শেষবাৰ কেতিয়া গোটেই বছৰটো ঘৰতে কটাইছিল সেয়া ৰমেশ শৰ্মাই মনত পেলাব নোৱাৰিলে। “মই যোৱা ১৫-২০ বছৰ ধৰি এই কাম কৰি আহিছো,” হাৰিয়ানাৰ কাৰ্ণাল জিলাৰ গাগচিনা গাঁৱৰ পথাৰত কুঁহিয়াৰ কাটি থকাৰ মাজতে তেওঁ কয়।

বছৰটোৰ আধাখিনি সময়, অক্টোবৰৰ পৰা মাৰ্চলৈ ৪৪ বছৰ বয়সীয়া ৰমেশে বিহাৰৰ আৰাৰিয়া জিলাৰ তেওঁৰ বাস কৰা শৈৰাগাঁৱৰ পৰা কৃষি শ্ৰমিক হিচাপে কামৰ সন্ধানত হাৰিয়ানা আৰু পাঞ্জাৱলৈ ঢাপলি মেলে। “বিহাৰত খেতি কৰি যিমান পাওঁ, তাতকৈ বেছি টকা মই হাৰিয়ানাত কৃষিশ্ৰমিক হিচাপে পাওঁ,” তেওঁ কয়।

শৈৰাগাঁৱত ৰমেশৰ তিনি একৰ খেতিমাটি আছে। তাত তেওঁ বছৰটোৰ ছমাহ খেতি কৰে। খাৰিফ শস্যৰ সময়ত (জুন-নৱেম্বৰত) তেওঁ ধানখেতি কৰে। “তাৰে প্ৰায়খিনি আমি খাবৰ বাবে কৰো,” কুঁহিয়াৰ কাটি থকাৰ পৰা চকু আঁতৰ নকৰাকৈ তেওঁ কয়।

শৰ্মাই কৰা ঘাই নগদী শস্যৰ খেতি হৈছে ঘেঁহু, ৰবি শস্যৰ বতৰত (ডিচেম্বৰ-মাৰ্চত) তেওঁ সেই খেতি কৰে। কিন্তু সেই খেতিৰে খুব কম উপাৰ্জন হয়। “যোৱা বছৰ (২০২০)ত মই ৯০০ টকা দৰত প্ৰতি কুইণ্টল শস্য বিক্ৰী কৰিছিলো,” সেইবাৰ তেওঁ ৬০ কুইণ্টল খেতি চপাইছিল। “গাঁৱতেই কমিচন এজেণ্টজনে আমাৰ পৰা শস্য কিনিছিল। এনেদৰেই বছৰ বছৰ ধৰি চলি আহিছে।”

কেন্দ্ৰীয় চৰকাৰে গোমধানৰ বাবে ২০১৯-২০ত নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম সমৰ্থন মূ্ল্য ১৭৬০ টকা প্ৰতি কুইণ্টলৰ তুলনাত ৰমেশে লাভ কৰা মূল্য প্ৰায় ৫০ শতাংশ কম আছিল। বিহাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত মাণ্ডিত ন্যূনতম সমৰ্থন মূ্ল্যত বিক্ৰী কৰাটো শৰ্মাৰ দৰে ক্ষুদ্ৰ খেতিয়কৰ বাবে সম্ভৱ নহয়, কমিচনখোৰ এজেণ্টৰ সৈতে দৰ-দাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে।

