ভাটৱাড়গাঁৱৰ পথাৰৰ মাজে মাজে থকা এটা বোকা-পানীভৰ্তি বাটেৰে খোজকাঢ়ি গৈ আমি চিমেণ্টেৰ ঢালাই কৰা আৰু বকাইনৰে তৈয়াৰী বেৰৰ সৰু ঘৰ এটা পালো। ঘৰটোৰ নামটো আচৰিত ধৰণৰ-মাৰাঠী ভাষাত লিখা ঠিংগি আৰু বেৰত হেঙুল ৰং। শব্দটোৰ অৰ্থ হৈছে ফিৰিঙতি আৰু এয়া ৮-১০ টা কবিতাৰ এটা পুঞ্জী। "আৰু ভালেকেইটা আছে," প্ৰদীপ চালভেয়ে কয়। "মোৰ পিতৃৰ কবিতাবোৰ লিখিত নহয়, কিন্তু সেইবোৰ মোৰ মনত ৰৈ গৈছে।"

প্ৰদীপে তেওঁৰ পিতৃ শাহিৰ (কবি) আত্মাৰাম চালভেৰ কথা ক'লে। তেওঁ প্ৰায় ৩০০ মান কবিতা ৰচনা কৰিছিল। "সেইবোৰ যৌতুক প্ৰথা বিৰোধ আৰু মদ্যপান তথা আসক্তিৰ বিধ্বংসকাৰী প্ৰভাৱৰ বিষয়ে লিখা," তেওঁ কয়। ড. বাবাচাহেব আম্বেদকাৰ, দলিত, মহিলা, কৃষি, শিক্ষা আৰু সামাজিক বিপ্লৱ আদি তেওঁৰ কবিতাৰ বিষয়। ভাতৃ দীপকৰ ঘৰ ঠিংগিৰ কাষতে ৰাজাৰত্ন নামৰ নিজৰ ঘৰটোত বহি প্ৰদীপে যৌতুকবিৰোধী কবিতা এটা আওৰালেঃ

“हुंड्याची पद्धत सोडा, समतेशी नाते जोडा”

"যৌতুক প্ৰথা এৰি, সমতাৰে এনাজৰী বান্ধা"

আমি মহাৰাষ্ট্ৰৰ বীড জিলাৰ মাজলগাওঁ তালুকৰ কেইগৰাকীমান মহিলাক লগ কৰিলো যিসকলে ২১ বছৰ আগতেই গ্ৰীণ্ডমিল চংগছ প্ৰজেক্টৰ বাবে ও.ভি.আই. বাণীবদ্ধ কৰিছিল, সেইবোৰ এতিয়া পাৰিত ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা হৈছে।


প্ৰদীপ চালভে (সোঁফালে), তেওঁৰ পত্নি জ্যোতি আৰু পুত্ৰ ৰাজাৰত্ন। তেওঁৰ পিছফালে ললিতাবাই খালগে, প্ৰদীপৰ খুড়ীয়েক। বাওফালে তেওঁৰ ননদ আশা আৰু তেওঁ পুত্ৰ অমিতদান

আমি এসময়ত গ্ৰীণ্ডমিল চংগছ প্ৰজেক্টৰ গায়িকা তথা প্ৰদীপ চালভেৰ মাতৃক লগ কৰাৰ আশা কৰিছিলো। তেওঁ কাষৰে গাঁৱৰ আত্মীয়ৰ ঘৰলৈ গৈছে, অৱশ্যে আমি তেওঁৰ পৰিয়ালক লগ পালো। কবি আত্মাৰাম চালভে আছিল কমলা তাইৰ স্বামী।

আত্মাৰাম চালভেৰ জন্ম হৈছিল ১৪ অক্টোবৰ ১৯৫৬ত। অধ্যয়ন কৰিছিল ওৰংগাবাদৰ মিলিন্দ মহাবিদ্যালয়ত। তেওঁৰ পিতৃৰ দুটা কুৱাৰ সৈতে ২৫ একৰ মাটি আছিল, কিন্তু আত্মাৰামৰ খেতি-বাতিত মন নাছিল, তেওঁৰ দুৰ্বাৰ আকাংক্ষা আছিল কবিতাক লৈ। "তেওঁ পলকতে কবিতা ৰচনা কৰিছিল আৰু গাই শুনাইছিল," প্ৰদীপে কয়। তেওঁৰ প্ৰায়বোৰ গীততে নিপিড়নৰ বিৰুদ্ধে সামাজিক বিপ্লৱৰ প্ৰতিফলন ঘটিছে।

