ বাহিৰৰ লগতে জিলাখনতো অতি সহজে কন্যা ভ্ৰূণ ধ্বংস কৰিবলৈ অবৈধ লিংগ নিৰ্ণয় পৰীক্ষা অবাধ হাৰত হৈ আহিছে,’’ তেওঁ উনুকিয়াই দিয়ে।

ৰুমাৰ ঘৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ ঝুনঝুনুনৰ আলছিছাৰ গাঁৱৰ বাসিন্দা বৰ্ষা দাংগি। বৰ্ষাই তাইতকৈ ১৫ বছৰে ডাঙৰ এজন লোকৰ সৈতে ২০১৬ চনত বিয়া হৈছিল। মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ পৰা তাইক স্বামীৰ গাঁওখনলৈ লৈ আনিছিল।

''মানুহটো মোতকৈ বহুত ডাঙৰ, কিন্তু মোক বহুত মৰম কৰিছিল,’’ বৰ্ষাই কয়। ''মই ইয়াত আহি পোৱাৰে পৰা শাহুআয়ে মোক দিগদাৰ দি আহিছে। আৰু মানুহজনৰ ঢুকোৱাৰ পিছত পৰিস্থিতি আৰু বেয়ালৈ গৈছে,’’ এইদৰে কয় ৩২ বৰ্ষীয় বৰ্ষাই।

''ইয়াৰ দালাল এটা প্ৰায়ে মধ্যপ্ৰদেশলৈ গৈছিল। যৌতুক দিবলৈ মোৰ পৰিয়ালৰ হাতত পইছা-পাতি নাছিল, সেয়ে দালালটোৰ লগত তেওঁলোকে মোক ইয়ালৈ পঠিয়াই দিলে,’’ মহিলাগৰাকীৰ কথা।

চুবুৰীয়া এঘৰত থাকি মনে মনে আমাৰ আগত মহিলাগৰাকীয়ে নিজৰ দুখৰ কথা ব্যক্ত কৰিছিলঃ ''মোৰ শাহুমা আৰু ননদজনী ইয়ালৈ আহিলে মোৰ সৈতে একো কথাই নাপাতিব। দুজনীৰ কোনোবা এজনীয়ে কথাবোৰ শুনিলেই মোৰফালে আধ্যা পৰিব।’’

'ইয়াৰ দালাল এটা প্ৰায়ে মধ্যপ্ৰদেশলৈ গৈছিল। যৌতুক দিবলৈ মোৰ পৰিয়ালৰ হাতত পইছা-পাতি নাছিল, সেয়ে দালালটোৰ লগত তেওঁলোকে মোক ইয়ালৈ পঠিয়াই দিলে’

ভিডিঅ চাওকঃ ঝুনঝুনুনৰ বাবে সুপাত্ৰী ক্ৰয়

মহিলাগৰাকীয়ে আমাৰ সৈতে কথা পাতি থকা সময়ত তাইৰ ৪ বছৰীয়া ল’ৰাটোৱে বিস্কুটৰ বিচাৰি আমনি কৰি আছিল। পিছত চুবুৰীয়া এগৰাকীয়ে ল’ৰাটোক বিস্কুট দিছিল। ''যদিহে এই মানুহঘৰ নাথাকিলেহেঁতেন তেন্তে মোৰ ল’ৰাটো আৰু মই ভোকতে মৰিলোহেঁতেন। মোৰ ননদজনী আৰু মোৰ ৰান্ধনিঘৰ বেলেগ বেলেগ। মানুহটো ঢুকোৱাৰ পিছত মই এসাজ ভাতৰ বাবেও বহুত কষ্ট কৰিবলগীয়া হৈছে।’’ ২০২২ চনত স্বামীৰ মৃত্যুৰ পিছৰে পৰা হোৱা দুখজনক পৰিস্থিতিৰ কথা বৰ্ণনা কৰোতে বৰ্ষাৰ দুচকুৰে চকুলো বৈ আহিছিল।

''সদায়েই মোক ঘৰৰ পৰা ওলাই যাবলৈ কথা শুনাই থাকে। শাহুআয়ে মোক কয় যে যদি মই জীয়াই থাকিব খোজো তেন্তে আকৌ বেলেগৰ খাৰু পিন্ধিব লাগিব,’’ স্বামীহাৰা হ’লে বয়সৰ কথালৈ নাচাই স্বামীৰ পৰিয়ালৰ আন কোনো পুৰুষৰ সৈতে বিয়াত বহা ৰাজস্থানী পৰম্পৰাৰ কথা উল্লেখ কৰি এইদৰে কয় বৰ্ষাই। শাহুৱেকে এনেকৈ কৈ থকাৰ কাৰণৰ কথাও বৰ্ষাই কয়, ''শাহুআয়ে মই স্বামীৰ সম্পত্তিৰ ভাগ বিচাৰিম বুলি ভয় খাই থাকে।’’

