প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীয়ে পাৰিত শিক্ষানবিচ হিচাপে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰি আমালৈ লিখে। এইবছৰ এনে শিক্ষানবিচৰ সংখ্যা আছিল অভিলেখ পৰ্য্যায়ৰ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন বিদ্যায়তনিক বৰ্গৰ শিক্ষাৰ্থীয়ে আমালৈ লিখিছিল। মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স, বেংগালুৰুৰ আজীম প্ৰেমজী ইউনিভাৰ্ছিটি, সোণেপটৰ অশোকা ইউনিভাৰ্ছিটি, পুণেৰ ফ্ৰেম ইউনিভাৰ্ছিটি, চেন্ট্ৰেল ইউনিভাৰ্ছিটি অৱ ৰাজস্থান আৰু বহুতো শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা আমালৈ অনুৰোধ আহিছিল।
সময়ৰ লগে লগে আমাৰ ইণ্টাৰ্নশ্বিপ কাৰ্য্যসূচীও সলনি হৈছে, লগতে সলনি হৈছে জৰিত হোৱা শিক্ষাৰ্থীৰ সংখ্যা। এনেদৰে পাঠ্যক্ৰমৰ পৰিসৰো সলনি হৈছে। নতুন নতুন কাম আৰু দায়িত্বভাৰ তেওঁলোকক দিয়া হৈছে। উঠি অহা ল’ৰা-ছোৱালীক আমাৰ সমাজৰ বৈষম্য, অন্যায় আৰু সামাজিক উপান্তকৰণ আদি বিভিন্ন সমস্যাবোৰৰ সৈতে পৰিচিত কৰোৱাৰ যি আমাৰ লক্ষ্য, সেয়া অৱশ্যে অপৰিৱৰ্তিত হৈ ৰৈছে।
পাৰিৰ ইনটাৰ্ণসকলে একেবাৰে হাতে-কামে লাগিবলগীয়া হয়। গৱেষণা কৰা, সাক্ষাৎকাৰ লোৱা, লিখা, তথ্যৰ সত্যাসত্য বিচাৰ কৰা, ফটো তোলা, ভিডিঅ’ লোৱা আৰু প্ৰয়োজন সাপেক্ষে ছবি অকা - এই সকলোবোৰ কাম ইমান সহজ নহ’লেও তেওঁলোকে কৰিব পাৰিছে। আৰু এই কামবোৰ তেওঁলোকে কৰিছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, অৰুণাচল প্ৰদেশ, তামিলনাডু, ওড়িশা, মহাৰাষ্ট্ৰ, কেৰালা আৰু জম্মু-কাশ্মীৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা।
তেওঁলোকে পাৰি লাইব্ৰেৰীৰ প্ৰতিবেদনবোৰ, ফিল্ম আৰু ভিডিঅ’, ছ’চিয়েল মিডিয়া পোষ্টৰো কাম কৰে আৰু প্ৰয়োজন সাপেক্ষে অনুবাদো কৰে।
লিংগভিত্তিক অবিচাৰ-অন্যায়ৰ বিষয় অনুসন্ধান কৰি সেয়া তেওঁলোকৰ ৰিপ’ৰ্টিঙৰ যোগেদি দাঙি ধৰিবলৈ বহু শিক্ষাৰ্থী ইচ্ছুক আছিল, আৰু তেওঁলোকে কৰা কামৰ এয়া এক উদাহৰণ:
সেউজী পাতৰ আঁৰৰ আন্ধাৰ কাহিনী শীৰ্ষক ষ্ট’ৰিটোত অধ্যয়েতা মিশ্ৰাই পশ্চিমবংগৰ চাহ বাগানত কাম কৰা মহিলা শ্ৰমিক কেৱল মহিলা হোৱাৰ বাবেই সন্মুখীন হোৱা কষ্টৰ কথা সুন্দৰকৈ দাঙি ধৰিছে। অধ্যয়েতা তেতিয়া যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্যৰ এগৰাকী শিক্ষাৰ্থী আছিল, তেওঁ তেতিয়া তাত কাম কাম কৰা মহিলা শ্ৰমিকৰ সৈতে কথা পাতোতে সাৱধান হ’বলগীয়া হৈছিল, নহ’লে তেওঁলোকে কাম হেৰুৱাবলগীয়া হ’ব পাৰে।






