আবেলিৰ সময়, মহাৰাষ্ট্ৰৰ উলহাসনগৰ তালুকত কিনকিনীয়া বৰষুণজাক কমিছিল মাত্ৰ।
থানে জিলাৰ উলহাসনগৰ চেন্ট্ৰেল হস্পিতালৰ দুৱাৰমুখত এখন অটোৰিক্সা ৰ’ল। বাওঁহাতত ৰঙা-বগা লাঠি এডাল লৈ জ্ঞানেশ্বৰ অটোৰিক্সাখনৰ পৰা নামিল। তেওঁৰ পত্নী অৰ্চনাই তেওঁৰ কান্ধত ধৰি বোকামাটিত ভৰি দি আগবাঢ়িল।
জ্ঞানেশ্বৰে পকেটৰ পৰা দুখন ৫০০ টকীয়া নোট উলিয়াই এখন অটোৰিক্সা চালকজনক দিলে। চালকজনে কিবা এটা ঘুৰাই দিলে। জ্ঞানেশ্বৰে হাতেৰে চুই চাই ক’লে, “পাঁচ টকা”, এইবুলি তেওঁ মুদ্ৰাটো সাৱধানে তেওঁ পকেটত ভৰালে। ৩৩ বছৰীয়া জ্ঞানেশ্বৰে তিনি বছৰ বয়সতে কৰ্ণিয়েল আলচাৰ হৈ দৃষ্টিশক্তি হেৰুৱাইছিল।
অম্বৰনাথ তালুকৰ ভাংগানি চহৰৰ তেওঁলোকৰ ঘৰৰ পৰা উলহাসনগৰৰ হস্পিতালখনলৈ ২৫ কিলোমিটাৰ বাট, অৰ্চনাৰ ডায়ালিচিচৰ কাৰণে তাৰ পৰা আহোতে অটোৰিক্সাত ৪৮০-৫২০ টকা দিবলগা হয়। “এইবাৰ মই বন্ধু এজনৰ পৰা ১,০০০ টকা ধাৰে আনিছো,” জ্ঞানেশ্বৰে কয়। “প্ৰতিবাৰেই মই ধাৰ কৰিবলগীয়া হয় (হস্পিতাললৈ আহিবলৈ)।” দম্পতিহালে তাৰপিছত সাৱধানে, লাহে লাহে হস্পিতালখনৰ দ্বিতীয় মহলাত থকা ডায়ালিচিচ কোঠালৈ আগবাঢ়িল।
অৰ্চনাও আংশিকভাৱে অন্ধ। এইবছৰ মে’ মাহত মুম্বাইৰ লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালত তেওঁৰ দুৰাৰোগ্য বৃক্কৰ ৰোগ ধৰা পৰিছিল। “দুয়োটা বৃক্কই বিকল হৈছিল,” জ্ঞানেশ্বৰে কয়। তাৰ পিছৰ পৰা ২৮ বছৰ বয়সীয়া অৰ্চনাক সপ্তাহত তিনিবাৰ হেমোডায়ালিচিচৰ প্ৰয়োজন হৈ পৰিছিল।
“বৃক্ক দেহৰ এটা অত্যৱশ্যকীয় অংগ, আপোনাৰ দেহৰ পৰা বৰ্জ্য আৰু অতিৰিক্ত তৰল বৃক্কই দুৰ কৰে। বৃক্ক বিকল হ’লে মানুহ এজন জীয়াই থাকিবলৈ ডায়ালিচিচ কৰিবলগীয়া হয় নাইবা বৃক্ক সংৰোপণ কৰিলেহে জীয়াই থকা সম্ভৱ,” চেন্ট্ৰেল হস্পিতাল উলহাসনগৰৰ বৃক্ক বিশেষজ্ঞ হাৰ্ডিক শ্বাহে কয়। প্ৰতিবছৰে ভাৰৰত ২.২ লাখ এণ্ড ষ্টেজ ৰেনেল ডিজিজ (ই.এছ.আৰ.ডি.) ৰোগী ধৰা পৰে, তাৰবাবে অতিৰিক্ত ৩.৪ কোটি ডায়ালিচিচ প্ৰক্ৰিয়াৰ প্ৰয়োজন হৈ পৰে।