যদিও আত্মাৰামৰ কৰ্মৰাজীক তেওঁৰ জীৱনকালত স্বীকৃতি দিয়া হোৱা নাছিল, তেওঁৰ কবিতা আৰু গীত আদি মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰ আৰু গ্ৰামাঞ্চলত পৰিৱেশন কৰা হয় আৰু সেয়া কোনেও উলাই কৰিব নোৱাৰে। ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে আৰু ৰাজনৈতিক ব্যংগ কৰি গোৱা গীতৰ বাবে তেওঁৰ বিৰুদ্ধে এশৰো অধিক এজাহাৰ দাখিল কৰা হৈছিল।

"প্ৰত্যেকবাৰে তেওঁক আটক কৰাৰ পিছত মোৰ ককাই আইনী যুঁজৰ ব্যয়ৰ বাবে সৰু এডোখৰ মাটি বিক্ৰী কৰি দিছিল," প্ৰদীপে কয়। আৰক্ষীয়ে চাৰিবাৰকৈ তেওঁক মাজলগাঁও তালুকৰপৰা আৰু বীড জিলাৰপৰা দুবাৰকৈ নিৰ্বাসিত কৰিছিল। পৰিয়ালৰ মাটি-বাৰী লাহে লাহে কমি আহিছিল।

কবি চালভেৰ যৌৱনৱস্থাত বিভিন্ন মৰ্চাৰ সময়ত সংগ দিছিল ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ কেৰাণীৰ কাম কৰা মাজলগাঁৱৰে পাডুৰংগ যাদবে। "মাৰাথৱাড়া এলেকাৰ আশে-পাশে যেতিয়াও কোনোবা দলিত শোষণৰ সমুখীন হ'লেই আত্মাৰামে মৰ্চাৰ নেতৃত্ব দি তাত উপস্থিত হৈছিল আৰু তাৰে বিৰোধীতা প্ৰদৰ্শন কৰি গীত গাইছিল। তেওঁ আছিল এগৰাকী লোককবি," যাদবে কয়।

চালভে আছিল দলিত পেন্থাৰ্ছ নামৰ এক উগ্ৰ সামাজিক আৰু ৰাজনৈতিক সংগঠনৰ সদস্য। সেয়া আৰম্ভ হৈছিল ১৯৭২ চনত নামদেব ধসাল আৰু জেবি পাৱাৰৰ দৰে কবিৰ প্ৰচেষ্টাত। এই সংগঠনৰে প্ৰাথমিক সদস্য, লেখক তখা কবি আৰু বৰ্তমান ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়াৰ এটা ঠালৰ সদস্য ৭০ বৰ্ষীয় ৰাজা ঢালেয়ে আত্মাৰাম চালভেক জানিছিল। মুম্বাই নিবাসী ঢালেয়ে কয়, "তেওঁ এজন ভাল কবি আছিল আৰু দলিত পেন্থাৰ্ছৰ সৈতে বহুবছৰলৈকে জৰিত হৈ আছিল। তেওঁ আমাৰ সৈতে মাৰাথৱাড়াৰ কেবাখনো বৈঠকত মিলিত হৈছিল আৰু আমাৰ অনুস্থানত নিজৰ কবিতা পাঠ কৰিছিল।"

শাহিৰ আত্মাৰামৰ ৩৫ বছৰ বয়সতে ১৯৯১ চনৰ ১৯ জানুৱাৰীত দেহাৱসান ঘটিছিল। সেই সময়ত প্ৰদীপৰ বয়স আছিল ১২ বছৰ। দুই দশকলৈকে চালভেৰ পৰিয়ালে প্ৰতিবছৰে ১৯ জানুৱাৰীত তেওঁক স্মৰণ কৰে আৰু তেওঁলোকৰ মাজতে কবিতা-গীত আদি পাঠ কৰে।


