ফেনৰ বা লৈ নিশাই মাটিতে বহিছে। জুন মাহৰ দুপৰীয়াৰ গৰম বাঢ়িছে। ইফালে ধঁপাত আৰু শুকান পাতৰ গোন্ধে বতাহ গধুৰ কৰি তুলিছে। ১৭টাকৈ বাণ্ডিলত মেৰিয়াই থোৱা প্ৰায় ৭০০টা বিডিৰ মুঠা দেখুৱাই তেওঁ কয়, “এইটো সপ্তাহত মই মাত্ৰ ইমানখিনি বিড়ি বনাব পাৰিলোঁ। এইখিনিৰ দাম ১০০ টকাৰ বেছি নহয়,” ৩২ বছৰীয়া বিড়ি শ্ৰমিকগৰাকীয়ে নিজৰ সপ্তাহটোৰ কামৰ খতিয়ান দি কয়। মধ্যপ্ৰদেশৰ দামোহ জিলাত এনেদৰে তেওঁলোকে এহেজাৰ বিড়ি নুৰিয়াই ১৫০ টকা পায়।

বিড়ি শ্ৰমিকসকলে প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে তেওঁলোকে বনোৱা বিড়িবোৰ আনে, লগতে পৰৱৰ্তী সপ্তাহটোৰ বাবে কেঁচামালো সংগ্ৰহ কৰে। দামোহ চহৰৰ উপকণ্ঠ অঞ্চলত ভালেমান কাৰখানা আছে। কাৰখানাই নিয়োগ কৰা ঠিকাদাৰে ঘাইকৈ মহিলাসকলক এই কামত লগায়।

মহিলাসকলে কেঁচামাল সংগ্ৰহ কৰে আৰু গোটেই সপ্তাহটো তেন্দু পাত কাটি তাত ধঁপাত মেৰিয়াই সূতাৰে গাঁঠে আৰু বিড়িৰ বাণ্ডিল বনায়। ঘৰৰ কাম-কাজ শেষ হোৱাৰ পিছত তেওঁলোকে এই কামটো কৰে। তেওঁলোকৰ ঘৰৰ ৮-১০ জনীয়া পৰিয়ালৰ মুঠ ১০ৰ পৰা ২০ হাজাৰ আয়ত এনেকৈ সামান্য ধন যোগ হয়। প্ৰায়ভাগ মহিলাই কৃষি শ্ৰমিক বা সামান্য পৰিমাণৰ মাটিৰ মালিক।

“শুকান তেন্দুৰ পাতবোৰৰ সিৰাবোৰ দেখা নোহোৱালৈকে পানীত তিয়াই থ’ব লাগে। তাৰ পিছত ফাৰ্মা [লোহাৰ ষ্টেনচিল] ব্যৱহাৰ কৰি পাতবোৰ সৰু সৰু আয়তক্ষেত্ৰ আকৃতিত কাটি লোৱা হয়। ভিতৰত জৰ্দা [স্বাদযুক্ত ধঁপাত] দি পাতবোৰ নুৰিয়াই বিড়ি বনোৱা হয়,” নিশাই বুজাই কয়। প্ৰতিটো বিড়ি বিশেষ ৰঙীন সূতাৰে বান্ধিব লাগে, সূতাৰ ৰঙেই ব্ৰেণ্ডৰ পৰিচিতি। এই ৰঙেই বেলেগ বেলেগ কোম্পানীৰ চিন।

তাৰ পিছত বিড়িৰ বাণ্ডিলবোৰ বিড়ি কাৰখানালৈ বিক্ৰীৰ বাবে অনা হয়। কাৰখানা মানে বিড়ি বনোৱা ব্ৰেণ্ডৰ প্ৰচেছিং আৰু পেকেজিং ইউনিট আৰু ষ্ট’ৰহাউচ। তেওঁলোকে বনোৱা বাণ্ডিলবোৰ ঠিকাদাৰক গতাই দিয়ে যিয়ে তেওঁলোকৰ লগত কাৰখানালৈ যায় বা পোনপটীয়াকৈ ধন দিয়ে। কাৰখানাৰ ভিতৰত সেইবোৰ ভাগ ভাগ কৰি পেক কৰি মজুত কৰা হয়।