২০০৬ত বিহাৰ চৰকাৰে বিহাৰ কৃষিজাত উৎপাদন বজাৰ আইন, ১৯৬০খন প্ৰত্যাহাৰ কৰে। এনেদৰে কৃষিজাত উৎপাদন বজাৰ সমিতি (এপিএমচি)ৰ মাণ্ডি ব্যৱস্থাটো ৰাজ্যখনত উঠাই পেলোৱা হয়। চৰকাৰে দাবী কৰিলে যে ইয়ে ব্যক্তিগত মালিকানাধীন কৃষি ব্যৱসায়ৰ বাট মোকলাই কৃষিখণ্ডটোক উদাৰ কৰি তুলিব। কিন্তু এপিএমচি উঠাই লোৱাৰ পিছত কৃষকৰ হাতলৈ আগতকৈ ভাল মুনাফা নাহিল, তাৰ পৰিৱৰ্তে তেওঁলোক মধ্যভোগীৰ ওপৰত আৰু বণিকে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিল।

Ramesh Sharma makes more money as a farm labourer in Haryana than he does cultivating his land in Bihar's Shoirgaon village
PHOTO • Parth M. N.
Ramesh Sharma makes more money as a farm labourer in Haryana than he does cultivating his land in Bihar's Shoirgaon village
PHOTO • Parth M. N.

ৰমেশ শৰ্মাই বিহাৰৰ শৈৰাগাঁৱত নিজ মাটিত খেতি কৰি যিমান উপাৰ্জন কৰে , তাতোকৈ তেওঁৰ বেছি উপাৰ্জন হাৰিয়ানাত কৃষি শ্ৰমিক হিচাপে হয়

ধান আৰু ঘেঁহুৰ লগতে গোমধানৰ খেতিও ঘাই খাদ্যশস্যৰ ভিতৰত পৰে। সাধাৰণতে ভাৰতৰ বেছিভাগ অঞ্চলত খাৰিফ শস্যৰ সময়ত কৰাৰ বিপৰীতে উত্তৰ-পূৱ বিহাৰত শীতকালত এই খেতি কৰা হয়। নতুন দিল্লীৰ গোমধান গৱেষণা সঞ্চালকালয়ৰ এক প্ৰতিবেদন মতে সেই অঞ্চলটোত খাৰিফ শস্যৰ ঋতুতকৈ ৰবি শস্যৰ ঋতুত খেতি ভাল হয়। শীতকালত উৎপাদিত শস্যই গোমধানৰ বৰ্দ্ধিত চাহিদা, বিশেষকৈ খাদ্য আৰু ঔদ্যোগিক ব্যৱহাৰৰ চাহিদা পূৰণ কৰে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

খেতি ভাল হ’লে ৰমেশ শৰ্মাই একৰে প্ৰতি প্ৰায় ২০ কুইণ্টল গোমধান পায়। বনুৱাৰ খৰছকে ধৰি তেওঁৰ মুঠ ব্যয় প্ৰতি একৰত ১০,০০০ হয়গৈ। “বীজ, সাৰ আৰু কীটনাশক আদিকে ধৰি খেতি কৰোতে হোৱা ব্যয়খিনি যেনেতেনে ঘূৰাই পাওঁ,” তেওঁ কয়। “চাৰিমাহৰ কঠোৰ পৰিশ্ৰমৰ শেষত মই প্ৰতি কুইণ্টলত ৯০০ টকা মানে মুঠ ১৮,০০০ টকা (প্ৰতি একৰ) পাওঁ। সেয়া পৰ্যাপ্ত নহয়।”

তেওঁ এমএচপি দৰত শস্য বিক্ৰী কৰিবলৈ পোৱা হ’লে প্ৰতি একৰত ৩২,০০০ টকা পালেহেঁতেন। কিন্তু যোৱা বছৰ তেওঁ এমএচপিতকৈ ৮৬০ টকা কম দৰত গোমধান বিক্ৰী কৰিবলগীয়া হোৱাত তেওঁ প্ৰতি একৰত ১৭,২০০ টকাৰ সাম্ভাব্য আয় হেৰুৱায়। “মই কি কৰিম? মোৰ হাতত কোনো বিকল্প নাই। এজেণ্টে দাম নিৰ্ধাৰণ কৰে আৰু আমি সন্মতি জনাব লাগে।”

