তনুজাৰ পিঠিৰ তলৰ পিনে বিষ আৰু জঠৰ হৈ পৰাটো অসহনীয় হৈ পৰাত তেওঁ হোমিঅ’ ডাক্তৰ এজনৰ ওচৰলৈ গ’ল। ‘তেওঁ মোক ক’লে মোৰ কেলচিয়াম আৰু আইৰণৰ সমস্যা (কমিছে) আছে আৰু মই কেতিয়াও মজিয়াত বহিব নালাগে।’
পশ্চিম বংগৰ মুৰ্চিদাবাদ জিলাৰ এগৰাকী বিড়ি শ্ৰমিক, তেওঁ বিড়ি পকাওঁতে আঠ ঘণ্টা পৰ্য্যন্ত মজিয়াত বহি থাকে।‘মোৰ জ্বৰ জ্বৰ লাগে আৰু দূৰ্বল অনুভৱ কৰোঁ, আৰু মোৰ পিঠিৰ তলচোৱা ইমান বিষায়,’ এনেদৰে কয় ৪০ৰ শেষৰ ফালে বয়সৰ এই শ্ৰমিক গৰাকীয়ে।‘মই মোৰ বাবেই চকী টেবুল এজোৰ কিনিব পৰা হ’লে,’ তেওঁ ক’লে।
এতিয়া নৱেম্বৰৰ শেষৰ সময়ত তেওঁৰ হৰেকনগৰ মহল্লাত থকা ঘৰটোৰ চিমেণ্টৰ কঠিন মজিয়াখনত এটা উমাল পোহৰ পৰিছেহি। তনুজাই তালপাতৰ কঠত বহি ইটোৰ পিচত সিটো বিড়ি পকাই আছে। তেন্দু পাতবোৰ পকাওঁতে তেওঁৰ হাতৰ আঙুলিবোৰ বৰ কুশলতাৰে লৰচৰ কৰে, কিলাকুটি দুটা এটা বিশেষ ভংগীত গুজি থয়, বাহুদুটা দাং খোৱা আৰু মূৰটো এফালে তললৈ হালি থাকে। ‘মোৰ আঙুলিবোৰত ইমান সাৰ-সিকটি নাথাকে যে মোৰ সেই কেইটা আছে নে নাই বুলি চিন্তা হয়।’ তেওঁ আধা কৌতুক কৰি কথা কেইটা ক’লে।
তেওঁৰ চাৰিও কাষে বিড়ি বনোৱা কেঁচা সামগ্ৰীবোৰ সিচৰতি হৈ আছিলঃ তেন্দু পাত, পৰিষ্কাৰ কৰা ধপাত আৰু মুঠিয়ে মুঠিয়ে সূতা। তেওঁৰ কামৰ সৰঞ্জাম হ’ল এখন সৰু চোকা চুৰি কটাৰী আৰু এখন কেঁচী।
ঘৰৰ বাবে প্ৰয়োজনীয় গেলা-মাল অনা, ৰন্ধা-বঢ়া, পানী অনা, ঘৰ-চোতাল পৰিষ্কাৰ কৰা আৰু অন্যান্য এনেকুৱা ঘৰুৱা কাম কৰিবলৈ তনুজা অলপ সময়ৰ কাৰণে ওলাই যায়। কিন্তু এই গোটেই সময়খিনিত পলে পলে সূক্ষ্মভাৱে সজাগ হৈ থাকে যে এদিনত প্ৰায় ৫০০ ৰ পৰা ৭০০ টা বিড়ি পকোৱাৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে তেওঁৰ ৩০০০টকাৰ মাহেকীয়া উপাৰ্জনটো সংকুচিত হ’ব।
















