ঘাৰাপুৰিত ঘৰৰ কাষৰে হাবিখনত খৰি লুৰুকিবলৈ যাওঁতে জয়শ্ৰী মাহাত্ৰেক কিহবাই কামুৰিলে। দুই জীয়াৰীৰ মাতৃ ৪৩ বছৰ বয়সীয়া জয়শ্ৰীয়ে প্ৰথমে ইমান কাণ দিয়া নাছিল, গছৰ শিপাত খোচ খোৱা বুলি ভাবি থৈছিল। সেয়া আছিল ২০২০ৰ জানুৱাৰী মাহৰ এটা সন্ধিয়াৰ কথা, তেওঁ খৰি লুৰুকি আহি ঘৰ সোমাল।

কিন্তু অলপ সময় পিছতে, ঘৰৰ দুৱাৰমুখত সম্পৰ্কীয় এগৰাকীৰ লগত কথা পাতি থাকোতে তেওঁ মাটিত ঢলি পৰিল। আৰম্ভণিতে মানুহে ভাবিলে যে উপবাসে থকা কাৰণে তেওঁৰ গা দুৰ্বল, সেয়ে মূৰ ঘুৰাই পৰিছে।

“মা মূৰ্ছা গৈছে বুলি মোক কোনোবাই খবৰ দিলে,” জয়শ্ৰীৰ ডাঙৰজনী ছোৱালী ২০ বছৰ বয়সীয়া ভাৱিকাই কয়। তাই আৰু তাইৰ ভনীয়েক ১৪ বছৰ বয়সীয়া গৌৰীয়ে সেইদিনা সম্পৰ্কীয়ৰ ঘৰত আছিল। চুবুৰীয়াৰ পৰা খবৰ পাইছিল যে জয়শ্ৰীয়ে অলপ সময়ৰ পিছতে সংজ্ঞা ঘূৰাই পালে যদিও তেওঁ হাত দুখন কঁপি আছে। “কি হৈছিল কোনোৱে ধৰিব পৰা নাছিল,” ভাৱিকাই কয়।

কোনোবাই ঢপলিয়াই গৈ জয়শ্ৰীৰ স্বামী ৫৩ বছৰ বয়সীয়া মধুকাৰ মাহাত্ৰেক খবৰ দিলে, তেওঁ ঘাৰাপুৰি দ্বীপৰ খোৱাবস্তুৰ তেওঁৰ দোকানখনত আছিল। আৰৱ সাগৰত অৱস্থিত দ্বীপটো এলিফেণ্টা গুহাৰ কাৰণে বিখ্যাত। মুম্বাই চহৰৰ সমীপৱত্ৰী এই স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভূক্ত, গুহাৰ শিলত কটা ভাস্কৰ্য্যবোৰ পঞ্চমৰ পৰা অষ্টম শতাব্দীৰ ভিতৰৰ, সেয়া চাবলৈ প্ৰতি বছৰি লাখ লাখ লোক ইয়ালৈ আহে।  দ্বীপটোৰ বাসিন্দাসকলে পৰ্য্যটনৰ ওপৰতে নিৰ্ভৰ কৰি চলে - কিছুমানে টুপি, চানগ্লাছ, উপহাৰৰ সামগ্ৰী আৰু খাদ্যবস্তু আদি বিক্ৰী কৰে, কিছুমানে গুহাৰ স্থানীয় গাইড হিচাপে কাম কৰে।

পৰ্য্যটনৰ মানচিত্ৰত এলিফেণ্টা গুহা জিলিকি থাকিলেও জনস্বাস্থ্য কেন্দ্ৰকে আন বুনিয়াদী স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ই এটা ক’লা দাগ হৈ ৰৈছে। এখন দুবছৰ আগতে পতা হৈছিল যদিও সেইখনত মানুহ বুলিবলৈ নাই। তিনিখন ক্ষুদ্ৰ গাওঁ ৰাজাবন্দৰ, শ্বেতবন্দৰ আৰু মুৰাদবন্দৰ মিলি মুঠ জনসংখ্যা ১,১০০। তাত স্বাস্থ্যসেৱাৰ অভাৱ হেতুকে মানুহে নাৱেৰে আন ঠাইলৈ যাবলগীয়া হয়। এনেকৈ নাও লৈ যোৱাটো কেৱল মহঙা কাৰবাৰেই নহয়, চিকিৎসাতো বিলম্ব হয় আৰু কেতিয়াবা ৰোগীৰ মৃত্যুও ঘটে।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে: প্ৰয়াত মাতৃ জয়শ্ৰীৰ দোকানত তেওঁৰ ১৪ বছৰীয়া জীয়াৰী গৌৰি মাহাত্ৰে, এলিফেণ্টা গুহালৈ অহা গ্ৰাহকলৈ বুলি অপেক্ষা কৰিছে। সোঁফালে: ঘাৰাপুৰি গাঁৱৰ স্বাস্থ্যকেন্দ্ৰটো দুবছৰ আগতেই নিৰ্মাণ কৰা হৈছিল, কিন্তু তাত ডাক্তৰ-নাৰ্ছ কোনো নাই

