সবাতোকৈ মৰমৰ তুমিয়ে অ' আই
নিচেই আপোন মোৰ
তোমাৰ গুণেই পাইছোঁ অ’ আই
এই জীৱন মোৰ
জীৱনৰ প্ৰথম যি কথা আছিল
সেয়া তোমাৰেই আছিল অ’ আই
তোমাৰ চেনেহী হাতত ধৰিয়ে
দিছিলো প্ৰথমটো খোজ
তোমাৰ আঙুলিত ধৰি
আগবাঢ়িছিলো পদে পদে
তুমিয়েই আঙুলি ধৰি শিকাইছিলা জীৱনৰ কুঁহিপাঠ

কবিতাৰ এই পংক্তিকেইটা মোহন দাস নামে এজন কিতাপ বিক্ৰেতাৰ ষ্টলৰ সন্মুখত সজাই-পৰাই আঁউজাই থোৱা ব’ৰ্ড এখনত লিখা আছে। দোকানখন কলকাতাৰ গৰিয়াহাট বজাৰৰ। এই পংক্তিকেইটা আন কোনেও লিখা নাই, সেয়া তেওঁৰ নিজৰ সৃষ্টি।

“নিজেৰ কাজকে ভালোবাচা খুবই জৰুৰি আৰ আমাৰ জন্যে আমাৰ প্রথম ভালোবাচা হচ্ছে বই (নিজৰ কামটোক ভাল পোৱাটো খুবেই জৰুৰী, আৰু মোৰ প্ৰথম প্ৰেম হৈছে মোৰ কিতাপবোৰ),” ৫২ বৰ্ষীয় কিতাপ বিক্ৰেতাজনে কয়, লেখক হিচাপে তেওঁৰ নাম মণি মোহন দাস।

হেৰম্ব চন্দ্ৰ কলেজৰ পৰা বাণিজ্যৰ স্নাতক ডিগ্ৰী থকা স্বত্ত্বেও মোহনে সংগঠিত খণ্ডত কাম এটা যোগাৰ কৰি ল’ব নোৱাৰিলে। সেয়ে তিনি দশক আগতে, একপ্ৰকাৰ বাধ্যত পৰিয়ে তেওঁ ফুটপাথতে দোকান এখন দিলে।

তেওঁ কোনো পৰিকল্পনা অবিহনে এই পেছা আঁকোৱালি লয় যদিও কেতিয়াও সেয়া সলনি কৰাৰ চিন্তা কৰিবলগীয়া নহ’ল। “কিতাপবোৰ কেৱল পইচা অৰ্জনৰ উপায় নহয়, তাত আন বহু কিবাকিবি লুকাই আছে, আচলতে কিতাপ মোৰ প্ৰিয়,” তেওঁ কয়।

Left: Mohan Das sitting in front of his book stall in Kolkata's Gariahat market.
PHOTO • Diya Majumdar
Right: A poem by Mohan Das holds a place of pride at his stall
PHOTO • Diya Majumdar

বাওঁফালে: কলকাতাৰ গৰিয়াহাট বজাৰত নিজৰ কিতাপৰ দোকানখনৰ আগত মোহন দাস। সোঁফালে: কিতাপৰ দোকানখনৰ আগত আঁৰি থোৱা এই কবিতাটোৱে শোভাবৰ্দ্ধন কৰিছে

দক্ষিণ কলকাতাৰ গোলপাৰ্ক এলেকাৰ এটা ব্যস্ত চাৰিআলিত মোহনৰ কিতাপৰ ষ্টলখন তাত থকা প্ৰায় ৩০০ খন ষ্টলৰ মাজৰ এখন। মুখৰোচক খাদ্য, ফল-মূল, শাক-পাচলি, মাছ, কাপোৰ, কিতাপ আৰু পুতলা - কি কি যে সামগ্ৰী এই বজাৰখনত নাপাব। স্থায়ী দোকানৰ সমানে সমানে থকা এই অস্থায়ী পোহাৰেৰে ভৰি আছে এই বজাৰখন।

মোহনে কয় যে ৰাস্তাৰ কাষত থকা ষ্টলবোৰ আৰু দোকানৰ মালিকবোৰ পৰিয়ালৰ সদস্যৰ দৰে। “মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে ইয়াৰ দোকানীবোৰে আমাক ভাল নাপায় (ফুটপাথৰ বিক্ৰেতাসকলক), কিন্তু সেয়া সঁচা নহয়.” তেওঁ কয়। তেওঁলোকে টিফিন ভগাই খায় আৰু বন্ধুৰ দৰে মিলিজুলি থাকে।

