মে’ৰ ৫ তাৰিখে ভেকচিনৰ প্ৰথমটো পালি ল’বলৈ বুলি ঘৰৰ পৰা ওলোৱা মহেন্দ্ৰ ফুটান ১২ দিন পিছতহে ঘৰলৈ উভতিব পাৰিছিল। “সেই দিনটো ভাল দিন হ’ব যেনেই লাগিছিল,” তেওঁ কয়। “কিন্তু বিধিৰ বিপাক ঘটিল।”

কিন্তু মহেন্দ্ৰই টিকাকৰণ কেন্দ্ৰ পোৱাৰ আগতেই পুলিচে তেওঁক ধৰি জেলত ভৰাই থ’লে।

মহাৰাষ্ট্ৰ বীড় জিলাৰ নেকনুৰ গাঁৱৰ বাসিন্দা ৪৩ বৰ্ষীয় মহেন্দ্ৰই কৱিন প্লেটফৰ্মত নেৰানেপেৰাকৈ লাগি থাকি কোনোমতে এপইণ্টমেণ্ট ল’বলৈ সক্ষম হৈছিল। “পুৱা ৯ৰ পৰা ১০ বজাৰ এপইণ্টমেণ্ট পোৱা বুলি মোলৈ এটা এছএমএছ আহিছিল (৫ মে’ৰ দিনা),” তেওঁ কয়। তেওঁ নিজৰ আৰু পৰিয়ালৰ কেইজনমান সদস্যৰ বাবে শ্লট বুক কৰিবলৈ সক্ষম হৈছিল, আটাইৰে বয়স আছিল ৪৫ বছৰ অনুৰ্দ্ধ। “আমি প্ৰথমটো পালি পাম বুলি আশা পালি আছিলো। ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে সঁচাই বিভীষিকা নমাই আনিছিল।”

পৰিয়ালটোৱে যেতিয়া নেকনুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ বীড় নগৰৰ সেই কেন্দ্ৰটোলৈ আহে, তেওঁলোকৰ আশাত চেঁচাপানী পৰে। কেন্দ্ৰটোত ভেকচিনৰ নাটনিৰ ফলত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন দিয়া বন্ধ কৰা হৈছে। “তাতে আৰক্ষী মোতায়েন কৰা আছিল,” মহেন্দ্ৰই কয়। “আমি আমাৰ এপইণ্টমেণ্টৰ মেচেজ দেখুৱালো। কিন্তু তেওঁলোকে অভব্য আচৰণ দেখুৱালে।”

তাতে শাৰি পাতি অপেক্ষা কৰা লোকসকলৰ আৰক্ষীৰ সৈতে বাক-বিতণ্ডা লাগিল। শেষত আৰক্ষীয়ে লাঠিচালনা কৰিলে আৰু মহেন্দ্ৰ, তেওঁৰ পুত্ৰ পাৰ্থ, ভাতৃ নিতিন আৰু ভায়েক বিবেককে ধৰি ছজন লোকক আৰক্ষীয়ে জিম্মাত ল’লে।

কেন্দ্ৰটোত সেই সময়ত কৰ্তব্যৰত কনিষ্টবল অনুৰাধা গাৱহানে দাখিল কৰা ঘটনাটোৰ এফআইআৰত এই অভিযোগ তোলা হ’ল যে সেই ছজন লোকে শাৰী ভংগ কৰাৰ লগতে আৰক্ষীৰ লগতো টনা-আঁজোৰা কৰিছে। এফআইআৰখনত কোৱা হ’ল যে তেওঁলোকে কনিষ্টবলগৰাকীক দুৰ্ব্যৱহাৰ আৰু অপমান কৰাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণো কৰিছে। বেআইনীভাৱে সমবেত হোৱা, সংঘৰ্ষত লিপ্ত হোৱা, চৰকাৰী সেৱাত থকা কৰ্মচাৰীৰ ক্ষতি কৰা আৰু শান্তিভংগকে ধৰি এঘাৰটা অভিযোগ তেওঁলোকৰ ওপৰত লগোৱা হ’ল।

Mahendra Phutane was given an appointment for getting vaccinated, but he couldn't get the first dose because of a shortage of vaccines
PHOTO • Parth M.N.