ভাটৱাড়গাঁৱত প্ৰদীপৰ ঘৰত মাল্যাপিত আত্মাৰামৰ এখন ফটো

২০১৪ চনৰ জানুৱাৰী মাহত মাজলগাঁও তালুকৰ নিবাসীসকলে তেওঁৰ পৰিয়ালক সন্মান যাঁচিলে, যিগৰাকী ব্যক্তিৰ মৃত্যু ঔৰংগাবাদৰ মাৰাথৱাড়াৰ বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি ড. বাবাচাহেব আম্বেদকাৰ মাৰাথৱাড়া বিশ্ববিদ্যালয় কৰোৱাৰ সময়তে হৈছিল। সেই সমাৰোহতে কবিৰ পৰিয়ালে তেওঁৰ কবিতা গায় আৰু মাজলগাঁৱৰ সকলোৱে কমলা তাইক তেওঁৰ স্বামীৰ সোঁৱৰণত সন্মানিত কৰে। সেই বৰ্ষটোৰ পিছৰেপৰা তেওঁলোকে নিজ মাটিৰ কবিক সুঁৱৰি এক কাৰ্যসূচীৰ আয়োজনৰ পৰম্পৰা আৰম্ভ কৰে।

কিন্তু চৰকাৰে এতিয়ালৈ শাহিৰ আত্মাৰাম চালভেক স্বীকৃতি তথা সন্মান প্ৰদান কৰা নাই।


প্ৰদীপৰ ঘৰত ভাটৱাড় গাঁৱৰ লোকে কমলা তাইক তেওঁৰ স্বামী আত্মাৰামৰ শ্ৰদ্ধাঞ্জলী হিচাপে দিয়া ফটো, তেওঁলোকৰ মাটিৰে কবিক সন্মানাৰ্থে দিয়া ফটোখনৰ দুয়োফালে পৰিয়ালৰ ফটো

তেওঁৰ পুত্ৰ প্ৰদীপৰ বয়স এতিয়া ৩৮ বছৰ হৈছে। প্ৰদীপে ৮ম শ্ৰেণীলৈকে তেওঁ শিক্ষাগ্ৰহণ কৰি পঢ়া সিমানতে সাং কৰি ধন ঘটাত লাগে যাতে ঘৰৰ সৰু ল'ৰা-ছোৱালী স্কুললৈ যাব পাৰে। তেওঁ কৃষিখণ্ডৰ শ্ৰমিক আৰু মাজলগাঁৱৰ মন্ধা বজাৰত মুৰৰ ওপৰত বোজা কঢ়িওৱাৰ কাম কৰিছিল। পাঁচ বছৰ আগতে পৰিয়ালে ভাটৱাড়গাঁৱত তিনি একৰ মাটি কিনিলে আৰু তাতে নিজৰ বাবে বজ্ৰ আৰু জোৱাৰৰ খেতি কৰিলে। তেওঁ কপাহ আৰু ছয়াবিনৰ খেতি কৰি সেয়া বিক্ৰী কৰি চলিছিল। প্ৰদীপৰ দুজনী ছোৱালীয়ে দশমমান পাছ কৰিছে, আৰু তেওঁৰ দুজন ল'ৰাই ৭ম আৰু ৮ম মানত পঢ়ি আছে। সেই চাৰিটা ল'ৰা-ছোৱালীৰ মাক জ্যোতি চালভেয়ে বীড জিলাৰ এঠাইত অংগনৱাড়ী কৰ্মী হিচাপে কাম কৰে।

প্ৰদীপে কয় যে তেওঁৰ পিতৃৰ কবিতাবোৰ মনত পেলাই লিখিবলৈ আৰম্ভ কৰি দিছিল। তেওঁ ঠিংগিৰপৰা এটা গীত আমাক গাই শুনালে।

ভিডিঅ চাওকঃ প্ৰদীপ চালভেয়ে নিজৰ পিতৃৰ বিপ্লৱী কবিতাবোৰৰ মাজৰপৰা এটা গীত গালে, "অন্যায়ৰ বেদনাক জ্বলাই শাস্তি দিয়া.."