মোহনৰ দিনবোৰ দীঘলীয়া। তেওঁ দোকান খোলে পুৱা ১০ বজাত আৰু ৰাতি ৯ বজাত বন্ধ কৰে - এনেদৰে সপ্তাহৰ এটা দিনো ছুটি নোলোৱাকৈ তেওঁ দিনে ১১ ঘণ্টা কাম কৰে। তেওঁ এই কাম ভাল পায় যদিও কামটোৰ পৰা অহা টকাৰে পৰিয়ালটো নোজোৰে বাবে কেতিয়াবা আক্ষেপ কৰে। “কখনও টাকা পাই, কখনও আবাৰ একবেলা খাবাৰেৰ মতনও টাকা পাইনা (কেতিয়াবা পইচা ঘটো, কেতিয়াবা আকৌ এবেলা ভালকৈ খাবলৈ নোজোৰে,” পাঁচজনীয়া পৰিয়ালৰ এটাৰ দায়িত্ব মূৰত লৈ থকা মোহনে কয়।

কিতাপ বিক্ৰেতা আৰু কবি মোহনে তেওঁৰ জীয়েক পৌলমীক লৈ বহুত সপোন দেখে, তেওঁ কলকাতা বিশ্ববিদ্যালয়ত সম্প্ৰতি ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰীত অধ্যয়নৰত। তাৰোপৰি আকৌ তেওঁ দুজনী ভনী প্ৰতিমা আৰু পুষ্পাৰ বিয়াৰ বাবেও তেওঁ পইচা যোগাৰ কৰিব লাগিব।

Left: Mohan Das showing us his poem titled ‘Ma amar Ma.’
PHOTO • Diya Majumdar
Right: Towards the end of 2022, street vendors were ordered to remove plastic sheets covering their stalls
PHOTO • Diya Majumdar

বাওঁফালে: মোহন দাসে তেওঁৰ ‘আই, অ’ মোৰ আই’ নামৰ কবিতাটো দেখুৱাইছে। সোঁফালে: ২০২২ৰ শেষৰফালে ৰাস্তাৰ দোকানীবোৰক তেওঁলোকে ষ্টলবোৰ ঢাকিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ শ্বীট আঁতৰোৱাৰ চৰকাৰী নিৰ্দেশ জাৰী কৰা হৈছিল

জীৱিকাক লৈ ইমান অনিশ্চিত জীৱন যদিও তেওঁ আশা এৰি দিয়া নাই। “কোনোবাই আমাক ইয়াৰ পৰা খেদি পঠিয়াব বুলি ভয় নকৰো। আমি (ৰাস্তাৰ কাষৰ দোকানী) বহুত মানুহ আছে আৰু আমাৰ জীৱিকা ৰাস্তাৰ ওপৰতে নিৰ্ভৰ কৰে। আমাক ইয়াৰ পৰা আঁতৰাই পঠিওৱা সহজ নহয়।” কিন্তু চেষ্টা চলি থাকে।

“কি কৰিম ভাবি পোৱা নাছিলো,” মোহনে ১৯৯৬ৰ ‘অপাৰেচন চানচাইন’ৰ কথা মনত পেলাই কয়। সেই অভিযানত চৰকাৰ আৰু পৌৰনিগমে চহৰখনৰ ৰাস্তাৰ দাঁতিৰ দোকান-পোহাৰবোৰ আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল।

তেতিয়া মোহন আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সদস্য, পশ্চিমবংগত সেই সময়ত শাসনত থকা লেফ্ট ফ্ৰণ্ট এলায়েন্সৰ অংশীদাৰ। তেওঁ অফিছলৈ গৈ তেওঁলোকৰ সেই পৰিকল্পনা বাতিল কৰিবলৈ কোৱা মনত পৰে। কিন্তু কৰ্তৃপক্ষ আছিল সেই সিদ্ধান্ত লৈ অলৰ-অচৰ। কিন্তু মোহনৰ দিন ভাল আছিল। সেই অঞ্চলটোত যেতিয়া অভিযান চলে, মোহনে নিজৰ সামগ্ৰীখিনি লৈ কোনোমতে উচ্ছেদৰ আগেয়ে তাৰ পৰা ওলাব পাৰিছিল।