ভেকচিন লোৱাৰ বাবে মহেন্দ্ৰ ফুটানে এপইণ্টমেণ্ট পাইছিল যদিও ভেকচিনৰ নাটনিৰ বাবে তেওঁ প্ৰথমটো পালি নাপালে

কিন্তু মহেন্দ্ৰই সেই অভিযোগ মানি নলয়। “বাক-বিতণ্ডা হৈছিল ঠিকেই, কিন্তু পুলিচে প্ৰথমে লাঠিচালনা কৰে। থানাটো আমাক তেওঁলোকে মাৰ-ধৰ কৰে,” তেওঁ কয়। আনকি তেওঁলোকে স্ক্ৰিজ’ফ্ৰিনিয়াত ভুগি থকা ৩৯ বছৰ বয়সীয়া নিতিনকো ৰেহাই নিদিলে, মহেন্দ্ৰই কথাখিনিত যোগ দিলে। “তেওঁকো কোবালে। সেই ঘটনাৰ পিছৰে পৰা তেওঁ হতাশাত ডুবিছে। তেওঁৰ ওপৰত আমি চকু ৰাখিছো। জেলতে তেওঁ নিজৰ হাত কটাৰ চেষ্টা কৰিছিল।”

তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিয়াৰ পিছত ১৭ মে’ৰ দিনা মহেন্দ্ৰই তেওঁ পোৱা আঘাতৰ চিনবোৰৰ ফটো দেখুৱালে। ক’লা পৰি যোৱা দাগবোৰ ৫ মে’ৰ দিনা পুলিচৰ লাঠিৰ কোবত হৈছিল, তেওঁ কয়। “সেয়া তেনেই নিষ্প্ৰয়োজন আছিল,” তেওঁ কয়। “আমাক দিব পৰাকৈ ভেকচিন নাছিলেই যদি অনলাইনত খোলা ৰখাৰ প্ৰয়োজনেই বা কি আছিল?”

২০২১ৰ ১৬ জানুৱাৰীৰ পৰা পৰ্য্যায়ক্ৰমিকভাৱে আৰম্ভ হোৱা ক’ভিড-১৯ টিকাকৰণ অভিযানত ভেকচিনৰ নাটনিয়ে আউল লগাইছিল। প্ৰথম পৰ্য্যায়ত স্বাস্থ্যসেৱা আৰু সন্মুখশাৰীৰ কৰ্মীসকলক ভেকচিন দিয়া হৈছিল।

১ মাৰ্চৰ পৰা ৬০ বছৰ আৰু তাৰে উৰ্দ্ধ বয়সৰ লোকৰ বাবে ভেকচিন মুকলি কৰা হয়। কিন্তু যেতিয়া ৪৫ৰ পৰা ৫৯ বছৰ বয়সৰ লোকৰ বাবেও ভেকচিন মুকলি কৰা হয়, তেতিয়াই ভেকচিনৰ নাটনিয়েয় দেখা দিয়ে।

কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহলৈ ভেকচিনৰ বিষম বিতৰণৰ অভিযোগ আনি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ আগত কয়, “মহাৰাষ্ট্ৰক বৃহস্পতিবাৰে (৮ এপ্ৰিল) ৭.৫ লাখ ভেকচিনৰ পালি দিয়া হৈছে। আনহাতে উত্তৰ প্ৰদেশক ৪৮ লাখ, মধ্যপ্ৰদেশক ৪০ লাখ, গুজৰাটক ৩০ লাখ আৰু হাৰিয়ানাক ২৪ লাখ ভেকচিনৰ পালি দিয়া হৈছে।” ৰাজ্যখনত সক্ৰিয় সংক্ৰমণৰ সংখ্যা সৰ্বাধিক আছিল আৰু দেশখনৰ ভিতৰতে আটাইতকৈ বেছি ভেকচিন দি আছিল।