মধুকাৰে ততাতয়াকৈ জয়শ্ৰীক উৰান চহৰলৈ নিবলৈ নাৱৰ ঘাটলৈ লৈ যায়। কিন্তু নাৱত উঠাৰ আগতেই তেওঁ মৃত্যু ঘটে। মৃত্যুৰ মুহূৰ্তত তেওঁৰ মুখৰ পৰা ফেন ওলাইছিল, তাৰমানে তেওঁক চাগে সাপে কামুৰিছিল। তাইৰ সোঁহাতৰ মাজৰ আঙুলিটোত সাপে কামোৰাৰ চিন স্পষ্ট আছিল।

সাপে কামোৰা, বৃশ্চিকৰ দংশন আৰু কীট-পতংগই কামোৰা ঘটনা সেই অঞ্চলটোত ঘটি থাকে, ভাৱিকাই কয়। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ উৰান তালুকৰ সেই গাঁৱত প্ৰাথমিক চিকিৎসা নাপাই এনেকৈ আন লোকো মৃত্যুমুখত পৰিছে।

যোৱাটো দশকত স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱত দ্বীপটোত বহুতৰ অকাল মৃত্যু ঘটিছে, সঠিক সময়ত চিকিৎসা লাভ কৰাহেঁতেন, সেই মৃত্যু ৰুধিব পৰা গ’লহেঁতেন। দৰাচলতে দ্বীপটোৰ গাওঁখনত কোনো মেডিকেল ষ্ট’ৰ নাই, মূল ভূ-ভাগলৈ যাওতে অহাৰ সময়ত যি লৈ আহে, সেইখিনিৰেই তেওঁলোকে চলিব লগা হয়। নাৱেৰে যাবলৈ তেওঁলোকে দুটা ৰাস্তা বাচি লয়, এটা হৈছে নাভি মুম্বাইৰ নাৱা গাঁৱলৈ যোৱা নাইবা, দক্ষিণলৈ উৰান তালুকৰ মৰা বন্দৰলৈ। দুয়োটা স্থানলৈ যাবলৈ আধাঘণ্টামান সময় লাগে। দ্বীপটোৰ পশ্চিম দিশত থকা দক্ষিণ মুম্বাইৰ ক’লাবা পাবলৈ এঘণ্টা পৰ্য্যন্ত সময় লাগে।

“আমাৰ গাঁৱত আপুনি ডাক্তৰ-নাৰ্ছ নাপাব। ঘৰতে কিবা দৰৱ থাকিলে খাও নাইবা ঘৰুৱা দৰৱে খাও,” এলিফেণ্টা গুহাৰ পৰ্য্যটন গাইড হিচাপে কাম কৰা ৩৩ বছৰ বয়সীয়া দৈৱত পাটিলে কয়। তেওঁ মাতৃ বাৎসালা পাটিলে মূৰ্তি থকা এলেকাত এখন অস্থায়ী দোকানত টুপি বিক্ৰী কৰি মাহে ৬,০০০ টকা উপাৰ্জন কৰে। মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত, ২০২১ৰ মে’ত যেতিয়া তেওঁৰ গাত ক’ভিড-১৯ৰ লক্ষণে দেখা দিছিল, বাৎসালাই বিষৰ দৰৱ খাই ভাল পাব বুলি আশা কৰিছিল। কিছুদিন পিছত যেতিয়া তেওঁৰ গাৰ পৰা বিষ নুগুচা হ’ল, তেওঁ নাৱত পুত্ৰৰ সৈতে ওলাই আহিল। “খুব বেছি গা বেয়া থাকিলেহে আমি দ্বীপৰ পৰা বাহিৰলৈ ওলাও,” দৈৱতে কয়।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে : এলিফেণ্টা গুহাৰ কাষতে থকা খাদ্যবস্তুৰ দোকানত ভাৱিকা আৰু গৌৰি মাহাত্ৰে ২০২১ত মাক -দেউতাক ঢুকোৱাৰ পিছৰে পৰা তেওঁলোক দুয়োজনে দোকানখন চলাই আছে সোঁফালে : তেওঁলোকৰ পিতৃ-মাতৃ মধুকাৰ (বাওঁফালে) আৰু জয়শ্ৰীৰ ফটো