আৰাৰিয়াৰ কুৰ্ছাকাট্টা ব্লকৰ শৈৰাগাওঁ গাওঁখন চুবুৰীয়া পুৰ্ণেয়া জিলাৰ গুলাববাগ মাণ্ডিৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। গোমধানৰ সেইখন বৰ ডাঙৰ বজাৰ। “এপিএমচি আইনখন প্ৰত্যাহাৰ কৰাৰ পিছত মাণ্ডি ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যক্তিগত বণিকগোষ্ঠীৰ নিয়ন্ত্ৰণলৈ আহিল। এতিয়া পুৰ্ণেয়া আৰু আশে-পাশে থকা জিলাবোৰৰ কৃষকে কমিচনখোৰ এজেণ্টৰ হাতত নাইবা মাণ্ডিৰ আশে-পাশে তেওঁলোকৰ উৎপাদিত গোমধান বিক্ৰী কৰিবলগীয়া হয়,” অখিল ভাৰতীয় কিষাণ মহাসভা (কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া [মাৰ্ক্স-লেনিনবাদী] লিবাৰেচনৰ সৈতে সংযুক্ত)ৰ জিলা পৰ্যায়ৰ সভাপতি মহম্মদ ইছলামুদ্দিনে পুৰ্ণেয়াত এই কথা কয়।

গুলাববাগ মাণ্ডিয়ে অঞ্চলটোত গোমধানৰ দৰৰ ওপৰত প্ৰভাৱ পেলায়, ইছলামুদ্দিনে কয়। “ব্যক্তিগত বণিকে তেওঁলোকৰ ইচ্ছা অনুসৰি দৰ নিৰ্ধাৰণ কৰে। বণিকসকলে সদায়ে কৃষকে চপোৱা শস্য ওজনত কম ধৰে। কৃষকসকল এইক্ষেত্ৰত অসহায়, তেওঁলোকে আন ক’ৰবালৈ যোৱাৰ উপায়ো নাই।”

তাৰোপৰি ডাঙৰ খেতিয়কসকলে নিজৰ ট্ৰেক্টৰত তেওঁলোকৰ বিশাল হাৰত উৎপাদিত ফচল গুলাববাগলৈ লৈ আনিব পাৰে। “ক্ষুদ্ৰ খেতিয়কে গাঁৱত কমিচনখোৰ এজেণ্টৰ হাতত বিক্ৰী কৰিবলগীয়া হয়, এজেণ্টে সেইবোৰ তাতোকৈ কম দৰত সংগ্ৰহ কৰি গুলাববাগলৈ আহে,” ইছলামুদ্দিনে কয়।

Farmer Rajmahal Mandal from Bihar's Barhuwa village cuts sugarcane in Gagsina village, Haryana, to earn more and take care of his family
PHOTO • Parth M. N.
Farmer Rajmahal Mandal from Bihar's Barhuwa village cuts sugarcane in Gagsina village, Haryana, to earn more and take care of his family
PHOTO • Parth M. N.

বিহাৰৰ বৰ্হুৱা গাঁৱৰ কৃষক ৰাজমহল মণ্ডলে অধিক উপাৰ্জনৰ আশাত আৰু পৰিয়াল পোহপাল দিয়াৰ বাবে হাৰিয়ানাৰ গাগচিনা গাঁৱত কুঁহিয়াৰ কটা কাম কৰে

বিহাৰৰ প্ৰায় ৯০ শতাংশ শস্য কমিচনখোৰ এজেণ্ট আৰু বণিকৰ হাতত বিক্ৰী হয়, প্ৰায়োগিক অৰ্থনৈতিক গৱেষণাৰ ৰাষ্ট্ৰীয় পৰিষদ (এনচিএইআৰ)ৰ দ্বাৰা ২০১৯ত প্ৰকাশিত ভাৰতৰ বিহাৰ ৰাজ্যত কৃষি নিদান শীৰ্ষক অধ্যয়নত এই তথ্য উল্লেখ কৰা হৈছে। “এপিএমচি আইনখন ২০০৬ত প্ৰত্যাহাৰ কৰা স্বত্ত্বেও নতুন বজাৰ সৃষ্টিত ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু বিদ্যমান বজাৰবোৰৰ সা-সুবিধা বৃদ্ধি কৰাৰ দিশত একো কাম নহ’ল, ফলত বজাৰৰ ঘনত্ব কমি গ’ল,” প্ৰতিবেদনখনত কোৱা হৈছে।