ৰাজ্যখনত এপ্ৰিল আৰু মে’ মাহত ভেকচিনৰ নাটনি চলি থাকিল। ১৮ৰ পৰা ৪৪ বছৰ বয়সীয়াসকলৰ বাবে (১ মে’ৰ পৰা) ভেকচিন উপলব্ধ কৰোৱাৰ লগে লগেই প্ৰক্ৰিয়াটোত যতি পৰিল। ৰাজ্য চৰকাৰে উপলব্ধ ভেকচিনৰ পালিখিনি বয়সস্থ লোকৰ বাবে সংৰক্ষিত কৰি ৰখাৰ সিদ্ধান্ত ল’লে।

ভেকচিনৰ নাটনিৰ ফলত উপকূলভূমিত টিকাকৰণৰ গতিও শামুকীয়া হৈ পৰিল।

৩১ মে’ৰ তথ্য অনুসৰি বীড় জিলাত ১৪.৪ শতাংশ, মানে ২.৯৪ লাখ লোকে ভেকচিনৰ প্ৰথম পালি পাইছে। দুয়োপালি পোৱা লোকৰ সংখ্যা তেনেই নগণ্য, ৪.৫ শতাংশ

জিলা টিকাকৰণ অভিযানৰ বিষয়া সঞ্জয় কাদমে কয় যে প্ৰশাসনে সকলো বয়সৰ গোটৰ ২০.৪ লাখ লোকৰ সম্পূৰ্ণ টিকাকৰণৰ লক্ষ্যস্থিৰ কৰিছে। ৩১ মে’ৰ তথ্য অনুসৰি বীড় জিলাত ১৪.৪ শতাংশ, মানে ২.৯৪ লাখ লোকে ভেকচিনৰ প্ৰথম পালি পাইছে। কেৱল ৪.৫ শতাংশ, সংখ্যাত ৯১,৭০০ জনে দুয়োপালি ভেকচিন লাভ কৰিছে।

৪৫ আৰু তাৰে উৰ্দ্ধ ৯.১ লাখ লোকৰ ২৫.৭ শতাংশই প্ৰথমটো পালি পাইছে, কিন্তু কেৱল ৭ শতাংশইহে দ্বিতীয়টো পালি পাইছে। বীড় জিলাৰ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ কেৱল ১ শতাংশ, অ্ৰৰ্থাৎ ১ শতাংশই ৩১ মাৰ্চৰ ভিতৰত প্ৰথমটো পালি পাবলৈ সক্ষম হৈছে।

মহাৰাষ্ট্ৰত কভিশ্বিল্ড আৰু কভেক্সিন দুয়োবিধ ভেকচিনেই দি থকা হৈছে যদিও প্ৰায়ভাগতে কভিশ্বিল্ডেই দিয়া হৈছে। বীড়ৰ চৰকাৰী টিকাকৰণ কেন্দ্ৰবোৰে ৰাজ্যিক কোটাৰ ভেকচিন পাইছে আৰু হিতাধিকাৰীক বিনামূলীয়াকৈ দিছে।

কিন্তু ৪০০ কিলোমিটাৰ দূৰত মুম্বাইৰ ব্যক্তিগত খণ্ডৰ হস্পিতালবোৰে এটামাত্ৰ পালিৰ বিনিময়ত ৮০০ৰ পৰা ১৫০০ টকা লৈছে। ধনিকশ্ৰেণীৰ লগতে নগৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে টিকাকৰণৰ বাবে মূল্য পৰিশোধ কৰিছে। তেওঁলোকে ক’ভিশ্বিল্ডৰ আহৰণৰ ব্যয়তকৈ ১৬ৰ পৰা ৬৬ শতাংশ অধিক মূল্য ভৰিছে আৰু ক’ভেক্সিনৰ বাবে ৪ শতাংশ অতিৰিক্ত ভৰিছে, ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