ঘৰ এৰাৰ এঘণ্টা পিছতে, ৰায়গড়ৰ পানভেল তালুকৰ গাৱাহন গাঁৱৰ স্বাস্থ্যকেন্দ্ৰটোত পাটিলে শেষ নিশ্বাস ত্যাগ কৰে। তাতে কৰা তেজপৰীক্ষাত গম পোৱা গ’ল যে তেওঁৰ দেহত হিমগ্ল’বিনৰ মাত্ৰা একেবাৰে কমি আছিল। বাৎসালা গাঁৱলৈ উভতি আহে যদিও তেওঁৰ গা দুৰ্বল হ’বলৈ ধৰে, বমি হয়। আকৌ একেখন হস্পিতাললৈ তেওঁক ততাতয়াকৈ লৈ যাবলগীয়া হয়, তাতে পৰীক্ষা কৰাত ধৰা পৰে যে তেওঁৰ অক্সিজেনৰ পৰিমাণ কমিছে, ক’ভিড পজিটিভ ধৰা পৰে। চিকিৎসাৰ বাবে তেওঁক পানভেল চহৰৰ ৰাজ্যিক হস্পিতালখনলৈ পঠিওৱা হয় যদিও দহদিন পিছত তেওঁ ঢুকাই থাকিল। “তেওঁ হাঁওফাঁও বিকল হৈ পৰা বুলি ডাক্তৰে জনায়,” দৈৱতে কয়।

স্থানীয় স্বাস্থ্যকেন্দ্ৰ এখন আৰু দৰৱ-পাতি সহজতে পোৱা সুবিধা থকাহেঁতেন বাৎসালা আৰু জয়শ্ৰী কিজানি বাচিলেহেঁতেন।

জয়শ্ৰীৰ মৃত্যুৰ এমাহ পিছত দেউতাকো ঢুকাই থকাত ভাৱিকা আৰু গৌৰী ঘাটমাউৰা হৈ পৰে। সিহঁত দুজনীয়ে কোৱা মতে তেওঁ হৃদৰোগত ঢুকায়। মধুকাৰে মধুমেহৰ দৰৱ সেৱন কৰি আছিল, এদিনাখন খুব পুৱাতে ভাৱিকাই তেওঁক ঘৰৰ বাহিৰত বমি কৰি থকা দেখে। নাৱেৰে নেৰুলত থকা এখন ব্যক্তিগত হস্পিতাললৈ বুলি নিবলৈ নাও পাবলৈ তেওঁলোক ৰ’বলগীয়া হৈছিল, প্ৰথমে নাৱেৰে মোৰালৈ আৰু তাৰ পৰা নেৰুললৈ যাবলৈ এঘণ্টাতকৈ বেছি সময় লাগে। তাৰে ২০ দিন পিছত, ২০২০ৰ ১১ ফেব্ৰুৱাৰীত তেওঁ ঢুকায়।

মাহাত্ৰে পৰিয়ালটো এগ্ৰি ক’লি সম্প্ৰদায়ৰ, মহাৰাষ্ট্ৰৰ এয়া এটা অনান্য পিছপৰা সম্প্ৰদায়। দুই ভনী ভাৱিকা আৰু গৌৰীয়ে এতিয়া জীৱিকাৰ বাবে মাক-দেউতাকৰ দোকানখন চলায়।