“সেয়া আছিল চৰকাৰে হঠাতে লোৱা সিদ্ধান্ত,” তেওঁ কয়। “সেই এটা ৰাতিতে যে কিমান মানুহে জীৱিকা হেৰুৱাইছিল, সেই কথা তেওঁলোকে উপলব্ধি কৰিব পৰা নাছিল।” ভালেকেইমাহ প্ৰতিবাদ কৰি আৰু কলকাতা উচ্চ ন্যায়ালয়ত আৰ্জি এখন দিয়াৰ পিছত তেওঁলোকে দোকান পুনৰাই খুলিব পাৰিছিল। আন্দোলন কৰিছিল দক্ষিণ কলকাতা হকাৰ ইউনিয়নে, ১৯৯৬ৰ ৩ ডিচেম্বৰত আৰ্জি দাখিল কৰা হৈছিল। তাৰে সদস্য আছিল মোহন। তেতিয়াৰে পৰা তেওঁ ৰাজনৈতিক দল এৰি দিয়ে আৰু কোনো ৰাজনৈতিক কাৰ্য্যকলাপৰ সৈতে তেতিয়াৰে পৰা জড়িত নহয়।

Left: The lane outside Mohan’s stall. The Gariahat market is a collection of both permanent shops and makeshift stalls.
PHOTO • Diya Majumdar
Right: Plastic sheeting protects hundreds of books at the stall from damage during the rains
PHOTO • Diya Majumdar

বাওঁফালে: মোহনৰ ষ্টলৰ সন্মুখৰ ৰাস্তাটো। গৰিয়াহাট বজাৰখন স্থায়ী-অস্থায়ী দোকানেৰে ভৰি আছে। সোঁফালে: শ শ কিতাপ বৰষুণৰ পৰা বাচিবলৈ প্লাষ্টিকৰ শ্বীটেৰে এখনেৰে ঢাকি দিয়া হৈছে

*****

“আজকাল আৰ কেউ বই পড়ে না (আজিকালি কোনেও কিতাপ নপঢ়ে)।” গুগলৰ কাৰণে ভালেকেইজন গ্ৰাহক হেৰুৱাইছে বুলি মোহনে কয়। “এতিয়া এই গুগলবিধ আহিছে। মানুহে যিখিনি তথ্য লাগে, সেইখিনি নিজে চাই বিচাৰি-খুঁচৰি লয়।” তাতে আকৌ ক’ভিডেও ভূতৰ ওপৰত দানহ পৰাদি পৰিছে।

“আগতে কেতিয়াও ইচ্ছা কৰি দোকান বন্ধ কৰা নাছিলো, কিন্তু ক’ভিডৰ পাল্লাত পৰি দোকান বন্ধ কৰি ঘৰতে বহি থাকিবলগীয়া হ’ল।” অতিমাৰীৰ সময়ত মোহনৰ গাঁঠিৰ ধন উদং হ’ল। ২০২৩ৰ জানুৱাৰীত পাৰিৰ সৈতে কথা পাতোতে তেওঁ কয়, “ব্যৱসায় সাংঘাতিক মন্দা হৈ পৰিছে।”

মোহনে ভাবে যে চৰকাৰে তেওঁলোকক বিপণনৰ লাইচেন্স দিলে তেওঁৰ ব্যৱসায়ৰ অনিশ্চয়তা দূৰ হৈ যাব। তেওঁ পাঁচ বছৰ আগতে লাইচেন্সৰ কাৰণে আবেদন দাখিল কৰিছে যদিও এতিয়াও পোৱা নাই। সেইখন নথকাত তেওঁৰ হাতত থকা একমাত্ৰ সুৰক্ষাৰ বাটটো হৈছে হকাৰ ইউনিয়নৰ সদস্যপদ, তাৰবাবে তেওঁ সপ্তাহত ৫০ টকাকৈ দিয়ে। সদস্যপদ থকা কাৰণে বজাৰত তেওঁৰ স্থান নিশ্চিত হৈ আছে।

মোহনে কয় যে ২০২২ৰ শেষৰ ফালে কলকাতা পৌৰনিগম কৰ্তৃপক্ষই পশ্চিমবংগ নগৰী ফেৰিৱালা (জীৱিকা সুৰক্ষা আৰু বাটে-পথে বিক্ৰী নিয়ন্ত্ৰণ) নিয়ামৱলী, ২০১৮ বাহাল ৰখাৰ সিদ্ধান্ত লয়। ৰাস্তাৰ আটাইবোৰ দোকানীক প্লাষ্টিকৰ শ্বীটবোৰ আঁতৰোৱাৰ বাবে নিৰ্দেশ দিয়া হয়। “এতিয়াতো ঠিকেই আছে, কিন্তু বৰষুণ দিলে কি কৰিম?” মোহনে প্ৰশ্ন কৰে।