দেশখনত উৎপাদিত ভেকচিনৰ ২৫ শতাংশ ব্যক্তিগত হস্পিতালক ক্ৰয়ৰ বাবে অনুমতি দিয়াটো কেন্দ্ৰ চৰকাৰৰ নতুন ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যনীতিৰে এক অংশ, ১ মে’ত এই নীতি কাৰ্যকৰী কৰা হয়। ব্যক্তিগত খণ্ডৰ হস্পিতালে ক্ৰয় কৰা পালিবোৰ ঘাইকৈ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক দি থকা হৈছে।

At first, Prasad Sarvadnya was hesitant to get vaccinated. He changed his mind when cases of Covid-19 started increasing in Beed
PHOTO • Parth M.N.

প্ৰথমে ভেকচিন ল’বলৈ প্ৰসাদ সৰ্বাদন্যাই হেঁহো-নেহোঁ কৰিছিল। কিন্তু বীড় জিলাত ক’ভিড-১৯ৰ সংক্ৰমিতৰ সংখ্যা বাঢ়িবলৈ ধৰাত তেওঁ মন সলালে

কিন্তু কেন্দ্ৰ চৰকাৰৰ টিকাকৰণৰ এই কাৰ্যনীতিক উচ্চতম ন্যায়ালয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিলে। ২ জুনত সৰ্বোচ্চ ন্যায়ালয়খনে মন্তব্য কৰিলে যে ৰাজ্যসমূহলৈ ২৫ শতাংশ কোটা দিয়া আৰু একে কোটা ব্যক্তিগত হস্পিতালকো দিয়াটো “অতিকৈ অসামনুপাতিক আৰু বাস্তৱ পৰিস্থিতিৰ সৈতে সামঞ্জস্য নথকা” সিদ্ধান্ত। যদি ৰাজ্য চৰকাৰে নিজৰ বৃহৎসংখ্যক নাগৰিকৰ টিকাকৰণৰ দায়িত্ব মূৰ পাতি ল’ব লাগে, তেন্তে “ব্যক্তিগত হস্পিতালক দিয়া ভেকচিনৰ কোটা কমাব লাগিব,” ন্যায়ালয়ে এইবুলি মন্তব্য দিয়ে।

নগৰ আৰু গ্ৰামাঞ্চলৰ মাজত ইণ্টাৰনেটৰ বিষম বিতৰণেও ক’ৱিন প্লেটফৰ্মযোগে এপইণ্টমেণ্ট বুক কৰা ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ গোটৰ টিকাকৰণৰ অনুপাতৰ বৃহৎ ব্যৱধান আনিছে। উচ্চতম ন্যায়ালয়ে কৈছেঃ “এনে ডিজিটেল বৈষম্যৰ কাৰণতে দেশখনৰ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ বৃহৎসংখ্যক জনতাৰ টিকাকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ডিজিটেল প’ৰ্টেলৰ ওপৰত নিৰ্ভৰ কৰা টিকাকৰণ নীতিয়ে সৰ্বজনীন সংক্ৰমণৰোধৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব।”

মহাৰাষ্ট্ৰৰ কেৱল ১৮.৫ শতাংশ গ্ৰামীণ পৰিয়ালৰ কিবা নহয় কিবা প্ৰকাৰৰ ইণ্টাৰনেটৰ সুবিধা আছে, এয়া ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ ২০১৭-১৮ৰ তথ্য । আকৌ মহাৰাষ্ট্ৰৰ ৬ জনৰ ভিতৰত কোনোমতে ১ জনৰহে “ইণ্টাৰনেট ব্যৱহাৰৰ সামৰ্থ্য” আছে। মহিলাৰ ক্ষেত্ৰত সেয়া ১১ জনৰ ভিতৰত এজন।