*****

এলিফেণ্টা গুহা চাবলৈ ঘাৰাপুৰি ঘাটলৈ অহা পৰ্য্যটকে সাধাৰণতে ৰাস্তাত দেখা খোৱাবস্তুৰ দোকান আৰু স্মৃতিচিহ্নৰ দোকানবোৰ উপেক্ষা কৰি যায়। সেই বাটতে থকা এখন দোকানত প্লেটত কেচা আম, তিয়ঁহ আৰু চকলেট সজাই থোৱা আছে, সেইখন ৪০ বছৰীয়া শৈলেশ মাহাত্ৰেৰ দোকান। তেওঁৰ চাৰিজনীয়া পৰিয়ালটোৰ কাৰোবাৰ গা বেয়া হ’লেই তেওঁ দোকান বন্ধ কৰি যাবলগীয়া হয়। তেনেকৈ তেওঁৰ এদিনৰ কাম আৰু হাজিৰা হেৰুৱায়। অলপতে তেনে হৈছিল। সেয়া আছিল ২০২১ৰ ছেপ্টেম্বৰ মাহৰ কথা। তেওঁৰ মাক হীৰাবাই মাহাত্ৰে (৫৫) শিল এটাত পিচলি পৰে আৰু ভৰি মচকা খায়। তেওঁৰ হাতত বিষৰ টেবলেট নাছিল, গোটেই ৰাতিটো কেঁকাই থাকিল। পিছদিনা উৰানলৈ নাও ধৰিবলৈ তেওঁক শৈলেশে দাংকোলাকৈ লৈ যায়।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে : নিজৰ দোকানখনত শৈলেশ মাহাত্ৰে, এলিফেণ্টা গুহা চাবলৈ অহা পৰ্য্যটক যিটো ঘাটত নামে, তাৰে কাষতে তেওঁৰ দোকানখন সোঁফালে : শিলত ভৰি মচকা খোৱা শৈলেশৰ মাক দৰৱ আৰু চিকিৎসাৰ বাবে তেওঁ পিছদিনালৈ ৰ ’বলগীয়া হৈছিল

“ভৰিখনৰ অস্ত্ৰোপচাৰৰ বাবে হস্পিতালখনে (উৰানত থকা) ৭০,০০০ টকা বিচাৰিলে,” হীৰাবাইয়ে কয়। “আমাৰ হাতত ইমান টকা নাছিল, সেয়ে আমি পানভেললৈ (এঘণ্টাৰ বাট) গ’লো, তাতেও আমাক সিমানেই পইচা লাগিব বুলি ক’লে। শেষত আমি জে জে হস্পিতাললৈ (মুম্বাইত) গ’লো, তাতেই মোৰ চিকিৎসা কৰোৱা হ’ল। এই প্লাষ্টাৰ তাতেই লগোৱা।” শেষত যেনিবা তেওঁলোকে বিনামূলীয়া চিকিৎসা পালে, কেৱল দৰৱৰ কাৰণেহে খৰছ কৰিবলগীয়া হ’ল যদিও দৰৱ-পাতি আৰু যাতায়তৰ নামত তেওঁলোকৰ ১০,০০০ টকা খৰছ হ’ল।

দ্বীপটোত বেংক নাই, আনকি এটিএমো নাই, সেয়ে শৈলেশে বন্ধুবৰ্গ আৰু সম্পৰ্কীয়ৰ পৰা পইচা ধাৰে ল’বলগীয়া হ’ল। তেঁৱেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু দোকানখনত সহায়ক হিচাপে তেওঁ বেছি পইচা নাপায়। পৰিয়ালটোৱে ইতিমধ্যে (ক’ভিডৰ চিকিৎসাৰ নামত) চিকিৎসাৰ নামত ৩০,০০০ টকা খৰছ কৰি ধৰুৱা হৈ আছিল।

ভৰিত প্লাষ্টাৰ লগোৱা থকা কাৰণে খোজ কাঢ়িব নোৱাৰা হীৰাবাই চিন্তিত হৈ পৰিছিল। “কেতিয়ানো মুম্বাইলৈ গৈ এই প্লাষ্টাৰ এৰুৱাই আনিব পাৰিম, তাকে ভাবি থাকো,” তেওঁ কয়। লগতে তেওঁ কয়, “হাবি বুলি ভাবি আমালৈ পিঠি দিছে।”

