যোৱাবছৰ অক্টোবৰৰ শেষৰফালে সাঞ্জা গাঁৱৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ দুটা কোঠালীত দুটা চেপেটা এলইডি টিভি ছেট লগোৱা হৈছিল। গাঁও পঞ্চায়তে শিকন-শিক্ষনৰ সহায়ক আহিলা হিচাপে সেয়া পঠিয়াইছিল।
কিন্তু টিভি চেট অলসভাবে দেৱালত ওলমি আছে, টিভিৰ পৰ্দাত কোনো ৰং জিলিকি উঠা নাই। ২০১৭ৰ মাৰ্চ মাহৰ পৰা এই বিদ্যালয়খনত বিজুলী সংযোগ নাই।
মহাৰাষ্ট্ৰৰ ওছমানাবাদ জিলাৰ এই বিদ্যালয়ৰ অধ্যক্ষ শীলা কুলকাৰ্ণীয়ে হাঁহিবই নে কান্দিব সেয়া ভাবি পোৱা নাই। 'চৰকাৰৰ পৰা পোৱা পুঁজি পৰ্যাপ্ত নহয়। আমাৰ নামভৰ্তিৰ সংখ্যা (দুটা শ্ৰেণীৰ মিলি মুঠ ৪০ জন), বিদ্যালয়ৰ চোৱাচিতাৰ কাৰণে আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিতাপ-পত্ৰ কিনাৰ বাবে আমি বছৰি মাত্ৰ ১০ হাজাৰ টকা পাও। বিজুলী সংযোগ পুনৰাই পাবলৈ হ’লে আমি প্ৰায় ১৮ হাজাৰ টকা ভৰিব লাগিব।’
বিদ্যালয়খনত ২০১২ৰ পৰা বিজুলী সংযোগ নাই। মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিদ্যুত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে সেই সময়ত মহাৰাষ্ট্ৰৰ এখন চৰকাৰী সংকল্পনামাত কোৱা হৈছিল যে জিলা পৰিষদৰ বিদ্যালয়ে ঘৰুৱা দৰ(৩.৩৬ টকা প্ৰতি কিলোৱাট)ৰ পৰিৱৰ্তে ব্যৱসায়ীক দৰ(৫.৮৬ টকা প্ৰতি কিলোৱাট)ত বিজুলীৰ বিল পৰিশোধ কৰিব লাগিব।
বিদ্যালয়ৰ বিজুলীৰ বিল ভালেখিনি বৃদ্ধি হৈছে। ২০১৫ৰ শেষলৈকে ওছমানাবাদ জিলাৰ ১০৯৪ খন জিলা পৰিষদৰ বিদ্যালয়ৰ ৮২২ খনৰে বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল। ওছমানাবাদ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় কোলটে কয়। কোলটেৰ মতে ২০১৮ৰ অক্টোবৰলৈ বকেয়া ৰাশি ১ কোটিৰো অধিক হৈছিল আৰু জিলাখনৰ ৭০শতাংশ বিদ্যালয় বিজুলী অবিহনেই চলি আছিল।