এনে প্ৰেক্ষাপটত, কেৱল প্ৰযুক্তিৰ জ্ঞান থকা আৰু ধনিক তথা নগৰী মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকেহে বিশ্ব মহামাৰীৰ তৃতীয় ঢৌৰ পৰা বাচিব পাৰিব। “কিন্তু বীড়ৰ দৰে ঠাইৰ লোক বিশ্ব মহামাৰীৰ পৰা অসুৰক্ষিত হৈ ৰ’ব,” ওচমানাবাদ জিলা হস্পিতালৰ প্ৰাক্তন অসামৰিক শল্যচিকিৎসক ডা. ৰাজকুমাৰ গালাণ্ডে কয়।

টিকাকৰণ কাৰ্য্যসূচী খৰতকীয়া নকৰিলে গালাণ্ডে ভাবে যে বহুতেই সুৰক্ষাহীন হৈ পৰিব। “গ্ৰামাঞ্চলত পৰিস্থিতি তুলনামূলকভাৱে উদ্বেগজনক, কিয়নো গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি নগৰাঞ্চলৰ দৰে ভাল নহয়,” তেওঁ বুজাই কয়। “ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ আমি গ্ৰামাঞ্চলৰ টিকাকৰণ সম্পূৰ্ণ কৰিব লাগিব।”

Sangeeta Kale, a 55-year-old farmer in Neknoor village, hasn't taken the vaccine because she's afraid of falling ill afterwards
PHOTO • Parth M.N.

নেকনুৰ গাঁৱৰ ৫৫ বছৰীয়া খেতিয়ক সংগীতা কালে; ভেকচিন ল’লে জ্বৰ উঠিব বুলি ভয় খাই তেওঁ ভেকচিন লোৱা নাই

চৰকাৰী পৰ্যায়ত কোনো ধৰণৰ খৰধৰ কৰা চকুত পৰা নাই, বীড়ৰ জনতাই জানিছে। “মানুহে আৰম্ভণিতে সংকোচবোধ কৰিছিল আৰু নিশ্চিত নাছিল। মোৰো একেই অৱস্থা আছিল,” নেকনুৰত ১৮ একৰ খেতিৰ মাটি থকা ৪৮ বৰ্ষীয় খেতিয়ক প্ৰসাদ সৰ্বাদন্যাই কয়। “আপুনি জ্বৰ আৰু গাৰ বিষ ক’ভিডৰ লক্ষণ বুলি জনাৰ পিছত যেতিয়া গম পায় যে ভেকচিন লোৱাৰ পিছত আপোনাৰ জ্বৰ উঠিব পাৰে, তেতিয়া আপুনি সংকোচ কৰিবই,” তেওঁ কথাখিনি বুজাই কয়।

কিন্তু মাৰ্চৰ শেষৰফালে সংক্ৰমণৰ হাৰ বাঢ়িবলৈ ধৰাত মানুহে ভয় খালে, প্ৰসাদে কয়। “এতিয়া সকলোৱে ভেকচিন ল’বলৈ মন কৰা হ’ল।”

প্ৰসাদে মাৰ্চৰ শেষভাগত নিজ গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা টিকাকৰণ কেন্দ্ৰলৈ গৈ দেখে যে প্ৰথমটো পালি ল’বলৈ উৎসুক মানুহে জুম বান্ধিছে। তাতে শাৰীৰিক ব্যৱধানৰ কোনো স্থানেই নাছিল। “ইয়াত কোনেও ক’ৱিন ব্যৱহাৰ কৰা নাই। আনকি স্মাৰ্টফোন থকাজনেও শ্লট বুক কৰাত অসুবিধা পাইছে,” তেওঁ কয়। “আমি আমাৰ আধাৰ কাৰ্ডেৰে টিকাকৰণ কেন্দ্ৰত এপইণ্টমেণ্ট পাইছো।”