তেওঁৰ সেই কথাৰ সৈতে গাঁৱৰ গাওঁবুঢ়াগৰাকীয়েও একেই সুৰতে কথা ক’লে। গাওঁখনত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ ২০১৭ চনতে গাওঁবুঢ়া বলিৰাম ঠাকুৰে উৰান জিলা পৰিষদত আৰ্জি দি থৈছে। “শেষত ২০২০ত শ্বেতবন্দৰত এখন চিকিৎসালয় বহুওৱা হ’ল। কিন্তু তাত থাকিবলৈ ডাক্তৰ নাই,” তেওঁ কয়। মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত ডাক্তৰৰ সংখ্যা অতি কম, ৰাজ্যখনৰ ৮.৬ শতাংশ চিকিৎসকে গাঁৱত কাম কৰে। বিশ্ব স্বাস্থ্য সংস্থা আৰু পাব্লিক হেলথ ফাউণ্ডেছন অৱ ইণ্ডিয়াই যুটীয়াকৈ প্ৰকাশ কৰা ২০১৮ৰ ভাৰতৰ স্বাস্থ্যকৰ্মীৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

অন্ততঃ স্বাস্থ্যকৰ্মী এজন হস্পিতালখনত ৰাখিব লাগে বুলিও অনুৰোধ জনাই আহিছে, তেওঁ কয়, “ইয়াত কোনেও থাকিব নোখোজে। কেৱল আমি বুলিয়েই নহয়, পৰ্য্যটককো চিকিৎসাৰ সুবিধা লাগে। এজন পৰ্য্যটক ট্ৰেকিং কৰোতে পৰি গৈছিল আৰু তেওঁক খৰধৰকৈ মুম্বাইলৈ নিবলগীয়া হৈছিল।”

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে : ঘাৰাপুৰিৰ গাওঁবুঢ়া বলিৰাম ঠাকুৰ, গাওঁখনত উপ স্বাস্থ্যকেন্দ্ৰ এটা স্থাপন কৰিবলৈ উৰান জিলা পৰিষদলৈ তেওঁ আৰ্জি দিছে ‘কিন্তু ইয়াত থকাকৈ ডাক্তৰ এজন পোৱা নাই’ সোঁফালে: দ্বীপটোৰ বাসিন্দাসকলৰ যাতায়তৰ একমাত্ৰ উপায় হৈছে নাও

ঘাৰাপুৰিৰ বাসিন্দাৰ স্বাস্থ্যৰ সমস্ত দায়িত্ব ডা. ৰাজাৰাম ভোসলে হাতত। তেওঁ কপৰলি গাঁৱত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত ২০১৫ৰ পৰা আছে। তেওঁৰ তত্বাৱধানত ৫৫ খন গাওঁ আছে আৰু স্বাস্থ্যকেন্দ্ৰটোৰ পৰা ঘাৰাপুৰি গাঁৱলৈ তেওঁক ডেৰ ঘণ্টা সময় লাগে (নাও আৰু স্থলপথ দুয়োটা মিলি)। মাহত দুবাৰ তালৈ নাৰ্ছ যায়, জৰুৰী অৱস্থাত মোক খবৰ দিয়ে, তেওঁ কয়। তেওঁ তাত থকা সময়ত চিকিৎসাৰ ক্ষেত্ৰত কিবা জৰুৰীকালীন পৰিস্থিতিয়ে দেখা দিয়া সম্পৰ্কে তেওঁ নাজানে।

কপৰলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা অহা নাৰ্ছে ঘাৰাপুৰিৰ অংগনবাদী কেন্দ্ৰ নাইবা গাওঁ পঞ্চায়তৰ কাৰ্য্য়ালয়ত ৰোগী চায়। নাৰ্ছ তথা আৰোগ্য সেৱিকা সৰিকা থালেয়ে ২০১৬ৰ পৰা গাওঁখনৰ (লগতে আন ১৫ খন গাঁৱৰ) দায়িত্বত আছে। তেওঁ পলিঅ’ৰ পালিৰ বাবে মাহত দুবাৰ গাঁৱলৈ আহে আৰু ন-মাতৃসকলক সাক্ষাৎ কৰে।

“বাৰিষাকালত জোৱাৰ ভাটাৰ কাৰণে তালৈ যোৱাটো টান হৈ পৰে, নাওবোৰ নচলে,” তেওঁ কয়। ঘাৰাপুৰিত থকাৰ তেওঁৰ হাতত যুক্তি নাই। তেওঁ কয়, “মোৰ সন্তান (সৰু) আছে, সিহঁতে ক’ত পঢ়িব? আৰু মোৰ কামৰ কাৰণে মই কেনেকৈ আন গাওঁবোৰলৈ যাম?”