জশুৱা বোধিনেত্ৰাই কবিতাটো আবৃত্তি কৰা শুনক

মা আমার মা

সবচে কাছের তুমিই মাগো
আমার যে আপন
তোমার তরেই পেয়েছি মা
আমার এ জীবন
প্রথম কথা বলি যখন
তোমার বোলেই বলি
তোমার স্নেহের হাত ধরে মা
প্রথম আমি চলি
হাতটি তোমার ধরেই মাগো
চলতে আমার শেখা
হাতটি তোমার ধরেই আমার
লিখতে শেখা লেখা
করতে মানুষ রাত জেগেছ
স্তন করেছ দান
ঘুম পাড়াতে গেয়েছে মা
ঘুম পাড়ানি গান
রাত জেগেছ কত শত
চুম দিয়েছ তত
করবে আমায় মানুষ, তোমার
এই ছিল যে ব্রত
তুমি যে মা সেই ব্রততী
যার ধৈয্য অসীম বল
সত্যি করে বলো না মা কী
হল তার ফল
আমার ব্রতের ফসল যেরে
সোনার খুকু তুই
তুই যে আমার চোখের মনি
সদ্য ফোটা জুঁই ।

আই , অ’ মোৰ আই

সবাতোকৈ মৰমৰ তুমিয়ে অ' আই
নিচেই আপোন মোৰ
তোমাৰ গুণেই পাইছোঁ অ’ আই
এই জীৱন মোৰ
জীৱনৰ প্ৰথম যি কথা আছিল
সেয়া তোমাৰেই আছিল অ’ আই
তোমাৰ চেনেহী হাতত ধৰিয়ে
দিছিলো জীৱনৰ প্ৰথমটো খোজ
তোমাৰ আঙুলিত ধৰি
আগবাঢ়িছিলো পদে পদে
তুমিয়েই শিকাইছিলা জীৱনৰ কুঁহিপাঠ
মোক মানুহ কৰি গঢ়িবলৈ
কত প্ৰহৰ যে উজাগৰে আছিলা অ’ আই
বুকুৰ গাখীৰ খুৱাই গুচাইছিলা ভোক
টোপনি আহিবলৈ গাইছিলা সুৱদি নিচুকনি গীত
কত শতবাৰ উজাগৰে আছিলা
মৰমৰ চুমা দিছিলা ততবাৰ
মোক মানুহ কৰিবা -
সেয়াইটো আছিল ব্ৰত তোমাৰ
তোমাৰ যে আই
ধৈৰ্য্য অপৰিসীম
সঁচাই কোৱাচোন আই,
কি পালা তাৰ ফল ?
মোৰ সংকল্পৰ ফল তুমি মোৰ চেনেহীজনী
তুমিয়েই মোৰ জগত উজলোৱা বাখৰ
তুমিয়েই মোৰ নয়নৰ মণি
সদ্য প্ৰস্ফুটিত এপাহ শেৱালি


টেক্সট্ অনুবাদ: পংকজ দাস
কবিতাৰ অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা

Student Reporter : Diya Majumdar

দিয়া মজুমদার বেঙ্গালুরুর আজিম প্রেমজি বিশ্ববিদ্যালয়ের ডেভেলপমেন্ট বিভাগ থেকে সদ্য স্নাতকস্তর পাশ করেছেন।

Other stories by Diya Majumdar
Editor : Swadesha Sharma

স্বদেশা শর্মা পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ায় গবেষক এবং কন্টেন্ট এডিটর হিসেবে কর্মরত। পারি গ্রন্থাগারের জন্য নানা নথিপত্র সংগ্রহের লক্ষ্যে স্বেচ্ছাকর্মীদের সঙ্গেও কাজ করেন তিনি।

Other stories by Swadesha Sharma
Editor : Riya Behl

রিয়া বেহ্‌ল পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ায় (পারি) কর্মরত বরিষ্ঠ সহকারী সম্পাদক। মাল্টিমিডিয়া সাংবাদিক রিয়া লিঙ্গ এবং শিক্ষা বিষয়ে লেখালিখি করেন। এছাড়া তিনি পারির সঙ্গে কাজে আগ্রহী পড়ুয়াদের মধ্যে কাজ করেন, অন্যান্য শিক্ষাবিদের সঙ্গে পারির কাহিনি স্কুল-কলেজের শিক্ষাক্রমে অন্তর্ভুক্তির জন্যও রিয়া প্রয়াসী।

Other stories by Riya Behl
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das
Translator : Mayuri Sharma Baruah

Working as a college teacher, Mayuri Sharma Baruah has keen interest in translation. Being well-versed in Bengali, Hindi and English along with Assamese, she has already translated several poems, short stories and articles into Assamese, Bengali and English. Her areas of interest include women and gender, human rights and children's literature.

Other stories by Mayuri Sharma Baruah