কেইঘণ্টামান অপেক্ষা কৰাৰ পিছত প্ৰসাদে প্ৰথম পালি ভেকচিন পালে। কিছুদিন পিছতে তেওঁ জানিবলৈ পালে যে কেন্দ্ৰটোত সিদিনা তেওঁৰ লগতে থকা কেইজনমানৰ ক’ভিড-১৯ পজিটিভ আহিছে। “সেই কথা জানিবলৈ পাই মই চিন্তাত পৰিলো,” তেওঁ কয়। “মোৰ জ্বৰ আছিল, কিন্তু সেয়া ভেকচিনৰ কাৰণেও হ’ব পাৰে। তিনিদিনৰ পিছতো যেতিয়া জ্বৰ নুগুচা হ’ল, মই পৰীক্ষা কৰালো। ফলাফল পজিটিভ আহিল। ইশ্বৰৰ আশীৰ্বাদ যে কোনো জটিলতা নোহোৱাকৈ মই আৰোগ্যলাভ কৰিলো।” মে’ৰ দ্বিতীয় সপ্তাহত তেওঁ ভেকচিনৰ দ্বিতীয়টো পালি ল’লে।

মানুহৰ ভিৰ কমাবলৈ বীড়ৰ টিকাকৰণ কেন্দ্ৰবোৰে এতিয়া টকেন দিয়া আৰম্ভ কৰিছে, দিনে ১০০ টাকৈ। কিন্তু একো কামত অহা নাই, ৫৫ বছৰ বয়সীয়া সংগীতা কালেয়ে কয়। নেকনুৰৰ নিজৰ পাঁচ একৰ মাটিত ছয়াবিন আৰু ৰহৰ মাহৰ খেতি কৰা সংগীতাই কয়, “আগতে ভেকচিন ল’বলৈ মানুহে ভিৰ কৰিছিল, এতিয়া ট’কেন ল’বলৈ কৰে।” “পাৰ্থক্য এটাই যে এতিয়া ট’কেন লোৱাৰ পিছত মানুহখিনি সিঁচৰিত হৈ পৰে। গতিকে কেইঘণ্টামানৰ কাৰণেহে পুৱাৰ ভাগত ভিৰ লাগে, আগৰ দৰে গোটেই দিনটো ভিৰ লাগি নাথাকে।”

ভয়তে সংগীতাই এতিয়ালৈ প্ৰথমটো পালিয়েই লোৱা নাই। টকেন ল’বলৈ তেওঁ পুৱা ৬ বজাতে টিকাকৰণ কেন্দ্ৰ পাব লাগিব। “পুৱা বহুত মানুহ গোট খায়, সেয়া দেখিয়ে ভয় লাগে। জ্বৰ উঠে বুলি ভয় খাওঁ বাবেই মই এতিয়ালৈ প্ৰথমটো পালি লোৱা নাই।”

PHOTO • Parth M.N.

দ্বিতীয় পালি ল’বলৈ অপেক্ষা কৰা ৰুক্মিণী চিণ্ডেয়ে (৯৪) ক’ভিড-১৯ ভেকচিন লোৱাত যে ভয় কৰিবলগীয়া একো নাই, তাকে চুবুৰীয়াক বুজাই আছে

“একো নহয়,” সংগীতাৰ চুবুৰীৰ ৰুক্মিণী চিণ্ডেয়ে তেওঁক কয়। “অলপ গাৰ বিষ হ’ব পাৰে। কিন্তু সিমানেই। মোৰতো সেয়াও হোৱা নাছিল।”

ৰুক্মিণীৰ বয়স ৯৪ বছৰ, এশ বছৰ গৰকাৰ দিশে তেওঁ আগবাঢ়িছে। “এশ বছৰ বয়সলৈ আৰু ছটা বছৰ বাকী,” বয়স কিমান বুলি সোধোতে তেওঁ কয়। ভেকচিনৰ প্ৰথমটো পালি তেওঁ এপ্ৰিলৰ মাজভাগত লৈছিল। “এতিয়া দ্বিতীয় পালিৰ বাবে মই ৰৈ আছো। পালি দুটাৰ মাজৰ ব্যৱধান তেওঁলোকে বঢ়াইছে,” তেওঁ কয়।