ঘাৰাপুৰিত পানী আৰু বিদ্যুতৰ সুবিধাও শেহতীয়াকৈহে উপলব্ধ হৈছে। ২০১৮ লৈকে দ্বীপটোত কেৱল মহাৰাষ্ট্ৰ পৰ্য্যটন বিকাশ নিগমে ব্যৱস্থা কৰা জেনেৰেটৰৰ যোগেদিহে বিদ্যুতৰ ব্যৱস্থা কৰা হৈছিল। তাকো দিয়া হৈছিল সন্ধিয়া ৭ বজাৰ পৰা ৰাতি ১০ বজালৈ। পানীৰ সুবিধা ২০১৯তহে কৰা হয়। দ্বীপটোত থকা একমাত্ৰ স্কুলখন বন্ধ কৰি দিয়া হৈছে।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে : সন্ধ্যাৰ ভইৰৰ এতিয়াও মনত পৰে কেনেকৈ দ্বীপটোৰ পৰা মুম্বাইৰ এখন হস্পিতাললৈ যোৱাৰ বাটত তেওঁ প্ৰথমটো সন্তান নৌকাস্থ হৈছিল সোঁফালে : ঘাৰাপুৰিত ২০২২ত বন্ধ হোৱা জিলা পৰিষদৰ স্কুলখন

সুবিধাৰ অভাৱত গাওঁখনৰ গৰ্ভৱতী মহিলাই নিৰ্ধাৰিত তাৰিখৰ কেবামাহ আগতেই গাওঁ এৰি সুবিধা থকা ঠাইলৈ যাবলগীয়া হয়, তেওঁলোকে বিপদত পৰিব নোখোজে। কিছুমানে গৰ্ভাৱস্থাৰ প্ৰথম কেইমাহমানতেই দ্বীপটো এৰে আৰু মূল ভূভাগত কোনো সম্পৰ্কীয়ৰ ঘৰত নাইবা ভাৰা ঘৰ লৈ থাকে, দুয়োটাতে অতিৰিক্ত খৰছ হয়। গাঁৱত থাকি যোৱাসকলে কেৱল চিকিৎসাসেৱাৰ বাবেই নহয়, সতেজ পাচলি আৰু দাইল আদিৰ বাবেও ৰৈ থাকিবলগীয়া হয়, গৰ্ভৱতী মহিলাক যিখিনিৰ খুবেই দৰকাৰ হয়।

২০২০ৰ লকডাউনত গৰ্ভৱতী মহিলাই যাতায়তৰ একমাত্ৰ উপায়বিধো হেৰুৱালে, কিয়নো নাওবোৰ চলা নাছিল। ক্ৰান্তি ঘাৰাত (২৬) তিনিমহীয়া গৰ্ভৱতী আছিল যেতিয়া ২০২০ৰ মাৰ্চত লকডাউন ঘোষণা কৰা হয়। যাতায়তৰ সকলো ব্যৱস্থা বন্ধ আছিল। তেওঁ নিয়মিত স্বাস্থ্যপৰীক্ষা কৰাব পৰা নাছিল। কেতিয়াবা গৰ্ভাৱস্থাজনিত সমস্যাৰ বাবে বহুত কষ্ট ভূগিবলগীয়া হৈছিল। “ফোনতে মই ডাক্তৰক মোৰ অৱস্থা বুজাবলগীয়া হৈছিল,” সেই পৰিস্থিতিত কেনে এক বিবুদ্ধিত পৰিছিল, কথাখিনি কৈ থাকোতে সেয়া স্পষ্ট হৈ পৰিছিল।

সন্ধ্যা ভইৰৰ মনত পৰে কেনেকৈ তেওঁৰ প্ৰথমটো সন্তান মুম্বাইলৈ নাৱত গৈ থকা অৱস্থাতে জন্ম পাইছিল। সেয়া আছিল ৩০ বছৰ আগৰ কথা, স্থানীয় ধাইমা (পৰম্পৰাগত ধাত্ৰী)গৰাকীয়ে সন্তানটো জন্ম দিওৱাৰ চেষ্টাত আছিল। “মই সকলো ইশ্বৰৰ ওপৰত এৰি দিছিলো,” দুলি থকা নাও এখনত সন্তান প্ৰসৱ কৰাৰ স্মৃতি ৰোমন্থন কৰি হাঁহি হাঁহি তেওঁ কয়। দুটা দশক আগতে দুগৰাকী ধাইমা আছিল, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে চৰকাৰে হস্পিতালত সন্তান জন্ম দিওৱাৰ বাবে উদগনিমূলক টকা দিয়া আৰম্ভ কৰিলে। তাৰবাবে ধাইসকলৰ সেৱাৰ চাহিদা নাইকিয়া হৈ পৰিল।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে : নিজৰ সন্তানটিৰ সৈতে ক্ৰান্তি ঘাৰাট, গিৰীয়েকৰ লগত চলোৱা সৰু দোকানখনত সোঁফালে : মূল ভূ-ভাগলৈ যাবলৈ নাও ধৰা ঘাটৰ এক দৃশ্য