গ্ৰাম্যপ্ৰধান জিলাখনৰ ৬৬ শতাংশ লোকেই মূলত কৃষিৰ ওপৰত নিৰ্ভৰশীল। বৰ্ষাৰ স্বামীও এজন খেতিয়ক আছিল আৰু স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ভাগৰ মাটিখিনিত কোনেও খেতি কৰা নাই। পৰিয়ালটোৰ ২০ বিঘা মাটি দুই ভাই-ককায়ে সমানে ভগাই লৈছিল।

বৰ্ষাই আৰু কয় যে দিনে-নিশাই শাহুৱেকে তাইক কটু কথা শুনাই থাকে, ''আমি তোক কিনি আনিছো, তোৰ ঘৰৰ মানুহক আঢ়ৈ লাখ টকা দিছো। গতিকে যি কও সেয়াই কৰিব লাগিব।’’

বৰ্ষাই আৰু কয়, ''মই 'খৰিদি হুই’ (কিনি অনা) উপাধিটো লৈয়েই জীয়াই থাকিব লাগিব আৰু এইটো নাম লগত লৈয়েই মৰিব লাগিব।’’

Varsha says that after her husband's death her in-laws pressurise her to either live with her younger brother-in-law or leave
PHOTO • Jigyasa Mishra

বৰ্ষাই কয় যে স্বামীৰ মৃত্যুৰ পিছত স্বামীগৃহৰ লোকসকলে দেওৰেকৰ সৈতে বিয়াত বহিবলৈ অন্যথা ঘৰ এৰিবলৈ বৰ্ষাক হেঁচা দি আহিছে

*****

সেয়া আছিল ২০২২ চনৰ ডিচেম্বৰ মাহৰ কথা। ছমাহ পিছত PARIৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বৰ্ষাৰ মাতটো আগতকৈ কিছু পৃথক যেন লাগিছিল। ''আজি পুৱাই মই ল’ৰাটোক লৈ নিজৰ ঘৰ আহি পালো,’’ বৰ্ষাই কৈছিল। শাহুৱেক আৰু স্বামীগৃহৰ আনসকলে পিছত তাইক দেওৰেকৰ সৈতে বিয়াত বহিবলৈ বহুত জোৰ কৰিছিল। ''সিহঁতে মোক মাৰধৰো কৰিছে। সেয়ে গুচি আহিলো,’’ বৰ্ষাই কৈছিল।

তাই আৰু সহ্য নকৰাৰ সিদ্ধান্ত লৈছিল। তাইৰ দেওৰেক বিবাহিত আছিল আৰু পত্নীৰ সৈতে বাস কৰিছিল। ''আমাৰ গাঁৱত পৰিয়ালৰ আন পুৰুষৰ সৈতে স্বামীহাৰা মহিলাই বিয়া হোৱাতো নিয়মৰ দৰে। ইয়াত বয়স আৰু আগতে বিয়া পতা নে নপতা সেই কথা আহিয়েই নপৰে,’’ বৰ্ষাই কয়। ল’ৰাটোক ভেকচিন দিয়াৰ কথা কৈ ঘৰৰ পৰা ওলাই আহিছিল বৰ্ষাই। তাৰপিছত ল’ৰাটোৰ সৈতে তাই মধ্যপ্ৰদেশ অভিমুখী ৰে’লত উঠিছিল। ''মোৰ চুবুৰীয়া কেইজনমানে মোক ৰে’লৰ টিকটৰ পইছা যোগাৰ কৰি দিছিল। কিন্তু মধ্যপ্ৰদেশ পোৱাৰ পিছত ষ্টেশ্যনৰ পৰা ঘৰলৈ যাবলৈ পইছা নাছিল,’’ তাই কয়।

বৰ্ষাই আৰু কয়, ''১০০ ডায়েল কৰি মই আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁলোকে মোক পঞ্চায়তে সহায় কৰিব বুলি ক’লে। যেতিয়া মোৰ ঘটনাটো পঞ্চায়তৰ ওচৰ পালে তেওঁলোকে মোক একো সহায় নকৰিলে।’’

নতুন আত্মবিশ্বাস আৰু দৃঢ়তাৰে বৰ্ষাই ফোনৰ সিটো মূৰৰ পৰা কৈছিল, ''মোৰ দৰে আৰু বহু মহিলাৰ সৈতে আচলতে কি হৈ আছে সেয়া মই গোটেই পৃথিৱীখনেই গম পোৱাতো বিচাৰো।’’

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari