জাঁতশালৰ প্ৰায় ১ লাখৰো অধিক গান আৰু এই গান গাওঁতা ৩,০০০ৰো অধিক মহিলা শ শ গাঁৱত বিয়পি আছে। তেওঁলোক তেনেই সাধাৰণ মহিলা। কোনোবা কৃষক, কোনোবা শ্ৰমিক আৰু কোনোজন মাছমৰীয়া। কিন্তু তেওঁলোকেই কাৰোবাৰ জীয়ৰী, পত্নী, মাতৃ, ভগ্নী হৈ জাত্যাবৰ্চা অব্যা মানে জাঁতশালৰ গান গায়। এই সাধাৰণ মহিলাৰ ইচ্ছা-আকাংক্ষা-হুমুনিয়াহৰ গাথা সংৰক্ষণৰ চেষ্টা কৰা হৈছে গ্ৰাইণ্ডমিল ছংচ প্ৰজেক্ট চমুকৈ জি.এছ.পি.যোগে