মে’ৰ দ্বিতীয় সপ্তাহটোত কভিশ্বিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান বঢ়োৱা হৈছিল, ৬-৮ সপ্তাহৰ পৰিৱৰ্তে সেয়া ১২-১৬ সপ্তাহ কৰা হৈছিল। এই সিদ্ধান্তই নিৰ্মাতা আৰু চৰকাৰক ভেকচিন প্ৰস্তুত কৰা আৰু নাগৰিকক দিয়াৰ বাবে অধিক সময় দিছে।

কিন্তু টিকাকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাটো জৰুৰী, আৰু সোনকালেই কৰা উচিত।

বীড় জিলাখনত মুঠ ৩৫০ টা টিকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এগৰাকী অগজিলেৰি নাৰ্ছ মিডৱাইফ(এএনএম)য়ে এটা কেন্দ্ৰত এদিনত ৩০০ জন লোকৰ টিকাকৰণ কৰাব পাৰে, নাম উল্লেখ কৰিব নিবিচৰা এজন জিলা বিষয়াই কয়। “প্ৰতিটো টিকাকৰণ কেন্দ্ৰত যদিহে আমি এজনকৈ এএনএম মোতায়েন কৰো, আমি প্ৰতিদিনে ১.০৫ লাখ লোকৰ টিকাকৰণ কৰাব পাৰিম,” তেওঁ কয়। “কিন্তু আমাৰ হাতত পৰ্যাপ্ত ভেকচিন নাই, দিনে গঢ়ে ১০,০০০ জনকহে আমি ভেকচিন দিব পাৰিছো।”

“এনেদৰে চলি থাকিলে গোটেই জিলাখনত টিকাকৰণ কৰাবলৈ এবছৰ লাগিব,” বিষয়াগৰাকীয়ে কয়। “তাতে আকৌ ক’ভিডৰ তৃতীয়টো ঢৌ কেইমাহমানৰ ভিতৰতে আহিব বুলি কোৱা হৈছে।”

পুনশ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশলৈ ৭ জুনৰ সন্ধিয়া ৫ বজাত কৰা সম্বোধনত ঘোষণা কৰিছে যে টিকাকৰণৰ কাৰ্যনীতি সলনি হ’ব। ৰাজ্যলৈ দিয়া ভেকচিনৰ কোটাৰ দায়িত্ব কেন্দ্ৰই ল’ব আৰু দেশত প্ৰস্তুত হোৱা ভেকচিনৰ ৭৫ শতাংশ কেন্দ্ৰই ক্ৰয় কৰিব। ব্যক্তিগত খণ্ডৰ হস্পিতালৰ ২৫ শতাংশ কোটা বাহাল থাকিব। ৰাজ্যসমূহে কেন্দ্ৰৰ পৰা ভেকচিন লাভ কৰিব, কিন্তু বৰ্তমানৰ বিতৰণৰ চৰ্ত সলনি হ’ব নে নাই সেই কথা প্ৰধানমন্ত্ৰীয়ে স্পষ্ট নকৰিলে। চৰকাৰ পৰিচালিত কেন্দ্ৰবোৰত সকলো নাগৰিকে (১৮ বছৰ বয়সৰ আৰু তাৰে উৰ্দ্ধ) বিনামূলীয়াকৈ ভেকচিন পাব। আনহাতে ব্যক্তিগত হস্পিতালবোৰে ভেকচিন দিয়াৰ বাবদ সেৱামূল্য হিচাপে ১৫০ টকা ভেকচিনৰ মূল্যৰ সৈতে যোগ দিব পাৰিব। এই নতুন কাৰ্যনীতি ২১ জুনৰ পৰা কাৰ্যকৰ হ’ব, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। “কৱিন প্লেটফৰ্মে সমাদৰ লাভ কৰিছে,” প্ৰধানমন্ত্ৰীয়ে এই কথাও উনুকিয়ায়।

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das