ठिणगी

क्रांतीच्या ठिणग्या झडूद्या, तोफ डागा रे रणी
आग बदल्याची भडकुद्या, चीड येऊ द्या मनी

बाळ हा गर्भातला, काळ पुढचा पाहुनी
गाढण्या अवलाद मनुची चालला रे धाऊनी .... तो धाऊनी
अन्यायाच्या काळजाला ही बासुद्या डागणी ..... ही डागणी

क्रांतीच्या ठिणग्या ....
आग बदल्याची.....

वाघिणीचे दूध तुम्ही, पिऊन असे का थंड रे
घोट नरडीचा तुम्ही घ्या उठा पुकारून बंड रे .... हे बंड रे
मर्द असताना तुम्ही का, थंङ बसता या क्षणी.... तुम्ही या क्षणी
आग बदल्याची.....

आज सारे एक मुखाने, क्रांतीचा गरजू गजर
साळवे त्या दुबळ्यांचा शत्रूवर ठेवीन नजर
का भीता तुम्ही तो असता, पाठीशी तुमच्या भीमधनी.... तो  भीमधनी
आग बदल्याची.....

क्रांतीच्या ठिणग्या झडूद्या, तोफ डागा रे रणी
आग बदल्याची भडकुद्या, चीड येऊ द्या मनी

ফিৰিঙতি

বিপ্লৱৰ ফিৰিঙতিক বিয়পি যাবলৈ দিয়া, যুদ্ধক্ষেত্ৰলৈ টোপবোৰ লৈ আহা
প্ৰতিশোধৰ ফিৰিঙতিবোৰক জলিবলৈ দিয়া, মনত ক্ষোভ বাঢ়িবলৈ দিয়া

গৰ্ভস্থ সন্তানে (দমনৰ) ভৱিষ্যত দেখি আছে
আৰু সি মনুৰ সন্তানক সমাধি দিয়াৰ বাবে দৌৰিছে…দৌৰিছে
অন্যায়ৰ সেই বেদনাক শাস্তি দিয়ক ----এই বেদনাক

বিপ্লৱৰ ফিৰিঙতিক বিয়পি যাবলৈ দিয়া, যুদ্ধক্ষেত্ৰলৈ টোপবোৰ লৈ আহা
প্ৰতিশোধৰ ফিৰিঙতিবোৰক জলিবলৈ দিয়া, মনত ক্ষোভ বাঢ়িবলৈ দিয়া
চিতাৰ গাখীৰ খোৱাৰ পিছত তুমি ইমান শীতল কিয় হৈ আছা
ডিঙিতে আঘাত কৰা, উঠা আৰু বিদ্ৰোহ কৰা, হে পুৰুষ…বিদ্ৰোহী হৈ উঠা, হে পুৰুষ
পুৰুষ হৈও তুমি ইমান শান্ত হৈ কেনেকৈ বহি আছা, এই সময়ত…এই সময়ত

প্ৰতিশোধৰ জুইকুৰা জ্বলিবলৈ দয়া---
আহা আমি একেলগে সমস্বৰে বিদ্ৰোহ ঘোষণা কৰো
চালভেয়ে দুৰ্বলীৰ শত্ৰুৰ ওপৰত নজৰ ৰাখিব
তুমি ইমান ভয় খোৱাৰ প্ৰয়োজন কিয় যেতিয়া এজন ভীমদানীয়ে* তোমাক সহায় কৰি আছে--- এই ভীমদানীয়ে

প্ৰতিশোধৰ জুইকুৰা জ্বলিবলৈ দিয়া---

বিপ্লৱৰ ফিৰিঙতিক বিয়পি যাবলৈ দিয়া, যুদ্ধক্ষেত্ৰলৈ টোপবোৰ লৈ আহা
প্ৰতিশোধৰ ফিৰিঙতিবোৰক জলিবলৈ দিয়া, মনত ক্ষোভ বাঢ়িবলৈ দিয়া

*ভীমৰাও আম্বেদকাৰৰ শিক্ষাকেই ধন বুলি জ্ঞান কৰা ব্যক্তিয়েই হৈছে ভীমদানী

ফটোবোৰঃ নমিতা ৱায়কাৰ আৰু সংযুক্তা শাস্ত্ৰী

অনুবাদকঃ ৰশ্মি ৰেখা দা

Namita Waikar is a writer, translator and Managing Editor at the People's Archive of Rural India. She is the author of the novel 'The Long March', published in 2018.

Other stories by Namita Waikar