PHOTO • Priti David
PHOTO • Kuhuo Bajaj

ছিণ্ডৱাৰা আৰু অন্যান্য অঞ্চলৰ কেইবাখনো তেন্দু বনাঞ্চল ওচৰত থকাৰ বাবে ঠাইখন তেন্দু পাতৰ এক সমৃদ্ধ উৎস। বিড়ি উৎপাদনৰ এক গুৰুত্বপূৰ্ণ উপাদান এই পাততে ধঁপাত নুৰিওৱা হয়। সোঁফালে: নিশাই ঘৰৰ কাম-বন শেষ কৰি বিড়ি নুৰিওৱাৰ বাবে সময় উলিয়ায়

বিড়ি শ্ৰমিকসকল সাধাৰণতে মুছলমান মহিলা যদিও আন সম্প্ৰদায়ৰ মহিলাও এই জীৱিকাৰ সৈতে জড়িত।

দামোহত প্ৰায় ২৫টা কাৰখানা থকাৰ কাৰণটো হৈছে মধ্যপ্ৰদেশৰ আশে-পাশে থকা জিলাসমূহৰ কেইবাখনো তেন্দু বনাঞ্চল, বনাঞ্চলৰ ৩১ শতাংশ বনাঞ্চল তেন্দুৱে আগুৰি আছে৷ ছিওনি, মণ্ডলা, চিহোৰ, ৰাইজেন, সাগৰ, জবলপুৰ, কটনি আৰু ছিণ্ডৱাৰা হৈছে ধঁপাতৰ মেৰিওৱা তেন্দু পাতৰ চহকী উৎস। ই বিড়ি বনোৱাৰ বাবে গুৰুত্বপূৰ্ণ উপাদান।

*****

গ্ৰীষ্মৰ আবেলি এটাত উজ্জ্বল ৰঙৰ ছেলোৱাৰ-কামিজ পিন্ধি আধা ডজন মহিলাই বিড়িৰ হিচাপ কৰালৈ ৰৈ আছে। তেওঁলোকৰ আড্ডা আৰু ঠিকাদাৰৰ সৈতে হোৱা তৰ্কৰ শব্দক ওচৰৰ মছজিদৰ পৰা ভাঁহি অহা আজানে তল পেলাইছে। তেওঁলোকে এসপ্তাহৰ বিড়ি বোজাই কৰি অনা তাছলা (লোহাৰ পাত্ৰ)টোতে বহি লৈছে।

আমীনা (নাম সলনি কৰা হৈছে) বিড়িৰ হিচাপক লৈ অসন্তুষ্ট। “আৰু [বিড়ি] আছিল, কিন্তু ঠিকাদাৰে ভাগ ভাগ কৰোতে কিছুমান নাকচ কৰিলে,” তেওঁ কয়। মহিলাসকলে নিজকে বিড়ি মজদুৰ বুলি কয় আৰু অভিযোগ কৰে যে ১০০০ বিড়িৰ বিনিময়ত ১৫০ টকা দিয়াটো অন্যায়।

“মই চিলাইৰ কামহে কৰিব ভাল পাম। তাত পইচা বেছি,” দামোহৰ এজন প্ৰাক্তন বিড়ি শ্ৰমিক জানুয়ে কয়। কিন্তু ১৪ বছৰ বয়সত তেওঁ এই কাম আৰম্ভ কৰিছিল, “মোৰ বিশেষ দক্ষতা নাছিল, আন কিবা কৰিবলৈকো নাছিল,” তেওঁ কয়।

PHOTO • Kuhuo Bajaj

বাওঁফালে: স্বাদগন্ধযুক্ত ধঁপাত (জৰ্দা) তেন্দু পাতত মেৰিয়াই বিড়ি (সোঁফালে) বনোৱা হয়

ঘণ্টাৰ পিছত ঘণ্টা হাউলি কাম কৰা শ্ৰমিকসকলৰ পিঠি আৰু ডিঙিৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। ইফালে বাহু জঠৰ হৈ পৰে। ঘৰৰ নিত্য-নৈমিত্তিক কামখিনি কৰাটোও তেনেকৈ কঠিন হৈ পৰে। তেওঁলোকে কোনো ক্ষতিপূৰণ বা চিকিৎসা সাহায্য নাপায়। কাৰখানাৰ মালিকসকলে তেওঁলোকৰ সমস্যাক সমস্যা বুলি গণ্য নকৰে। তেওঁলোকৰ এজনে এই সাংবাদিকক কয়, “মহিলাই ঘৰত বহি বহি বিড়ি নুৰিয়ায়,” এই কামৰ ফলত যে দেহৰ কিমান ক্ষতি হয়, সেই কথা তেওঁলোকে উলাই কৰি চলে।

“তেওঁলোকে সপ্তাহত ৫০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিব পাৰে,” তদুপৰি ঘৰৰ খৰছ উলিওৱাৰ বাবে এয়া ভাল সুযোগ বুলিও তেওঁ কয়। কিন্তু তেওঁ কোৱাৰ দৰে সপ্তাহত ৫০০ টকা হাজিৰা পাবলৈ তেওঁলোকে প্ৰায় ৪,০০০ বিড়ি বনাব লাগিব। যিটো তেওঁলোকে এতিয়া এমাহত কৰি আছে।

আমি কথা পতা সকলো মহিলাই শাৰীৰিক চাপ আৰু আঘাতৰ অভিযোগ কৰিছিল। তিতা পাতবোৰ অবিৰতভাৱে নুৰিয়াই থকা আৰু ধঁপাতৰ সৈতে অহৰহ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁলোকৰ ছালৰ সমস্যাও দেখা দিয়ে। “হাথ আইছে কটে ৰেহতে হ্যে, নিছান তক পৰ জাতে হ্যে [হাত এনেকৈ কাটে যে দাগ ৰৈ যায়],” এগৰাকী শ্ৰমিকে নিজৰ হাত দুখন মোৰফালে আগবঢ়াই হাতৰ পুৰণি ঘাঁ আৰু পানীজোলা দেখুৱাই কয়।

সীমা (নাম সলনি কৰা হৈছে) নামৰ আন এগৰাকী শ্ৰমিকে কয় যে তেওঁ তিতি থকা পাতৰ অহৰহ সংস্পৰ্শলৈ অহাৰ বাবে হোৱা ক্ষতিৰ বাবে দিহা নিজে কৰি লৈছে। “শোৱাৰ আগতে হাতত ব’ৰ’লিন লগাওঁ, নহ’লে ধঁপাত আৰু তিতা পাতৰ সংস্পৰ্শলৈ অহাৰ পিছত মোৰ ছালবোৰ এৰাই যায়।” ৪০ বছৰীয়া সীমাই লগতে কয়, “মই ধঁপাত সেৱন নকৰো, কিন্তু আগতে ইয়াৰ গোন্ধ পালেও মোৰ হাঁচি আহিছিল।” সেয়ে তেওঁ প্ৰায় ১২-১৩ বছৰ আগতে সেই কাম এৰি চহৰখনত ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ লয়। এনেকৈ মাহে তেওঁ ৪ হাজাৰমান টকা পায়।

ৰাজিয়া (নাম সলনি কৰা হৈছে)ৰ ঠিক মনত নপৰে, কেতিয়াৰ পৰা তেওঁ বিড়ি নুৰিওৱা কাম কৰি আছে। তেন্দু পাত ওজন কৰা ঠিকাদাৰক তেওঁ গালি পাৰি কয়, “আপুনি আমাক এয়া কি পাত দিছে? সেই পাতেৰে ভাল বিড়ি কেনেকৈ বনাম? শেষত আপুনিয়েই এই বিড়িবোৰ নাকচ কৰিব।”