বিহাৰৰ দুবিধ প্ৰধান খেতি ধান আৰু ঘেঁহুৰ ক্ষেত্ৰতো ক্ষুদ্ৰ খেতিয়কে এমএচপিতকৈ বহু কম দৰ পায়।

কেন্দ্ৰ চৰকাৰে ২০২০ৰ ছেপ্টেম্বৰত উন্মোচিত কৰা তিনিখন আইনৰ মাজৰ এখন - কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ য়ে সমগ্ৰ দেশতে সকলো ৰাজ্যৰ এপিএমচি আইনবোৰ খাৰিজ কৰিছিল, যিটো উদ্দেশ্যেৰে বিহাৰে ১৪ বছৰ আগতে মাণ্ডি ব্যৱস্থা উঠাই দিছিল, সেই একেটা কাৰণতে এই আইনখন কাৰ্যকৰী কৰা হৈছে। ২০২০ৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ঘাইকৈ দিল্লী সীমান্তত উক্ত আইনকেইখনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকে ভাবে যে এমএচপি, এপিএমচি, ৰাজ্য চৰকাৰৰ দ্বাৰা শস্য আহৰণ আৰু আন বহুতো দিশত কৃষকক সমৰ্থন আগবঢ়়াই অহা ঘাই সংস্থা আৰু নীতিসমূহৰ ভেঁটি এই আইনসমূহে দূৰ্বল কৰি তুলিব।

নিচেই কম দৰৰ সৈতে ইতিমধ্যে যুঁজি থকা লাখ লাখ কৃষকে আয়ৰ পৰিপূৰকৰ সন্ধানত গ্ৰামীণ বিহাৰৰ পৰা বছৰ বছৰ ধৰি হাৰিয়ানা আৰু পাঞ্জাৱলৈ ঋতুকালীন প্ৰব্ৰজন কৰি আহিছে, তাত কৃষকসকলক অৱস্থা তুলনামূলকভাৱে ভাল।

ৰমেশ শৰ্মাই কাম কৰি থকা গাগচিনাৰ কুঁহিয়াৰ খেতিডৰাত বিহাৰৰ আৰু ১৩ জন শ্ৰমিকে কুঁহিয়াৰ চপোৱা কাম কৰি আছে। তেওঁলোকে চপোৱা প্ৰতি কুইণ্টল কুঁহিয়াৰৰ বাবদ ৪৫ টকাৰ বাবে আৰাৰিয়াৰ পৰা কাৰ্ণাললৈ প্ৰায় ১৪০০ৰো অধিক কিলোমিটাৰ বাট তেওঁলোকে অতিক্ৰম কৰি আহিছে। “মই দিনে ১২ৰ পৰা ১৫ কুইণ্টল কুঁহিয়াৰ চপাওঁ,” সমুখলৈ হালি কুঁহিয়াৰৰ খেতিত নিৰন্তৰ কাচি চলাই থকা ৪৫ বৰ্ষীয় ৰাজমহল মণ্ডলে কয়।

After months of backbreaking work cutting sugarcane, Kamaljit Paswan's body aches for days when he returns home to Bihar
PHOTO • Parth M. N.
After months of backbreaking work cutting sugarcane, Kamaljit Paswan's body aches for days when he returns home to Bihar
PHOTO • Parth M. N.