গাঁৱত ফাৰ্মাচী নথকাৰ বাবে গাঁৱৰ মানুহে আগতীয়াকৈ সকলো পৰিকল্পনা কৰিবলগীয়া হয়। “মই এমাহৰ কাৰণে দৰৱ কিনি থৈছিলো, লাগিলে তেওঁলোকে মোক কেইদিনমানৰ কাৰণেই দৰৱ নিদিয়ক কিয়। কিয়নো আমি নাজানো দৰৱ শেষ হ’লে আনিবলৈ আমি হস্পিতাললৈ ঘূৰি যাব পাৰিম নে নাই,” তেওঁ কয়। ক্ৰান্তি আৰু তেওঁৰ গিৰীয়েক সুৰজ দুয়োগৰাকী এগ্ৰি ক’লি সম্প্ৰদায়ৰ। তেওঁলোকে ঘাৰাপুৰিত সৰু দোকান এখন চলায়। ক’ভিড-১৯ লকডাউনৰ আগতে তেওঁলোকে মাহে ১২,০০০ টকামান উপাৰ্জন কৰিছিল।

তেওঁৰ গৰ্ভধাৰণৰ ষষ্ঠ মাহত ক্ৰান্তিয়ে উৰান তালুকৰ নবীন সেৱা গাঁৱৰ ভায়েকৰ ঘৰত আছিল। “বেমাৰ (ক’ভিড-১৯) লাগিব বুলি আগতে যোৱা নাছিলো। ঘাৰাপুৰিতে মই নিৰাপদ অনুভৱ কৰিছিলো আৰু মোৰ ভাইটোৰ ওপৰতো ভেজা দিব খোজা নাছিলো,” তেওঁ কয়।

তেওঁ যেতিয়া নাৱেৰে ভায়েকৰ তাত থাকিব গৈছিল, তেতিয়া তেওঁ আন দিনা ৩০ টকাৰ পৰিৱৰ্তে ৩০০ টকা, মানে ১০ গুণ বেছি টকা ভাৰা দি যাবলগীয়া হৈছিল। ক’ভিড-১৯ৰ কাৰণে চৰকাৰী হস্পিতাল নিৰাপদ নহ’ব বুলি ভাবি তেওঁৰ পৰিয়ালটোৱে ব্যক্তিগত হস্পিতাল এখনত সোমাল আৰু চিজাৰিয়েন কৰোৱা আৰু দৰৱৰ নামত প্ৰায় ৮০,০০০ মান টকা খৰছ কৰিবলগীয়া হ’ল। “ডাক্তৰৰ মাচুল, পৰীক্ষা আৰু দৰৱৰ নামত খৰছ হৈছিল,” ক্ৰান্তিয়ে কয়। সুৰজে তেওঁৰ গাঁঠিৰ ধন ভাঙিলে।

ক্ৰান্তি কেন্দ্ৰ চৰকাৰে গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মহিলাৰ বাবে থকা প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা নামে প্ৰসূতি কল্যাণ আঁচনিখনৰ সুবিধা পোৱাৰ বাবে যোগ্য। তেওঁ মাহে ৫,০০০ টকা পাব লাগে, কিন্তু ২০২০তে তেওঁ তাৰ বাবে দৰ্খাস্ত কৰি থৈছে যদিও সেই টকা এতিয়ালৈকে পোৱা নাই। ঘাৰাপুৰিৰ বাসিন্দাৰ স্বাস্থ্যসেৱাৰ দিশত চৰকাৰে একেবাৰে যে পিঠি দি থৈছে, এই কথাটোৱেও তাৰেই ইংগিত বহন কৰে।

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha is a reporter and photographer with the People’s Archive of Rural India. A Content Editor with the Education Team, she trains students in rural areas to document things around them.

Other stories by Aakanksha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das