PHOTO • Kuhuo Bajaj

বুধ আৰু শুকুৰবাৰে বিড়ি শ্ৰমিকসকলে কাৰখানালৈ কেঁচামাল সংগ্ৰহ কৰিবলৈ আহে, কেঁচামাল মানে তেন্দু পাত আৰু জৰ্দা

বাৰিষাৰ দিনকেইটাই বৰ বিপদত পেলায়। “বাৰিষাৰ সেই চাৰিটা মাহ বিড়িবোৰ পেলাই দিবলগীয়া হয় বুলিয়েই ধৰক।” ভিজা তেন্দু পাতত ধঁপাত মিলোৱাৰ পিছত সেয়া ভালদৰে শুকুৱাব লাগে, নহ’লে গোটেই বাণ্ডিলটোতে ভেঁকুৰ ধৰে। “বৰষুণৰ দিনত কাপোৰ শুকুওৱাটো গৌণ হৈ পৰে, আমি সকলোৱে বিড়িবোৰ শুকুওৱাত লাগো,” নহ’লে সেয়া বিক্ৰী নহ’ব।

ঠিকাদাৰে বিড়ি নাকচ কৰিলে ভালেখিনি ক্ষতি হয়। তাৰ লগত জড়িত শ্ৰমৰ উপৰিও কেঁচামাল কিনোতে যিখিনি খৰছ হয়, সেইখিনিও তেওঁলোকৰ উপাৰ্জনৰ পৰা কাটি লোৱা হয়। “(খুব লম্বি লাইন লগতি থি গিনৱায়ি কে দিন। জেইচে তেইচে নম্বৰ আতা থা, তৌহ তব আধি বিড়ি তৌহ নিকাল দেতে থে) গন্তিৰ সময়ত বৰ দীঘলীয়া লানি লাগিছিল। শেষত যেনিবা আমাৰ পাল পৰে, তাতে আকৌ ঠিকাদাৰে আধা বিড়ি উলিয়াই দিয়ে, নাকচ কৰে,” জানুৱে ইমান দেৰি ৰৈ থকাৰ উদ্বিগ্নতাৰ কথা ব্যাখা কৰি কয়।

বিভিন্ন কাৰণত বিড়ি নাকচ কৰা হয়। তাৰ দৈৰ্ঘ্য, ঘনত্ব, পাতৰ গুণগত মান আৰু নুৰিওৱাৰ ধৰণ আদি। “পাতটো যদি থুনুকা হৈ পৰে আৰু নুৰিওৱাৰ সময়ত সামান্য ফাটি যায়, বা সূতাডাল ঢিলা হয়, তেতিয়া বিড়িটো ঠিকাদাৰে নাৰাখে,” ষাঠি বছৰীয়া বিড়ি শ্ৰমিক এগৰাকীয়ে কয়। শ্ৰমিকসকলে কয় যে ঠিকাদাৰসকলে নাকচ কৰা বিড়িখিনি আকৌ ঘূৰাই নিদি নিজে ৰাখে আৰু কম দামত সেয়া বিক্ৰী কৰে। “সেই বিড়িখিনি ঘূৰাই পোৱাটো দূৰৰে কথা, পইচাৰ ভাগো নাপাও।”

