পেটটো স্ফীত হৈ আহিবলৈ ধৰাত সুনীতা দেৱীয়ে কি কৰিব ভাবি পোৱা নাছিল। তেওঁ ভালকৈ নে খাব পাৰিছিল, নে শুব পাৰিছিল, অনবৰতে পেটটো ফুলা ফুলা লাগি থাকিছিল। দুমাহ তেনেকৈ থকাৰ পিছত তেওঁ ঘৰৰ ওচৰৰে প্ৰাইভেট হস্পিতেল এখনলৈ গ’ল। তাৰপিছত ডাক্তৰে যি ক’লে তেওঁ নিজৰ কাণ দুখনকে বিশ্বাস কৰিব নোৱাৰিলে: “আপকা বাটচ্চা ঠহৰ গয়া হ্যে (আপুনি গৰ্ভধাৰণ কৰিছে)।”
কেনেকৈ সেয়া সম্ভৱ হ’ব পাৰে, তেওঁ ভাবি পোৱা নাছিল। গৰ্ভনিৰোধৰ বাবে তেওঁ কপাৰ-টি লগোৱা কোনোমতে ছমাহহে হৈছিল।
২০১৯ৰ সেই ঘটনাটো মনত পেলালে সুনীতাৰ শেতা পৰা মুখখন এতিয়াও ক’লা পৰি যায়। চুলিটাৰি তেওঁ পিছফালে টানি আটিলকৈ বান্ধি লৈছে, গাতত যোৱা চকুকেইটাও অৱশ। উজ্বল বুলিবলৈ তেওঁৰ কপালত লগোৱা ৰঙা ফোটটোৱেই আছে।
৩০ বছৰ বয়সীয়া সুনীতা চাৰি সন্তানৰ মাতৃ। তেওঁৰ দুই পুত্ৰসন্তান আৰু কন্যাসন্তান আছে, গোটেইকেইটাৰ বয়স ৪ৰ পৰা ১০ বছৰৰ ভিতৰত। ২০১৯ত একেবাৰে কনিষ্ঠ ল’ৰাটোৰ বয়স ২ বছৰ থাকোতে তেওঁ সিদ্ধান্ত লৈছিল যে আৰু সন্তান তেওঁ নকৰে। তেওঁৰ ঘৰলৈ যোৱা আশাকৰ্মী এগৰাকীৰ পৰা তেওঁ পৰিয়াল পৰিকল্পনাৰ পদ্ধতিবোৰৰ বিষয়ে বুজি লৈছিল। গোটেইকেইটা বিকল্প বিবেচনা কৰাৰ পিছত তেওঁ অন্তৰা নামৰ তিনিমাহলৈ গৰ্ভধাৰণ ৰোধ কৰা বেজী বাচি ল’লে। “ভাবিলো, বেজীয়ে লৈ চাও,” তেওঁ কয়।
আমি তেওঁৰ আঠ বাই দহ ফুটৰ কোঠালীটোত ধাৰি এখনত বহিছো। আৰু ভালেকেইখন ধাৰি তাতে থোৱা আছে। চুকত এটা খালি গেছ চিলিণ্ডাৰ। সুনীতাৰ দেওৰ কাষৰে কোঠাটোত থাকে, আন এটা কোঠাত আকৌ তেওঁৰ আনজন দেওৰ থাকে। তেওঁলোকৰ ঘৰটো দক্ষিণ-পশ্চিম দিল্লী জিলাৰ নজাফগঢ়ৰ মহেশ গাৰ্ডেনত।
গোপাল নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো সুনীতাৰ ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত। তাতেই তেওঁ আশাকৰ্মী এগৰাকীৰ লগত অন্তৰা বেজী ল’বলৈ গৈছিল। কিন্তু তাত ডাক্তৰে তেওঁ আন এক উপায়ৰহে পৰামৰ্শ দিলে। “ডাক্তৰে বেজীৰ পৰিৱৰ্তে মোক কপাৰ-টিৰ কথাহে ক’বলৈ ধৰিলে। কপাৰ-টি নিৰাপদ হেতুকে মই সেয়াই বিবেচনা কৰা উচিত বুলি তেওঁ ক’লে,” সুনীতাই কয়। “মই নিজে কপাৰ-টিৰ কথা ডাক্তৰক কোৱা নাছিলো,” তেওঁ জোৰ দি কথাখিনি কয়। “কিন্তু সেইটোৱেই ভাল হ’ব বুলি ডাক্তৰে জোৰ দি কৈ থাকিল। ‘তুমি এনেকৈ সন্তান জন্ম দি থকাটো বন্ধ কৰিব নোখোজা জানো?’ এনেকৈ মোক ডাক্তৰগৰাকীয়ে প্ৰশ্ন কৰিছিল।”