ভালেকেইমাহ ধৰি কুঁহিয়াৰ কটাৰ দৰে কঁকালভঙা শ্ৰমৰ পিছত বিহাৰৰ ঘৰলৈ উভতা কলমজীত পাচোৱানৰ ভালেকেইদিনলৈ গাৰ বিষ কমা নাছিল

“ইয়াৰে কৃষকে আমাক দিনমজুৰি ভাল দিব পাৰে,” আৰাৰিয়াৰ বৰ্হুৱাৰ পৰা অহা মণ্ডলে কয়। “বিহাৰত কাচিৎহে সিমান দিয়ে। ময়ো তিনি একৰ মাটিৰ খেতিয়ক। মই নিজেই অতিৰিক্ত আয়ৰ বাবে ইয়ালৈ আহিছো, তেনেস্থলত মই মোৰ পামত কেনেকৈ বনুৱা লগাম?”

ৰাজমহলে ধানখেতি চপাবলৈ ধৰা সময়খিনিত, অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত গাওঁ এৰে। “সেইখিনি সময়তে পাঞ্জাৱ আৰু হাৰিয়ানাত বনুৱাৰ চাহিদা আটাইতকৈ বেছি হয়। আমি প্ৰথম দুমাহমানত দিনে ৪৫০ টকা মজুৰিত ধানখেতিৰ পথাৰত কাম কৰো। বাকী চাৰিটা মাহ আমি কুঁহিয়াৰ কটা কাম কৰো। আমি ছমাহত প্ৰায় এক লাখমান টকা উপাৰ্জন কৰো। এয়া এক নিশ্চিত আয় আৰু মোৰ পৰিয়াল চলোৱাত সেই টকাই সহায় কৰে,” মণ্ডলে কয়।

সেই আয় হাড়ভঙা শ্ৰমৰ মাজেৰে আহে। তেওঁলোকে পুৱা ৭ বজাত কাম আৰম্ভ কৰে, বেলি মাৰ নোযোৱালৈকে তেওঁলোকৰ কঁকালভঙা শ্ৰম চলি থাকে। “প্ৰতিদিনে ১৪ ঘণ্টাকৈ চলা এই কাম খুবেই শ্ৰান্তিকৰ, কেৱল দুপৰীয়াৰ আহাৰৰ বাবেহে বিৰতি লোৱা হয়,” ২২ বছৰীয়া কমলজীত পাচোৱানে কয়। তেওঁৰ ঘৰো শৈৰাগাঁৱত। “মাহৰ পিছত মাহ এনেদৰে কাম চলে। বিহাৰৰ নিজ ঘৰলৈ অহাৰ বহুদিনলৈ মোৰ পিঠি, কান্ধ, হাত আৰু কলাফুলৰ পেশী বিষাই থাকে।”

গাগচিনাত বনুৱাবোৰে কুঁহিয়াৰ খেতিপথাৰৰ কাষতে ভগা-চিগা অস্থায়ী জুপুৰী সাজি থাকে, তাতে পাকঘৰ বা শৌচাগাৰ বুলিবলৈ একো নাথাকে। মুকলিতে খৰিৰে তেওঁলোকে খাদ্য ৰান্ধে।

পাচোৱানৰ পৰিয়ালৰ নিজা মাটি নাই, মাক-দেউতাক আৰু দুজনী ভনীৰে পাঁচজনীয় পৰিয়ালটোৰ তেঁৱেই একমাত্ৰ উপাৰ্জন কৰোঁতা। “মই এটা পৰিয়াল চাব লাগে। তেওঁলোকলৈ মনত পৰে ঠিকেই, কিন্তু তেওঁলোকৰ সৈতে বছৰটোৰ ছটা মাহ কটোৱাতে মই সন্তুষ্ট থাকিব লাগিব,” তেওঁ কয়। “আমি যি পাওঁ, সেইখিনিৰেই চলিব লাগিব।”

অনুবাদ: পংকজ দাস

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das