*****

কেন্দ্ৰীয় চৰকাৰে এই শ্ৰমত জড়িতসকলৰ বাবে বিড়ি শ্ৰমিকৰ কল্যাণ নিধি, ১৯৭৬ৰ অধীনত ১৯৭৭ত বিড়ি কাৰ্ডৰ প্ৰচলন কৰে। বিড়ি কাৰ্ডৰ মূল উদ্দেশ্য যদিও শ্ৰমিকসকলক চিনাক্ত কৰা, তথাপি এই কাৰ্ডেৰে শ্ৰমিকে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা যেনে চৰকাৰী হস্পিতালত চিকিৎসা, সন্তান জন্মৰ সময়ৰ সুবিধা, মৃতকৰ শেষকৃত্যৰ বাবে ধনৰাশি, চকুপৰীক্ষা আৰু চশমা, স্কুলীয়া শিক্ষাৰ্থীৰ বাবে জনপানি, স্কুল ইউনিফৰ্ম আদি লাভ কৰিব পাৰে। বিড়ি আৰু চিগাৰ শ্ৰমিক (নিয়োগৰ চৰ্ত) আইন, ১৯৬৬ ৰ যোগেদি তেওঁলোকে এইখিনি সুবিধা লাভ কৰে। প্ৰায়ভাগ বিড়ি শ্ৰমিকৰে এই কাৰ্ড আছে, তেওঁলোকে এই কাৰ্ডখনেৰে নিৰ্দিষ্ট কেতবোৰ ঔষধালয়ৰ পৰা সাহায্যপ্ৰাপ্ত দৰৱ-পাতি কিনে।

“জ্যাদা কুছ নহী, লেকিন বদন দৰ্দ, বুখাৰ কি দৱাই তৌহ মিল জাতি হ্যে (বিশেষ একো নাপালেও গাৰ বিষ, জৰ-কাঁহ আদিৰ দৰৱ পাওঁ,” দামোহৰ ৩০ বৰ্ষীয় কাৰ্ড থকা বিড়ি শ্ৰমিক খুছবু ৰাজে কয়। তেওঁ যোৱা ১১ বছৰ ধৰি বিড়ি নুৰিওৱা কাম কৰি আহিছে যদিও সেই কাম এৰি শেহতীয়াকৈ দামোহ চহৰৰ সৰু খাৰুৰ দোকান এখনত চেলচ্ এছিষ্টেণ্ট হিচাপে কামত সোমাইছে।

PHOTO • Kuhuo Bajaj

বিড়ি শ্ৰমিকক চিনাক্ত কৰা বিড়ি কাৰ্ড

কাৰ্ডখনে বিভিন্ন প্ৰতিশ্ৰুতি দিছে, কিন্তু বিড়ি শ্ৰমিকে সেইখন নিৰ্দিষ্ট কিছুমান ঔষধালয়ৰ পৰা কেৱল বিনামূলীয়া বা সাহায্যপ্ৰাপ্ত দৰৱ কিনাৰ বাবেহে ব্যৱহাৰ কৰে, কাৰ্ডখন পোৱা প্ৰক্ৰিয়াটোও শ্ৰমসাধ্য আৰু শোষণমূলক

কাৰ্ডখন পাবলৈ “বিষয়াৰ সন্মুখত আমি বিড়ি বনাই দেখুৱাব লাগে,” খুছবুৱে কয়। “চৰকাৰী অফচৰ দেখতে হ্যে কি হমচে চহি ম্যে বিড়ি বনতি ভি হ্যে য়া চিৰ্ফ এইছে হি কাৰ্ড বনৱা ৰহে হ্যে (চৰকাৰী বিষয়াই চায় আমি সঁচায়ে বিড়ি বনাব পাৰো নে আমি এনেয়ে কাৰ্ডখন পাবলৈ আহিছো),” তেওঁ কয়।

“কাৰ্ডখন পালে তেওঁলোকে ফাণ্ড কাটে,” আগৰ গাঁৱত থাকোতে কাৰ্ড থকা এগৰাকী মহিলাই কয়, অৱশ্যে কাৰ্ড দিয়াৰ ক্ষেত্ৰত হোৱা অনিয়ম সন্দৰ্ভত কথা ক’বলৈ তেওঁ সংকোচবোধ কৰে। কিন্তু কয় যে বিষয়াই শ্ৰমিকৰ কাৰ্ডৰ পইচা কাটে আৰু সেয়া পুঁজিত ব্যৱহাৰ কৰে। চৰকাৰেও এই পুঁজিত ১৯৭৬ৰ আইনখনৰ অধীনত সমান পুঁজি জমা কৰে। শ্ৰমিকে এই পইচা আঁচনিখনত উল্লেখ থকা ধৰণে উলিয়াব পাৰে, নাইবা বিড়ি বনোৱা কামটো চিৰদিনৰ বাবে বন্ধ কৰিলে সেই জমাধনখিনি শেষত একেলগে উলিয়াব পাৰে।

খুছবুৱে দুমাহ আগতে বিড়ি বনোৱা কাম এৰোতে পুঁজিৰ ধন হিচাপে ৩,০০০ টকা পাইছিল। কিছুমানৰ মতে এই পুঁজি ব্যৱস্থা লাভজনক, কিন্তু কিছুমানে ভাবে যে তেওঁলোকে শ্ৰমৰ বিনিময়ত কম মজুৰি পাইছে। ইয়াৰোপৰি ভৱিষ্যতে পুঁজিৰ ধন পাব নে নাই, তাৰ কোনো নিশ্চয়তা নাই।

যদিও বিড়ি কাৰ্ডখন সুবিধাজনক যেন লাগে, কাৰ্ড পোৱাৰ ব্যৱস্থাটোৰ ওপৰত কোনো চকু নাৰাখে আৰু এই প্ৰক্ৰিয়া শোষণমূলক হ’ব পাৰে। বিড়ি কাৰ্ডখন বনাবলৈ স্থানীয় কেন্দ্ৰ এটালৈ গৈ চাহাব (বিষয়া)ৰ পৰা যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ ঘটনা এগৰাকী শ্ৰমিকে মনত পেলায়। “তেওঁ মোলৈ বেয়া চকুৰে চই থাকিল আৰু মোক দ্বিতীয়দিনা আহিবলৈ ক’লে। পিছদিনা মই মোৰ সৰু ভাইটোক লগত লৈ গ’লো। ভাইটোক কিয় লগত লৈ আহিলো বুলি তেওঁ প্ৰশ্ন কৰিলে আৰু মই অকলে আহিব লাগিছিল বুলি ইংগিত দিলে,” শ্ৰমিকগৰাকীয়ে মনত পেলায়।

তেওঁ কাৰ্ডখন বনাবলৈ অমান্তি হোৱাত বিষয়াজনে তেওঁক ঘনাই আমনি কৰিবলৈ ধৰিলে আৰু তেওঁক অবাঞ্চিতভাবে নিৰীক্ষণ কৰি বিৰক্ত কৰিবলৈ ধৰিলে। “এদিন মই সেই বাটেৰে আহি থাকোতে তেওঁ মোক দেখি নাম কাঢ়ি মাতিলে আৰু তাতেই অশোভনীয় কথা ক’বলৈ ধৰিলে,” তেওঁ কয়। “মোক এনেকৈ হোজা মহিলা বুলি নাভাবিব, ইয়াত আপোনাৰ সৈতে এইবোৰ কৰিবলৈ মই অহা নাই, এনেকৈ দিগদাৰ দি থাকিলে আপোনাক ট্ৰান্সফাৰ কৰাই দিম,” তেওঁ সাহসেৰে বিষয়াজনক কয়। ঘটনাটো মনত পৰাত তেওঁৰ হাতৰ মুঠি টান হৈ পৰে, মাতটো ডাঙৰ হৈ যায়। “বহুত হিম্মত লগি থি তব (কথাখিনি কওঁতে বহুত সাহস গোটাবলগীয়া হৈছিল),” তেওঁ কয়। “বিষয়াজনে আগতেও ২-৩ গৰাকী মহিলাৰ লগত তেনে কৰিছে, তাৰপিছত তেওঁৰ ট্ৰান্সফাৰ হৈ গ’ল।”

*****

PHOTO • Kuhuo Bajaj
PHOTO • Kuhuo Bajaj

নুৰিওৱা বিড়ি, পেকিং কৰি বিক্ৰীৰ বাবে সাজু। সোঁফালে: প্ৰাক্তন বিড়ি শ্ৰমিক অনীতাই (বাওঁফালে) আৰু জৈনৱতি (সোঁফালে)য়ে বিড়ি নুৰিওৱাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে

মহিলাসকলে বিড়িবোৰ বিক্ৰী কৰিবলৈ একেলগে আহে, হাঁহি-তামাচা কৰি থাকে আৰু নিজৰ পাল পৰালৈ অপেক্ষাৰ সময়ত নিজৰ দুখ-ভাগৰ পাহৰি যায়। সপ্তাহত এনেকৈ দুবাৰ লগ পোৱাৰ বাবে তেওঁলোকৰ মনত এটা সমূহ হিচাপে থকাৰো বোধ জাগে।

“এনেকৈ লগ পাই হাঁহি-ধেমালি কৰা আৰু কথা পতা…এইটোৱে আমাৰ মনটো ভাল লগায় আৰু সুখী অনুভৱ কৰোঁ,” কেইগৰাকীমান মহিলাই এই প্ৰতিবেদকক কয়।

আড্ডা জমি উঠিছে। পৰিয়ালৰ কথা, ল’ৰা-ছোৱালী বা নাতি-নাতিনীৰ কাণ্ড আৰু পৰস্পৰৰ স্বাস্থ্যৰ খতিয়ান লোৱা আদিৰ কথাৰে পৰিৱেশটো ব্যস্ততাপূৰ্ণ হৈ পৰিছে। সীমাই কৈছে কেনেকৈ তেওঁৰ চাৰি বছৰীয়া নাতি ল’ৰাটোৰ মাকে গৰুৰ গাখীৰ খীৰাই থকাৰ সময়ত আমনি কৰি থকাত গৰুটোৱে নাতিটোক লঠিয়াইছিল। আন এজনে আকৌ চুবুৰীয়াৰ ছোৱালীজনীৰ বিয়াৰ কথা উলিয়াইছে।

কিন্তু তেওঁলোকে ঘৰলৈ যোৱাৰ সময়ত ৰং-ৰহইচবোৰ ক্ষীণ হৈ পৰে। ঠিকাদাৰৰ পৰা পোৱা সামান্য পইচাৰে কেনেকৈ ঘৰখন চলিব, সেই লৈ তেওঁলোকৰ মনবোৰ চিন্তাত গধুৰ হৈ পৰে। মহিলাসকলে তেওঁলোকৰ সামান্য মজুৰি হাতত লৈ ঘৰ উভতে। এনে এটা কামৰ পৰা তেওঁলোক উভতে য’ত তেওঁলোকৰ স্বাস্থ্য আৰু শ্ৰমৰ বিশেষ একো মূল্য নাই।

সীমাই তেওঁৰ গাৰ বিষ আৰু সমস্যাবোৰৰ কথা কয়, “পিঠি, হাত, বাহু… গোটেই গাটোৱেই বিষাই থাকিছিল। আঙুলিবোৰ ক্ষীণ আছিল। কিন্তু বিড়ি নুৰিয়াই নুৰিয়াই চামৰা মোটা হৈ গৈছিল।”

এনে নানানটা চিন্তা-ভাৱনাৰ মাজতো মধ্যপ্ৰদেশৰ বিড়ি শ্ৰমিকসকলে কাম কৰি গৈছে, নিম্ন মজুৰিৰে চলিবলৈ কষ্ট কৰিছে। তেওঁলোকৰ মাজৰে এজনে কয়, “অব ক্যা কৰে, সবকি অপনি মজবুৰি হৌতি হ্যে [কি কৰিম, নিৰুপায় কাৰণে এই কামকেই কৰি যাবলগীয়া হৈছে]>”

প্ৰতিবেদনত কিছুমানৰ নাম সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Student Reporter : Kuhuo Bajaj

Kuhuo Bajaj is an undergraduate student of Economics, Finance and International Relations at Ashoka University. She is keen to cover stories on rural India.

Other stories by Kuhuo Bajaj
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das